মিনা খোছৰোভানী (ফাৰ্চী ভাষা: مینا خسروانی; জন্ম ২৩ মে', ১৯৮৯) পেছাদাৰীভাৱে মিনা কাভানী নামেৰে পৰিচিত, হৈছে এগৰাকী ইৰানী-ফৰাচী অভিনেত্ৰী। তেওঁ মূলতঃ নো বেয়াৰ্ছ (২০২২) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিখন ছবিয়ে ৭৯সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্পেচিয়েল জুৰী প্ৰাইজ লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
মিনা কাভানীৰ জন্ম তেহৰাণত হৈছিল। এটা কলাত্মক পৰ পৰিয়ালত ডাঙৰ-দীঘল হোৱা মিনা হৈছে প্ৰখ্যাত চলচ্চিত্ৰ আৰু নাট্য পৰিচালক আলী ৰাফীৰ ভাগিনীয়েক। তেওঁ পেৰিছৰ ‘কনচাৰভেটৰী নেচনেল ছুপেৰিয়ৰ ডি আৰ্ট ড্ৰামেটিক’ (CNSAD)ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।১২
সৰুৰেপৰাই অভিনয়ৰ প্ৰতি আকৰ্ষিত মিনাই বাৰ বছৰ বয়সৰপৰাই তেওঁৰ মোমায়েকৰ নাটকৰ ৰিহাৰ্চেলত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ষোল্ল বছৰ বয়সত তেওঁ তেওঁৰ মোমায়েকৰ নিৰ্দেশনাত তেহৰাণৰ চিটি থিয়েটাৰৰ মঞ্চত ইট ডাজ নট স্ন’ ইন ইজিপ্ত নামৰ নাটকখনৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটায়। ইয়াৰ পিছতে তেওঁ ইৰানত এগৰাকী মঞ্চ অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁ ওথেলো, এণ্টিগনে, লা মিউজিকা আৰু জেটাইছ ডানছ মা মৈছন এট জেটেণ্ডাইছ কুৱে লা প্লেই ভিইন-ৰ দৰে নাটকত অভিনয় কৰে।৩৪
কাভানীয়ে ইৰানৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ আৰু নাট্য পৰিচালকৰ সৈতে কাম কৰিছে। তেইছ বছৰ বয়সত তেওঁ পুনৰ পেৰিছলৈ যায় আৰু দানিয়েল মেছগুইচ সঞ্চালক হৈ থকাৰ সময়তে জঁ ডেমিয়ান বাৰ্বিনৰ ক্লাছৰ অংশ হিচাপে কনচাৰভেটৰী নেচনেল ছুপেৰিয়ৰত নামভৰ্তি কৰে।৫
২০১২ চনত বেন এফ্লেকৰ নিৰ্দেশনাত নিৰ্মিত অস্কাৰ বিজয়ী ছবি আৰ্গো-ত তেওঁ ছাহাৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান কৰিছিল।
২০১৩ চনত কাভানীয়ে চেপিদেহ ফাৰ্চীৰ ছবি ৰেড ৰ’জ-ত মুখ্য চৰিত্ৰ ছাৰাৰ ভূমিকাত অভিনয় কৰে।৫ ছবিখন টৰণ্টো চলচ্চিত্ৰ মহোৎসৱ, মাৰাডেক মহোৎসৱ আৰু চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হৈছিল। ছবিখনত কিছু উলংগতা থকাৰ বাবে কাভানী ইৰানী সংবাদ মাধ্যমৰ ভাবুকিৰ বলি হ’বলগীয়া হয়, যাৰ ফলত তেওঁ নিৰ্বাসিত জীৱন কটাবলগীয়া হয়। ছবিখনত কৰা সুন্দৰ অভিনয়ক প্ৰশংসা কৰি ইছাবেল হুপাৰ্ট আৰু বাৰ্ট্ৰাণ্ড বনেলোৱে জনোৱা সমৰ্থনৰ সহায়ত তেওঁ ৰাজনৈতিক শৰণাৰ্থীৰ মৰ্যাদা লাভ কৰে।৬৭
