মিছাগ মদিনা বাহাদোৰান (ফাৰ্চী ভাষা: میثاق بهادران; জন্ম ১০ জানুৱাৰী, ১৯৮৭) হৈছে এজন ফিলিপিনো পেছাদাৰী ফুটবলাৰ যিয়ে শেহতীয়াকৈ ফিলিপাইন ফুটবল লীগৰ ৱান তাগুইগ আৰু পূৰ্বতে ফিলিপাইন ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ উইংগাৰ বা ফৰৱাৰ্ড হিচাপে খেলিছিল। তেওঁ ফিলিপাইন ৰাষ্ট্ৰীয় ফুটছল দলৰ হৈও খেলিছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বাহাদোৰানৰ পিতৃ মোস্তাফা এজন ইৰানী আৰু মাতৃ এগৰাকী ফিলিপিনো। তেওঁ সাতজন সন্তানৰ ভিতৰত তৃতীয়। তেওঁ ইৰানৰ তেহৰাণত ডাঙৰ-দীঘল হৈছিল। ৭ বছৰ বয়সতে বাহাদোৰানে ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল আৰু এজন পেছাদাৰী ফুটবলাৰ হোৱাৰ সপোন দেখিছিল। অৱশ্যে তেওঁৰ জ্যেষ্ঠ ভাতৃ (যি এজন পেছাদাৰী ফুটবলাৰ আছিল) আঘাতপ্ৰাপ্ত হৈ ফুটবল জীৱন সমাপ্ত হোৱাৰ পিছত পিতৃয়ে তেওঁক ফুটবল খেলিবলৈ নিৰুৎসায়ী কৰিছিল। তথাপি বাহাদোৰানে গোপনে ফুটবল খেলি গৈছিল।
উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰিবলৈ ২০০৪ চনত পিতৃয়ে বাহাদোৰানক ফিলিপাইনলৈ পঠিয়াইছিল। ফিলিপাইনত ফুটবলৰ প্ৰতি সজাগতাৰ অভাৱৰ বাবে তেওঁ খেলখনৰ সৈতে জড়িত হোৱাৰ সুযোগ কমকৈ পাইছিল। বাহাদোৰানে যেতিয়া মণিলাইস্থিত চেণ্ট্ৰো এস্কোলাৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল, তেতিয়া তেওঁ আৰু তেওঁৰ এজন বিদেশী সহপাঠীয়ে এখন বাস্কেটবল ক’ৰ্টক ফুটছল ক’ৰ্টলৈ ৰূপান্তৰ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত সফল আবেদন জনাইছিল।
শিক্ষা বৰ্ষৰ শেষত বাহাদোৰানে মণিলাইস্থিত চেণ্ট্ৰো এস্কোলাৰ বিশ্ববিদ্যালয়ৰপৰা দন্ত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। তেওঁ বৰ্তমান নিজাকৈ চেম্বাৰ থকা এগৰাকী যোগ্য দন্ত চিকিৎসক।
ক্লাব কেৰিয়াৰ
পাছাৰগাড
বাহাদোৰানে ২০০৯ চনৰ ছিজনত প্ৰথমবাৰৰ বাবে পাছাৰগাড ক্লাবৰ খেলুৱৈ হিচাপে ইউনাইটেড ফুটবল লীগত অংশগ্ৰহণ কৰিছিল।
কায়া
২০১০ চনত তেওঁ পৰৱৰ্তী সময়ত কায়া ক্লাবলৈ স্থানান্তৰিত হয়।
গ্ল’বেল চিবু
২০১১ চনত তেওঁক টকিঅ’ ভেৰ্ডি ক্লাবৰ ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। জাপানী ক্লাবটোৰ ট্ৰায়েলত বিফল হোৱাৰ পিছত তেওঁ ইউনাইটেড ফুটবল লীগৰ (UFL) ক্লাব গ্ল’বেলত যোগদান কৰে। বাহাদোৰানে গ্ল’বেলক তিনিবাৰ ইউএফএল লীগ খিতাপ, এবাৰ ইউএফএল কাপ খিতাপ আৰু এবাৰ ইউএফএল এফএ কাপ খিতাপ জয় কৰাত সহায় কৰিছিল।২
পিছলৈ যেতিয়া ক্লাবটোৱে নিজৰ নাম সলনি কৰি গ্ল’বেল চিবু কৰে আৰু ফিলিপাইন ফুটবল লীগলৈ (PFL) উন্নীত হয়, তেতিয়াও তেওঁ এই ক্লাবটোৰ লগতেই আছিল।
