অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰী জেন ৱাৰফিল্ড ক্লে

মেৰী জেন ৱাৰফিল্ড ক্লে (Mary Jane Warfield Clay; ২০ জানুৱাৰী, ১৮১৫ – ২৯ এপ্ৰিল, ১৯০০) আছিল এগৰাকী আমেৰিকান সমাজবাদী, ভোটাধিকাৰবাদী, বিলোপবাদী আৰু ৰাজনৈতিক কৰ্মী। কেণ্টাকিৰ ভোটাধিকাৰ আন্দোলনৰ প্ৰাৰম্ভিক নেত্ৰী হিচাপে ১৮৭৯ চনত ঘৰতে ভোটাধিকাৰ ক্লাব গঠন কৰি আৰম্ভ কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মেৰী জেন ৱাৰফিল্ড ক্লে (Mary Jane Warfield Clay; ২০ জানুৱাৰী, ১৮১৫ – ২৯ এপ্ৰিল, ১৯০০) আছিল এগৰাকী আমেৰিকান সমাজবাদী, ভোটাধিকাৰবাদী, বিলোপবাদী আৰু ৰাজনৈতিক কৰ্মী। কেণ্টাকিৰ ভোটাধিকাৰ আন্দোলনৰ প্ৰাৰম্ভিক নেত্ৰী হিচাপে ১৮৭৯ চনত ঘৰতে ভোটাধিকাৰ ক্লাব গঠন কৰি আৰম্ভ কৰিছিল। ফাৰ্ম মেনেজাৰ হিচাপে তেওঁৰ অভিজ্ঞতা আৰু সফলতাৰ ভিতৰত আমেৰিকাৰ গৃহযুদ্ধৰ মাজভাগত তেওঁৰ তীব্ৰ ব্যৱসায়িক জ্ঞানো আছিল। তেওঁ নিজৰ ফাৰ্মৰ পৰা সামগ্ৰী ইউনিয়ন আৰু কনফেডাৰেট দুয়োটা বাহিনীক বিক্ৰী কৰিছিল যেতিয়া তেওঁলোকে প্ৰত্যেকেই কমনৱেলথ দখল কৰিছিল। ভোটাধিকাৰ আন্দোলনত তেওঁৰ আটাইতকৈ সক্ৰিয় কাম আছিল তেওঁৰ কন্যাসকলক উৎসাহিত আৰু সমৰ্থন কৰা, যিসকলে ঊনবিংশ শতিকাৰ আৰু বিংশ শতিকাৰ আৰম্ভণিতে কেণ্টাকিৰ আটাইতকৈ পৰিচিত ভোটাধিকাৰবাদী হৈছিল।

ব্যৱসায়িক কেৰিয়াৰ

মেক্সিকান যুদ্ধৰ সময়ত তেওঁৰ স্বামীক বন্দী কৰা হয় আৰু মেৰী জেন ৱাৰফিল্ড ক্লেই তেওঁৰ পৰিয়ালক লেক্সিংটনৰ পৰা স্থানান্তৰিত কৰি কেচিয়াছ ক্লেৰ পৰিয়ালৰ ঘৰ আৰু বাগিচা ক্লেৰমণ্টৰ মেডিচন কাউণ্টিত থাকিবলৈ লয়। তেওঁৰ অনুপস্থিতিত তেওঁ বাগিচাখন পৰিচালনা কৰিবলৈ ধৰিলে। ১৮৬১ চনত যেতিয়া ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে ক্লেক ৰাছিয়াত ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল, তেতিয়া তেওঁ তাত কিছু সময়ৰ বাবে তেওঁৰ লগত গৈছিল।

১৮৬২ চনৰ আৰম্ভণিতে স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁ কেণ্টাকিলৈ উভতি যায়,১ তেওঁৰ চাৰিগৰাকী কন্যা আৰু পৰিয়ালৰ দাসৰ সৈতে ক্লেৰমণ্টত থাকে। তেওঁ এগৰাকী ইউনিয়নবাদী আছিল আৰু তেওঁৰ পৰিয়ালৰ বাকীসকল কনফেডাৰেচন সমৰ্থক আছিল।২