২০১৪ চনত কাভানীয়ে ৰোলেণ্ড টিমচিটৰ নিৰ্দেশনাত ইৰানৰ সমসাময়িক কবি ফৰুগ ফাৰোখজাদৰ কবিতা আবৃত্তি কৰি ‘অডিঅ’ন-থিয়েটাৰ ডি ইউৰোপ’ৰ মঞ্চত অভিনয় কৰিছিল। ২০১৫ চনত তেওঁ প্ৰখ্যাত ফৰাচী অভিনেতা জঁ-ডেমিয়ান বাৰ্বিনৰ সৈতে ‘অডিটৰিয়াম অৰ্কেষ্ট্ৰা নেচনেল ডি লিঁও’ত উপস্থিত হৈ হেপ্পী ডেইজ শ্বেইকছপীয়েৰ পৰিৱেশন কৰে।৮৯
একে বছৰতে তেওঁ কান চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ অন্যতম সদস্য হিচাপে নিৰ্বাচিত হয়। পেট্ৰিক ডি চেলোৰিছ এই জুৰীৰ সভাপতি আছিল।১
২০১৫ আৰু ২০১৬ চনত এভিগনন মহোৎসৱৰ সময়ত বৰবৰা হাটৰ মালিনা নামৰ নাটকত তেওঁ অষ্ট্ৰিয়াৰ প্ৰখ্যাত সমসাময়িক কবি ইনজেবৰ্গ বাখমেনৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৬ চনত মৰক্কোৰ চলচ্চিত্ৰ নিৰ্মাতা কামেলিয়া মণ্টাছেৰেৰ চুটি ছবি চৌছ ট্ৰান্স-ত তেওঁ লিলিৰ চৰিত্ৰত অভিনয় কৰে।১০১১
২০১৭-১৮ চনত কাভানীয়ে ২০০৬ চনৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী তুৰ্কীৰ লেখক অৰহান পামুকৰ উপন্যাসৰ নাট্য ৰূপান্তৰ স্ন’-ত ইপেক চৰিত্ৰত অভিনয় কৰিছিল। ষ্ট্ৰাছবাৰ্গৰ নেচনেল থিয়েটাৰৰ ব্ল্যাণ্ডিন সাভেটিয়েৰৰ নিৰ্দেশনাত নিৰ্মিত এই নাটকখন সমগ্ৰ ফ্ৰান্স আৰু চীনত প্ৰদৰ্শিত হৈছিল।৫১২
২০২২ চনত তেওঁ জাফৰ পানাহীৰ নো বায়াৰ্চত অভিনয় কৰে, যিয়ে ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰিছিল। পৰৱৰ্তী সময়ত ২০২৪ চনত তেওঁ সহ অভিনেতা গোলশিফতেহ ফাৰাহানী আৰু জাৰ আমিৰ ইব্ৰাহিমীৰ সৈতে ৰিডিং ললিতা ইন তেহৰাণত অভিনয় কৰে।
ব্যক্তিগত জীৱন
কাভানীয়ে ২০১০ চনত ফ্ৰান্সলৈ স্থানান্তৰিত হয় আৰু ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে।১৩
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বছৰ | নাম | চৰিত্ৰ | পৰিচালক | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১০ | মিষ্টাৰ ইউছেফ | ছাৰা | আলী ৰাফী | ৫ | |
| ২০১২ | আৰ্গো | ছাহাৰ (কণ্ঠ) | বেন এফ্লেক | ৫ | |
| ২০১৪ | ৰেড ৰ’জ | ছাৰা | চেপিদেহ ফাৰ্চী | ৫ | |
| ২০১৬ | মাই ডেড টকছ বুলশ্বিট | শাহৰিয়াৰ শ্বান্দিজ | চুটি ছবি | ||
| ২০১৮ | চৌছ ট্ৰান্স | লিলি | কামেলিয়া মণ্টাছেৰে | চুটি ছবি | |
| ২০২০ | ডিচেণ্ট পিপল | লা-ছেজ মহিলা | মেক্সিম ৰয় | চুটি ছবি | |
| ২০২১ | আণ্ডাৰকভাৰ | এণ্টোৰাজ কৰিম ফাছি | থিয়েৰী ডি পেৰেটি | ||
| হাইড্ৰেঞ্জাছ ইন ৱিণ্টৰ | পাৰভিনেহ | হেলেন ৰাষ্টেগাৰ | চুটি ছবি | ||
| ২০২২ | দ্য গাৰ্ল এণ্ড দ্য বয় | মালিনা | জঁ-মেৰী বেছেট | ||