পেৰাক এফএ
বাহাদোৰানে কেলাণ্টান এফএ-লৈ স্থানান্তৰ হোৱাৰ কথা আছিল যদিও পিছলৈ ২০১৭ চনৰ ২৮ ডিচেম্বৰত তেওঁ পেৰাক টিবিজি এফচিৰ সৈতে চুক্তিবদ্ধ হোৱাৰ সিদ্ধান্ত লয়।৩ অৱশ্যে পেৰাকৰ মুখ্য প্ৰশিক্ষক মেহমেত দুৰাকোভিচৰ অধীনত কম সময় থকাৰ পিছত ২০১৮ চনৰ মে’ মাহত এই মালয়েছিয়া ছুপাৰ লীগ ক্লাবটোৰ সৈতে বাহাদোৰানৰ চুক্তি বাতিল কৰা হয়।৪
গ্ল’বেললৈ চুটি প্ৰত্যাৱৰ্তন আৰু মহালিকাত যোগদান
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বাহাদোৰানে ২০২০ ছিজনৰ পূৰ্বে গ্ল’বেল মাকাটি ক্লাব লৈ প্ৰত্যাৱৰ্তন কৰে।৫ তেওঁ পূৰ্বে খেলা এই ক্লাবটোক সহায় কৰিবলৈ তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ কম টকাৰ চুক্তি কৰে। কিন্তু তেওঁ আৰু আন খেলুৱৈসকলে অদত্ত দৰমহা আৰু ক্লাব পৰিচালনাৰ অনিশ্চয়তাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।৬
২০২০ চনৰ আগষ্ট মাহত বাহাদোৰানে মহালিকা ক্লাবৰ হৈ খেলাৰ সম্ভাৱনা ব্যক্ত কৰে, যিটো ক্লাবে ২০২০ ছিজনত পিএফএলত প্ৰৱেশ কৰাৰ লক্ষ্য ৰাখিছিল (যিটো ক’ভিড-১৯ মহামাৰীৰ বাবে পলম হৈছিল)।৭ সেই মাহৰ শেষৰফালে বাহাদোৰানে আনুষ্ঠানিকভাৱে এই ক্লাবটোলৈ স্থানান্তৰিত হয় আৰু ১ ছেপ্টেম্বৰত পিএফএলত খেলাৰ বাবে সাময়িক অনুজ্ঞাপত্ৰ লাভ কৰে।৮
ৱান তাগুইগ
২০২৪ চনত বাহাদোৰানে ফিলিপাইন ফুটবল লীগৰ ৱান তাগুইগ ক্লাবত যোগদান কৰে।৯
আন্তঃৰাষ্ট্ৰীয় কৰ্মজীৱন
২০০৭ চনত বাহাদোৰানে পোনপ্ৰথমবাৰৰ বাবে ফিলিপাইন দললৈ আমন্ত্ৰণ লাভ কৰিছিল, কিন্তু পঢ়া-শুনাৰ ক্ষতি হ’ব বুলি পিতৃয়ে তেওঁক ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ অনুমতি দিয়া নাছিল। ২০১১ চনত বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত পিতৃয়ে তেওঁক ফুটবল খেলাৰ অনুমতি দিয়ে আৰু তেওঁ পুনৰ ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হয়।১ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ২০১৪ চনৰ ফিফা বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰথম পৰ্যায়ৰ খেলৰ বাবে তেওঁক চূড়ান্ত দলত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে এই দুই লেগৰ মেচখনত তেওঁ অভিষেক ঘটাবলৈ সুযোগ নাপালে। যেতিয়া ফিলিপাইনে কুৱেইটৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যোগ্যতা অৰ্জনকাৰী মেচত প্ৰৱেশ কৰে, তেতিয়া তেওঁ প্ৰথম লেগত অভিষেক ঘটায়। এই মেচখনত ফিলিপাইন ৩–০ ব্যৱধানত পৰাস্ত হোৱাৰ সময়ত দ্বিতীয় অৰ্ধৰ অতিৰিক্ত সময়ৰ দ্বিতীয় মিনিটত তেওঁ এঞ্জেল গুইৰাডোৰ স্থানত বিকল্প খেলুৱৈ হিচাপে পথাৰত নামিছিল।১০ দ্বিতীয় লেগৰ মেচখনত তেওঁ ৮০সংখ্যক মিনিটত গুইৰাডোৰ স্থানত বিকল্প খেলুৱৈ হিচাপে নামিছিল যদিও ফিলিপাইনক জয়ী কৰাত সফল নহ’ল আৰু দলটো ২–১ ব্যৱধানত পৰাস্ত হয়।১১
