মেহতাব চাৰ্ভাটী (ফাৰ্চী ভাষা: مهتاب ثروتی; জন্ম ২২ জানুৱাৰী, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী।১২৩ ৭০সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ’ল্ডেন বিয়েৰ বঁটা লাভ কৰা দেয়াৰ ইজ নো ইভিল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।৪৫ পৰৱৰ্তী সময়ত চাৰ্ভাটীয়ে ৱান্স আপন এ টাইম ইন ইৰান আৰু দ্য ট্ৰান্সলেটৰ ৱেব শৃংখলাৰ জৰিয়তে বিশেষ স্বীকৃতি আৰু জনপ্ৰিয়তা অৰ্জন কৰে।
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
প্ৰাৰম্ভিক জীৱন
মেহতাব চাৰ্ভাটীৰ জন্ম ১৯৯২ চনৰ ২২ জানুৱাৰীত ইৰানৰ তহেৰানত হৈছিল।৬
তেওঁ প্ৰথমাৱস্থাত ফটোগ্ৰাফী অধ্যয়ন কৰিছিল যদিও পিছলৈ আগ্ৰহৰ অভাৱৰ বাবে ইয়াক এৰি দিয়ে। তেওঁৰ ফটোগ্ৰাফী কাৰ্যকলাপসমূহ প্ৰধানকৈ থিয়েটাৰ আৰু নেপথ্যৰ ফটোগ্ৰাফীৰ ক্ষেত্ৰত আছিল।৭ তেওঁ ২০১৩ চনত ৰূহুল্লাহ দূৰদৰ্শন শৃংখলা, মাই গ্লুমী বাটাৰফ্লাইজ ইন এ ৱাণ্ডাৰফুল স্প্ৰীং মৰ্নিং নাটক আৰু দ্য লাষ্ট হুইচপাৰ দূৰদৰ্শন চলচ্চিত্ৰত ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল।৮৯
২০১৩ চনত চাজ্জাদ আফচাৰিয়ানৰ নাটক মাই গ্লুমী বাটাৰফ্লাইজ ইন এ ৱাণ্ডাৰফুল স্প্ৰীং মৰ্নিং-ত অভিনেত্ৰী আন্নালি চাকুৰীৰ অভিনয় দেখাৰ পিছত তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰে।১০
নাটকখন চোৱাৰ পিছত চাৰ্ভাটীয়ে এবছৰ ধৰি চাজ্জাদ আফচাৰিয়ানৰ কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত ২০১৪ চনত প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে।১১
২০১৪–২০১৯: কেৰিয়াৰৰ আৰম্ভণি
২০১৪ চনৰ ৩ আগষ্টৰপৰা ৬ ছেপ্টেম্বৰলৈকে প্ৰদৰ্শিত চাজ্জাদ আফচাৰিয়ানৰ নাটক ইৰান ভাৰ্চেচ ইণ্ডোনেছিয়া-ত অভিনয় কৰি চাৰ্ভাটীয়ে অভিনয় জীৱনৰ পাতনি মেলে। এই নাটকত তেওঁ সহ-লেখিকা হিচাপেও কাম কৰিছিল।১২
পিছলৈ তেওঁ ২০১৫ চনৰ ২৬ এপ্ৰিলৰপৰা ২২ মে’লৈকে হুছেইন হাইদৰীপুৰৰ নাটক ৱাট ইজ আদিল ফেৰদৌচিপুৰ ডুইং-ত অভিনয় কৰে। এই নাটকখন তিনিটা খণ্ডৰে গঠিত আছিল আৰু প্ৰতিটো খণ্ড পৰিয়ালটোৰ তিনিজন সদস্যৰ এজনৰ বিষয়ে আছিল। এইবাৰ চাৰ্ভাটীয়ে এগৰাকী বিবাহিতা কন্যাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যিয়ে ফুটবল খেলুৱৈ হোৱাৰ সপোন দেখে।১৩
আমিৰ আহমদ আনচাৰী পৰিচালিত পোনপটীয়াকৈ ভিডিঅ' আকাৰে মুক্তি পোৱা ছবি দ্য গিফ্ট-ত চাৰ্ভাটীয়ে সহ-ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল।১৪
