মিতালী মুখাৰ্জী (: Mitali Mukherjee;জন্ম ৬ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় বাতৰি পৰিবেশক আৰু বিত্তীয় সাংবাদিক।১ বৰ্তমান তেওঁ ৰয়টাৰ ইনষ্টিটিউট ফৰ দ্য ষ্টাডি অৱ জাৰ্নেলিজমৰ সাংবাদিক কাৰ্যসূচীৰ সঞ্চালিকা। ২
তেওঁ চিএনবিচি টিভি১৮ৰ বাতৰি সম্পাদিকা আৰু মূল এংকৰ আছিল।৩৪ ইয়াৰ পূৰ্বে তেওঁ দ্য টিভি টুডে গ্ৰুপ, বিবিচি ৱৰ্ল্ড আৰু দূৰদৰ্শনৰ সৈতে আছিল। তেওঁ মিণ্ট, বিশ্ব বেংক আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতেও পৰামৰ্শ লৈছে। লগতে দ্য ৱায়াৰ।৫৬ as well as The Wire.৭৮৯
প্ৰাৰম্ভিক জীৱন
মিতালীৰ জন্ম হৈছিল হাৰিয়ানাৰ আম্বালাত। তেওঁ নতুন দিল্লীৰ দ্য আৰ্মি পাব্লিক স্কুলত পঢ়িছিল৩ ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মিতালী আই এণ্ড বি মন্ত্ৰালয়ৰ অধীনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি)লৈ যায় য'ত তেওঁ টিভি আৰু সম্প্ৰচাৰ সাংবাদিকতাত বিশেষজ্ঞতা লাভ কৰে।১০
কৰ্ম জীৱন
২০০৪ চনৰ পৰা মিতালি চিএনবিচি টিভি ১৮ ৰ মাৰ্কেটছ এণ্ড নিউজ এডিটৰ আছিল, য'ত তেওঁ ফ্লেগশ্বিপ শ্ব' বাজাৰ, বিজনেছ লাঞ্চ আৰু ক্লজিং বেলৰ এংকৰ আছিল। ২০১৪ চনত তেওঁ পদত্যাগ কৰে।১১
২০১৬ চনত তেওঁ মানিমাইল১২১৩ এটা ডিজিটেল ভিডিঅ' প্লেটফৰ্মৰ সহ-প্ৰতিষ্ঠা কৰে য'ত তেওঁৰ মূল লক্ষ্য আছিল মহিলাসকলক আৰ্থিকভাৱে স্বাধীন আৰু শক্তিশালী হোৱাত সহায় কৰিবলৈ বিত্তীয় বিনিয়োগৰ পৰামৰ্শ ভাগ-বতৰা কৰা।
মিতালী ভাৰতৰ বাওঁপন্থী প্ৰতিষ্ঠান বিৰোধী পৰ্টেল দ্য ৱায়াৰত কনছালটিং বিজনেছ এডিটৰ হিচাপে কাম কৰি আহিছে।১৪৭
প্ৰতিক্ৰিয়া
বঁটা আৰু কৃতিত্ব
মিতালী হৈছে মহিলাৰ আৰ্থিক স্বতন্ত্ৰতাৰ এটা সক্ৰিয় সমৰ্থক।১৫১৬ লিংগ সমতাৰ ওপৰত বহু সমাৱেশত তেওঁ ভাষণ দিছে।১৭১৮১৯ মিতালি দক্ষিণ এছিয়া জাৰ্নেলিজম ফেল'শ্বিপ ২০২ৰ চেভেনিং ফেলো। তেওঁ টেডিএক্সৰ বক্তা,২০২১ ৰাইচিনা এএফজিজি (এছিয়ান ফ'ৰাম ফৰ গ্ল'বেল গভৰ্নেন্স) ইয়ং ফেলো২২ আৰু এআইৱাইডি (অষ্ট্ৰেলিয়া ইণ্ডিয়া ইউথ ডাইলগ)ৰ ষ্টিয়াৰিং কমিটিৰ সদস্য।২৩
কিতাপ
মুখাৰ্জীয়ে ২০২৪ চনত ক্ৰিপ্টো ক্ৰাইমছ নামৰ এখন গ্ৰন্থ লিখিছিল যিখন হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছিল।২৪ News18 ৰ বাবে তেওঁৰ গ্ৰন্থখন পৰ্যালোচনা কৰি, স্তম্ভলেখক হৰ্শিল মেহতাই উল্লেখ কৰিছিল যে গ্ৰন্থখনে "এজন সাংবাদিকৰ ডায়েৰী বা কোনো সাংবাদিকতাৰ সংক্রান্ত প্ৰতিবেদনৰ দৰে অনুভূতি দিয়ে। বহু কাহিনী চুটি কৰি ৰাখিব পাৰিলেহেঁতেন, আৰু আন কিছুমানক অধিক আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব পাৰিলে হেতেন। লেখকৰ গভীৰ জ্ঞানৰ অভাৱ প্ৰকট হৈছে, কাৰণ তেওঁ সাধাৰণ তথ্যৰ বাবেও বহুলাংশত উদ্ধৃতি আৰু সংবাদ প্ৰতিবেদনৰ ওপৰত নির্ভৰ কৰিছে, যি কাহিনীৰ প্ৰৱাহ ব্যাহত কৰে।" ২৪
তথ্যসূত্ৰ
- ↑ Mitali Mukherjee, Consulting Business Editor at Editorji Technologies
- ↑ Mitali Mukherjee. reutersinstitute.ox.ac.uk
- ↑ SBS Bangla: More than 70 percent of the workforce in Indian journalism would be women
- ↑ CNBCTV18: Watch: This day 12 years ago, Sensex welcomed UPA 2 by hitting double upper circuits
- ↑ TEDxSIULavale: x = independently organized TED event
- ↑ Mint: Budget 2021 – Getting India back on the growth track
- ↑ The WIRE: Mitali Mukherjee
- ↑ SciencesPo, Prof. Philippe Martin
- ↑ Mitali Mukherjee Shares Her Experience On Covid 2.0 MSN
- ↑ The Evolving Assets, TED
- ↑ Udayan's bull run reaches exhaustion point, Business Standard
- ↑ TakeCharge Of Your Finances With The MoneyMile, Sheroes
- ↑ Firstpost Ropes In Vivek Law And Mitali Mukherjee For Its Budget 2018 Show, Media Infoline
- ↑ On this Women's day We Celebrate 35 Power Women of Finance Industry, MoneyFront
- ↑ Women's Power summit on March 7, The Hindu
- ↑ A push for change, The Hindu
- ↑ Centre for Economic Data and Analysis, Covid Impact: Why Are Women Being Left Behind in the Vaccination Campaign?
- ↑ Economic Policy – the Gender Bend, The Indian Express
- ↑ Women are paid less. Yes, this is old news, The Indian Express
- ↑ The Raisina Young Fellows Programme, ORF|AFGG
- ↑ From Alpha Century to Viral World: The Raisina Young Fellow, Global Policy
- ↑ Speakers, TED
- ↑ Australia India Youth Dialogue
- ↑ Book Review · Lost in the Blockchain: ‘Crypto Crimes’ Fails to Decipher the Code. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালী মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৪৬৬১৫ (১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।