ৰাষ্ট্ৰীয় মহিলা ভোটাধিকাৰ সংস্থাৰ অভিযানৰ বাবে স্থানীয় আবেদন

কেছিয়াছ এম ক্লেৰ লগত বিবাহ বিচ্ছেদৰ এবছৰৰ পাছত মেৰী জেন ৱাৰফিল্ড ক্লেই তেওঁৰ ডাঙৰ কন্যা—মেৰী বাৰ ক্লে (বিবাহ বিচ্ছেদ হোৱাও) আৰু চেলি ক্লে বেনেটৰ সৈতে লেক্সিংটন আৰু ৰিচমণ্ডত ৱাশ্বিংটন ডি চিলৈ প্ৰেৰণ কৰিবলগীয়া ভোটাধিকাৰৰ আবেদনৰ বাবে স্বাক্ষৰ সংগ্ৰহ কৰে। ক্লেই তেওঁৰ কন্যাসকলক লিখা এখন পত্ৰত ভোটাধিকাৰ আলোচনী দ্য নেশ্যনেল চিটিজেন এণ্ড বেলট বক্সৰ সম্পাদিকা তথা এন ডব্লিউ এছ এৰ প্ৰাক্তন সভানেত্ৰী মাটিল্ডা জোছলিন গেজৰ নেতৃত্বত কৰা এই কামৰ প্ৰশংসাৰ বিষয়ে বৰ্ণনা কৰিছে।৩

কেণ্টাকিৰ লেক্সিংটনত প্ৰথম ভোটাধিকাৰ ক্লাব

১৮৮০ চনৰ ৭ মাৰ্চত ৱাৰফিল্ড ক্লে আৰু তেওঁৰ সৰু কন্যা এনিয়ে লেক্সিংটনৰ নৰ্থ ব্ৰডৱেত থকা তেওঁলোকৰ ঘৰৰ পাৰ্লাৰত নিয়মীয়াকৈ ভোটাধিকাৰ ক্লাবৰ সভা আৰম্ভ কৰে।৩ ৭ মাৰ্চত তেওঁৰ প্ৰথম আয়োজক সভালৈ অহা বহুতেই পিছলৈ ১৮৮৮ চনৰ ৬ জানুৱাৰীত ফেইট কাউণ্টি ইকুৱেল ৰাইটছ এছ’চিয়েশ্যন প্ৰতিষ্ঠা কৰে। এনিয়ে কেণ্টাকি গেজেটত মহিলাৰ অধিকাৰৰ ওপৰত নিয়মীয়াকৈ এটা স্তম্ভ লিখিছিল।৪

পৰৱৰ্তী জীৱন আৰু মৃত্যু

ক্লেয়ে লেক্সিংটনত বাস কৰাৰ সময়ত ৰিচমণ্ডত নিজৰ ৩৫০ একৰ ভূমি সফলতাৰে পৰিচালনা কৰিছিল।৫ ১৮৮৬ চনত কেচিয়াছ এম ক্লেই তেওঁৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে৷৬ প্ৰকাশ কৰে য'ত তেওঁৰ পূৰ্বৰ পত্নীৰ অশোভনীয় বৰ্ণনা আছিল।৭

১৯০০ চনৰ ২৯ এপ্ৰিলত লেক্সিংটনৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।<ref name="Memoriam"৮ কেণ্টাকিৰ লেক্সিংটনৰ লেক্সিংটন কবৰস্থানৰ লট ৬ ৰ ছেকচন জেত তেওঁক সমাধিস্থ কৰা হৈছে।.৯

তথ্যসূত্ৰ

  1. ↑ Richardson, H. Edward. (1976). Cassius Marcellus Clay: Firebrand of Freedom. University Press of Kentucky. পৃ. 97
  2. ↑ Clay, Mary Barr. (March 2, 1889). A Brave Kentucky Woman. Woman's Journal. পৃ. 78
  3. ↑ Clay, M.J. Warfield. (March 15, 1880). Letter to Mary Jane Warfield Clay to "Dearest Children". H-Kentucky network. H-Net.org
  4. ↑ Tovstiadi, Esta. (March 26, 2018). Annie Clay Crenshaw, 1869–1932, Richmond, Virginia. H-Kentucky network. H-Net.org
  5. ↑ Fuller, Paul E. (1975). Laura Clay and the Woman's Rights Movement. University Press of Kentucky. পৃ. 17
  6. ↑ Clay, Cassius Marcellus. (1886). The Life of Cassius Marcellus Clay, Vol. 1. J.F. Brennan & Co
  7. ↑ Kuby, William. (2015). Kentucky women: their lives and times. University Press of Georgia. পৃ. 59–80
  8. ↑ H.B.B. (May 19, 1900). In Memoriam. Woman's Journal. পৃ. 157
  9. ↑ Clay, Mary Jane Warfield (1815–1900). The Lexington Cemetery

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী জেন ৱাৰফিল্ড ক্লে” প্ৰবন্ধৰ সংশোধন ৬৩১৫৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।