অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনা দস্তঘেইব

মিনা দস্তঘেইব (Mina Dastgheib) এগৰাকী সমসাময়িক কবি; ১৯৪৩ চনত শ্বিৰাজত জন্মগ্ৰহণ কৰা মিনাই শ্বিৰাজ বিশ্ববিদ্যালয় আৰু তেহৰাণ বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰিছে। মিনাই তেহৰাণ আৰু শ্বিৰাজৰ বিভিন্ন হাইস্কুলত ইংৰাজী আৰু পাৰ্চী সাহিত্যৰ পাঠদান কৰি আহিছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মিনা দস্তঘেইব (Mina Dastgheib) এগৰাকী সমসাময়িক কবি; ১৯৪৩ চনত শ্বিৰাজত জন্মগ্ৰহণ কৰা মিনাই শ্বিৰাজ বিশ্ববিদ্যালয় আৰু তেহৰাণ বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰিছে। মিনাই তেহৰাণ আৰু শ্বিৰাজৰ বিভিন্ন হাইস্কুলত ইংৰাজী আৰু পাৰ্চী সাহিত্যৰ পাঠদান কৰি আহিছে। সৰুৰেপৰা কবিতা ৰচনা কৰি ১২খন কবিতা পুথি প্ৰকাশ কৰিছে।১

জীৱনী

সাহিত্যৰ প্ৰতি অনুৰাগী এটা শিক্ষিত পৰিয়ালত মিনা ডাঙৰ-দীঘল হৈছিল। মিনাৰ পিতৃ জাভাদ ফিৰুজাবাদ আৰু জহৰামৰ শিক্ষা বিভাগৰ মুৰব্বী আছিল। তেওঁৰ ডাঙৰ ভাতৃ আব্দোলালি এজন সুপৰিচিত লেখক আৰু সমালোচক। সৰুৰেপৰা মিনাৰ সাহিত্য বিষয়ক গ্ৰন্থ পঢ়াৰ প্ৰতি গভীৰ আগ্ৰহ আছিল আৰু ইৰাণৰ লগতে বিশ্বৰ অন্যান্য দেশৰ কবি-সাহিত্যিকৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। হাইস্কুল শিক্ষা সমাপ্ত কৰি শ্বিৰাজ বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেহৰাণলৈ গৈ উচ্চ শিক্ষা মহাবিদ্যালয়ৰপৰা শিক্ষকতাৰ প্ৰমাণ-পত্ৰ লাভ কৰে। মিনাই বহু বছৰ তেহৰাণ আৰু শ্বিৰাজত ইংৰাজী ভাষা আৰু পাৰ্চী সাহিত্যৰ অধ্যাপনা কৰিছিল। ১

প্ৰকাশনৰ তালিকা

মাহ দাৰ কাৰিজ (দ্য মুন ইন একুডাক্ট, ১৯৬৯), দাস-হায়-ই আছৰ (দ্য চিকলছ অৱ দ্য ইভিনিং, ১৯৭৩), বা চাচমানী আজ খাকেষ্টাৰ (উইথ আইজ অৱ এছেছ, ১৯৭৫), ঘ্মনকান ই সোভ (দ্য মৰ্নাৰ্ছ অৱ দ্য মৰ্নিং, ১৯৭৮), দস্ত দাৰ দষ্ট ই জামান (হাণ্ড ইন হেণ্ড উইথ টাইম, ১৯৯৭), মাহ ই শ্বেকাষ্টেহ কূহ হা ৰা আহ মিকাছাদ (দ্য ব্ৰকেন মুন চিগছ দ্য মাউণ্টেনছ, ২০০০), খোনাকায়ে ৰাজ (দ্য কুলনেছ অৱ মিষ্ট্ৰী, ২০০৬), বা খোশ্বে ই আংগুৰ বে ভাদে গাহ মিয়ায়ি ভা আচেমান ই খোনাক ৰা মিনুছি (ইউ কম উইথ এ বাঞ্চ অৱ গ্ৰেপছ এণ্ড ড্ৰিংক দ্য কুল স্কাই, ২০০৭), সোখান মিগৌয়ি কালমেহা দাৰ মান আজাদ মিছাভান্দ (আপুনি কথা কলে, শব্দবোৰ মোৰ মাজত মুক্তি পায়, ২০০৭), এনায়ট দস্ত-ই-ঘাইবীয়ে ইংৰাজীলৈ অনুবাদ কৰা খোনাকায়ে ৰাজ (ৰহস্যৰ শীতলতা) (২০১০), আৰু শ্বাব দাৰ চেৰাঘ ই নাজাৰেহ খোদ মিছুখ্ত (নিশাটো নিজৰ দৃষ্টিত জ্বলি আছিল, ২০১২), আদি।