২০১৫ চনত ইৰান-ইৰাক যুদ্ধৰ পটভূমিত নিৰ্মিত যুদ্ধভিত্তিক ড্ৰামা ধাৰাবাহিক কিমিয়া-ৰ জৰিয়তে তেওঁ সৰু পৰ্দাত আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁ মুখ্য চৰিত্ৰ কিমিয়াৰ আটাইতকৈ প্ৰিয় বান্ধৱী ছালমা নামৰ এগৰাকী গৰ্ভৱতী দক্ষিণদেশীয় মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল। চৰিত্ৰটো ফুটাই তুলিবলৈ চাৰ্ভাটীয়ে খোজেস্তানী আৰবী উপভাষাৰ অভ্যাস কৰিছিল। এই ধাৰাবাহিকখন ইৰানৰ টেলিভিছন ইতিহাসৰ দ্বিতীয় আটাইতকৈ দীঘলীয়া ধাৰাবাহিক আছিল।১৫
সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি পালেও ধাৰাবাহিকখনে ব্যাৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ইৰানৰ টেলিভিছন ইতিহাসৰ অন্যতম সৰ্বাধিক ৰেটিং প্ৰাপ্ত ড্ৰামাত পৰিণত হয়। কিমিয়া ধাৰাবাহিকখনে শ্ৰেষ্ঠ টেলিভিছন ধাৰাবাহিক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যসহ চাৰিখন হাফেজ বঁটাৰ মনোনয়ন লাভ কৰে আৰু পিছৰখন বঁটা জয় কৰে। কেমেৰাৰ সন্মুখত অভিনয়ৰ জ্ঞান কম থকাৰ বাবে তেওঁ কেমেৰাৰ সন্মুখৰ প্ৰথম অভিজ্ঞতাটোক বেয়া বুলি সোঁৱৰণ কৰে।১৬
২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ৩৪সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মজিদ তাভাকোলীৰ ছবি বৰ্ন ইন ১৯৮৭-ৰ জৰিয়তে তেওঁ ডাঙৰ পৰ্দাত ভৰি দিয়ে।১৭
২০১৬ চনৰ নাটক খোদাবাচ-ত তেওঁ মূল ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল।১৮
২০১৬ চনৰ ৩০ অক্টোবৰৰপৰা ১১ নৱেম্বৰলৈকে আলীৰেজা আজলীৰ নাটক এ ফিউ স্লিপচ অন দ্য এজ অৱ দ্য হেডচ অৱ এ টুইষ্টেড পজিশন-ত তেওঁ অভিনয় কৰিছিল।১৯
আলীৰেজা আফখামী পৰিচালিত চিকিৎসাভিত্তিক টেলিভিছন ধাৰাবাহিক নাৰ্চেচ-ত চাৰ্ভাটীয়ে ফাতেমেহ দাদমান নামৰ এগৰাকী ৰোগীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনে শ্ৰেষ্ঠ টেলিভিছন ধাৰাবাহিককে ধৰি তিনিখন মনোনয়ন লাভ কৰিছিল।২০
২০১৭ চনৰ ৮ জুনৰপৰা ২৪ জুলাইলৈকে তেওঁ হাছান মাদজুনীৰ নাটক ইনচিডেণ্ট ৱিথ এ মেট্ৰানপাজ-ত অভিনয় কৰে।২১
চৈয়দ চুলতানী পৰিচালিত ড্ৰামা ধাৰাবাহিক ইন চাৰ্চ অৱ পিচ-ত চাৰ্ভাটীয়ে চাৰা চাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনে ১৮সংখ্যক হাফেজ বঁটাত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ মনোনয়ন লাভ কৰিছিল।২২২৩
২০১৭ চনত ৰাণা আজাদীভাৰ আৰু আমিৰ আঘাইৰ সৈতে ৰহস্যধৰ্মী ড্ৰামা ছবি প্ৰাইভেচী-ত তেওঁ ডৰ্চা নামৰ এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ প্ৰাক্তন প্ৰেমিকে তাইক অনৱৰতে হাৰাশাস্তি আৰু ভাবুকি দি আছিল।২৪
পিছলৈ চাৰ্ভাটীয়ে ২০১৮ চনৰ ২ মে’ৰপৰা ১৮ মে’লৈ পুনৰবাৰ হাছান মাদজুনীৰ নাটক ইনচিডেণ্ট ৱিথ এ মেট্ৰানপাজ-ত অভিনয় কৰে, এইবাৰ এখন বেলেগ মঞ্চত।২৫
