জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পদ্মেশ্বৰ গগৈ
পদ্মেশ্বৰ গগৈ (Padmeswar Gogoi) হৈছে এগৰাকী শিক্ষাবিদ আৰু বুৰঞ্জীবিদ। ১৯৫৯ চনৰ এপিল মাহত নগাঁৱত বহা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
-
পন্তেহা আবৰেছি
পন্তেহা আবৰেছি (পাৰ্চী: پان تانآ ابارشی; জন্ম ১৯৯৯) কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান মাল্টি-ডিচিপ্লিনাৰী শিল্পী আৰু সংগ্ৰাহক। তেওঁ মূলতঃ ইনষ্টলেচন আৰ্ট, ভিডিঅ' আৰ্ট আৰু পাৰফৰমেন্স আৰ্টৰ ভিতৰত কাম কৰে।
-
পপী কেপেলা
পপী কেপেলা স্বস্তিকা (জন্ম: ২২ অক্টোবৰ ১৯৯১), যাক প্ৰায়ে মাদাম পপী কেপেলা বুলিও কোৱা হয়, এগৰাকী ইণ্ডোনেছিয়ান প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক, গায়িকা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
পবিত্ৰা পুনিয়া
নেহা সিং (জন্ম: ২২ এপ্ৰিল ১৯৮৬), যিয়ে নিজৰ মঞ্চনাম পবিত্ৰা পুনিয়া নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ‘লাভ ইউ জিন্দেগী’-ত গীত ঢিলন আৰু চলোৱা ফেণ্টাচী ধাৰাবাহিক ‘বালবীৰ ৰিটাৰ্ণছ’-ত তিমনাছা নামৰ এক দুষ্ট পৰীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
পম ক্লেমেণ্টিয়েফ
পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফ (জন্ম ৩ মে' ১৯৮৬) এগৰাকী ফৰাচী অভিনেত্ৰী। তেওঁ মাৰ্ভেল চলচ্চিত্ৰ মহাবিশ্বত মেনটিছ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত (২০১৭–২০২৩)। ইয়াৰ উপৰি তেওঁ মিছন: ইম্পচিবল চলচ্চিত্ৰ শৃংখলাৰ শেষ দুটা ছবিত (২০২৩–২০২৫) পেৰিছ চৰিত্ৰত অভিনয় কৰিছে।
-
পলি লুইজ আৰ্নল্ড
পলি লুইজ আৰ্নল্ড ( Poly Louise Arnold; জন্ম: ২৪ জুলাই ১৯৭২) এগৰাকী ব্ৰিটিছ ৰসায়নবিদ যি লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ পৰিচালক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
পলেট ডেল বে'
পলেট ডেল বে (১৮৭৭ – ২৩ মে' ১৯৪৫; (ইংৰাজী: Paulette del Baye), জন্মগত নাম কেটলীনা ফ্ৰান্সিস্কা পলীনা বাটায়া, আছিল কিউবাৰ এগৰাকী ফৰাচী অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ভডিভিল পৰিৱেশক।
-
পলোমি ঘোষ
পলোমি ঘোষ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলত হিন্দী, কোংকণী আৰু ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কোংকণী সংগীত নাটক 'নাচোম-ইয়া কুম্পাছাৰ'ৰ বাবে জাতীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ লাভ কৰিছে।
-
পল্লৱী ফৌজদাৰ
পল্লৱী ফৌজদাৰ (: Pallavi Fauzdar; জন্ম: ২০ ডিচেম্বৰ ১৯৭৯) এগৰাকী উচ্চ পৰ্বতীয়া অঞ্চলত মটৰচাইকেল চলোৱা আৰু সমাজসেৱাৰ বাবে সুপৰিচিত ভাৰতীয় মহিলা। লিমকা বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা বিভিন্ন অসাধাৰণ কৃতিত্বৰ বাবে প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছে।
-
পল্লৱী শাৰদা
