মিতালী মধুমিতা (Mitali Madhumita) ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া যিয়ে বীৰত্ব বঁটা(gallantry award) লাভ কৰিছে।১ ২০১০ চনৰ ২৬ ফেব্ৰুৱাৰীত আফগানিস্তানৰ কাবুলত সন্ত্ৰাসবাদীয়ে ভাৰতীয় দূতাবাসত আক্ৰমণ কৰাৰ সময়ত২ আৰু জম্মু-কাশ্মীৰ১ আৰু উত্তৰ-পূবত চলোৱা অভিযানৰ সময়ত দেখুওৱা দৃষ্টান্তমূলক সাহসৰ বাবে লেফটেনেণ্ট কৰ্ণেল মিতালি মধুমিতাই ২০১১ চনত২ সেনা পদক (Sena Medal) লাভ কৰিছিল।৩ লেফটেনেণ্ট কৰ্ণেল মধুমিতাই৪ আক্ৰমণৰ বলি হোৱা ভাৰতীয় দূতাবাসত সোমাই কেইবাজনো আহত সাধাৰণ নাগৰিক আৰু সেনা জোৱানক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে। ২০১০ চনত কাবুল দূতাবাসৰ আক্ৰমণত ৭ জন ভাৰতীয়কে ধৰি প্ৰায় ঊনৈশজন লোকৰ মৃত্যু হৈছিল।
সেনাবাহিনীৰ কেৰিয়াৰ আৰু সেনাবাহিনীত থাকিবলৈ আইনী যুঁজ
২০০০ চনত মধুমিতাই সেনাবাহিনীৰ চুটি সেৱা আয়োগত (Short Service Commission) যোগদান কৰে।৫ মধুমিতা সেনাবাহিনীৰ শিক্ষা বাহিনীৰ অংশ আছিল আৰু সেনাবাহিনীৰ ইংৰাজী ভাষা প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে আফগানিস্তানৰ কাবুলত সেৱা আগবঢ়াইছিল। জম্মু-কাশ্মীৰ আৰু ভাৰতীয় ৰাজ্যখনৰ উত্তৰ-পূবৰ দৰে স্পৰ্শকাতৰ অঞ্চলতো মধুমিতা নিয়োজিত আছিল।৬ মধুমিতাই SSCৰ বিষয়া হোৱাৰ বাবে সেনাক স্থায়ী আয়োগৰ বাবে অনুৰোধ কৰিছিল যদিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁৰ অনুৰোধ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। মধুমিতাই ২০১৪ চনৰ মাৰ্চ মাহত সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ সন্মুখত তেওঁক স্থায়ী আয়োগ নিদিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনায়।[7] ন্যায়াধিকৰণে তেওঁৰ অনুৰোধৰ যোগ্যতা থকা বুলি বিবেচনা কৰে আৰু ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ক তেওঁক পুনৰ নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।৭ কিন্তু প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদন জনায় যে মধুমিতাই SSCৰ সেনাবাহিনীত নামভৰ্তি কৰিছিল।৭ ২০১৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁক ভাৰতীয় সেনাবাহিনীত স্থায়ী আয়োগ প্ৰদান কৰাৰ বিৰুদ্ধে কৰা আবেদন নাকচ কৰে।৭ বৰ্তমান মধুমিতাক ছত্তীশগড়ৰ ‘সৈনিক স্কুল অম্বিকাপুৰ’ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
তথ্যসূত্ৰ
- ↑ Sena Medal for female Army officer. thehindu.com
- ↑ Only army woman to win gallantry award fights to stay in the force. Hindustan Times
- ↑ Lt Col Mithali to remain in service. tribuneindia.com
- ↑ First woman officer to get Sena medal. timesofindia.indiatimes.com
- ↑ short service commission. indiatoday.intoday.in
- ↑ served in Kabul, Afghanistan. archive.indianexpress.com
- ↑ Supreme Court seeks Centre's response on Lt Col Mitali Madhumita's plea. economictimes.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালী মধুমিতা” প্ৰবন্ধৰ সংশোধন ৩৮২৬৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।