জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিছা জাপানৱালা
মিছা জাপানৱালা পাকিস্তানী মূলৰ এগৰাকী দৃশ্য শিল্পী আৰু ফেশ্বন ডিজাইনাৰ। জাপানৱালাই পাকিস্তানত মহিলাৰ অধিকাৰৰ প্ৰতি উৎসৰ্গিত শিল্পকৰ্ম সৃষ্টি কৰিছিল, আৰু তেওঁৰ শিল্পকলা ভগ আৰু ভি মেগাজিনত প্ৰকাশ পাইছে।
-
মিছাগ বাহাদোৰান
মিছাগ মদিনা বাহাদোৰান (ফাৰ্চী: میثاق بهادران; জন্ম ১০ জানুৱাৰী, ১৯৮৭) হৈছে এজন ফিলিপিনো পেছাদাৰী ফুটবলাৰ যিয়ে শেহতীয়াকৈ ফিলিপাইন ফুটবল লীগৰ ৱান তাগুইগ আৰু পূৰ্বতে ফিলিপাইন ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ উইংগাৰ বা ফৰৱাৰ্ড হিচাপে খেলিছিল। তেওঁ ফিলিপাইন ৰাষ্ট্ৰীয় ফুটছল দলৰ হৈও খেলিছে।
-
মিজানুৰ ৰহমান কাজী
মিজানুৰ ৰহমান কাজী (Mizanur Rahman Kazi) এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ মেঘালয় বিধানসভাৰ ৰাজাবালা সমষ্টিৰ বৰ্তমানৰ বিধায়ক। কাজী ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ ক্লিনিকেল মেডিচিনৰ ফেলো আৰু খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰৰপৰা ডায়েবেটিছ মেনেজমেণ্টৰ দূৰত্ব ফেল’শ্বিপ (ডিএফআইডি) লাভ কৰা।
-
মিঠু মুখাৰ্জী
মিঠু মুখাৰ্জী (Mithu Mukherjee) (১৯ জুন ১৯৫৫ — ২১ ছেপ্টেম্বৰ ২০২৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৭১ চনত চিত্ত বসু পৰিচালিত বঙালী ছবি স্নেহ পৰ্বৰ যোগেদি তেওঁৰ চলচ্চিত্ৰাভিষেক হয়।
-
মিডজ কষ্টাঞ্জা
মাৰ্গাৰেট "মিডজ" কষ্টাঞ্জা (Midge Costanza) সমকামী আৰু মহিলাৰ অধিকাৰৰ আজীৱন সমৰ্থক আছিল৷ তেওঁৰ বুদ্ধিমত্তা, স্পষ্টবাদী আচাৰ-ব্যৱহাৰ আৰু নিজৰ বিশ্বাসৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত আছিল।
-
মিণ্ডী কেলিং
ভেৰা মিণ্ডী চোকালিংগম (জন্ম: ২৪ জুন, ১৯৭৯), পেছাদাৰীভাৱে মিণ্ডী কেলিং (ইংৰাজী: Mindy Kaling; জন্ম: ২৪ জুন, ১৯৭৯) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক শিল্পী, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। টেলিভিছনৰ কামৰ বাবে পৰিচিত কেলিঙে এটা টনী বঁটা আৰু প্ৰাইমটাইম এমি বঁটাত ছয়টাকৈ মনোনয়ন লাভ কৰিছে।
-
মিতালি মায়েকাৰ
মিতালি মায়েকাৰ-চণ্ডেকাৰ (: Mitali Mayekar-Chandekar; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় মাৰাঠী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ১৩ বছৰ বয়সত ২০০৯ চনত ইৰফান খানৰ ছবি বিলুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
মিতালী মধুমিতা
মিতালী মধুমিতা (Mitali Madhumita) ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া যিয়ে বীৰত্ব বঁটা(gallantry award) লাভ কৰিছে। ২০১০ চনৰ ২৬ ফেব্ৰুৱাৰীত আফগানিস্তানৰ কাবুলত সন্ত্ৰাসবাদীয়ে ভাৰতীয় দূতাবাসত আক্ৰমণ কৰাৰ সময়ত আৰু জম্মু-কাশ্মীৰ লেফটেনেণ্ট কৰ্ণেল মধুমিতাই আক্ৰমণৰ বলি হোৱা ভাৰতীয় দূতাবাসত সোমাই…
-
মিতালী মুখাৰ্জী
মিতালী মুখাৰ্জী (: Mitali Mukherjee;জন্ম ৬ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় বাতৰি পৰিবেশক আৰু বিত্তীয় সাংবাদিক। বৰ্তমান তেওঁ ৰয়টাৰ ইনষ্টিটিউট ফৰ দ্য ষ্টাডি অৱ জাৰ্নেলিজমৰ সাংবাদিক কাৰ্যসূচীৰ সঞ্চালিকা। তেওঁ চিএনবিচি টিভি১৮ৰ বাতৰি সম্পাদিকা আৰু মূল এংকৰ আছিল।