২০১৮ চনত চাৰ্ভাটীয়ে দুখন ছবি ক্ৰমে পাস্তাৰিওনী আৰু অেননিয়মিটি-ত অভিনয় কৰে। দুয়োখন ছবিয়ে সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।
ৰোমাণ্টিক-কমেডী ছবি পাস্তাৰিওনী-ত তেওঁ গোহাৰ খেইৰাণ্ডিছৰ সৈতে ফেৰেষ্টেহ তোৰাবী নামৰ এগৰাকী নতুন ৰান্ধনীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে নিজৰ মালিকৰ প্ৰেমত পৰে।২৬
অপৰাধধৰ্মী ড্ৰামা ছবি অেননিয়মিটি-ত তেওঁ বাৰণ কোচাৰী আৰু হাছান মাদজুনীৰ সৈতে অভিনয় কৰিছিল।২৭
২০১৯ চনত তেওঁ নিজৰ প্ৰথম চুটি ছবি ড’ণ্ট ফৰগেট টুডে-ত মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ আৰু তেওঁৰ স্বামী ৰেজা গৰ্ভপাতৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ যায়।২৮
বেহজাদ খোদচভেয়চীৰ ছবি ডটাৰ্চ অৱ ৱিণ্টৰ-ত চাৰ্ভাটীয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্ঘ্য ছবিত নীলুফাৰ নামৰ এগৰাকী শ্ৰমিক শ্ৰেণীৰ ছোৱালীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিখন অংগদানৰ বিষয়ৰ ওপৰত আধাৰিত আছিল।২৯
পিছলৈ তেওঁ ২০১৯ চনতে আৰু দুখন চুটি ছবি ক্ৰমে শ্বেডো অৱ পাৰ্পল আৰু এ-অৰ্টা-ত অভিনয় কৰে।৩০
২০২০: সফলতা
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত চাৰ্ভাটীয়ে ৬ মাহৰ অনুশীলনৰ পিছত মাত্ৰ দুটা প্ৰদৰ্শনীৰ বাবে ৰামিন আকবৰীৰ মনেল’গ নাটক ষ্টিপুলেচন নম্বৰ টু-ত অভিনয় কৰে। তেওঁ এই প্ৰদৰ্শনীক নিজৰ কেৰিয়াৰৰ আটাইতকৈ সন্তোষজনক অভিনয়ৰ অভিজ্ঞতা বুলি বৰ্ণনা কৰিছে।৩১
চাৰ্ভাটীয়ে তেওঁৰ চৰিত্ৰটোৰ বিষয়ে কয় যে, এগৰাকী মহিলা যিয়ে ঘৰত অনৱৰতে আন এগৰাকী মহিলাক দেখা পায়, আৰু অভিনয়ৰ সময়ত তেওঁৰ সন্মুখত থকা চকীখন কাৰোবাৰ স্মৃতিচিহ্ন, আৰু এই মহিলাগৰাকীৰ ঘৰটো ইমানেই সৰু যে খোজ কাঢ়োঁতে দুৱাৰ আৰু দেৱালত খুন্দা খাইছিল। কোনোবা এটা সময়ৰপৰা এই মহিলাগৰাকীৰ এটা ভ্ৰম হৈছিল যে চকীখন ফুলি উঠিছে আৰু তাইৰ ঘৰৰ ঠাইখিনি অধিকাৰ কৰিছে।৩২
চাৰ্ভাটীয়ে মহম্মদ ৰাছৌলফৰ বোলছবি দেয়াৰ ইজ নো ইভিল-ত নানা চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ৭০সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ছবিখনে সৰ্বজনীন প্ৰশংসা লাভ কৰাৰ লগতে গ’ল্ডেন বিয়েৰ বঁটাও লাভ কৰে।৩৩ ছবিখনৰ তৃতীয়টো খণ্ডত দেখা পোৱা চাৰ্ভাটীৰ নানা চৰিত্ৰটো আছিল গাঁৱৰ এজন শিক্ষকৰ সৈতে সম্পৰ্ক থকা এগৰাকী গাঁৱলীয়া ছোৱালী, যি গৰাকী শিক্ষকক ভিন্ন মতাদৰ্শৰ বাবে মৃত্যুদণ্ড দিয়া হৈছিল।৩৪৩৫
২০২০ চনৰ এপ্ৰিল মাহত তেওঁ হাদী মোগাদ্দামদুষ্ট পৰিচালিত যুদ্ধভিত্তিক ড্ৰামা দূৰদৰ্শন শৃংখলা চ’লজাৰ-ত মিনা মোৱাফী হিচাপে অভিনয় কৰি তিনি বছৰৰ পাছত পুনৰ সৰু পৰ্দালৈ ঘূৰি আহে।৩৬
