গিমি জৰ্জ (ইংৰাজী: Gimi George; জন্ম: ২৮ জানুৱাৰী ১৯৯২), তেওঁৰ মঞ্চ নাম মিয়া জৰ্জ নামেৰে অধিক পৰিচিত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ মালয়ালম ভাষা চলচ্চিত্ৰৰ লগতে কেইখনমান তামিল ভাষা ছবিত কাম কৰে।
তেওঁ অৰু স্মল ফেমিলি (২০১০), ডক্টৰ লাভ (২০১১) আৰু ঈ আদুথা কালথু (২০১২) আদি ছবিত সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০১২ চনত কেৰালা মিছ ফিটনেছ নিৰ্বাচিত হৈছিল আৰু সেই একে বছৰতে মালয়ালম ছবি চেট্টাইছত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
মিয়া জৰ্জৰ জন্ম মুম্বাইৰ এটা চিৰো-মালাবাৰ কেথলিক পৰিয়ালত হৈছিল, য’ত তেওঁৰ পিতৃয়ে এজন অভিযন্তা হিচাপে কাম কৰিছিল। চাৰি বছৰ বয়সত তেওঁ কোট্টায়মৰ পালালৈ গুচি আহে।২ তেওঁ ভৰণংগনমৰ ছেক্ৰেড হাৰ্ট গাৰ্লছ হাইস্কুল আৰু চেইণ্ট মেৰীছ হায়াৰ চেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৩ ইয়াৰ পিছত তেওঁ আলফনচা কলেজৰপৰা স্নাতক ডিগ্ৰী আৰু চেইণ্ট থমাছ কলেজ, পালাইৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪৫ তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী আছে।
ব্যক্তিগত জীৱন
২০২০ চনৰ ১২ ছেপ্টেম্বৰত তেওঁ ব্যৱসায়ী অশ্বিন ফিলিপৰ সৈতে এৰ্নাকুলামৰ চেইণ্ট মেৰীছ বেচিলিকা চাৰ্চত বিবাহপাশত আবদ্ধ হয়। ক’ভিড-১৯ মহামাৰীৰ নিষেধাজ্ঞাৰ বাবে বিবাহ অনুষ্ঠানটো অতি সাধাৰণভাৱে সম্পন্ন কৰা হৈছিল। ২০২১ চনৰ জুলাই মাহত তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হয়।৬ ইয়াৰ ঠিক দুমাহৰ পাছত ২০২১ চনৰ ২১ ছেপ্টেম্বৰত তেওঁৰ পিতৃ জৰ্জ যোচেফৰ মৃত্যু হয়।৭
তথ্যসূত্ৰ
- ↑ With Love Miya. Mangalam Publications
- ↑ Manorama Online – Home. Malayala Manorama
- ↑ Solutions, Siona. indiachristians.in. indiachristians.in
- ↑ (21 October 2013). Mangalam – Varika 21-Oct-2013. Mangalam Weekly
- ↑ Pillai, Radhika C. (28 August 2014). I was on cloud nine when Nayanthara complimented me: Mia George. The Times of India
- ↑ Miya and Ashwin blessed with a boy baby
- ↑ (21 September 2021). നടി മിയ ജോര്ജ്ജിന്റെ പിതാവ് അന്തരിച്ചു. Mathrubhumi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিয়া জৰ্জ” প্ৰবন্ধৰ সংশোধন ৬০২৬২০ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।