জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিল্লি
দানুফা খানতীৰাকুল (জন্ম: ১৩ নৱেম্বৰ ২০০২), যাৰ মঞ্চনাম মিল্লি (MILLI) হিচাপে অধিক পৰিচিত, এগৰাকী থাই ৰেপাৰ আৰু গায়িকা। ২০২০ চনৰ ফেব্ৰুৱাৰ মাহত মুক্তি পোৱা তেওঁৰ প্ৰথম একক গীত ফাক কনৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহে। সেই একে বছৰৰে শেষৰ ফালে তেওঁৰ আন এখন সফল একক গীত সুদ পাং মুক্তি পায়।
-
মিশা ওমৰ
চাম্বিহা আইছাহ বিণ্টি ওমৰ (ইংৰাজী: Misha Omar; জন্ম: ৬ জানুৱাৰী ১৯৮২), পেছাদাৰীভাৱে মিশা ওমৰ নামেৰে পৰিচিত এগৰাকী মালয়েছিয়াৰ পপ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী।
-
মিশা ভাৰতী
মিশা ভাৰতী (Misha Bharti, জন্ম-২২ মে' ১৯৭৬) বিহাৰ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লালু প্ৰসাদ আৰু ৰাবৰি দেৱীৰ কন্যা। ২০১৬ চনৰ জুন মাহত তেওঁ ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে দলৰ পৰা মনোনীত হৈছিল আৰু বিহাৰৰ পৰা ৰাম জেঠমালানীৰ সৈতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।
-
মিশু চৌধুৰী
ৰোকেয়া চুলতানা মিশু চৌধুৰী (ইংৰাজী: Rokeya Sultana Mishu Chowdhury; জন্ম: ৩ মাৰ্চ ১৯৯০) এগৰাকী বাংলাদেশী প্ৰাক্তন ক্ৰিকেটাৰ, আম্পায়াৰ, ক্ৰীড়া সঞ্চালক আৰু অভিনেত্ৰী। তেওঁ আইচিচি ডেভেলপমেণ্ট পেনেলত যোগদান কৰা প্ৰথমগৰাকী বাংলাদেশী মহিলা আম্পায়াৰসকলৰ ভিতৰত অন্যতম।
-
মিশ্বেল ফুক'
পল-মিশ্বেল ফুক’, যাক মিশ্বেল ফুক’ (Michel Foucault,; ১৫ অক্ট'বৰ ১৯২৬ – ২৫ জুন ১৯৮৪) বুলি জনা যায়, আছিল একজন ফৰাচী দাৰ্শনিক, সাহিত্য সমালোচক, আৰু ভাৱৰ ইতিহাসবিদ যিয়ে ক্ষমতা, জ্ঞান, আৰু স্বাধীনতাৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিছিল, আৰু কেইবাটাও প্ৰতিষ্ঠানৰ জৰিয়তে এইবোৰক কেনেকৈ সামাজিক নিয়ন্ত্ৰণৰ ৰূপত…
-
মিহিৰভোজ
মিহিৰ ভোজ (ৰাজত্ব প্ৰায় ৮৩৬ – প্ৰায় ৮৮৫ খ্ৰীষ্টাব্দ) বা প্ৰথম ভোজ ৮৩৬ চনৰপৰা ৮৮৫ খ্ৰীষ্টাব্দলৈ প্ৰতিহাৰ সম্ৰাট আছিল। তেওঁ পিতৃ ৰামভদ্ৰৰপৰা দুৰ্বল আৰু অশান্ত ৰাজ্য লাভ কৰিছিল। কিন্তু তেওঁৰ সক্ষম শাসনে ইয়াক এখন বৃহৎ আৰু সমৃদ্ধিশালী সাম্ৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
মিহৰ আলী
মিহৰ আলী (Mihr 'Ali), যাক মীৰ আলী বা মেহৰ আলী আছিল ফাৎ-আলী শ্বাহ কাজাৰৰ শাসনকালত কাজাৰ ইৰানৰ ৰাজকীয় দৰবাৰৰ এজন মহান চিত্ৰশিল্পী। মিহৰ আলীক তেওঁৰ শাসনকালৰ আগলি ভাগৰ আটাইতকেই উল্লেখযোগ্য ইৰানী প্ৰতিচ্ছবি শিল্পী আৰু প্ৰাৰম্ভিক কাজাৰ শিল্পৰ অন্যতম অগ্ৰণী চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়।