মেহৰান মাহদাবিয়ান পৰিচালিত ড্ৰামা ছবি পাৰভা-ত চাৰ্ভাটীয়ে অভিনয় কৰিছিল, যিখন ছবিয়ে ২০২০ চনৰ ২৯ অক্টোবৰৰপৰা ৮ নৱেম্বৰলৈ স্পেইনত অনুষ্ঠিত ১১সংখ্যক লেইডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চিনেমা ডেল মন শাখাত অংশগ্ৰহণ কৰিছিল।৩৭
২০২১–২০২২: ব্যাপক স্বীকৃতি
২০২১ চনত চাৰ্ভাটীয়ে এখন ৱেব শৃংখলা, দুখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু তিনিখন চুটি ছবিত অভিনয় কৰে।
বাবক বাহৰাম বেইগী পৰিচালিত ড্ৰামা পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ এট দ্য এণ্ড অৱ দ্য ডে-ত তেওঁ হানিয়ে টাভাছোলী আৰু চাবনম মোঘাদ্দামীৰ সৈতে অভিনয় কৰিছিল। ২০২১ চনৰ জুন মাহত ইয়াৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈ পৰৱৰ্তী মাহত শেষ হয়। এই ছবিখন এতিয়ালৈকে ৰাজহুৱাকৈ মুক্তি দিয়া হোৱা নাই।৩৮
মিলাদ মানচুৰী পৰিচালিত ড্ৰামা পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ কুলবাৰ্ফ-ত তেওঁ এগৰাকী কুৰ্দিছ ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এগৰাকী কোলবাৰ ছোৱালী চেনুৰৰ চৰিত্ৰটোৰ বাবে কুৰ্দিছ উপভাষা শিকিবলগীয়া হৈছিল।৩৯
প্ৰথমখন চুটি ছবি ছাৰ্ভাইভাৰ অৱ দ্য ডে ৰচুল চদৰ আমেলীয়ে প্ৰযোজনা কৰিছিল আৰু তেওঁৰ পুত্ৰ মহম্মদৰেজা চদৰ আমেলীয়ে পৰিচালনা কৰিছিল।
৩৮সংখ্যক তহেৰান আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মোস্তফা চুলেমানী পৰিচালিত দ্বিতীয়খন চুটি ছবি গাৰ্ডেন-ত চাৰ্ভাটীয়ে এগৰাকী পলাতক ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে এজন বৃদ্ধ ব্যক্তিৰ ওচৰত সহায় বিচাৰে।৪০৪১
মিত্ৰা ৰাইচমোহাম্মদী পৰিচালিত তৃতীয়খন চুটি ছবি চুইট টেষ্ট অৱ ডাৰ্কনেছ-ত চাৰ্ভাটীয়ে এগৰাকী দুখী আৰু হতাশাগ্ৰস্ত যুৱতী মাতৃৰ চৰিত্ৰত অভিনয় কৰে, যাৰ সাতবছৰীয়া পুত্ৰই নিজকে বেটমেন চৰিত্ৰটোৰ সৈতে তুলনা কৰে আৰু বন্ধুবৰ্গক বিপদজনক কাম কৰিবলৈ উৎসাহিত কৰে।৪২৪৩ এই অভিনয়ৰ বাবে চাৰ্ভাটীয়ে ২০২১ চনত এফএফটিজি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথমটো মনোনয়ন লাভ কৰে।৪৪
তেওঁ টিনা পাকৰাভান পৰিচালিত ৰোমাণ্টিক ঐতিহাসিক ড্ৰামা শৃংখলা ৱান্স আপন এ টাইম ইন ইৰান-ত অভিনয় কৰিছিল। ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইৰানত এংলো-ছোভিয়েট আক্ৰমণৰ পিছত ছোভিয়েট বাহিনীয়ে চাইবেৰিয়ালৈ নিৰ্বাসিত কৰা এগৰাকী জাৰ্মান মাতৃৰ জীয়ৰী তথা ইৰানী-জাৰ্মান চিত্ৰশিল্পী মেৰীৰ চৰিত্ৰত অভিনয় কৰি চাৰ্ভাটীয়ে ব্যাপক স্বীকৃতি আৰু জনপ্ৰিয়তা লাভ কৰে। এই শৃংখলাটোৱে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে ইয়াৰ অভিনয়ৰ বাবেও ভূয়সী প্ৰশংসা লাভ কৰিছিল।৪৫৪৬৪৭
