মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।১
২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে নতুন দিল্লী সংসদীয় সমষ্টিত জয়লাভ কৰি তেওঁ ২০১৯ চনত পুনৰ নিৰ্বাচিত হয়।২২০১৬ চনৰ জুলাই মাহত তেওঁক সংসদত লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।৩ ২০১৯ চনৰ ২৬ জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লেখীক ৰাজহুৱা উদ্যোগৰ সংসদীয় সমিতিৰ৪ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে আৰু তেতিয়াৰ পৰাই তেওঁ সেই পদত অব্যাহত আছে।
শিক্ষা
মীনাক্ষী লেখীয়ে দিল্লীৰ হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৫পৰৱৰ্তী সময়ত লেখীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ কেম্পাছ ল চেণ্টাৰত যোগদান কৰে আৰু তাৰ পৰাই তেওঁ আইন ডিগ্ৰী (এল এল বি) লাভ কৰে।৬
আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ১৯৯০ চনত তেওঁ দিল্লী বাৰ কাউন্সিলত নামভৰ্তি কৰে৷ তাৰপিছত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়, দিল্লী উচ্চ ন্যায়ালয়, আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আন কেইবাখনো আদালত, ন্যায়াধিকৰণ আৰু মঞ্চত প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰে।
আইনী কেৰিয়াৰ
তেওঁ কেইবাখনো ন্যায়াধিকৰণ, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়কে ধৰি বিভিন্ন আদালতত অনুশীলন কৰি আহিছে। সমগ্ৰ ভাৰতৰ বিভিন্ন মঞ্চত অনুশীলন কৰি আদালতত মহিলা সম্পৰ্কীয় বিভিন্ন বিষয় যেনে-ঘৰুৱা হিংসা, পৰিয়াল আইন বিবাদ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত সশস্ত্ৰ বাহিনীত মহিলা বিষয়াসকলৰ স্থায়ী কমিচনৰ বিষয়টোও চম্ভালিছে। তেওঁ এগৰাকী সমাজ কৰ্মী আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগ, সাক্ষী, এনআইপিচিডি আৰু অন্যান্য কেইবাটাও সংস্থাৰ সৈতে তেওঁ জড়িত হৈ আছে৷ ৭
ৰাজনৈতিক জীৱন
ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি লেখীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেখেতে দ্ৰুতগতিৰে পদবীত উন্নীত হৈছিল আৰু ২০১০ চনত তেতিয়াৰ দলৰ সভাপতি নীতিন গাডকাৰীয়ে বিজেপিৰ মহিলা শাখা মৰ্চাৰ অন্যতম উপ-সভানেত্ৰী হিচাপে লেখীক নিযুক্তি দিয়ে।৮ পিছলৈ লেখীক ২০১৩ চনত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হয়।৯ লেখীক দলৰ ভিতৰত গুজৰাটৰ তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰবল সমৰ্থক হিচাপে গণ্য কৰা হৈছিল।১০ তেওঁ কমনৱেলথ মহিলা সংসদ সদস্যৰ (ভাৰত অধ্যায়) পদমৰ্যাদাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষই ভাৰতীয় প্ৰেছ কাউন্সিলৰ সদস্য হিচাপে মনোনীত কৰিছে।১১ ২০১৬ চনৰ জুলাই মাহত লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছে৷ তেখেত বৰ্তমান নগৰ উন্নয়নৰ স্থায়ী সমিতি, কৰ্মচাৰী, আইন আৰু ন্যায় সমিতি, বাণিজ্যৰ পৰামৰ্শদাতা সমিতি আৰু গৃহ নিৰ্মাণ সমিতিৰ সক্ৰিয় সদস্য।.১২
তথ্যসূত্ৰ
- ↑ /Loksabha/Members/MemberBioprofile.aspx?mpsno=4717
- ↑ Election Commission of India
- ↑ (22 July 2016). BJP leader Meenakshi Lekhi appointed chairperson of Lok Sabha privileges committee. The Indian Express
- ↑ (26 July 2019). दो कमेटियों का गठनः कांग्रेसी चौधरी एक के तो दूसरे की लेखी अध्यक्ष. Jansatta
- ↑ The argumentative Indians - Times of India. The Times of India
- ↑ (8 July 2021). Campus Law Centre DU. DU
- ↑ Meenakshi Lekhi Biography. Elections.in
- ↑ Vij-Aurora, Bhavna. (13 August 2010). The Ladies Man. India Today
- ↑ Patel, Aakar. (24 April 2014). The BJP's ace debate team. mint
- ↑ Phadnis, Aditi. (13 September 2013). Modi's friends in Delhi. Business Standard India
- ↑ "Rudy, Lekhi, Hari Nominated to Press Council" in Outlook, 3 September 2014
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনাক্ষী লেখী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।