পল্লৱী শাৰদা ( Pallavi Sharda; জন্ম: ৫ মাৰ্চ ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী আৰু ভাৰতীয় বংশৰ ভাৰতনাট্যম নৃত্যশিল্পী। ২০১০ চনত মিছ ইণ্ডিয়া অষ্ট্ৰেলিয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হয়। অভিনেত্ৰী হিচাপে তেওঁ একাডেমী বঁটাৰ বাবে মনোনীত ছবি লায়ন (২০১৬)ত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত।
-
পল্লৱী সিং
পল্লৱী পদ্মা-উদয় (ইংৰাজী: Pallavi Padma-Uday) যুক্তৰাজ্যত বসবাস কৰা এগৰাকী ভাৰতীয় লেখিকা আৰু ব্যৱসায়িক ইতিহাসবিদ। তেওঁ অৰিচনছ ইন দ্য ডাৰ্ক (২০২৩) আৰু লোলা ইন বেলফাষ্ট (২০২৪) নামৰ কবিতা সংকলন দুখনৰ ৰচক।
-
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (West Assam Milk Producers' Co-Operative Union Limited), ৱামূল বা জনপ্ৰিয় ৰূপত পৰিচিত পূৰবী ডেইৰী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপুৰণি আৰু বৃহৎ দুগ্ধ সমবায় সংঘ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ(FSSAI)ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এই সমবায় সংঘটোৰ বীজ ৰোপণ…
-
পশ্মিনা ৰোচন
পাশ্মিনা ৰোচন (ইংৰাজী: Pashmina Roshan; জন্ম: ১০ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২৪ চনত মুক্তিপ্ৰাপ্ত ছবি ইস্ক বিশ্বক ৰিবাউণ্ডৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
পাইপাৰ পেৰাবো
পাইপাৰ লিছা পেৰাবো (জন্ম ৩১ অক্টোবৰ, ১৯৭৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০০০ চনৰ হাস্য-নাট্যধৰ্মী চলচ্চিত্ৰ ‘‘কয়োটে আগলি’’ত অভিনয় কৰি বিশেষ খ্যাতি লাভ কৰে।
-
পাউলা আন্দ্ৰিয়া বেটানকৌৰ
পাউলা আন্দ্ৰিয়া বেটানকৌৰ আৰোয়েভ (ইংৰাজী: Paula Andrea Betancur; জন্ম: ১ জুন ১৯৭২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। বেটানকৌৰে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাজনাস বিভাগক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ কলম্বিয়া ১৯৯২ ৰ খিতাপ অৰ্জন কৰিছিল।
-
পাউলা গাৰফিল্ড
পাউলা গাৰফিল্ড হৈছে এক ব্ৰিটিছ থিয়েটাৰ পৰিচালক আৰু অভিনেত্ৰী। তেওঁ বধিৰ আৰু ব্ৰিটিছ চাইন ভাষাৰ ব্যৱহাৰকাৰী। ২০০২ চনত তেওঁ ডেফিনেটলী থিয়েটাৰ নাট্যসংস্থা প্ৰতিষ্ঠা কৰিছিল।
-
পাউলিনা চাভেজ
পাউলিনা এফ. চাভেজ (ইংৰাজী: Paulina Chávez; জন্ম: ২২ মে', ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্স ধাৰাবাহিক দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়া (২০২০) আৰু নেটফ্লিক্স ধাৰাবাহিক ফেট: দ্য উইংক্স চাগাৰ (২০২২) দ্বিতীয় ছিজনত ফ্লৰা চৰিত্ৰত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
পাওলা টুৰ্বে
পাওলা টুৰ্বে গোমেজ (জন্ম: ২৯ নৱেম্বৰ ১৯৭০) এগৰাকী কলম্বিয়ান-আমেৰিকান অভিনেত্ৰী, মডেল, টিভি সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ টিভি ধাৰাবাহিক বচৰ তৃতীয় ছিজনত অভিনয় কৰিছিল।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
পাছাং লামু শ্বেৰ্পা
পাছাং লামু শ্বেৰ্পা (: Pasang Lhamu Sherpa; Sherpa: པ་སངས་ལྷ་མོ་ཤར་པ།, নেপালী: पसाংগ লামু शुरपा; ১৯৬১ চনৰ ১০ ডিচেম্বৰ – ১৯৯৩ চনৰ ২২ এপ্ৰিল) মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা প্ৰথমগৰাকী নেপালী মহিলা।