২০২২ চনত চাৰ্ভাটীয়ে ছায়েদেহ দালিৰিয়ান পৰিচালিত চুটি ছবি এচেছ-ত অভিনয় কৰে, যিখন ছবি ২৬সংখ্যক কেনবেৰা চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৪৮
আলী হাজৰাটী পৰিচালিত ২০২২ চনৰ ৰহস্যঘন ড্ৰামা ছবি দ্য টাউন-ত চাৰ্ভাটীয়ে চাৱেড চো হেইলিৰ বিপৰীতে ফেৰেষ্টেহ নামৰ এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৪৯ ছবিখন ৪০সংখ্যক ফজৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ৩টা মনোনয়ন লাভ কৰিছিল।৫০
যদিও ছবিখনে মিশ্ৰিত পৰ্যালোচনা লাভ কৰিছিল, তথাপি সমালোচকসকলে চাৰ্ভাটীৰ অভিনয়ৰ প্ৰশংসা কৰিছিল। ফিলিমোৰ কামাল পুৰকাভেই চাৰ্ভাটীৰ অভিনয়ক মনোযোগ আকৰ্ষণকাৰী বুলি অভিহিত কৰাৰ লগতে ছবিখনৰ অন্যতম শ্ৰেষ্ঠ ৩টা দিশৰ ভিতৰত তাইৰ অভিনয়ক তালিকাভুক্ত কৰে।৫১
২০২৩: মুখ্য ভূমিকা
২০২৩ চনত তেওঁ এখন ধাৰাবাহিকত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অপৰাধধৰ্মী ৰহস্যঘন ৱেব শৃংখলা দ্য ট্ৰান্সলেটৰ-ত তেওঁ গজালেহ নামৰ এগৰাকী যুৱ unuবাদকৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে নিজৰ ককায়েকৰ ৰহস্যজনক মৃত্যুৰ সত্যতা বিচাৰি ফুৰে।৫২৫৩ এই শৃংখলাটো বাহৰাম তাভাকোলীয়ে পৰিচালনা কৰিছিল, যিয়ে ইয়াৰ পূৰ্বে সমালোচকৰদ্বাৰা প্ৰশংসিত ধাৰাবাহিক ব্লু হোৱেল-ৰ চিত্ৰনাট্যকাৰ হিচাপে কাম কৰিছিল।৫৪
চাৰ্ভাটীয়ে হুছেইন ৰিগী পৰিচালিত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি হুক-ত অভিনয় কৰিছিল, যিখন ছবি ৪১সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। চৰিত্ৰটোৰ পটভূমিৰ বাবে তেওঁ বালোচী উপভাষা শিকিবলগীয়া হৈছিল।৫৫
ব্যক্তিগত জীৱন
চাৰ্ভাটীয়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে বসবাস কৰে। তেওঁৰ আমিৰ নামৰ এজন ভাই আৰু নেগিন নামৰ এগৰাকী ভগ্নী আছে।৫৬
তেওঁ য়ালদা নাইটক তেওঁৰ আটাইতকৈ প্ৰিয় উৎসৱ বুলি উল্লেখ কৰিছে।৫৭
বাহ্যিক সংযোগ
- Mahtab Servati at IMDb
- Mahtab Servati at ইনষ্টাগ্ৰাম
তথ্যসূত্ৰ
- ↑ (2020-04-19). بیوگرافی مهتاب ثروتی + عکسهای اینستاگرام و زندگی شخصی. سبزمدیا
- ↑ (2021-08-22). بیوگرافی مهتاب ثروتی؛ از عکاسی تا بازیگری با ناگفتهها
- ↑ بیوگرافی مهتاب ثروتی، بازیگر محبوب سینما + تصاویر. پایگاه خبری شما نیوز
- ↑ Meza, Ed. (2020-02-29). 'There Is No Evil' Wins Golden Bear at Berlin Film Festival. Variety
