জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পিটাৰ ডিংকলেজ
পিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ…
-
পিপল বাবা
পিপল বাবা বা স্বামী প্ৰেম পৰিৱৰ্তন (Peepal Baba) এজন পৰিৱেশবিদ যি নিজৰ দলৰ সৈতে ভাৰতৰ ১৮খন ৰাজ্যৰ ২০২খন জিলাত ২ কোটিৰো অধিক গছ ৰোপণ কৰিছে। ১৯৬৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ চণ্ডীগড়ত ভাৰতীয় সেনাৰ চিকিৎসকৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।
-
পিয়া বাজপেয়ী
পিয়া বাজপেয়ী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ তামিল আৰু হিন্দী ছবিত অভিনয় কৰে। ভেংকট প্ৰভুৰ কমেডী ছবি "গোৱা" আৰু কে ভি আনন্দৰ ৰাজনৈতিক থ্ৰিলাৰ "কো"ত অভিনয়ৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত হয়।
-
পিয়া লামবাৰ্গ
পিয়া লামবাৰ্গ (ইংৰাজী: Pia Lamberg; জন্ম: ৫ অক্টোবৰ ১৯৯০) এগৰাকী ফিনিছ অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ফিনলেণ্ড ২০১১ ৰ মুকুট লাভ কৰিছিল আৰু ২০১১ চনৰ ১২ ছেপ্টেম্বৰত ব্ৰাজিলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১১ প্ৰতিযোগিতাত ফিনলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল।
-
পিয়ুমি হংসমালী
পিয়ুমি হংসমালী গোমেজ (জন্ম: ২২ নৱেম্বৰ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, দূৰদৰ্শন ব্যক্তিত্ব, সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী আৰু মডেল। তেওঁ ৰিতু নামৰ ধাৰাবাহিকখনৰ লগতে ৱাচ্ছানায়ে চন্দা আৰু লক্ষ্ণৌ আদি বোলছবিসমূহত অভিনয় কৰিছে।
-
পিলিক চৌধুৰী
পিলিক চৌধুৰী (Pilik Choudhury) অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলা ব্যক্তিসকলৰ ভিতৰত নিঃসন্দেহে উল্লেখযোগ্য ব্যক্তি আছিল। ফুটবল, ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত নৈপুণ্যতাৰ পৰিচয় দিয়া পিলিক চৌধুৰী অসমৰ সেইসময়ৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি কোৱা হয়।
-
পিলু মমতাজ
পিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১) এগৰাকী বাংলাদেশী লোক-গায়িকা।
-
পীযুষ পাণ্ডে
পীযুষ পাণ্ডে (Piyush Pandey,৫ ছেপ্টেম্বৰ ১৯৫৫ – ২৩ অক্টোবৰ ২০২৫) এজন ভাৰতীয় বিজ্ঞাপন পেছাদাৰী আৰু ৱৰ্ল্ডৱাইডৰ মুখ্য সৃষ্টিশীল বিষয়া (২০১৯)৷ তেওঁ অগিলভিৰ কাৰ্যবাহী-ভাৰতৰ অধ্যক্ষ আছিল। ২০২৪ চনত তেওঁ এল আই এ লিজেণ্ড বঁটা, আৰু ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
পুণম পাণ্ডে
পুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০১৩ চনত মুক্তি পোৱা ইৰোটিক চলচ্চিত্ৰ নাশাৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান খত্ৰোঁ কে খিলাড়ী ৪ (২০১১) আৰু লক আপ (প্ৰথম ছিজন, ২০২২)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
পুন্নগাই পু গীতা
"পুন্নগাই পু" গীতা নামেৰে পৰিচিত গীতেহা আম্মাচি হৈছে মালয়েছিয়াৰ ৰেডিঅ' ব্যক্তিত্ব, চলচ্চিত্ৰ প্ৰযোজক আৰু অভিনেত্ৰী, যি মালয়েছিয়া আৰু ভাৰতৰ তামিল চলচ্চিত্ৰ উদ্যোগ কাম কৰে। গীতাই নিজৰ চলচ্চিত্ৰ প্ৰযোজনা ষ্টুডিঅ 'আৰম্ভ কৰাৰ আগতে মালয়েছিয়াৰ ৰেডিঅ' ষ্টেচন টি. এইচ. আৰ.