-
মিৰাণ্ডা কেৰ
মিৰাণ্ডা মে' কেৰ (ইংৰাজী: Miranda Kerr; জন্ম: ২০ এপ্ৰিল ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান মডেল। ২০০৭ চনত ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেলছৰ অন্যতম মডেল হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে।
-
মিৰিয়া লালাগুনা
মিৰিয়া লালাগুনা ৰয়ো (জন্ম: ২১ নৱেম্বৰ ১৯৯২) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড খিতাপ জয় কৰা স্পেইনৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ ৱৰ্ল্ড স্পেইন ২০১৫ হিচাপেও মুকুট পিন্ধিছিল।
-
মিৰিয়াম চিলভাৰমেন
মিৰিয়াম ৰোজ চিলভাৰমেন (ইংৰাজী: Miriam Rose Silverman; জন্ম: ১৯ জানুৱাৰী, ১৯৭৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ আমাজন প্ৰাইম ভিডিঅ' ধাৰাবাহিক দা মাৰ্ভেলাচ মিচেচ মাইচেলত বাৰ্নিচৰ চৰিত্ৰত কৰা অভিনয় আৰু হুলুৰ ফ্লাইচমেন ইজ ইন ট্ৰাবল (২০২২) তথা আমাজনৰ ডেড ৰিংগাৰ্চ (২০২৩)-ত কৰা অভিনয়ৰ বাবে জনাজাত।
-
মিৰিয়াম ছিলভাৰবাৰ্গ
মিৰিয়াম ছিলভাৰবাৰ্গ (Miriam Silverberg; ১৯ জানুৱাৰী, ১৯৫১ – ১৬ মাৰ্চ, ২০০৮) এগৰাকী আমেৰিকান ইতিহাসবিদ। ১৯৯৩ চনৰ গুগেনহাইম ফেলো হিচাপে তেওঁ চেঞ্জিং ছং: দ্য মাৰ্ক্সিষ্ট মেনিফেষ্টছ অৱ নাকানো শ্বিগেহাৰু (১৯৯০) আৰু ইৰ'টিক গ্ৰ'টেস্ক ননচেন্স (২০০৬) গ্ৰন্থৰ লেখিকা আছিল, প্ৰথমটোৰ বাবে ১৯৯০ চনত জন কে…
-
মিৰুধুবাশিনী গোবিন্দৰাজন
মিৰুধুবাশিনী গোবিন্দৰাজন ( Mirudhubashini Govindarajan; জন্ম ১৯৪৭) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী স্বাস্থ্যসেৱা পৰামৰ্শদাতা, তেওঁ ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰত মহিলাৰ স্বাস্থ্যসেৱা আৰু বন্ধ্যাত্ব ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দি আহিছে।
-
মিৰ্জা মহম্মদ আলীখান শ্বিৰাজী
মিৰ্জা মহম্মদ-আলী খান শ্বিৰাজী (Mirza Mohammad-Ali Khan Shirazi)(পাৰ্চী ভাষাত: میرزا محمدعلی خان شیرازی; প্ৰায় ১৭৮০ – ৯ ফেব্ৰুৱাৰী ১৮৫২) ইৰাণৰ এজন কূটনীতিবিদ আছিল যিয়ে ১৮৫১ চনৰ জুলাইৰপৰা ১৮৫২ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিৰ’শ্লাভা মণ্টেমায়ৰ
লুচেৰো মিৰ’শ্লাভা মণ্টেমায়ৰ গাৰ্চিয়া (জন্ম: ৫ জানুৱাৰী ১৯৯০) এগৰাকী মেক্সিকান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, ক্ৰীড়া সংবাদিক আৰু ব্যৱসায়ী। মণ্টেমায়ৰে ‘নুৱেষ্ট্ৰা বেলেজা ইণ্টাৰনেচনেল মেক্সিকো ২০১৩’ খিতাপ অৰ্জন কৰিছিল আৰু ‘মিছ ইণ্টাৰনেচনেল ২০১৩’ত মেক্সিকোক প্ৰতিনিধিত্ব কৰিছিল।