২০১৫ চনৰ ১১ জুনত অনুষ্ঠিত হোৱা ২০১৮ চনৰ ফিফা বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী দ্বিতীয় পৰ্যায়ৰ মেচত বাহৰাইনৰ বিৰুদ্ধে ২–১ ব্যৱধানত জয়লাভ কৰা খেলখনত তেওঁ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ’ল দিয়ে। ইয়াৰ পাঁচ দিন পাছত য়েমেনৰ বিৰুদ্ধে ২–০ ব্যৱধানত জয়লাভ কৰা খেলখনতো তেওঁ ফিলিপাইনৰ হৈ প্ৰথমটো গ’ল দিছিল।
ফুটছল
বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ছোৱাত পঢ়া-শুনা ভালদৰে চম্ভালিব পৰাকৈ বাহাদোৰানে ফুটবলৰ পৰিৱৰ্তে ফুটছল খেলৰ সৈতেহে বেছি পৰিমাণে জড়িত হৈ পৰিছিল। ২০০৬ চনত বাহাদোৰানে ফিলিপাইন ৰাষ্ট্ৰীয় ফুটছল দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে।
৭-এ-ছাইড ফুটবল
২০১৯ চনৰ আৰম্ভণিতে বাহাদোৰানে মণিলাইস্থিত লাৰো এফচি ক্লাবত যোগদান কৰে। এই ক্লাবটোৱে ‘৭-এ-ছাইড ফুটবল লীগ’ত খেলিছিল, যিখন লীগত এণ্টন ডেল ৰোছাৰিঅ’, ডানিয়েল মাৎছুনাগা, আলেকজেণ্ডাৰ ব’ৰ’মিঅ’ আৰু ছাইমন গ্ৰেটউইচৰ দৰে খেলুৱৈসকলে অংশ লোৱাৰ বাবে পৰিচিত।১২১৩ ২০২৪ চনত বাহাদোৰানে ‘এছিয়া ৭এচ চেম্পিয়নশ্বিপ’ত ফিলিপাইন ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।১৪
ফুটবলৰ বাহিৰেও
ব্যক্তিগত জীৱন
২০১৫ চনৰ ডিচেম্বৰ মাহৰপৰা বাহাদোৰানে ফিলিপিনো অভিনেত্ৰী তথা মডেল ছেম পিণ্টোৰ সৈতে ডেটিং কৰি আছিল। ২০১৮ চনত এই দম্পতীহালৰ বিচ্ছেদ ঘটে।১৫১৬১৭
২০১৬ চন doৰ নৱেম্বৰ মাহলৈকে বাহাদোৰানে ফুটবল কেৰিয়াৰত মনোযোগ দিয়াৰ বাবে দন্ত চিকিৎসাৰ অনুশীলন কৰা নাছিল, যদিও তেওঁ ডিচেম্বৰত নিজৰ ডেণ্টেল ক্লিনিক আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। একে মাহৰ তথ্য অনুসৰি তেওঁ ‘মেলমেক পেৰী পেৰী এক্সপ্ৰেছ’ নামৰ এটা খাদ্য প্ৰতিষ্ঠানো চলাই আছিল।
ইয়াৰ উপৰি বাহাদোৰান মকাটিত থকা ‘গ্ল’বেল ইলিট ডেণ্টেল ক্লিনিক’ৰ গৰাকী।১৮
২০২৪ চনত বাহাদোৰান আৰু তেওঁৰ ব্যাৱসায়িক অংশীদাৰসকলে বাকোৰত এখন ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।১৯২০
পৃষ্ঠপোষকতা
বাহাদোৰানক আমেৰিকাৰ ক্ৰীড়া সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান নাইকীয়ে স্পনচৰ কৰে।২১
তথ্যসূত্ৰ
- ↑ Reyes, Shiela. (2011-06-23). Azkals up close: Misagh Bahadoran. ABS-CBN News. Alto Broadcasting System-Chronicle Broadcasting Network