| নো বায়াৰ্চ | ঝাৰা | জাফৰ পানাহী | ১৪ | ||
| ২০২৩ | দ্য ছাইৰেন | (কণ্ঠ) | চেপিদেহ ফাৰ্চী | এনিমেটেড ছবি | ১৫ |
| ২০২৪ | ৰিডিং ললিতা ইন তেহৰাণ | নাছৰিন | ইৰান ৰিকলিছ | ১৬ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Mina Khosravani in French Movie Red Rose. rouzegareno.ir
- ↑ استایل خاص "مینا کاوانی" روی فرش قرمز ونیز - آفتاب. 35981988.khabarban.com
- ↑ fa:پوشش متفاوت «مینا کاوانی» روی فرش قرمز جشنواره ونیز/ عکس. اقتصادنیوز
- ↑ Didaremrooz. আৰ্কাইভ কপি
- ↑ Mina KAVANI. agencesartistiques.com
- ↑ Kotzathanasis, Panos. (November 6, 2022). Interview With Mina Kavani: Whatever the Limitations Are, Iranian Directors Always Find Ways to Make Their Movies. Asian Movie Pulse
- ↑ Zilko, Christian. (2022-10-10). Jafar Panahi Shares Statement at NYFF: 'The Hope of Creating Again Is a Reason for Existence'. IndieWire
- ↑ Kotzathanasis, Panos. (2022-11-06). Interview With Mina Kavani: Whatever the Limitations Are, Iranian Directors Always Find Ways to Make Their Movies. Asian Movie Pulse
- ↑ Trabattoni, Alina. (2022-09-12). Venice 2022 draws to an emotional close, underlines solidarity with detained Iranian filmmakers. Screen
- ↑ (2022-09-11). مینا کاوانی: اینقدر نقش آدمهای بدبخت به ما ندهید؛زنان ایرانی مدرن و قوی هستند. sarpoosh
- ↑ مینا کاوانی: اینقدر نقش آدمهای بدبخت و خاک بر سر را به ما زنان ندهید /زنان ایرانی مدرن و قوی هستند!. رکنا
- ↑ مینا کاوانی: این قدر نقش آدم های بدبخت و خاک بر سر را به ما زنان ندهید - زنان ایرانی مدرن و قوی هستند!. برخط نیوز
- ↑ Balmer, Crispian. (September 9, 2022). Empty chair for jailed Iranian Director at Venice film fest. Reuters
- ↑ Goodfellow, Melanie. (11 May 2022). Celluloid Dreams to launch Jafar Panahi's new film 'No Bears' at Cannes (exclusive). Screen Daily
- ↑ La Sirène · The Siren - Panorama 2023. www.berlinale.de
- ↑ Ritman, Alex. (2023-05-05). Cannes: Golshifteh Farahani, Zar Amir-Ebrahimi to Lead Eran Riklis' Adaptation of Iranian Novel 'Reading Lolita in Tehran'. The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনা কাভানী” প্ৰবন্ধৰ সংশোধন ৬১২২৭৮ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।