অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনামি হামাবে

মিনামি হামাবে (জাপানী: 浜辺 美波; জন্ম ২৯ আগষ্ট, ২০০০) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰা বিভিন্ন ব্লকবাষ্টাৰ আৰু জনপ্ৰিয় টেলিভিছন শ্ব'ত অভিনয় কৰি, তেওঁ জাপানৰ আধুনিক বিনোদন জগতৰ এগৰাকী প্ৰমুখ্য ব্যক্তিত্বৰূপে পৰিচিত।

হালনাগাদ: ৭ জুলাই ২০২৬ ৫৩৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মিনামি হামাবে (জাপানী ভাষা: 浜辺 美波; জন্ম ২৯ আগষ্ট, ২০০০) এগৰাকী জাপানী অভিনেত্ৰী। কিশোৰ অৱস্থাৰপৰা বিভিন্ন ব্লকবাষ্টাৰ আৰু জনপ্ৰিয় টেলিভিছন শ্ব'ত অভিনয় কৰি, তেওঁ জাপানৰ আধুনিক বিনোদন জগতৰ এগৰাকী প্ৰমুখ্য ব্যক্তিত্বৰূপে পৰিচিত।

২০১১ চনৰ টোহো চিণ্ডেৰেলা অডিচনত হামাবেই নিউ জেনেৰেচন বঁটা লাভ কৰে আৰু তাৰ পিছত পিছৰ বছৰত তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। টিভি ধাৰাবাহিক আনোহানা (২০১৫) ৰ লাইভ-একচন সংস্কৰণত মেইকো হনমাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ খ্যাতি অৰ্জন কৰে, আৰু পিছলৈ ৰোমাঞ্চ ছবি লেট মি ইট ইউৰ পেনক্ৰিয়াছ (২০১৭) ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁৰ ব্ৰেকথ্ৰু লাভ কৰে; ৪১সংখ্যক জাপান একাডেমী বঁটাত বছৰৰ নৱাগত বঁটা লাভ কৰে। তাৰ পিছত হামাবেই দ্য গ্ৰেট ৱাৰ অৱ আৰ্কিমিডিছ (২০১৯), কাৰ্ছড ইন লাভ, দ্য প্ৰমিজড নেভাৰলেণ্ড (দুয়োটা ২০২০), কাকেগুৰুই – কম্পলচিভ জ্যাম্বলাৰ পাৰ্ট ২ (২০২১), আৰু ৱান ডে, ইউ উইল ৰিচ দ্য ছি (২০২২)ত অভিনয় কৰে। ২০২৩ চনত তেওঁ ৰ্যুনোছুকে কামিকিৰ সৈতে টেলিভিছন নাটক ৰেনমান আৰু তাকাছি ইয়ামাজাকিৰ কাইজু মহাকাব্য গডজিলা মাইনাছ ৱানত অভিনয় কৰে। শ্বিন কামেন ৰাইডাৰৰ সৈতে গডজিলা মাইনাছ ৱানত তেওঁৰ অভিনয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে আৰু ৬৬সংখ্যক ব্লু ৰিবন বঁটাত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰে।

জীৱন আৰু কেৰিয়াৰ আৰম্ভণি

হামাবেই ২০০০ চনৰ ২৯ আগষ্টত জাপানৰ ইশিকাৱা প্ৰিফেক্চাৰত জন্ম গ্ৰহণ কৰে। তেওঁৰ এটা কনিষ্ঠ ভাই আছে, যাৰ বয়স তেওঁতকৈ সাত বছৰ কম। ২০১৯ চনৰ ২০ ফেব্ৰুৱাৰী, হামাবেই তেওঁৰ হোৰিকোশি উচ্চ বিদ্যালয়ৰ স্নাতক হৈছাৰ খবৰ শ্বেয়াৰ কৰে।

Young Hamabe (front row, second from right)
Young Hamabe (front row, second from right)ছবি: 映画小僧呪師 · CC BY-SA 4.0

তেওঁৰ কেৰিয়াৰ আৰম্ভ হয় ৭ম টোহো চিণ্ডেৰেলা অডিচনত নিউ জেনেৰেচন বঁটা লাভ কৰি।১ তাৰ পিছৰপৰা তেওঁ বহু চলচ্চিত্ৰ আৰু নাটকত অভিনয় কৰে, যাৰ ভিতৰত বহুতো জনপ্ৰিয় মাংগা আৰু ভিডিঅ’ গেমৰ লাইভ-একচন ৰূপান্তৰ।

হামাবেই জাপানত খ্যাতি অৰ্জন কৰে আনোহানা (লাইভ-একচন) চলচ্চিত্ৰত মেইকো হনমাৰ চৰিত্ৰত অভিনয় কৰি, য’ত এটা অন্তিম ৰোগত আক্ৰান্ত ছোৱালীৰ আৰু তেওঁৰ অন্তৰ্মুখী ছাত্ৰ সহপাঠীৰ সম্পৰ্ক দেখোৱা হয়। চলচ্চিত্ৰটো ২০১৭ চনত জাপানত পঞ্চম সৰ্বাধিক আয় কৰা চলচ্চিত্ৰ হয়। হামাবেই এই চলচ্চিত্ৰৰ বাবে বছৰৰ নৱাগত অভিনেত্ৰী বঁটা লাভ কৰে, আৰু চলচ্চিত্ৰটো স্বয়ং চিত্ৰৰ বৰ্ষৰ বাবে মনোনীত হয়।২

