পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল।১
ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী। পশ্চিম বংগ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া টুকটুক কুমাৰ তেওঁৰ ভগ্নী আৰু টাইমছ অৱ ইণ্ডিয়া লেখক জগ সুৰাইয়া তেওঁৰ ঘনিষ্ঠ সহযোগী আছিল।২৩
জীৱন
পাপিয়া ঘোষৰ জন্ম হৈছিল ১৯৫৩ চনৰ ৮ অক্টোবৰত, বিহাৰৰ ডুমকাত (ভাৰত) বিহাৰ কেডাৰৰ আই এ এছ বিষয়া৪ উজ্জ্বল কুমাৰ ঘোষ আৰু তেওঁৰ পত্নী পূৰ্ণিমা ঘোষৰ চাৰিগৰাকী কন্যাৰ ভিতৰত তেওঁ আছিল তৃতীয় কন্যা। বহুলভাৱে ৰাজনৈতিক হত্যাকাণ্ড৫ বুলি ধৰা ১৯৫৭ চনৰ ঘটনাৰ বলি হৈছিল তেওঁৰ পিতৃ। পৰৱৰ্তী সময়ত চাৰিওগৰাকী ভগ্নীক লালন-পালন কৰে মাতৃয়ে আৰু স্বামীৰ হত্যাৰ পিছত কন্যা সন্তানক পোহপাল দিবলৈ স্কুলৰ শিক্ষয়িত্ৰীৰ চাকৰি গ্ৰহণ কৰে।
পাপিয়াই পাটনাৰ ছেইণ্ট জোচেফ কনভেণ্ট হাইস্কুলত পঢ়িছিল, তেওঁ তাত স্কুলৰ টপাৰ আছিল আৰু ১৯৭১ চনত হেড গাৰ্ল নিৰ্বাচিত হৈছিল। পাটনা মহিলা মহাবিদ্যালয় (পাটনা বিশ্ববিদ্যালয়)৬ৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছাত্ৰ সংঘৰ প্ৰধানও নিৰ্বাচিত হৈছিল। পাপিয়া সৰুৰে পৰাই এগৰাকী উৎসুক তাৰ্কিক, নাট্যকাৰ আৰু লেখিকা আছিল; তেওঁ তেওঁৰ ভগ্নী টুকটুকৰ সৈতে মিলি জুনিয়ৰ ষ্টেটছমেনত কুকি কল নামেৰ এক স্তম্ভৰ নিয়মীয়া লেখক হৈ পৰিছিল,৭ জুনিয়ৰ ষ্টেটছমেন সেই সময়ৰ এখন জনপ্ৰিয় যুৱ আলোচনী আছিল।
১৯৭৫ চনত জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনৰ সময়ত পাটনা বিশ্ববিদ্যালয় অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰাত পপিয়া ঘোষ দিল্লী বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু তাতেই বিহাৰৰ স্বাধীনতাৰ পূৰ্বৰ নাগৰিক অবাধ্যতা আন্দোলন (১৯৩০–৩৪)ৰ বিষয়ে অধ্যয়ন কৰি এমফিল আৰু পি এইচ ডি সম্পূৰ্ণ কৰে। পি এইচ ডিৰ পিছত দুবছৰ দিল্লী বিশ্ববিদ্যালয়ত ইতিহাস বিভাগত অধ্যাপনা কৰে। ১৯৭৯ চনত তেওঁ পুনৰ পাটনালৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়। এইটো আংশিকভাৱে তেওঁ মাকক পোহপাল দিবলৈ কৰিছিল যিগৰাকী তেতিয়ালৈকে নিজাববীয়াকৈ জীয়াই আছিল লগতে তেওঁ শৈক্ষিক গৱেষণাৰ মূল কেন্দ্ৰবিন্দু হিচাপে গঠিত ভূমি, মানুহ আৰু সমাজৰ মাজত জীয়াই থাকিব আৰু কাম কৰিব বিচৰাৰ বাবেও কৰিছিল।
পাটনাত পপিয়াই প্ৰথমে পাটনা মহিলা মহাবিদ্যালয়ত আৰু তাৰ পিছত পাটনা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপনা কৰিছিল। এগৰাকী উচ্চ সন্মানীয় শিক্ষয়িত্ৰী হিচাপে তেওঁ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা শিক্ষাৰ বিষয়বস্তু আৰু মান যাতে দেশৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ সমতুল্য হয় তাৰ বাবে ব্যক্তিগতভাৱে কষ্ট কৰিছিল। বিশেষকৈ পাটনা বিশ্ববিদ্যালয়ৰ মানৰ সাধাৰণ অৱনতি, উপলব্ধ অতি সীমিত পুঁজি, অৱনতি ঘটা সুবিধা আৰু চৰকাৰী উদাসীনতাৰ প্ৰতি লক্ষ্য ৰাখি এইটো তেওঁৰ বাবে প্ৰত্যাহ্বানজনক আছিল।