-
মীনা কেশ্বৰ কমল
মীনা কেশ্বৰ কমলপশতু/পাৰ্চী: مینا کشور کمال; (জন্ম ২৭ ফেব্ৰুৱাৰী, ১৯৫৬ – মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৮৭) আফগানিস্তানৰ মীনা বুলি পৰিচিত। তেওঁ আছিল এগৰাকী আফগান বিপ্লৱী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ মহিলা অধিকাৰ কৰ্মী আৰু ৰিভলিউচনৰী এছ'চিয়েচন অফ দা ৱমেন অফ আফগানিস্তান (ৰাৱা)ৰ প্ৰতিষ্ঠাপক আছিল।
-
মীনা প্ৰভু
মীনা সুধাকৰ প্ৰভু (ইংৰাজী: Meena Sudhakar Prabhu; জন্ম: ২৭ আগষ্ট ১৯৩৯ – মৃত্যু: ১ মাৰ্চ ২০২৫) এগৰাকী ভাৰতীয় লেখিকা আৰু প্ৰাক্তন এনাস্থেচিঅ'লজিষ্ট আছিল। তেওঁ মূলতঃ যুক্তৰাজ্য, ইৰান, ইজিপ্ত, চীন, তুৰস্ক আৰু মেক্সিকো ভ্ৰমণৰ অভিজ্ঞতাৰে মাৰাঠী ভাষাত লিখা ভ্ৰমণ কাহিনীসমূহৰ বাবে পৰিচিত।
-
মীনা শোৰী
মীনা শোৰী ( Meena Shorey; ১৩ চেপ্তেম্বৰ ১৯২৬- ৩ চেপ্তেম্বৰ ১৯৮৯) হিন্দী-উৰ্দু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী। পৰ্দাত তেওঁৰ নাম মীনা যদিও প্ৰকৃত নাম হ’ল- খুৰচিদ জাহান। চোহৰাব মোডীৰ ছিকন্দৰ ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ ষোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে।
-
মীনা শৰ্মা
মীনা শৰ্মা (: Meena Sharma c.1984 - ) এগৰাকী ভাৰতীয় সাংবাদিক, তেওঁ ২০১৬ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল। তেওঁ বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা নকৰা, শিশুৰ কেলেংকাৰী আৰু গৰ্ভাৱস্থাতে ছোৱালী সন্তান চিনাক্ত কৰি গৰ্ভপাত কৰা বৃহৎ সংখ্যক গৰ্ভপাতৰ কেলেংকাৰী চিনাক্ত কৰিছে।
-
মীনা সাদাতী
মিনা সাদাতি (ফাৰ্চী: مینا ساداتی, জন্ম ২৪ নৱেম্বৰ, ১৯৮১) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। ২০১৫ চনৰ লোনলিনেছ অৱ লেইলা ধাৰাবাহিকত লেইলা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
মীনাক্ষী গোপীনাথ
মীনাক্ষী গোপীনাথ এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতি বিজ্ঞানী, লেখিকা আৰু নতুন দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ দক্ষিণ এছিয়াৰ মহিলাসকলৰ মাজত শান্তি আৰু আৰ্থ-ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰা বেচৰকাৰী সংস্থা উইমেন ইন ছিকিউৰিটি কনফ্লিক্ট মেনেজমেণ্ট এণ্ড পিছ (WISCOMP)ৰ প্ৰতিষ্ঠাপক আৰু…
-
মীনাক্ষী চৌধুৰী
মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে।
-
মীনাক্ষী পহুজা
মীনাক্ষী পহুজা (: Meenakshi Pahuja জন্ম ১৯৭৮);এগৰাকী ভাৰতীয় প্ৰবক্তা আৰু মাৰাথন সাঁতোৰবিদ। প্ৰতিযোগিতামূলক সাঁতোৰবিদ হিচাপে সফল কেৰিয়াৰৰ অন্তত লেডী শ্ৰী ৰাম কলেজত শিক্ষয়িত্ৰী হয়, আৰু পিছলৈ মুকলি পানীৰ সাঁতোৰত প্ৰৱেশ কৰে। ২০১৮ চনৰ নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে।
-
মীনাক্ষী বেনাৰ্জী
মীনাক্ষী বেনাৰ্জী ভাৰতীয় চাইন’বেক্টেৰিয়া আৰু টেক্সাছৰ হিউষ্টনত থকা ৰাইচ ইউনিভাৰ্চিটি এপ্লাইড এলগাল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী। তেওঁ ভূপালৰ বৰকাতুল্লা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আছিল।
-
মীমানা প্ৰেমথিলকে
মীমানা প্ৰেমথিলকে (Meemana Premathilake; ২০ ছেপ্টেম্বৰ ১৯১৮ – ১২ জুলাই ১৯৬৫) শ্ৰীলংকাৰ এগৰাকী বিশিষ্ট কবি, সাংবাদিক আৰু লেখক; কৰুণাৰত্নে প্ৰেমথিলকেক মীমানা প্ৰেমথিলকে নামেৰে জনপ্ৰিয়৷ কলম্বো যুগৰ অন্যতম সন্মানীয় কবি, শ্ৰীলংকাৰ প্ৰধান শৈল্পিক বাতৰি কাকত সৰসাভিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে…
-
মীৰ কাছিম
মীৰ কাছিম (বাংলা: মীৰ কাশিম; মৃত্যু ৮ মে’ ১৭৭৭) ১৭৬০ চনৰ পৰা ১৭৬৩ চনলৈ বংগৰ নৱাব আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সমৰ্থনত, শহুৰেক মীৰ জাফৰৰ ঠাইত, মীৰ কাছিমক বংগৰ নৱাব পতা হৈছিল।
-
মীৰা দত্ত গুপ্তা
মীৰা দত্ত গুপ্তা (ইংৰাজী: Mira Datta Gupta; ৫ অক্টোবৰ ১৯০৭ – ১৮ জানুৱাৰী ১৯৮৩) ভাৰতৰ কলিকতাত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী কৰ্মী আছিল।
-
মীৰা বাসুদেৱন
মীৰা বাসুদেৱন (Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।
-
মীৰা শংকৰ
মীৰা শংকৰ (: Meera Shankar; জন্ম যাদৱ) ২০০৯ চনৰ ২৬ এপ্ৰিল ৰ পৰা ২০১১ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পিছত ২০১১ চনৰ ১ আগষ্টত নিৰুপমা ৰাও তেওঁৰ স্থানত স্থলাভিষিক্ত হয়।
-
মুক্তাবাই
মুক্তবাই বা মুক্তা বা মুক্তাই বিঠালপন্ত কুলকাৰ্ণী আছিল ৱৰকাৰী আন্দোলনৰ এজন সাধু। দেশস্থ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম বাৰকাৰী সাধু জ্ঞানেশ্বৰৰ কনিষ্ঠ ভগ্নী আছিল। saint. জীৱনকালত একচল্লিছটা অভংগ ৰচনা কৰিছিল।
-
মুখতাৰ মাই
মুখতাৰ মাই (مختاراں بی بی,Mukhtar Mai, জন্ম: প্ৰায় ১৯৭২) হৈছে পাকিস্তানৰ পঞ্জাৱৰ মুজাফৰগড় জিলাৰ জাতৈৰ গ্ৰাম্য তহচিলত অৱস্থিত মীৰৱালা গাঁৱৰ পাকিস্তানী মানৱ অধিকাৰ কৰ্মী।