অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিথান জামছেদ লম

মিথান জামছেদ লম (: Mithan Jamshed Lam ১৮৯৮–১৯৮১) এগৰাকী ভাৰতীয় উকীল, সমাজ কৰ্মী আৰু মুম্বাইৰ শ্বেৰিফ আছিল। তেওঁ প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা অধিবক্তা আছিল।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মিথান জামছেদ লম (: Mithan Jamshed Lam ১৮৯৮–১৯৮১) এগৰাকী ভাৰতীয় উকীল, সমাজ কৰ্মী আৰু মুম্বাইৰ শ্বেৰিফ আছিল।১ তেওঁ প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মহিলা অধিবক্তা আছিল।২ তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আছিল আৰু ১৯৬১–৬২ চনত ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৪

জীৱনী

১৮৯৮ চনৰ ২ মাৰ্চত ৫ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত পাৰ্চী জৰদস্তি পৰিয়ালত৬ বস্ত্ৰ কলৰ কৰ্মচাৰী আৰ্দেশ্বিৰ টাটা আৰু মহিলা অধিকাৰ কৰ্মী হেৰাবাই টাটাৰ ঘৰত মিথান জামছেদ লামে জন্মগ্ৰহণ কৰিছিল।৭ তেওঁৰ শৈশৱ আৰু প্ৰাথমিক শিক্ষা পুনে জিলাৰ ফুলগাঁৱত আছিল, য'ত তেওঁৰ পিতৃয়ে স্থানীয় বস্ত্ৰ কল এটাত কাম কৰিছিল, কিন্তু পিছলৈ, দেউতাকে চাকৰি সেই ঠাইলৈ স্থানান্তৰিত কৰাৰ লগে লগে তেওঁ আহমেদাবাদলৈ গুচি যায়।২ কিছু দিনৰ পিছত তাই মুম্বাইলৈ আহি ফ্ৰেৰে ফ্লেচাৰ স্কুল (বৰ্তমানৰ জে.বি. পেটিট হাইস্কুল ফৰ গাৰ্লছ)ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ মুম্বাইৰ এলফিনষ্টন কলেজৰ পৰা অৰ্থনীতিত সন্মানসহ ডিগ্ৰী লাভ কৰি, কবডেন ক্লাব পদক লাভ কৰিছিল। এই সময়ছোৱাতে তেওঁ মাকৰ সৈতে লণ্ডনলৈ গৈছিল, প্ৰথম বেৰন চাউথব'ৰ' ফ্ৰান্সিছ হপউডৰ নেতৃত্বত চাউথব'ৰ' ফ্ৰেঞ্চাইজি কমিটিৰ আগত হাজিৰ হোৱাৰ বাবে।৭ এই ভ্ৰমণৰ সময়ত তেওঁ হাউছ অৱ কমনছৰ সদস্যসকলৰ সৈতে ভাৰতত মহিলা ভোটাধিকাৰৰ বিষয়টোও আলোচনা কৰাৰ সুযোগ লাভ কৰে।

ইংলেণ্ডত থকাৰ সিদ্ধান্ত লৈ তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সত যোগদান কৰি স্নাতকোত্তৰ ডিগ্ৰী সফলতাৰে সম্পূৰ্ণ কৰে, একে সময়তে ১৯১৯ চনত লিংকন ইনৰ বেৰিষ্টাৰ-এট-ল' হিচাপে যোগ্যতা অৰ্জন কৰা,৮ প্ৰথম মহিলা বেৰিষ্টাৰৰ ভিতৰত অন্যতম আৰু প্ৰথম ভাৰতীয় মহিলা বেৰিষ্টাৰ হয়।৯ ইংলেণ্ডত থকাৰ বাবেই ভাৰতত মহিলাৰ ভোটাধিকাৰৰ পোষকতা কৰিবলৈও দেশখনত থকা সৰোজিনী নাইডু আৰু এনী বেছাণ্টৰ দৰে উল্লেখযোগ্য ভাৰতীয় মহিলা নেত্ৰীসকলৰ সৈতেও জড়িত হোৱাৰ সুযোগ পাইছিল। এই নেতাসকলৰ সৈতে তেওঁ স্কটলেণ্ড ভ্ৰমণ কৰিছিল আৰু হাউছ অৱ কমনছতো ভাষণ দিছিল। এই প্ৰচেষ্টাই ভাৰতীয় মহিলাসকলক ভোটাধিকাৰ লাভ কৰাত সহায় কৰা বুলি কোৱা হৈছিল।২