পাটনাৰ পৰিস্থিতি আৰু ভাৰতৰ অধিক উচ্চ পদস্থ শৈক্ষিক কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি পেছাদাৰী স্বীকৃতি পোৱাটো কঠিন আছিল। তথাপিও তেওঁক সন্মানীয় ৰকফেলাৰ ফাউণ্ডেশ্যন ফেল’শ্বিপ (দুবাৰ), লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি (চিমলা) আৰু তিনমূৰ্তি ভৱন (নতুন দিল্লী)ৰ পৰা ফেল’শ্বিপ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও তেওঁ সন্মানীয় শৈক্ষিক জাৰ্নেলসমূহত বহুকেইটা বিদ্বান গৱেষণা-পত্ৰৰে নিজৰ অৱদান আগবঢ়াইছিল।
দাৰ্শনিক ৰুমীৰ অনুগামী পাপিয়া ঘোষে চুফী ৰহস্যবাদৰ প্ৰতি আকৰ্ষিত হৈছিল, যিটোক তেওঁ ভাৰতীয় উপমহাদেশৰ আত্মসাৎকাৰী সংস্কৃতিক প্ৰকৃততে প্ৰতিনিধিত্ব কৰা প্ৰভাৱৰ এক অনন্য মিশ্ৰণ হিচাপে দেখিছিল। আধুনিক সাহিত্যৰ প্ৰতিও তেওঁৰ আছিল অতি আগ্ৰহ, বিশেষকৈ ভাৰতীয় আৰু পাকিস্তানী মহিলা আৰু তেওঁলোকৰ বিষয়ে লিখা লেখাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল।
হত্যা
২০০৬ চনৰ ২/৩ ডিচেম্বৰৰ নিশা পাপিয়া ঘোষক হত্যা কৰা হৈছিল, লগতে তেওঁৰ বৃদ্ধ সহায়িকা মালতী দেৱীকো হত্যা কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদনত চকু, ডিঙি আৰু পেটকে ধৰি বিভিন্ন ঠাইত ৩৪টা ছুৰীৰ আঘাতৰ কথা উল্লেখ কৰা হৈছিল৷ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত ছয়জন লোকৰ ভিতৰত চাৰিজনক গ্ৰেপ্তাৰ, বিচাৰ আৰু দোষী সাব্যস্ত কৰা হৈছে আৰু তাৰ পিছত পলাতক হৈ থকা বুলি নাম উল্লেখ কৰা অভিযুক্ত দুজনক ২০১২ চনৰ আগষ্ট মাহত বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে তেওঁলোকৰ গোচৰৰ বিচাৰ এতিয়াও বাকী আছে।৮
কাম
পি.এইচ ডি.ৰ পিছত পপিয়া ঘোষে দৌলত ৰাম মহাবিদ্যালয়ত (দিল্লী বিশ্ববিদ্যালয়) কম সময়ৰ বাবে ইতিহাস বিভাগত অধ্যাপনা কৰে, আৰু তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ত দুবছৰ কাল অধ্যাপনা কৰে। ১৯৭৯ চনত তেওঁ পাটনালৈ উভতি যায় আৰু ১৯৯১ চনলৈকে তেওঁৰ আলমা মেটাৰ পাটনা মহিলা মহাবিদ্যালয় (পাটনা বিশ্ববিদ্যালয়)ত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত পদোন্নতি লাভ কৰি পাটনা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগলৈ স্থানান্তৰিত হয়।