সাহিত্যৰ বঁটা

"দ্য কুলনেছ অৱ মিষ্ট্ৰী"ক ফাৰ্চত অনুষ্ঠিত হোৱা পাৰ্চী সংস্কৃতিৰ সপ্তম উৎসৱত ৰেফাৰীৰ পছন্দ হিচাপে নিৰ্বাচিত কৰা হৈছিল (২০০৬)। "ইউ স্পিক, দ্য ৱৰ্ডছ আৰ ৰিলিজ ইন মি" ইৰাণী মহিলা কবিৰ শীৰ্ষ সাতখন ৰচনাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰি ছান বঁটা লাভ কৰে। ১

সমালোচনাত্মক দৃষ্টিভংগী

মিনাৰ বেছিভাগ কবিতাই প্ৰথম দৃষ্টিত এক বিষাদবোধৰ ভাব প্ৰকাশ কৰে, তথাপি ইয়াত সামাজিক বা ৰাজনৈতিক বাৰ্তা সন্নিৱিষ্ট কৰা হৈছে। এই কবিৰ কবিতা সংকলনসমূহৰ পৰ্যালোচনা কৰিলে তেওঁৰ সাহিত্য বিকাশৰ এক স্পষ্ট ছবি উন্মোচিত হয়। তেওঁৰ কিছুমান কবিতা একপ্ৰকাৰৰ অস্পষ্টতাৰে আবৃত; ইয়াৰ সামাজিক বা ৰাজনৈতিক অৰ্থ গভীৰ মনোযোগৰদ্বাৰাহে বুজিব পাৰি। প্ৰকৃতিৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক মিনাৰ প্ৰায়বোৰ কবিতাতে লক্ষণীয়। কবিয়ে নিজেই তেওঁৰ 'নিৰ্বাচিত কবিতা' সংকলনৰ প্ৰস্তাৱনাত লিখিছে:২ "প্ৰতিজন শিল্পীয়ে পৃথিৱীৰ বাদ্যযন্ত্ৰবোৰক নিজৰ ব্যক্তিত্বৰ ছাঁচত গঢ় দি বিশেষ ধৰণেৰে বজাবলৈ চেষ্টা কৰে। মোৰ ক্ষেত্ৰত প্ৰকৃতি হৈছে এক পাত্ৰ। য'ত মই মোৰ চিন্তা আৰু ইচ্ছা ঢালি দিওঁ। আৰু ইয়াৰ মূল সাৰমৰ্ম হ'ল কবিৰ নিজৰ বিশ্বদৃষ্টিভংগী।"

মানুচেহৰ আতাছিয়ে মিনাৰ চাৰিওফালৰ জগতখনৰ কাব্যিক দৃষ্টিভংগীৰ বিষয়ে লিখিছে: "প্ৰথমতে ই আছিল এক বিষাদময় দৃষ্টিভংগী, আৰু পিছলৈ ই এক অনুসন্ধিৎসু দৃষ্টিৰ ৰূপ ল'লে। "ভঙা চন্দ্ৰই পাহাৰবোৰক হুমুনিয়াহ কাঢ়িছে"; এইটো আমাৰ আধুনিক কবিতাৰ ইতিহাসৰ অন্যতম উজ্জ্বল শাৰী। মই এই শাৰীবোৰক কবিতাৰ ৰূপালী আৰু ৰহস্যমজ় চাবি বুলি গণ্য কৰোঁ— চাবি যাৰ সহায়ত কাব্যিক প্ৰকৃতিৰ বিশাল মন্দিৰৰ দুৱাৰৰ তলা খুলিব পাৰি।৩