-
পুপুল জয়কাৰ
পুপুল জয়কাৰ (: Pupul Jayakar; জন্ম: ১১ ছেপ্টেম্বৰ ১৯১৫ – ২৯ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় সাংস্কৃতিক কৰ্মী আৰু লেখিকা, স্বাধীনোত্তৰ ভাৰতত পৰম্পৰাগত আৰু গাঁৱৰ কলা, হস্ততাঁত, আৰু হস্তশিল্পৰ পুনৰুজ্জীৱনৰ কামৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
পুমলা এলেন গজৱানা কিসোচনকোলে
পুমলা এলেন গজৱানা কিসোচনকোলে (Pumla Ellen Ngozwana Kisosonkole) (১৯১১–১৯৯৭) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মহিলা সংগঠনৰ কৰ্মী আছিল।
-
পুলক বন্দ্যোপাধ্যায়
পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯) এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰু চাৰি হাজাৰৰো অধিক গীতৰ স্ৰষ্টা।
-
পুষ্প দীক্ষিত
পুষ্প দীক্ষিত(:Pushpa Dixit সংস্কৃত: পালা দিখী, আইএএছটি: puṣpā dīkshita [puʂpɑː d̪iːkʂɪt̪ə]) এগৰাকী ভাৰতীয় পণ্ডিত, লেখক আৰু কবি যাক পাণিনীয় ব্যাকৰণৰ অন্যতম প্রধান বিশেষজ্ঞ বুলি বিশ্বাস কৰা হয়।
-
পুষ্পা প্ৰিয়া
পুষ্পা প্ৰেয়া উৰফে পুষ্পা এন এম এগৰাকী ভাৰতীয় লিখক, আই টি (পেছাদাৰী) আৰু স্বেচ্ছাসেৱক। তেওঁ দৃষ্টিহীন লোকৰ পৰীক্ষা লিখাৰ স্বেচ্ছামূলক সেৱাৰ বাবে সুপৰিচিত।
-
পুষ্পা বীৰেন্দ্ৰ গণেদিৱালা
পুষ্পা বীৰেন্দ্ৰ গণেদিৱালা (Pushpa Virendra Ganediwala, জন্ম ১১ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আছিল যদিও মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত কেইবাটাও বিতৰ্কিত ৰায়দান কৰাৰ পিছত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁক স্থায়ী…
-
পুষ্পা ভাৰতী
পুষ্পা ভাৰতী (Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা। তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷
-
পুষ্পা হন্স
পুষ্পা হন্স কাপুৰ ( Pushpa Hans Kapoor; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল।
-
পুষ্পাশ্ৰী পট্টনায়ক
পুষ্পাশ্ৰী পট্টনায়ক: Puspashree Pattnaik হৈছে এগৰাকী ভাৰতীয় শিক্ষাবিদ, জনপ্ৰিয় বিজ্ঞান লেখিকা, সক্ৰিয়কর্মী আৰু সংৰক্ষক। বিজ্ঞান শিক্ষা, জনপ্ৰিয় বিজ্ঞান, পৰিবেশবাদ আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁ পৰিচিত। এক্সপ্ল'ৰিং নেচাৰ হৈছে তেওঁৰ এখন কিতাপ।
-
পুষ্পৰাম দাস
পুষ্পৰাম দাস ( Pushparam Das) কামৰূপ জিলাৰ হাজো অঞ্চলৰ এজন মুক্তি যুঁজাৰু৷ তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস পৰ্যন্ত খাটিছিল৷
-
পু্ত্ৰী মাৰিনো
নি লুহ ধৰ্মা পুত্ৰী মাৰিনো (বালিনীজ: ᬦᬶᬮᬸᬄᬤ᭄ᬳᬃᬫᬧᬸᬢ᭄ᬭᬶᬫᬭᬶᬦᭀ; জন্ম ৪ আগষ্ট ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু উপস্থাপক। তেওঁ ইটালিয়ান–বালিনিজ বংশোদ্ভৱ। তেওঁ চলচ্চিত্ৰ প'জেচিফ (২০১৭)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে চিত্ৰা বঁটা লাভ কৰে।
-