-
মিত্তল পেটেল
মিত্তল পেটেল (: Mittal Patel), জন্ম প্ৰায় ১৯৮১); গুজৰাটৰ এজন ভাৰতীয় কৰ্মী। পঢ়া-শুনাৰ পিছত খিলঞ্জীয়া জনজাতিৰ মানুহক সমাজৰ লগত একাত্ম হ’বলৈ সহায় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ এই কামৰ স্বীকৃতি স্বৰূপে ২০১৮ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হয়।
-
মিত্ৰা দত্ত
মিত্ৰ দত্ত ( Mitra Dutta; জন্ম ১৯৫৩ ) এগৰাকী ভাৰতীয়-আমেৰিকান পদাৰ্থবিজ্ঞানী আৰু ইলেক্ট্ৰনিক্স অভিযন্তা, যি অপ্টোইলেক্ট্ৰনিকছৰ গৱেষণাৰ বাবে পৰিচিত। তেওঁ চিকাগোৰ ইলিনয় বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযান্ত্ৰিক বিভাগৰ বিশিষ্ট অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণাৰ প্ৰাক্তন উপাচাৰ্য।
-
মিথান জামছেদ লম
মিথান জামছেদ লম (: Mithan Jamshed Lam ১৮৯৮–১৯৮১) এগৰাকী ভাৰতীয় উকীল, সমাজ কৰ্মী আৰু মুম্বাইৰ শ্বেৰিফ আছিল। তেওঁ প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা অধিবক্তা আছিল।
-
মিথিলী ৰামস্বামী
মিথিলী ৰামস্বামী (জন্ম: ৬ জুন ১৯৫৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বেংগালুৰুস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ টিআইএফআৰ প্ৰযোজ্য গণিত কেন্দ্ৰত গণিতৰ অধ্যাপিকা হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে কাৰ্যবিশ্লেষণ, আংশিক বিভেদ সমীকৰণ আৰু নিয়ন্ত্ৰণ তত্ত্ব।
-
মিনতি খাউণ্ড
মিনতি খাউণ্ড (Minoti Khaund, ১৯৪০–২০২৬) অসমৰ এগৰাকী বিশিষ্ট বেহেলাবাদক আৰু যশস্বী শাস্ত্ৰীয় সংগীত শিল্পী আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
-
মিনা কাভানী
মিনা খোছৰোভানী (ফাৰ্চী: مینا خسروانی; জন্ম ২৩ মে', ১৯৮৯) পেছাদাৰীভাৱে মিনা কাভানী নামেৰে পৰিচিত, হৈছে এগৰাকী ইৰানী-ফৰাচী অভিনেত্ৰী। তেওঁ মূলতঃ নো বেয়াৰ্ছ (২০২২) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিখন ছবিয়ে ৭৯সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্পেচিয়েল জুৰী প্ৰাইজ লাভ কৰিছিল।
-
মিনা দস্তঘেইব
মিনা দস্তঘেইব (Mina Dastgheib) এগৰাকী সমসাময়িক কবি; ১৯৪৩ চনত শ্বিৰাজত জন্মগ্ৰহণ কৰা মিনাই শ্বিৰাজ বিশ্ববিদ্যালয় আৰু তেহৰাণ বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰিছে। মিনাই তেহৰাণ আৰু শ্বিৰাজৰ বিভিন্ন হাইস্কুলত ইংৰাজী আৰু পাৰ্চী সাহিত্যৰ পাঠদান কৰি আহিছে।
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মিনামি হামাবে
মিনামি হামাবে (জাপানী: 浜辺 美波; জন্ম ২৯ আগষ্ট, ২০০০) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰা বিভিন্ন ব্লকবাষ্টাৰ আৰু জনপ্ৰিয় টেলিভিছন শ্ব'ত অভিনয় কৰি, তেওঁ জাপানৰ আধুনিক বিনোদন জগতৰ এগৰাকী প্ৰমুখ্য ব্যক্তিত্বৰূপে পৰিচিত।
-
মিনাল দাখৱে ভোঁচলে
মিনাল দাখৱে ভোঁচলে (Minal Dakhave Bhosale) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্ক'ভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী।
-
মিনাল ৰোহিত