Hamabe in October 2019
Hamabe in October 2019ছবি: レクター博士 · CC BY-SA 4.0

২০১৯ চনত হামাবেই অভিনয় কৰে দ্য গ্ৰেট ৱাৰ অৱ আৰ্কিমিডিছত। চলচ্চিত্ৰটো জাপানত ১.৯ বিলিয়ন য়েনৰ ওপৰ আয় কৰে আৰু ২০১৯ চনৰ সৰ্বাধিক আয় কৰা চলচ্চিত্ৰৰ ভিতৰত থাকে।৩

২০২০ চনত হামাবেই ৰিউসেই ইউকোহামা আৰু ইউকিনো কিশিৰ সৈতে মাংগাৰ লাইভ-একচন ৰূপ কাৰ্ছড ইন লাভত অভিনয় কৰে। তেওঁ ২০২০ চনত মাৰ্ডাৰছ এট দ্য হাউচ অৱ ডেথতো অভিনয় কৰে। চলচ্চিত্ৰটোৱে ১ বিলিয়ন য়েনৰ ওপৰ আয় কৰে আৰু সেই বছৰৰ জাপানৰ ২০তম সৰ্বাধিক আয় কৰা চলচ্চিত্ৰ হয়।৪

ডিচেম্বৰ ২০২০ত হামাবেই অভিনয় কৰে দ্য প্ৰমিজড নেভাৰলেণ্ডত। চলচ্চিত্ৰটোৱে ২.১ বিলিয়ন য়েনৰ ওপৰ আয় কৰে, ২০২১ চনত জাপানৰ সৰ্বাধিক আয় কৰা চলচ্চিত্ৰৰ ভিতৰত থাকে।৫ হামাবেই ২০২২ চনত ড° হোৱাইট নাটকত অভিনয় কৰে, যি শিন কিবা’য়াশি লিখা কিতাবৰ আধাৰত নিৰ্মিত। এছপি নাটক ছেইটো গা জিনছে ৱো ইয়াৰিনাওচেৰু গাক্ক’ত শো হিৰানোৰ সৈতে উপস্থিত থাকে। হামাবেই পুনৰ ইউকিনো কিশিৰ সৈতে ২০২২ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ ৱান ডে, ইউ উইল ৰিচ দ্য ছিত অভিনয় কৰে।

হামাবেইক NHK নিৰ্বাচন কৰে, আৰু তেওঁ ১০৮তম আছাদৰা নায়িকা হিচাপে নিৰ্বাচিত হয়। তেওঁ ৰ্যুনোছুকে কামিকিৰ সৈতে কামিকিৰ চৰিত্ৰৰ পত্নী হিচাপে অভিনয় কৰে। আছাদৰাৰ নাম ৰেনমান (らんまん), শৰত ২০২৩ত চিত্ৰায়িত হয়।৬

২০২৩ চনত, তেওঁ দুইখন মুখ্য চলচ্চিত্ৰত উপস্থিত হয়: শ্বিন কামেন ৰাইডাৰ আৰু গডজিলা মাইনাছ ৱান।

ব্যক্তিগত জীৱন

হামাবেৰ এটা পোমেৰেনিয়ান কুকুৰ আছে, যাক তেওঁ "পপঙ-চান" বুলি কয়।৭ তেওঁ তেওঁৰ সহকৰ্মী অভিনেতা/অভিনেত্ৰীহঁতৰ সৈতে ঘনিষ্ঠ বন্ধু, যেনে তাকুমি কিটামুৰা, কন্না হাশিমোতো, আৰু এলাইজা ইকেদা।৮৯ টোহো সিনডেৰেল্লা অডিশ্বনত বিজয়ী হোৱা আৰু বিনোদন জগতত প্ৰৱেশ কৰাৰ আগতে, তেওঁ প্ৰথমে দন্ত চিকিৎসক হ'বলৈ ইচ্ছা কৰিছিল।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ja:浜辺美波. Toho Entertainment
  2. ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN 2017
  3. ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN 2019
  4. ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN 2020
  5. ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN 2021
  6. ↑ "浜辺美波が来春朝ドラ「らんまん」ヒロインに、"敬愛する大先輩"神木隆之介の妻役"
  7. ↑ Minami Hamabe Twitter
  8. ↑ ja:浜辺美波. eiga.com
  9. ↑ (2025-11-30). 浜辺美波 恋の相談相手は橋本環奈&池田エライザ!ドラマ以上?の超豪華布陣/デイリースポーツ online. デイリースポーツ online
  10. ↑ (2017-07-22). 浜辺美波、まるで本物の“シンデレラ”主演「君の膵臓をたべたい」28日公開!. スポーツ報知

সম্পৰ্কিত শ্ৰেণী

জাপানী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনামি হামাবে” প্ৰবন্ধৰ সংশোধন ৬১৬১০৭ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।