অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিঠু মুখাৰ্জী

মিঠু মুখাৰ্জী (Mithu Mukherjee) (১৯ জুন ১৯৫৫ — ২১ ছেপ্টেম্বৰ ২০২৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৭১ চনত চিত্ত বসু পৰিচালিত বঙালী ছবি স্নেহ পৰ্বৰ যোগেদি তেওঁৰ চলচ্চিত্ৰাভিষেক হয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৬০৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মিঠু মুখাৰ্জী (Mithu Mukherjee) (১৯ জুন ১৯৫৫ — ২১ ছেপ্টেম্বৰ ২০২৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।১২৩৪ ১৯৭১ চনত চিত্ত বসু পৰিচালিত বঙালী ছবি স্নেহ পৰ্বৰ যোগেদি তেওঁৰ চলচ্চিত্ৰাভিষেক হয়।৫ দীনেন গুপ্তাৰ মৰ্জিনা আব্দুল্লাত (১৯৭৩)৬ মৰ্জিনাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ তাৰকাৰ পৰ্যায় পাইছিল আৰু পিছলৈ নিশি কন্যা (১৯৭৩), মৌচাক (১৯৭৪), স্বয়ংসিদ্ধ (১৯৭৫),ৰাখিছিল। হোটেল স্নো ফক্স (১৯৭৬), ভাগ্যচক্ৰ (১৯৮০) আৰু সন্ধি (১৯৮০)বঙালী ছবিত অভিনয়েৰে এই খ্যাতি বজাই ৰাখিছিল। দুলাল গুহৰ ছবি খান দোস্ত (১৯৭৬) ছবিৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰত প্ৰবেশ কৰে।৭ তেওঁৰ দুজনে (১৯৮৪) ছবি বক্স অফিচত বিফল হোৱাৰ পিছত তেওঁ সাত বছৰৰ বিৰতি লয়৮ আৰু চন্দ্ৰ বাৰোটৰ বিপুল বাণিজ্যিক সফলতা লাভ কৰা ছবি আশ্ৰিতাৰ (১৯৯০) যোগেদি পুনৰ ৰূপালী পৰ্দালৈ উভতি আহে।৯

কৰ্মজীৱন

১৯৭১ চনত চিত্ত বসু পৰিচালিত বঙালী জনপ্ৰিয় ছবি শেষ পৰ্বত মুখাৰ্জীৰ অভিষেক হয়; য’ত তেওঁৰ বিপৰীতে সমিত ভাঞ্জাই অভিনয় কৰিছিল। দীনেন গুপ্তৰ ব্লকবাষ্টাৰ মৰ্জিনা আব্দুল্লা (১৯৭২) ছবিত দেবৰাজ ৰয়ৰ বিপৰীতে আলী বাবাৰ দাসী মৰ্জিনাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ তাৰকাৰ পৰ্যায় পায়। এই ছবিখন বক্স অফিচত এখন উল্লেখযোগ্য লাভ অৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল। তাৰ পিছত তেওঁ আশুতোষ মুখাৰ্জীৰ নিশিকন্যাত (১৯৭৩) সৌমিত্ৰ চট্টোপাধ্যায়ৰ বিপৰীতে অভিনয় কৰে।১০ ১৯৭৪ চনত তেওঁৰ এখন ছবিয়ে মুক্তি পাইছিল, অৰবিন্দ মুখোপাধ্যায়ৰ বৃহৎ উপাৰ্জনকাৰী ব্লকবাষ্টাৰ ছবি মৌচাক; য’ত তেওঁ ৰঞ্জিত মল্লিকৰ বিপৰীতে অভিনয় কৰিছিল।১১ ১৯৭৫ চনত তেওঁৰ পৰৱৰ্তী ছবি আছিল সুনীল বন্দোপধ্যায়ৰ কবি। বক্স অফিচত ব্যৰ্থ হোৱা এই ছবিখনত মিঠুৱে দ্বিতীয়বাৰৰ বাবে দেবৰাজ ৰয়ৰ বিপৰীতে অভিনয় কৰিছিল।১২ ৰঞ্জিত মল্লিকৰ সৈতে পুনৰ অভিনয় কৰা ব্লকবাষ্টাৰ স্বয়ংসিদ্ধ ছবিখন যিখন সেই বছৰৰ শেষ মুক্তি পাইছিল আৰু ভাল উপাৰ্জন দিছিল।১৩ ১৯৭৬ চনৰ দুখন হাই প্ৰ’ফাইল ছবি- হোটেল স্নো ফক্স আৰু চান্দেৰ কাছাকাছিত নায়ক হিচাপে নহ’লেও মূল চৰিত্ৰত উত্তম কুমাৰে অভিনয় কৰিছিল; তথাপিও ছবি দুখন ফ্লপ হোৱাৰ লগেলগে মিঠুৰ কেৰিয়াৰ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হয়। হোটেল স্নো ফক্সত এটা মুখ্য চৰিত্ৰত বিজু ফুকনে অভিনয় কৰিছিল।চান্দেৰ কাছাকাছিৰ নায়ক আছিল সন্তু মুখাৰ্জী।

