অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিজানুৰ ৰহমান কাজী

মিজানুৰ ৰহমান কাজী (Mizanur Rahman Kazi) এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ মেঘালয় বিধানসভাৰ ৰাজাবালা সমষ্টিৰ বৰ্তমানৰ বিধায়ক। কাজী ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ ক্লিনিকেল মেডিচিনৰ ফেলো আৰু খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰৰপৰা ডায়েবেটিছ মেনেজমেণ্টৰ দূৰত্ব ফেল’শ্বিপ (ডিএফআইডি) লাভ কৰা।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মিজানুৰ ৰহমান কাজী (Mizanur Rahman Kazi) এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ মেঘালয় বিধানসভাৰ ৰাজাবালা সমষ্টিৰ বৰ্তমানৰ বিধায়ক। কাজী ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ ক্লিনিকেল মেডিচিনৰ ফেলো আৰু খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰৰপৰা ডায়েবেটিছ মেনেজমেণ্টৰ দূৰত্ব ফেল’শ্বিপ (ডিএফআইডি) লাভ কৰা।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

গাৰোডুবি গাঁৱত ফুৰিবলৈ আহি কেৰম খেলিছে
গাৰোডুবি গাঁৱত ফুৰিবলৈ আহি কেৰম খেলিছেছবি: হানিফ আলী · CC0

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত ৰজাবালাত কাজীয়ে এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আব্দুল জলিল কাজী যি লেফটেনেণ্ট পি এ চাংমাৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁৰ পত্নী ছাবিনা কাজীয়ে এ এম ইউৰপৰা এম বি এ ডিগ্ৰী লাভ কৰিছে আৰু এগৰাকী ব্যৱসায়ী। কাজিৰ এজন পুত্ৰ সোহেইল কাজী আৰু এগৰাকী কন্যা মাইৰিন কাজী আছে। কাজী পোষ্টে ২০০৫ চনত ডা° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আগ্ৰাৰ অধীনস্থ সৰোজিনী নাইডু চিকিৎসা মহাবিদ্যালয়ৰপৰা চিকিৎসা বিজ্ঞানৰ ডক্টৰেট (এম ডি) ডিগ্ৰী লাভ কৰি ব্যক্তিগত চিকিৎসা বিজ্ঞানৰ প্ৰেকটিচনাৰ হয়। মেঘালয়ৰ সমভূমি আৰু ধুবুৰী আৰু নতুন দিল্লীত তেওঁৰ মাটি আছে।

ৰাজনৈতিক কেৰিয়াৰ

২০২৩ চনৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ড° কাজীয়ে এন পি পিৰ চাৰিবাৰৰ বিধায়ক আব্দুছ ছালেহক ১০ ভোটত পৰাস্ত কৰি সফলতাৰে নিৰ্বাচিত হয়।২

তথ্যসূত্ৰ

  1. ↑ Mizanur Rahman Kazi. My Neta
  2. ↑ (2 March 2023). Meghalaya Assembly Election Results 2023: Trinamool Congress Candidate Mizanur Rahman Kazi Wins by Only 10 Votes From Rajabala Seat. Latestly

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিজানুৰ ৰহমান কাজী” প্ৰবন্ধৰ সংশোধন ৫৭২৫৬২ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।