ফৰামাৰ্জ ছলেমানীয়ে তেওঁৰ "বসন্ততকৈ অধিক ফল-মূল" নামৰ গ্ৰন্থখনত এই মতামত প্ৰকাশ কৰিছে যে যদিও তেওঁৰ কবিতা সংকলন "জলপথত চন্দ্ৰ"ৰ মিনাৰ কবিতাবোৰে ফ'ৰ' ফাৰ'খজাদৰ "কোমল কণ্ঠ"ৰ লাইন অনুসৰণ কৰে, তথাপি তেওঁলোক কোনো কাৰণতে ফ'ৰ'ৰ ওচৰত ঋণী নহয়। আব্দোলালি দস্তঘাইবে তেওঁৰ “সমালোচকৰ চকুৰে” নামৰ গ্ৰন্থখনত লিখিছে:৪ “তুমি কথা কলে, মোৰ ভিতৰত শব্দবোৰ মুকলি হয়”; এই সংকলনৰ কবিয়ে সমসাময়িক ভাষাৰ বয়নত ৰহস্যমজ় বা আধ্যাত্মিক চিন্তাধাৰা উপস্থাপন কৰিছে। ফুল আৰু লতা, বসন্ত আৰু নদী, মেঠনি আৰু মৰুভূমিৰ দৰে অতি সাধাৰণ প্ৰাকৃতিক উপাদানবোৰত আনকি জীৱনৰ আটাইতকৈ গভীৰ আৰু ভয়ংকৰ গাঁতবোৰতো— জীয়াই থকাৰ সজীৱতা, স্পন্দন আৰু পৰম আনন্দক তেওঁ যেন পুনৰ আৱিষ্কাৰ কৰিছে। পাৰভিজ হোছেইনীয়ে তেওঁৰ “The Glorious Symphony of Poetry” (পৃষ্ঠা ৬২) নামৰ গ্ৰন্থখনত লিখিছে: মিনাৰ কবিতা সংকলনসমূহে চিত্ৰকল্প, বাকপটুতা আৰু কাব্য শৈলীৰ সৰলতাৰ ক্ষেত্ৰত এক নিৰন্তৰ বিৱৰ্তনৰ সাক্ষ্য বহন কৰে। এনে লাগে যেন এই প্ৰতিটো কবিতাই বাদ্যযন্ত্ৰৰ ভূমিকা পালন কৰি আছে; আৰু যেতিয়া সকলো কবিতা একেলগে বাজি উঠে, তেতিয়া সেইবোৰৰপৰা ওলাই আহে এক গৌৰৱময় চিম্ফনীৰ সুৰ।১

তথ্যসূত্ৰ

  1. ↑ Ḥosseini, Parviz (حسینی، پرویز). (2015). Samfūnī-i bāshukūh-i sher: nigāhī bih shir-i zanān-i fārs (Magnificent Symphony of Poetry) (Chāp-i avval ed.).. Shīrāz: Navid e Shiraz. পৃ. 53–66. ISBN 978-600-192-477-4
  2. ↑ Shah-Hosseini, Mehri (مهری شاه حسینی). (2001). Tabiat va Sher (Nature and Poem: Conversation with Poets).. Ketab-e-Mahnaz Publication. পৃ. 125–132. ISBN 964-5538-17-3
  3. ↑ Atashi, Manouchehr. (1973). Afarin Sha-er (Well Done, Poet). Tamasha. পৃ. 637
  4. ↑ Dastgheib, Abdolali. (2009). Through the Critics Eye - Collection of Articles -. Third Book. পৃ. 2415–2430

সম্পৰ্কিত শ্ৰেণী

কবিশিক্ষকইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনা দস্তঘেইব” প্ৰবন্ধৰ সংশোধন ৬১০৪৬৯ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।