অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পানাবাকা লক্ষ্মী

ড° পানাবাকা লক্ষ্মী (Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ড° পানাবাকা লক্ষ্মী (Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)। অন্ধ্ৰ প্ৰদেশৰ বাপাটলা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ সংযুক্ত অন্ধ্ৰপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ প্ৰতিনিধি।১

ব্যক্তিগত জীৱন

ড° পানাবাকা লক্ষ্মীৰ জন্ম নেল্লোৰৰ (অন্ধ্ৰ প্ৰদেশ) কাৱলীত৷ তেওঁৰ বিবাহ হয় ড° পি কৃষ্ণইয়া লগত৷ তেওঁলোকৰ দুগৰাকী কন্যা আছে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসনত তেওঁ এম.এ. ডিগ্ৰী লাভ কৰিছিল৷২

কৰ্মজীৱন

নেল্লোৰৰ পৰা ১১, ১২, আৰু ১৪ নং লোকসভালৈ আৰু বাপাটলাৰ পৰা ১৫ নং লোকসভালৈ তেওঁ নিৰ্বাচিত হয়। তেখেতে ইউপিএ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (২০০৪–০৯), পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয় (২০০৯–১৪)ৰ ৰাজ্যিক মন্ত্ৰী আছিল।৩

২০১৯ চনৰ লোকসভা নিৰ্বাচনত তিৰুপতিৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাপে ৱাইএছআৰচিপিৰ বল্লী দুৰ্গা প্ৰসাদ ৰাওৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল।৪২০২১ চনত সাংসদ বল্লী দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যুৰ পিছত খালী হৈ থকা তিৰুপতি আসনৰ পৰাই তেওঁ লোকসভাৰ উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু পৰাস্ত হয়৷৫

তথ্যসূত্ৰ

  1. ↑ Samdani MN. (Mar 14, 2019). Panabaka Lakshmi in TDP: Congress leaders Panabaka Lakshmi, Harsha Kumar join TDP · Vijayawada News - Times of India. The Times of India
  2. ↑ Detailed Profile: Smt. Lakshmi Panabaka
  3. ↑ Minister of State. Ministry of Petroleum and Natural Gas
  4. ↑ (24 May 2019). Tirupati Election Results 2019: YSRCP's Balli Durga Prasad Rao has won with 228376 votes. www.timesnownews.com
  5. ↑ Murali, S. (2021-04-06). Panabaka Lakshmi blames YSRCP, BJP for rise in prices of essential commodities. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানাবাকা লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৫৩ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।