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া (Purandra Prasad Saikia) অসমৰ এজন উল্লেখযোগ্য শিশু সাহিত্যিক, ঔপন্যাসিক, কবিৰ লগতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৷ এতিয়ালৈকে দুশখনৰো সৰু বৰ পুথি প্ৰকাশ কৰিছে৷ ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে অসম চৰকাৰৰ এককালীন ক্ৰীড়া পেন্সন আৰু সাহিত্যক পেন্সন লাভ…
-
পূজা কাপুৰ
পূজা কাপুৰ: Pooja Kapur; ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু জি-২০ সৌছ শ্বেৰ্পা(G20 Sous Sherpa)। এই পদত নিযুক্ত হোৱাৰ আগতে, তেওঁ ডেনমাৰ্ক ৰাজ্যত ভাৰতীয় ৰাষ্ট্ৰদূত আছিল আৰু তাৰ পূৰ্বে বুলগেৰিয়া ৰিপাব্লিক আৰু উত্তৰ মেচিডোনিয়া ৰিপাব্লিকত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পূজা কুমাৰ
পূজা কুমাৰ ইংৰাজী: Pooja Kumar;এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান অভিনেত্ৰী যিয়ে তামিল, হিন্দী আৰু ইংৰাজী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। ১৯৯৫ চনত ‘মিছ ইণ্ডিয়া ইউ এছ এ’ খিতাপ জয় কৰাৰ পাছত তেওঁ অভিনেত্ৰী আৰু প্ৰযোজক হিচাপে কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়িছিল।
-
পূজা ঘাটকাৰ
পূজা ঘাটকাৰ (ইংৰাজী: Pooja Ghatkar; জন্ম: ১৯৮৯) এগৰাকী ভাৰতীয় পেছাদাৰী শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰে।
-
পূজা চেৰী ৰয়
পূজা চেৰী ৰয় (বাংলা: পূজা চেব়ি, জন্ম: ২০ আগষ্ট ২০০২) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ শিশু শিল্পী হিচাপে চলচ্চিত্ৰ মনেৰ ঘৰে বসত কৰে (২০১১)ত অভিনয় জীৱনৰ আৰম্ভণি কৰে যদিও চূড়ান্ত মুক্তিত তেওঁৰ দৃশ্য বাদ পৰে। মুক্তিপ্ৰাপ্ত প্ৰথম চলচ্চিত্ৰ আছিল ভালবাসাৰ ৰং (২০১২)।
-
পূজা ধিংৰা
পূজা ধিংৰা পূজা ধিংৰা (জন্ম ১৯৮৬) এগৰাকী ভাৰতীয় পেষ্ট্ৰী চেফ আৰু মহিলা ব্যৱসায়ী। প্ৰথমবাৰৰ বাবে তেখেতে ভাৰতত মেকাৰণ স্তৰ খুলিছিল। লগতে তেওঁ বেকাৰী চেইন লে১৫ পেটিচেৰিৰ গৰাকী যি মেকাৰণ আৰু ফৰাচী ডিজাৰ্ট বিশেষজ্ঞ।
-
পূজা বেনাৰ্জী
পূজা বেনাৰ্জী (জন্ম ৬ ফেব্ৰুৱাৰী ১৯৮৭), যাক কেতিয়াবা পূজা বোস বা সৰলভাৱে পূজা বুলিও ক্ৰেডিট দিয়া হয়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ বাংলা চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছে।
-
পূজা শৰ্মা (উদ্যোগপতি)
পূজা শৰ্মা (Pooja Sharma; জন্ম: ) এগৰাকী ভাৰতীয় উদ্যোগপতি। তেওঁ তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা, যি ঘৰৰপৰা বাহিৰলৈ গৈ কাম কৰিছিল। তেওঁ এটা আত্ম-সহায়ক গোট স্থাপন কৰিছিল আৰু এখন বেকাৰী খুলি ১৫০ গৰাকী মহিলাক নিযুক্তি দিছিল। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক বহুকেইটা পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।
-
পূজা শৰ্মা (সমাজ কৰ্মী)
পূজা শৰ্মা (: Pooja Sharma, জন্ম ৭ জুলাই ১৯৯৬ ) এগৰাকী ভাৰতীয় সমাজকৰ্মী যিয়ে ২০২২ চনৰ পৰা দিল্লীত গৰাকী বিহীন মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আহিছে, যাৰ বাবে তেওঁক বিবিচিৰ ২০২৪ চনৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছিল।