অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিয়া লাভ

মিয়া লাভ (Mia Love), সম্পূৰ্ণ নাম Ludmya Bourdeau "Mia" Love এগৰাকী আমেৰিকান ৰাজনীতিবিদ, আমেৰিকাৰ ইউটা (Utah) ষ্টেটৰ সাংসদ। তাৰোপৰি তেখেত ইউটাৰ চাৰাটংগা স্প্ৰিংছ (Saratong Springs)ৰ প্ৰাক্তন মেয়ৰ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মিয়া লাভ (Mia Love), সম্পূৰ্ণ নাম Ludmya Bourdeau "Mia" Love এগৰাকী আমেৰিকান ৰাজনীতিবিদ, আমেৰিকাৰ ইউটা (Utah) ষ্টেটৰ সাংসদ। তাৰোপৰি তেখেত ইউটাৰ চাৰাটংগা স্প্ৰিংছ (Saratong Springs)ৰ প্ৰাক্তন মেয়ৰ। ১৯৭৫ চনৰ ৬ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰুকলিনত জন্ম লাভ লৰা শ্ৰীমতী লাভ ৰিপাব্লিকান দলৰ পৰা সংসদলৈ নিৰ্বাচিত প্ৰথম কৃষ্ণাংগ মহিলা আৰু হাইটি বংশোদ্ভূত আমেৰিকান।১২

মিয়া লাভে কম সময়তে লাভ কৰা ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবে তেওক বহুতে 'ৰিপাব্লিকান দলৰ বাৰাক অ'বামা' বুলি অভিহিত কৰে, যদিও তেও ৰাজনৈতিক ভাৱে অ'বামাৰ কিছু নীতিৰ কঠোৰ সমালোচক বুলি জনা যায়। ৩

বাল্যকাল আৰু শিক্ষা

১৯৭০ চনত হাইটিত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পৰা হাত সাৰিবলৈ, মিয়া লাভৰ পিতৃ মাতৃ ক্ৰমে জাঁ-মেক্সিন বাৰ্ডেউ আৰু মেৰী আমেৰিকালৈ পলাই আহে। তেঁওলোকে নিজৰ দুটি সন্তান হাইটিতে এৰি আহিছিল। তেওলোকে ব্ৰুকলিনত বসবাস কৰিব লয় আৰু ১৯৭৫ চনত মিয়াৰ জন্ম হয়। মিয়াই কানেক্টিকাটৰ নৰৱাক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু পিছলৈ হাৰ্টফৰ্ড বিশ্ববিদ্যালয়ৰ পৰ ফাইন আৰ্টচত স্নাতক ডিগ্ৰী লাভ কৰে। মিয়াৰ দেউতাকে পৰিয়াল চলাবৰ বাবে ফেক্টৰীত দিনে নিশাই পৰিশ্ৰম কৰিব লগা হৈছিল। হাৰ্টফৰ্ডত পঢ়ি থকা সময়তে মিয়াই হাৰ্ট স্কুলৰ মিউজিক থিয়েটাৰৰ অংশ হৈ পৰিছিল আৰু পিছলৈ ছে'ণ্ট কৰ্প, ইক'পাছ কৰ্পৰেচন আৰু কণ্টিনেণ্টেল এয়াৰ লাইনছত চাকৰি কৰিছিল। ৪

ৰাজনৈতিক জীৱন

চিটি কাউন্সিল

মিয়া লাভে ২০০৩ চনত ছাৰাটংগা স্প্ৰিংছৰ ৰ চিটি কাউন্সিল এটা সদস্যপদ লাভ কৰে। ৬ বছৰ কাউন্সিলৰ সদস্যপদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেখেতে তাৰ মেয়ৰৰ পদলৈ নিৰ্বাচিত হয়। ৫

মেয়ৰ

মিয়া লাভে ২০১০ জানুৱাৰীৰ পৰা ২০১৩ ডিচেম্বৰলৈকে ছাৰটংগা স্প্ৰিংছৰ মেয়ৰৰ দ্বায়িত্ব পালন কৰে। বিভিন্ন আৰ্থিক সংষ্কাৰৰ মাজেৰে তেও ছাৰাটংগা স্প্ৰিংছ চহৰৰ ঘাটি বাজেট কমাই, সুখ্যাতি লাভ কৰে। এই সময়ছোৱাতে শ্ৰীমতী লাভে কেইবাটও প্ৰাকৃতিক দূৰ্যোগৰ লগত যজিব লগা হয়, তাৰ ভিতৰত এক ভয়াবহ বনজুই আৰু কেইবাটাও ভয়ংকৰ বোকা-প্ৰবাহৰ কথা উল্লেখনীয়। ৬

ব্যক্তিগত জীৱন

১৯৯৮ চনত মিয়া লাভ উটালৈ আহে আৰু সেই সময়তে বিভিন্ন মঞ্চত পাৰ্ফৰমিং আৰ্টৰ লগত জড়িত জেচন লাভৰ সৈতে চিনাকী হয়, আৰু সেই বছৰেই ডিচেম্বৰ মাহত তেওলোক বিবাহ পাশত আৱদ্ধ হয়। ৪. তেওলোকৰ তিনিটি সন্তান আছে।

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Will, George. (September 24, 2012). Utah's Mia Love Battles Stereotypes. Newsmax.com. Newsmax Media
  2. ↑ (August 28, 2012). Rising GOP star Mia Love glides into the spotlight at convention. Fox News
  3. ↑ " Mia Love, the Obama of the Republican Party" | archive url =http://news.yahoo.com/mia-love-obama-republican-party-202451661.html
  4. ↑ মিয়া লাভ -আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা ৰিপাব্লিকান সাংসদ": জ্যোতি প্ৰসাদ বুঢ়াগোহাঞি- বহুমূখ, আমাৰ অসম, ১২, নৱেম্বৰ,২০১৪, বুধবাৰ
  5. ↑ Gehrke, Robert; Canham, Matt. (October 8, 2012). Mia Love: From Dream of Broadway to Capitol Hill. The Salt Lake Tribune
  6. ↑ Haddock, Sharon. (September 27, 2004). Political Novice Lovin' it. Deseret News

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিয়া লাভ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।