১৯২৩ চনত ভাৰতলৈ উভতি অহাৰ পিছত৭ লমে মুম্বাই উচ্চ ন্যায়ালয়ত প্ৰথম মহিলা অধিবক্তা হিচাপে যোগদান কৰি ইতিহাস ৰচনা কৰে আৰু ভূলভাই দেশাইৰ সহযোগী হিচাপে প্ৰেকটিছ আৰম্ভ কৰে। তেওঁ এগৰাকী আগশাৰীৰ অধিবক্তা আৰু স্বাধীনতা কৰ্মী আছিল।১০ তিনি বছৰীয়া অনুশীলনৰ পিছত তেওঁক শান্তিৰ ন্যায়াধীশ আৰু কাৰ্যবাহী দণ্ডাধীশ হিচাপে নিযুক্তি দিয়াৰ লগতে ১৮৬৫ চনৰ পাৰ্চী বিবাহ আইন সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়, যিয়ে তেওঁক ১৯৩৬ চনৰ পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইন নামেৰে জনাজাত আইনখনৰ সংশোধনত অৰিহণা যোগোৱাত সহায় কৰে।১১ ১৯৪৭ চনত তেওঁক মুম্বাইৰ শ্বেৰিফ হিচাপে নিযুক্তি দিয়া হয়, এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।১১ তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC)১২ ৰ কাৰ্য্যকলাপৰ সৈতেও জড়িত আছিল আৰু ১৯৬১–৬২ চনলৈকে ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ তেখেতে পাঁচ বছৰ ধৰি এ আই ডব্লিউ চিৰ চৰকাৰী আলোচনী শ্ৰী ধৰ্মৰ সম্পাদিকা আছিল[7] আৰু ৰাষ্ট্ৰসংঘৰ পৰিক্ৰমা সংস্থাটোৰ নিযুক্ত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ ১৯২৫ চনত এ আই ডব্লিউ চিৰ দুবছৰ আগতে প্ৰতিষ্ঠা হোৱা নেচনেল কাউন্সিল অৱ ইণ্ডিয়ান উইমেনৰ সৈতেও তেওঁ সক্ৰিয় আছিল আৰু ইয়াৰ বিধানসভা, শ্ৰমিক আৰু সংবাদ সমিতিৰ সদস্য আছিল।১৩

লামে মুম্বাই আইন মহাবিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কাম কৰিছিল২ আৰু হিন্দু সংহিতা বিলৰ খচৰা প্ৰস্তুত কৰাত তেওঁৰ অৱদানৰ কথাও উল্লেখ কৰা হৈছিল।৬১০ তেওঁ ভাৰতীয় মহিলা উকীল ফেডাৰেচনৰ প্ৰতিষ্ঠাপক-সভানেত্ৰী, আন্তঃৰাষ্ট্ৰীয় মহিলা উকীল ফেডাৰেচনৰ (আই এফ ডব্লিউ এল) উপ-সভানেত্ৰী আৰু আই এফ ডব্লিউ এলৰ ত্ৰয়োদশ অধিৱেশনৰ অধ্যক্ষ আছিল, ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘত ফেডাৰেচনৰ প্ৰতিনিধি হিচাপেও কাম কৰিছিল।২ বম্বেৰ মহিলা স্নাতক সংঘৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আইনী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা পৰিষদ (MSWC)ত যোগদান কৰে আৰু কিছু সময়ৰ বাবে শ্ৰম উপ-সমিতিৰ অধ্যক্ষতা কৰে, এই সময়ছোৱাত তেওঁ মাটুংগা শ্ৰমিক শিবিৰৰ বস্তিবাসীসকলৰ বাবে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, নাৰ্চাৰী বিদ্যালয় আৰু বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লগতে তেওঁলোকক পানী আৰু বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে।২ সংগঠনটোৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত ভাৰত বিভাজনৰ পিছত প্ৰতিষ্ঠা হোৱা সংস্থা পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলৰ সাহায্য আৰু পুনৰ্বাসন মহিলা সমিতিৰ অধ্যক্ষ হিচাপেও তেওঁক অন্তৰ্ভুক্ত কৰা হয়। আমেৰিকাত অনুষ্ঠিত হোৱা কমিটী অৱ কৰ্ৰেচপণ্ডেন্সৰ এছিয়ান কৰ্মশালাকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল। ভাৰত চৰকাৰে ১৯৬২ চনত পদ্মভূষণৰ অসামৰিক সন্মান প্ৰদান কৰে।৪