-
পাণ্ডেলেলা ৰিনং
ডাটো পাণ্ডেলেলা ৰিনং পামগ (: Dato Pandelela Rinong Pamg; জন্ম: ২ মাৰ্চ ১৯৯৩) এগৰাকী মালয়েছিয়ান ডুবাৰু (চুইমাৰ)। তেওঁ দুটা অলিম্পিক পদক আৰু ৭টা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰিছে।
-
পাত্ৰিচিয়া ৰড্ৰিগেজ (মডেল)
পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো (ইংৰাজী: Patricia Yurena Rodríguez; জন্ম: ৬ মাৰ্চ ১৯৯০) এগৰাকী স্পেনিছ মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ স্পেইন ২০০৮ আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
পাথুম নিছাংকা
পাথুম নিছাংকা ছিলভা (Pathum Nissanka Silva; জন্ম: ১৮ মে' ১৯৯৮) এগৰাকী পেছাদাৰী শ্ৰীলংকাৰ ক্ৰিকেটাৰ যিয়ে শ্ৰীলংকাৰ হৈ খেলৰ তিনিওটা ফৰ্মেটতে খেলে। ২০২১ চনৰ মাৰ্চ মাহত শ্ৰীলংকা ক্ৰিকেট দলৰ হৈ আন্তৰ্জাতিক পৰ্যায়ত অভিষেক ঘটা তেওঁ বৰ্তমান স্থায়ী ওপেনিং বেটছমেন হিচাপে স্লটত আছে।
-
পান সিং তোমৰ
চুবেদাৰ পান সিং তোমৰ ( Subedar Paan Singh Tomar; ১ জানুৱাৰী ১৯৩২ – ১ অক্টোবৰ ১৯৮১) এজন ভাৰতীয় সৈনিক, খেলুৱৈ আৰু বিদ্ৰোহী (বাগী) আছিল। তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। সেনাবাহিনীত থাকোঁতেই তেওঁৰ তীব্ৰ গতিত দৌৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ হৈছিল।
-
পানাবাকা লক্ষ্মী
ড° পানাবাকা লক্ষ্মী (Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)।
-
পান্না নাইক
পান্না নাইক (ইংৰাজী: Panna Naik; জন্ম: ২৮ ডিচেম্বৰ ১৯৩৩) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গল্পকাৰ, যিয়ে ১৯৬০ চনৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত বাস কৰি আহিছে। স্থানীয় বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত তেওঁ নিজৰ চৌপাশৰ জগতখনৰ পৰা সমল গোটাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।
-
পাপিয়া ঘোষ
পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল। ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী।
-
পাপিয়া সৰৱাৰ
পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।
-
পাপ্পা উমানাথ
পাপ্পা উমানাথ (Pappa Umanath; ৫ আগষ্ট ১৯৩১ – ১৭ ডিচেম্বৰ ২০১০) দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯৭৩ চনত সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সহ-প্ৰতিষ্ঠাপক মহিলা অধিকাৰ কৰ্মী৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য হিচাপে ১৯৮৯ চনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা তামিলনাডু…
-
পাপ্পাম্মাল
পাপ্পাম্মাল (Pappammal, জন্ম: ১৯১৪) এগৰাকী ভাৰতীয় খেতিয়ক। তেওঁ তামিলনাডুত জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰাৰ বাবে বিখ্যাত। ১০৫ বছৰ বয়সতো তেওঁ এতিয়াও সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত। সেয়ে তেওঁক কৃষি ক্ষেত্ৰৰ লগত জড়িত আটাইতকৈ বয়সস্থ কৃষক বুলি অভিহিত কৰা হয়।