দুলাল গুহৰ হিন্দী ছবি খান দোস্তৰ (১৯৭৬) জৰিয়তে তেওঁৰ বলীউডত অভিষেক ঘটে; যিখন ছবিৰ নায়ক আছিল শত্ৰুঘ্ন সিনহা আৰু য'ত ৰাজ কাপুৰেও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু তেওঁ নিজকে কেৱল বাসু চেটাৰ্জীৰ ছবিতে সীমাবদ্ধ কৰি ৰাখিছিল। মিঠুৱে বিনোদ মেহৰাৰ সৈতে চফেদ ঝুঠত (১৯৭৭)অভিনয় কৰিছিল। মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰা তেওঁৰ দুয়োখন বলীউডৰ ছবিয়ে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নোৱাৰিলে। ১৯৭৭ চনত তেওঁ পলাশ বন্দোপাধ্যায়ৰ ছুপাৰ হিট বঙালী ছবি প্ৰতিমাত সৌমিত্ৰ চেটাৰ্জীৰ প্ৰথম পত্নীৰ চৰিত্ৰত অভিনয় কৰে। দ্বিতীয় পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল সুমিত্ৰা মুখাৰ্জীয়ে। মাত্ৰ ৩.৩০ লাখ টকাৰে নিৰ্মিত ছবিখনে উপাৰ্জন কৰে ১০ লাখ টকা। ১৯৭৮ চনত তেওঁক পুনক বাসু চেটাৰ্জী পৰিচালিত দুখন হিন্দী ছবি দিল্লেগী আৰু দো লড়কে দোনো কড়কেত দেখা যায়।ছবি দুখনত তেওঁ ক্ৰমে শত্ৰুঘ্ন আৰু নবীন নিচ্ছলৰ বিপৰীতে অভিনয় কৰিছিল।দিল্লেগীত মূল চৰিত্ৰত ধৰ্মেন্দ্ৰ আৰু হেমা থকাৰ পিছতো দুয়োখন ছবিয়ে বলীউডত মিঠুৰ কেৰিয়াৰ আগুৱাই নিব নোৱাৰিলে।

১৯৭৯ আৰু ১৯৮০ চনত তেওঁ ভাগ্যচক্ৰ, বন্ধন আৰু সন্ধিৰ দৰে বঙালী পাৰিবাৰিক ছবিত অভিনয় কৰিছিল। সন্ধিয়ে ভাল ব্যৱসায় কৰাৰ বিপৰীতে বাকী কেইখনে গড় ব্যৱয়াস কৰিছিল। ১৯৮১ চনত তেওঁৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল ফাদাৰ।

১৯৮২ চনত তেওঁ দীনেন গুপ্ত পৰিচালিত উড়িয়া ছবি জ্বৈন পুৱাত অভিনয় কৰে। এইখন তেওঁৰ বঙালী ব্লকবাষ্টাৰ মৌচাকৰ পুনৰ্নিৰ্মাণ আছিল। ১৯৮৩ চনত তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি দুজনেই বক্স অফিচত মাৰ খায়। ১৯৮৪ চনৰ প্ৰাৰ্থনাত অতিথি শিল্পী হিচাপে উপস্থিত থকাৰ পিছত মুখাৰ্জীয়ে ১৯৮৪ চনত দীনেন গুপ্তাৰ পৰিচালনাত প্ৰতিভা বসুৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত তেওঁৰ ঘৰুৱা প্ৰযোজনা ৰংগ ভংগ চান্দৰ শ্বুটিং আৰম্ভ কৰে। ৫০% শ্বুটিং সম্পূৰ্ণ হৈছিল আৰু ১৯৮৫ চনত ছবিখন মুক্তি দিয়াৰ কথা আছিল। কিন্তু মিঠু মুখাৰ্জী আৰু দীনেন গুপ্তৰ মাজত মতানৈক্যৰ বাবে শ্বুটিং মাজভাগত বন্ধ হৈ যায়। কেনত আবদ্ধ হৈ যোৱাৰ বাবে ছবিখন মুক্তি দিওঁতে পাঁচ বছৰ পলম হয়। পিছত চন্দ্ৰ বাৰোতৰ পৰিচালনাত বাকীখিনি কাম সম্পূৰ্ণ কৰাই ৰংগ ভংগ চান্দৰ সলনি আশ্ৰিতা নামেৰে ছবিখন ১৯৯০ চনত মুক্তি দিয়া হয়। আশ্ৰিতা চুপাৰ-ডুপাৰ হিট হয় আৰু ৩০ লাখ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে ৩ কোটি টকা উপাৰ্জন কৰে। এই ছবিখনৰ পিছত মিঠুক আৰু ৰূপালী পৰ্দাত দেখা নগ’ল।১৪১৫

তথ্যসূত্ৰ

  1. ↑ Mithu Mukherjee movies, filmography, biography and songs - Cinestaan.com. Cinestaan
  2. ↑ Mithu Mukherjee. www.bollywoodmdb.com
  3. ↑ Mithu Mukherjee. www.osianama.com
  4. ↑ Mithu Mukherjee. www.moviebuff.com
  5. ↑ Swarming syndrome. oldfilmsgoingthreadbare.blogspot.in
  6. ↑ Original Don director to play second innings. www.telegraph.com
  7. ↑ চোখে-মুখে দুষ্টুমি, কোথায় গেলেন তিনি. ebela.in
  8. ↑ Shesh Parba (1971) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  9. ↑ Marjina Abdallah (1972) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  10. ↑ Nishi Kanya (1973) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  11. ↑ Kabi (1975) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  12. ↑ Mouchak (1974) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  13. ↑ Swayamsiddha (1975) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  14. ↑ Original Don director to play second innings. www.telegraph.com
  15. ↑ চোখে-মুখে দুষ্টুমি, কোথায় গেলেন তিনি. ebela.in

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিঠু মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।