ব্যক্তিগত জীৱন

মিথান লমৰ বিবাহ হৈছিল জামছেদ সোৰব লম নামৰ এজন উকীল আৰু নটাৰী পাব্লিকৰ সৈতে আৰু এই দম্পতীহালৰ দুটা সন্তান আছিল।[2] কন্যাগৰাকীৰ সৰুতেই মৃত্যু হয় আৰু পুত্ৰ সোৰব জামছেদ সোৰবছা লাম, যি ছলি নামেৰে জনপ্ৰিয়, এজন অস্থিৰোগ বিশেষজ্ঞ(আঁঠুৰ মূৰৰ অস্ত্ৰোপচাৰৰ বাবে), ইংলেণ্ডৰ ৰয়েল কলেজ অৱ চাৰ্জনৰ ফেলো আৰু হাণ্টাৰিয়ান ছ'চাইটিৰ বঁটা বিজয়ী আছিল, ২০১০ চনত তেওঁৰ মৃত্যু হয়।৯ জীৱনৰ শেষৰ ফালে লমে অন্ধ হৈ পৰিছিল আৰু ১৯৮১ চনত ৮৩ বছৰ বয়সত তেওঁৰ স্বামীৰ মৃত্যুৰ ডেৰ-দুবছৰ আগত লমে মৃত্যুবৰণ কৰে। তেওঁৰ জীৱন কাহিনী কে.আৰ.কামা অৰিয়েণ্টেল ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত তেওঁৰ আত্মজীৱনী অটম লিভছত নথিভুক্ত কৰা হৈছে।১৪ তেওঁৰ জীৱনীখন বিশ্বকোষীয় কিতাপ এনচাইক্লোপিডিয়া অৱ উইমেন বায়'গ্ৰাফীতো সন্নিবিষ্ট কৰা হৈছে।১৫

তথ্যসূত্ৰ

  1. ↑ (2016). Former Sheriff of Bombay. University of Southern California Digital Library
  2. ↑ (2016). Biography of Mithan J Lam. Winentrance
  3. ↑ (2016). Past presidents. All India Women's Conference
  4. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ (2016). Lam, Mithan J., 1898–1981 – Library of Congress. Library of Congress
  6. ↑ (2016). Parsis in Law. Zoroastriansnet
  7. ↑ (2016). Mithan J Lam on The Open University. The Open University
  8. ↑ (2016). Mithan J.Lam (1898–1981) on India Study Channel. India Study Channel
  9. ↑ (2016). Sorab Jamshed Sorabsha Lam. Royal College of Surgeons of England
  10. ↑ (2016). Early Empowerment of Parsi Women. Homi Dhalla
  11. ↑ (2016). Product Information. The K R Cama Oriental Institute
  12. ↑ Zarin R. Sethna. (July 2013). Education among Parsi Women and its Consequences on the Community. Research Process
  13. ↑ (2000). POLICY RESEARCH REPORT ON GENDER AND DEVELOPMENT. World Bank
  14. ↑ Mithan J Lam. (2009). Autumn Leaves. K.R. Cama Oriental Institute. পৃ. 76. ISBN 9788190594325
  15. ↑ Nagendra Kr Singh. (2001). Encyclopaedia of Women Biography. APH Publishing. ISBN 9788176482622

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথান জামছেদ লম” প্ৰবন্ধৰ সংশোধন ৫৩৮৩২৬ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।