- ↑ (11 January 2018). Azkals star Misagh Bahadoran parts ways with Global Cebu FC. ABS-CBN News
- ↑ Diaz, Ray Charlie. (2 January 2018). Former global Cebu captain changes mind. Cebu Daily News. Philippine Daily News
- ↑ Anil, Nicolas. (27 May 2018). Azkals Misagh Bahadoran axed by Perak after Mehmet loses patience. Fox Sports Asia
- ↑ (February 16, 2020). PFL: Global Makati spends big, signs Bahadoran, 6 others. Panay News
- ↑ Li, Matthew. (11 August 2020). Misagh Bahadoran breaks silence on Global fiasco: 'Most embarrassing thing I experienced'. Tiebreaker Times
- ↑ Tupas, Cedelf. (13 August 2020). of past azkals players Bahadoran sets comeback, joins team with 'mentality of past Azkals players'. Philippine Daily Inquirer
- ↑ (September 1, 2020). Misagh Bahadoran to lead new PFL club Maharlika FC. Tiebreaker Times
- ↑ (April 6, 2024). One Taguig FC out to make quick impact as new PFL season kicks off
- ↑ Match report: Kuwait v Philippines. FIFA.com. Fédération Internationale de Football Association
- ↑ Match report: Philippines v Kuwait. FIFA.com. Fédération Internationale de Football Association
- ↑ (2019-02-04). Philam Life 7's Football League kicks off new season
- ↑ Manila's first 7-a-side league hopes to show Pinoys football is not hard to love. ABS-CBN News
- ↑ Azkals legacy continues with Asia 7s Championship stint. The Philippine STAR
- ↑ Medina, Andrei. (18 March 2016). Azkals star has won the heart of FHM's Sexiest Woman Sam Pinto. spin.ph
- ↑ Viloria, Barry. (23 March 2016). #Relationshipgoals: Azkals' Misagh Bahadoran and Sam Pinto. ABS-CBN Corporation
- ↑ 'The adventure begins with this one': Sam Pinto reveals new boyfriend. ABS-CBN News
- ↑ (2016-11-23). Misagh Bahadoran, Dokter Gigi Pembobol Gawang Indonesia
- ↑ (September 29, 2024). Villar, Palami partner to erect a state-of-the-art Villar City Stadium for football and other sports. BusinessWorld
- ↑ Villar City Stadium soon to host football, other sports matches. The Philippine STAR
- ↑ (2016-08-06). Misagh Bahadoran reps PH football in Nike event
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছাগ বাহাদোৰান” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।