অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰাভ মিকেলি

মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১২ জুলাই ২০২৫ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেৰাভ মিকেলি (מרב מיכאלי) ১এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২১ চনৰ পৰা ২০২৪ চনলৈকে লেবাৰ পাৰ্টিৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ইজৰাইলৰ ছয়ত্ৰিশতম চৰকাৰত পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জীৱনী

পেটাহ টিকভা১ত হাংগেৰীৰ ইহুদী পটভূমিৰ আমি মিকেলি আৰু চুজান কাষ্টনাৰৰ ঘৰত মিকেলিৰ জন্ম হৈছিল। তেওঁ ৰুডলফ কাষ্টনাৰ২ আৰু নেহেমিয়া মিকেলিৰ নাতিনীয়েক যি মাপাম দলৰ শেষ সম্পাদিকা আছিল।৩

যৌৱনকালত মিকেলিয়ে ইজৰাইলী স্কাউটৰ নেত্ৰী হিচাপে কাম কৰিছিল।৪ আইডিএফত মিকেলি আছিল সেনা ৰেডিঅ’ৰ বাতৰি কাকত। তেওঁ গালগালাটজ আৰু ৰেডিঅ' টেল আভিভ ৰেডিঅ' ষ্টেচন স্থাপন কৰাত সহায় কৰিছিল আৰু ৰাজনীতিৰ ওপৰত কেন্দ্ৰিত হিব্ৰু টেলিভিছন অনুষ্ঠানৰ নেতৃত্বও দিছিল।.৫

তেওঁ হাৰেট্জ কাকতৰ সাংবাদিক আৰু মতামত স্তম্ভলেখক আছিল। তেওঁ বিশ্ববিদ্যালয়ৰ শ্ৰেণীতো অধ্যাপনা কৰিছিল আৰু নাৰীবাদ, সংবাদ মাধ্যম, যোগাযোগ আদি বিষয়ত বিস্তৃতভাৱে বক্তৃতা দিছিল। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ টেড জাফাত "পেৰাডাইম শ্বিফ্ট"ৰ বিষয়বস্তুত ভাষণ দিছিল, য'ত তেওঁ যুক্তি দিছিল যে সমাজে "বিবাহ বাতিল" কৰিব লাগে।৬

ৰাজনৈতিক জীৱন

২০১২ চনৰ অক্টোবৰ মাহত মিকেলিয়ে ঘোষণা কৰে যে তেওঁ লেবাৰ পাৰ্টিত যোগদান কৰিব, আৰু ২০১৩ চনৰ নেচেট নিৰ্বাচনৰ বাবে লেবাৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰে।৭ ২০১২ চনৰ ২৯ নৱেম্বৰত লেবাৰ পাৰ্টিৰ তালিকাত পঞ্চম স্থান লাভ কৰে,৮ আৰু লেবাৰে ১৫খন আসন লাভ কৰাৰ পিছত নেচেটলৈ নিৰ্বাচিত হয়।৯

২০১৫ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে লেবাৰ আৰু হাটনুৱা দলে জায়নিষ্ট ইউনিয়নৰ মিত্ৰতা গঠন কৰে। মিকেলিয়ে জায়নিষ্ট ইউনিয়নৰ তালিকাৰ নৱম স্থান লাভ কৰে আৰু নেচেটে ২৪খন আসন লাভ কৰাৰ বাবে নিৰ্বাচিত হয়।১০১১

তথ্যসূত্ৰ

  1. ↑ MK Michaeli in Israeli Parliament website. Knesset
  2. ↑ Harkov, Lahav. (3 May 2016). My grandfather did the inconceivable – negotiated with Nazis – to save Jews. The Jerusalem Post
  3. ↑ Gafni to Merav Michaeli. Arutz 7
  4. ↑ Merav Michaeli. Jewish Virtual Library
  5. ↑ Knesset Member, Merav Michaeli. knesset.gov.il
  6. ↑ Cancel Marriage: Merav Michaeli at TEDxJaffa. ইউটিউব. TEDx Talks
  7. ↑ Lis, Jonathan. Merav Michaeli to Vie for Spot on Labor's Election List. Haaretz
  8. ↑ Azulay, Moran. Herzog wins Labor primaries; Merav Michaeli 5th on party list. Ynetnews
  9. ↑ (2013). Final Israel Election Results: Kadima's in Knesset, Habayit Hayehudi Gets 12 Seats. Haaretz
  10. ↑ Women win big as Yachimovich, Shaffir top Labor primary vote. The Times of Israel
  11. ↑ All 120 incoming Knesset members. The Times of Israel

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীসাংবাদিকমহিলা ৰাজনীতিবিদৰাজনীতিবিদইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীইজৰাইলৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰাভ মিকেলি” প্ৰবন্ধৰ সংশোধন ৫২৩৬৫৯ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।