- ↑ (2020-02-29). Berlin International Film Festival: Iranian film about executions wins top prize. BBC News
- ↑ Namava. www.namava.ir
- ↑ hamkar7. (2023-02-08). بیوگرافی کامل مهتاب ثروتی بازیگر و همسرش + عکس های جدید. مجله اینترنتی حرف تازه
- ↑ بیوگرافی مهتاب ثروتی و همسرش · بررسی آثار +تصاویر خاص. تانما
- ↑ «آخرین زمزمه» فیلم تلویزیونی نوروز شبکه دو- اخبار فرهنگی تسنیم · Tasnim. خبرگزاری تسنیم · Tasnim
- ↑ hamkar7. (2023-02-08). بیوگرافی کامل مهتاب ثروتی بازیگر و همسرش + عکس های جدید. مجله اینترنتی حرف تازه
- ↑ hamkar7. (2023-02-08). بیوگرافی کامل مهتاب ثروتی بازیگر و همسرش + عکس های جدید. مجله اینترنتی حرف تازه
- ↑ تیوال نمایش ایران استرالیا. www.tiwall.com
- ↑ تیوال نمایش چه میکنه این عادل فردوسی پور. www.tiwall.com
- ↑ reza. (2021-02-10). فیلم هدیه · اسامی و بیوگرافی بازیگران فیلم هدیه به همراه عکس های جدید. مجله اینترنتی حرف تازه
- ↑ ساعت و زمان پخش سریال کیمیا از شبکه آی فیلم. پایگاه خبری شما نیوز
- ↑ (2016). شانزدهمین دوره جشن حافظ (سال ۱۳۹۵) - جشن حافظ
- ↑ بیوگرافی مهتاب ثروتی بازیگر و همسرش + زندگینامه. نم نمک
- ↑ تیوال نمایش خدابس. www.tiwall.com
- ↑ تیوال نمایش چند تکهی لغزان بر لبهی سران یک وضعیت پیچان. www.tiwall.com
- ↑ (2016). سریال پرستاران از امشب روی آنتن شبکه یک +عکس. jamejamonline.ir
- ↑ تیوال نمایش ماجرای مترانپاژ. www.tiwall.com
- ↑ (2017-03-11). بازدید مدیر شبکه تهران از سریالی با بازی مهدی هاشمی و داریوش فرهنگ. ایسنا
- ↑ (2017). هجدهمین دوره جشن حافظ (سال ۱۳۹۷) - جشن حافظ
- ↑ حریم شخصی. فیلیمو
- ↑ تیوال نمایش ماجرای مترانپاژ. www.tiwall.com
- ↑ پاستاریونی
- ↑ نقد و بررسی فیلم سینمایی بی نامی اثر علیرضا صمدی · سلامسینما. www.salamcinama.ir
- ↑ فیلم کوتاه امروزُ یادت نره دیدئو dideo. dideo
- ↑ فیلم دختران زمستان (1397) · بازیگران+عکسها · سلامسینما. www.salamcinama.ir
- ↑ سایه ارغوان. filimo
- ↑ چه کسی صندلی را جابهجا کرده است؟. اَنتِگره
- ↑ Mahtab Servati · عکاسی برایم هیجانی که فکر میکردم را نداشت
- ↑ (2020-02-29). Berlin International Film Festival: Iranian film about executions wins top prize. BBC News
- ↑ There Is No Evil review – passionate plea against Iran's soul-poisoning executions · Movies · The Guardian. amp.theguardian.com
