পাউলা আন্দ্ৰিয়া বেটানকৌৰ আৰোয়েভ (ইংৰাজী ভাষা: Paula Andrea Betancur; জন্ম: ১ জুন ১৯৭২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।১ বেটানকৌৰে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাজনাস বিভাগক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ কলম্বিয়া ১৯৯২ ৰ খিতাপ অৰ্জন কৰিছিল।
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ ইউনিভাৰ্ছ ১৯৯৩
মেক্সিকোত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ১৯৯৩ ত বেটানকৌৰে কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল। প্ৰতিযোগিতাখনৰ আৰম্ভণিৰেপৰা তেওঁ খিতাপটোৰ বাবে এগৰাকী প্ৰিয় প্ৰতিযোগী আছিল। প্ৰতিযোগিতাখনৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত প্ৰকাশ পাইছিল যে তেওঁ সকলো প্ৰতিযোগীৰ ভিতৰত প্ৰাৰম্ভিক সাক্ষাৎকাৰত সৰ্বাধিক নম্বৰ (৯.৭০) লাভ কৰিছিল। তেওঁ শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে আৰু ইভিনিং গাউন প্ৰতিযোগিতাত সৰ্বাধিক নম্বৰ অৰ্জন কৰে। তেওঁৰ উচ্চ নম্বৰ আৰু দৰ্শকৰ ব্যাপক সমৰ্থন সত্ত্বেও তেওঁ প্ৰথম ৰানাৰ-আপ (দ্বিতীয় স্থান) হিচাপে সমাপ্ত কৰে। ধাৰাবাহিকভাৱে তিনি বছৰ ধৰি মিছ ইউনিভাৰ্ছৰ প্ৰথম ৰানাৰ-আপ হোৱা তিনিগৰাকী মিছ কলম্বিয়া খিতাপধাৰীৰ ভিতৰত পাউলা আন্দ্ৰিয়া অন্যতম। ইয়াৰ আগৰ বছৰটোত মিছ ইউনিভাৰ্ছ ১৯৯২ প্ৰতিযোগিতাত পাওলা তুৰ্বেয়ে দ্বিতীয় স্থান লাভ কৰিছিল আৰু পৰৱৰ্তী বছৰত কেৰোলিনা গোমেজ মিছ ইউনিভাৰ্ছ ১৯৯৪ ত প্ৰথম ৰানাৰ-আপ হৈছিল।
কেৰিয়াৰ
নিজা কাৰ্যকালৰ পিছত তেওঁ জিয়ানি ভাৰ্চাচৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ মডেল হিচাপে কেটৱাকত মনোনিৱেশ কৰে। তেওঁ ইটালীৰ আলোচনী জিঅয়াৰ বেটুপাতত স্থান লাভ কৰিছিল। তেওঁ '২০-০৪ চেলেঞ্জ'ত অংশগ্ৰহণ কৰি বিজয়ী হৈছিল আৰু ২০১৫ চনত পুনৰ ৰিয়েলিটী শ্ব' 'চেলেঞ্জ ২০১৫'ত অংশ লৈছিল, যিটো এইবাৰ ভাৰতত অনুষ্ঠিত হৈছিল। তেওঁ স্পেনিছ পৰিচালক ফাৰ্নান্দো ট্ৰুৱেবাৰ কমেডী ছবি টু মাছৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে, যাৰ মুখ্য চৰিত্ৰত আছিল এণ্টোনিঅ' বেণ্ডেৰাছ আৰু মেলানি গ্ৰিফিথ। তেওঁ 'ক্লাছ মডেলছ'ৰ দৰে কলম্বিয়ান মডেলিং কোম্পানীৰ অংশ হৈ পৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'ল'এজেন্স'ৰ সৈতে চুক্তিবদ্ধ হয়।
পাউলা আন্দ্ৰিয়াই এগৰাকী উদ্যোগী হিচাপে এখন চালাড আৰু ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট স্থাপন কৰিছিল, কিন্তু পিছলৈ অনুভৱ কৰে যে এয়া তেওঁৰ বাবে সঠিক নহয় আৰু ইয়াৰ পৰিৱৰ্তে তেওঁ নিজাকৈ গাউনৰ এটা লাইন মুকলি কৰে। ইয়াৰ উপৰি তেওঁৰ ছালৰ বাবে ময়েশ্চাৰাইজিং তেলৰ (পাউলা আন্দ্ৰিয়া চিক্ৰেটছ) এক সৌন্দৰ্য বৰ্ধক লাইন আছে।
মডেল হিচাপে তেওঁৰ শেহতীয়া কাম আছিল ডনজুৱান আলোচনীৰ বাবে। আৰচিএন চেনেলৰ টেলিছিৰিজ চামাৰ ইন ভেনিচত মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত তেৱো আছিল, কিন্তু শেষ মুহূৰ্তত আন এগৰাকী অভিনেত্ৰীকহে নিৰ্বাচিত কৰা হয়।
তথ্যসূত্ৰ
- ↑ (4 January 2017). ¿Enamorada? Paula Andrea Betancourt se inspira en Einstein para hablar del amor. www.caracoltv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাউলা আন্দ্ৰিয়া বেটানকৌৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫৫৯৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।