মিনু মাজিদি, জন্ম: ১৯৬০ চন – মৃত্যু: ২০ ছেপ্টেম্বৰ ২০২২ চন; ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ইৰাণৰ প্ৰতিবাদৰ সময়ত ইৰাণী কৰ্তৃপক্ষই হত্যা কৰা এগৰাকী ৬২ বছৰ বয়সীয়া ইৰাণী মহিলা।১
জীৱন
১৯৬০ চনত কাছৰ-ই শ্বিৰিন চহৰৰ ইয়াৰছান পৰিয়ালত জন্মগ্ৰহণ কৰা কুৰ্দি জনগোষ্ঠীৰ এগৰাকী ইৰাণী মহিলা আছিল মিনু মাজিদি। তেওঁ স্বামী আৰু তিনিটা সন্তানৰ সৈতে কেৰমানশ্বাহ চহৰত বাস কৰিছিল।২
মৃত্যু
ইৰাণৰ ম’ৰেল আৰক্ষীৰ জিম্মাত মাহছা আমিনিৰ মৃত্যু হোৱাৰ পাছত —মাহছা আমিনিৰ জন্ম আৰু সমাধিস্থল— ছাককেজত শাসন-ব্যৱস্থা বিৰোধী প্ৰতিবাদৰ ঢৌ আৰম্ভ হয়, যিটো ইৰাণ আৰু সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰে।৩৪ ২০২২ চনৰ ২০ ছেপ্টেম্বৰত ইছলামিক ৰিপাব্লিকান বাহিনীয়ে গুলীচালনা কৰি হত্যা কৰা কেৰমানশ্বাহৰ ৰাজপথত প্ৰতিবাদ কৰাসকলৰ ভিতৰত মিনু মাজিদি আছিল অন্যতম।৫৬
সমাধিস্থ
২০২২ চনৰ ২২ ছেপ্টেম্বৰত কেৰমানশ্বাহৰ মিনা আবাদ কবৰস্থানত মাজিদীৰ অন্ত্যেষ্টিক্ৰিয়া চৰকাৰ বিৰোধী বিক্ষোভলৈ ৰূপান্তৰিত হয়।৭৮৯ অনুষ্ঠানত উপস্থিত থকা মহিলাসকলে প্ৰতিবাদৰ চিন স্বৰূপে হিজাব খুলি “নাৰী, জীৱন, স্বাধীনতা" আৰু শাসন-ব্যৱস্থা বিৰোধী শ্লোগান দিয়ে।১০১১১২
ছবি
মাজিদিক সমাধিস্থ কৰাৰ কিছুদিন পাছত, য'ত মহিলাসকলে নিজক হিজাবমুক্ত কৰিছিল আৰু উপস্থিতসকলে প্ৰতিবাদৰ ধ্বনি দিছিল, তেওঁৰ কন্যাৰ এখন ফটো ভাইৰেল কৰা হৈছিল।১৩১৪ ফটোখনত তেওঁৰ ছোৱালীজনীয়ে নিজৰ চুলিখিনি উন্মুক্ত কৰি হাতেৰে চুলিখিনি ধৰি মাকৰ কবৰৰ কাষত থিয় হৈ আছে আৰু অনমনীয় অৱজ্ঞাৰে কেমেৰাৰফালে চাই আছে।১৫১৬ ইটালীৰ ক'ৰিয়েৰ ডেলা চেৰা কাকতে মাজিদীৰ কন্যাৰ মাকৰ সমাধিস্থলৰ এখন ছবি প্ৰকাশ কৰি ইয়াক ইৰাণী মহিলাৰ স্বাধীনতাৰ সংগ্ৰামৰ নতুন প্ৰতীক বুলি অভিহিত কৰে।১৭
তথ্যসূত্ৰ
- ↑ Hadis, Minoo and Ghazaleh: the women victims of Iran's crackdown. sg.news.yahoo.com
- ↑ (22 September 2022). A woman was killed in Kermanshah protests. Hengaw
- ↑ Pourahmadi, Jomana Karadsheh, Tamara Qiblawi, Adam. (13 October 2022). How Iran's protests transformed into a national uprising. CNN
- ↑ Here's What Has Happened in Iran Since the Death of Mahsa Amini. Time
- ↑ (7 October 2022). The Women Killed or Detained in Iran's Protests. The Iran Primer
- ↑ BBC identifies young people killed in Iran protests. MSN
- ↑ (2022). ادامه اعتراضها علیه حکومت در ایران در روز پنجشنبه با وجود قطع گسترده اینترنت. Iran International
- ↑ (2022). آنچه تاکنون از اعتراضات روز ششم میدانیم. Melliun
- ↑ (2022). جنازة في كرمنشاه الإيرانية تتحول إلى مظاهرة ضد النظام أثناء تشييع "مينو مجيدي" الذي قتل برصاص الأمن منذ ثلاثة أيام. NABD
- ↑ (2022). چرخاندن روسریها به نشانه اعتراض در مراسم خاکسپاری مینو مجیدی از کشتهشدگان اعتراضات کرمانشاه. Voice of America
- ↑ (2022). تشییع جنازه مینو مجیدی در کرمانشاه با روسری های برداشته و شعار «زن, زندگی, آزادی». Iranian UK
- ↑ (2022). ادامه اعتراضها علیه حکومت در ایران در روز پنجشنبه با وجود قطع گسترده اینترنت. Iran International
- ↑ (22 September 2022). ادامه اعتراضها علیه حکومت در ایران در روز پنجشنبه با وجود قطع گسترده اینترنت. ایران اینترنشنال
- ↑ Agencias, Trinidad Deiros Bronte. (7 October 2022). The faces of repression in Iran. EL PAÍS English Edition
- ↑ (1 October 2022). 'Women are in charge. They are leading': Iran protests continue despite crackdowns. the Guardian
- ↑ Rothwell, James. (30 September 2022). Iranian woman pictured dining without a headscarf thrown in Nazanin Zaghari-Ratcliffe's old jail. The Telegraph
- ↑ (2022). حضور دختر مینو مجیدی با سری تراشیده و موهای بریده در دست بر مزار مادرش. Al-Arabia/Corriere della Sera
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনু মাজিদি” প্ৰবন্ধৰ সংশোধন ৬০৪৪২২ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।