- ↑ There Is No Evil review – devastating everyday tales of life under Iran's brutal regime · World cinema · The Guardian. amp.theguardian.com
- ↑ مشهد ایستگاه پایانی سریال " سرباز" + عکسهای جدید- اخبار رادیو و تل - اخبار فرهنگی تسنیم · Tasnim. خبرگزاری تسنیم · Tasnim
- ↑ (2020-10-21). Spain's Lleida Film Festival to host Iranian 'Parva'. Mehr News Agency
- ↑ (2021-06-28). هانیه توسلی بازیگر «چهره به چهره» شد · سینماایدهآل. سینماایدهآل · پایگاه خبری تحلیلی سینماایدهآل
- ↑ (2021-06-06). «کولبرف»، دو جایزه از جشنواره ویآیزد بلغارستان دریافت کرد. خبرآنلاین
- ↑ تیوال فیلم کوتاه حیاط. www.tiwall.com
- ↑ (2022-05-19). راهیابی فیلم کوتاه. کمپانی بین المللی RAW
- ↑ (2021-10-12). «طعم شیرین تاریکی» در جشنواره اماراتی · سینما خانه · پایگاه خبری سینما، تئاتر و تلویزیون. سینما خانه · پایگاه خبری سینما، تئاتر و تلویزیون · اخبار سینما، تئاتر و تلویزیون
- ↑ SWEET TASTE OF DARKNESS from MITRA RAEESMOHAMMADI – KIDS FIRST! Reviews and Videos. www.kidsfirst.org
- ↑ FFTG Awards Film Fest 2021 Official Winners. FFTG Awards
- ↑ جهان, راهبرد معاصر-آخرین اخبار ایران و. (2021-10-13). بیوگرافی مهتاب ثروتی بازیگر نقش ماری سریال خاتون+ عکس. fa
- ↑ (2021-07-25). معرفی و آشنایی کامل با سریال های قبله عالم، خاتون و زخم کاری + زمان پخش. مشرق نیوز
- ↑ فیلیموشات. (2021-07-15). سریال خاتون؛ عشق در سالهای اشغال. فیلیموشات
- ↑ ظفرنیا, پونه. (2022-02-26). رقابت 10 اثر کوتاه ایرانی در جشنواره «زنان فیلمساز» ترکیه. انجمن سینمای جوانان ایران
- ↑ (2022-01-14). فیلم «شهرک» با بازی ساعد سهیلی، آماده نمایش شد. خبرآنلاین
- ↑ اخبار. جشنواره فیلم فجر
- ↑ آرشیو. (2022-02-09). همه چیز درباره فیلم شهرک. فیلیموشات
- ↑ بازیگران سریال مترجم و زمان پخش آن. نمناک
- ↑ Namava. www.namava.ir
- ↑ تازه, حرف. (2019-01-27). خلاصه سریال نهنگ آبی · زمان پخش و بازیگران سریال نهنگ آبی. مجله اینترنتی حرف تازه
- ↑ خبرگزاری فارس · جشنواره فیلم فجر · «هوک»؛ ادای دینی قابلتقدیر به گونه مهجور سینمای اقلیم. www.farsnews.ir
- ↑ بیوگرافی مهتاب ثروتی بازیگر و همسرش + زندگینامه. نم نمک
- ↑ Mahtab Servati · عکاسی برایم هیجانی که فکر میکردم را نداشت
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহতাব চাৰ্ভাটী” প্ৰবন্ধৰ সংশোধন ৬১৬৬১৬ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।