মিনাল ৰোহিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ এজন ভাৰতীয় বিজ্ঞানী আৰু চিষ্টেম অভিযন্তা। তেখেতে মঙ্গলগ্ৰহত মঙ্গলযান মহাকাশ অনুসন্ধান প্ৰেৰণ কৰাত সহযোগ কৰিছিল। নিৰ্মা ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা স্নাতক হোৱাৰ পিছত, ৰোহিতে ইছৰোত যোগদান কৰে। তেওঁ এম.ও.এম.-ৰ দলত যান্ত্ৰিক অভিযন্তাসকলৰ সৈতে কাম কৰিছিল।
-
মিনি বাসুদেৱন
মিনি বাসুদেৱন (: Mini Vasudevan;জন্ম প্ৰায় ১৯৬৫) কইম্বাটুৰত বাস কৰা এগৰাকী ভাৰতীয় পশু অধিকাৰ কৰ্মী। ২০১৯ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।
-
মিনিছা লাম্বা
মিনিছা লাম্বা (ইংৰাজী: Minissha Lamba; জন্ম: ১৮ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৫ চনত য়াহাঁ ছবিৰ জৰিয়তে লাম্বাই অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
মিনু মাজিদি
মিনু মাজিদি, জন্ম: ১৯৬০ চন – মৃত্যু: ২০ ছেপ্টেম্বৰ ২০২২ চন; ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ইৰাণৰ প্ৰতিবাদৰ সময়ত ইৰাণী কৰ্তৃপক্ষই হত্যা কৰা এগৰাকী ৬২ বছৰ বয়সীয়া ইৰাণী মহিলা।
-
মিমাৰ চিনান
মিমাৰ চিনান'(অটোমান তুৰ্কী: معمار سينان, ৰোমানীকৃত: Mi'mâr Sinân; তুৰ্কী: Mimar Sinan; প্ৰায় ১৪৮৮/১৪৯০ – ১৭ জুলাই ১৫৮৮; কোকা মি'মাৰ চিনান আঘা (Sinan Agha the Grand Architect) বা "গ্ৰেণ্ড চিনান" বুলিও জনা যায়।) চুলতান চুলেমান দ্য মেগনিফিচেণ্ট, চেলিম দ্বিতীয় আৰু মুৰাদ তৃতীয়ৰ বাবে মুখ্য অটোমান…
-
মিয়া খলিফা
মিয়া খলিফা (ميا خليفة, জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৩, মিয়া কালিষ্টা নামেৰেও পৰিচিত, এগৰাকী লেবানন - আমেৰিকান ইণ্টাৰনেট চেলিব্ৰিটি, ৱেবকেম মডেল আৰু প্ৰাপ্তবয়স্ক মডেল যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে পৰ্ণগ্ৰাফিক অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি সকলোৰে পৰিচিত হৈ উঠে।
-
মিয়া জৰ্জ
গিমি জৰ্জ (ইংৰাজী: Gimi George; জন্ম: ২৮ জানুৱাৰী ১৯৯২), তেওঁৰ মঞ্চ নাম মিয়া জৰ্জ নামেৰে অধিক পৰিচিত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তামিল ছবিত কাম কৰে।
-
মিয়া লাভ
মিয়া লাভ (Mia Love), সম্পূৰ্ণ নাম Ludmya Bourdeau "Mia" Love এগৰাকী আমেৰিকান ৰাজনীতিবিদ, আমেৰিকাৰ ইউটা (Utah) ষ্টেটৰ সাংসদ। তাৰোপৰি তেখেত ইউটাৰ চাৰাটংগা স্প্ৰিংছ (Saratong Springs)ৰ প্ৰাক্তন মেয়ৰ।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
মিলা কুনিছ
মিলেনা মাৰ্কভনা "মিলা" কুনিছ (জন্ম: ১৪ আগষ্ট, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। ইউক্ৰেইনৰ চেৰ্নিভট্চিত জন্মগ্ৰহণ কৰা আৰু লছ এঞ্জেলছত ডাঙৰ-দীঘল হোৱা ছানীয়ে ১৯৯০ চনৰ আৰম্ভণিতে টেলিভিছনৰ সৰু সৰু চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
মিলা জোভোভিচ
মিলিকা বগডানোভনা জোভোভিচ (জন্ম ১৭ ডিচেম্বৰ ১৯৭৫), পেছাগতভাৱে মিলা জোভোভিচ নামেৰে পৰিচিত, এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰাক্তন মডেল। বহুতো কল্পবিজ্ঞান আৰু একচন চলচ্চিত্ৰত অভিনয় কৰা বাবে ২০০৬ চনত সংগীত চেনেল ভিএইচ১-এ তেওঁক “কিক-বাটৰ ৰাজত্ব কৰা ৰাণী” বুলি অভিহিত কৰিছিল।