তেওঁৰ গৱেষণা বিষয়সমূহ অন্যান্যৰ লগতে ১৯৪৭ চনত বিভাজনৰ প্ৰভাৱ, দলিত মুছলমানৰ দুৰ্দশা, জনগোষ্ঠী আন্দোলন, জনপ্ৰিয় সংহতি সংস্কৃতি, ধৰ্মনিৰপেক্ষতা, ৰাজনৈতিক প্ৰক্ৰিয়াত অসুবিধাগ্ৰস্তসকলৰ অৱদান আদিৰ সৈতে জড়িত আছিল।৯ বিশেষকৈ পৰিচয়ৰ প্ৰশ্নবোৰৰ প্ৰতি তাইৰ আগ্ৰহ আছিল, বিশেষকৈ মানুহক নিজৰ উৎপত্তিস্থলৰ পৰা আঁতৰাই নিয়াৰ সময়ত নিজকে ব্যক্তিগত আৰু সামূহিকভাৱে কেনেকৈ চিনাক্ত কৰে সেই বিষয়ৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছিল৷তেওঁৰ বেছিভাগ সময় দুৰ্গম অঞ্চল ভ্ৰমণ কৰি, মূলঃ উৎস (দেশৰ ভিতৰত আৰু বাহিৰত)ক লগ কৰি আৰু নিজৰ সীমিত সম্পদ ব্যৱহাৰ কৰি প্ৰত্যক্ষভাৱে প্ৰাথমিক গৱেষণা কৰিছিল৷ তেওঁ ঘণ্টাৰ পিছত ঘণ্টা অনুবাদৰ কাম কৰিছিল, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীক সহায় কৰিবলৈ সদা আগ্ৰহী আছিল৷ তেওঁ নিজই উৰ্দু পঢ়া-শুনা কৰিছিল আৰু শিকিছিল, কিয়নো তেওঁ অধ্যয়ন কৰা বহুতো পাণ্ডুলিপি নাষ্টালিক লিপিত লিখা হৈছিল। তেওঁ নিজকে স্থানীয় পৰম্পৰাত নিমজ্জিত কৰিছিল (বহুত অস্পষ্ট, কিছুমান মৃত্যুমুখত পৰিছে) আৰু সমসাময়িক (যেনে লণ্ডনত বাংলাদেশী জনসংখ্যা) আৰু ঐতিহাসিক (যেনে মৰিচাছ আৰু ৱেষ্ট ইণ্ডিজ) প্ৰব্ৰজনকাৰী উপ-মহাদেশীয় জনসংখ্যাৰ তেওঁ এগৰাকী আগ্ৰহী ছাত্ৰীও আছিল।
তথ্যসূত্ৰ
- ↑ Historian Papiya Ghosh murder shocks Patna - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া, www.timesofindia.indiatimes.com, accessed on 26 March 2011
- ↑ Tributes and Messages for Papiya, www.papiyaghosh.com, accessed on 26 March 2011
- ↑ Papiya Ghosh: From JS to an End by Dr. Amitabh Mitra, www.boloji.com, accessed on 26 March 2011
- ↑ Purnujjal Papiya Ghosh Memorial Trust Standing up for Justice and Excellence!, www.purnujjalpapiyaghoshmemorialtrust.com, accessed on 26 March 2011
- ↑ Purnujjal Papiya Ghosh Memorial Trust Standing up for Justice and Excellence!, www.purnujjalpapiyaghoshmemorialtrust.com, accessed on 26 March 2011
- ↑ University of Patna, www.wikipedia.org, accessed on 8 April 2011
- ↑ Papiya Ghosh: From JS to an End by Dr. Amitabh Mitra, www.boloji.com, accessed on 26 March 2011
- ↑ Status of Investigation:Papiya Ghosh, www.papiyaghosh.com, accessed on 26 March 2011
- ↑ Oxford University Press: Community and Nation: (Late) Papiya Ghosh, www.oup.com, accessed on 26 March 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপিয়া ঘোষ” প্ৰবন্ধৰ সংশোধন ৬৩৪৭১০ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।