পন্তেহা আবৰেছি (পাৰ্চী: پان تانآ ابارشی; জন্ম ১৯৯৯)১ কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান মাল্টি-ডিচিপ্লিনাৰী শিল্পী আৰু সংগ্ৰাহক। তেওঁ মূলতঃ ইনষ্টলেচন আৰ্ট, ভিডিঅ' আৰ্ট আৰু পাৰফৰমেন্স আৰ্টৰ ভিতৰত কাম কৰে। তেওঁলোক জামাইকান আৰু ইৰাণী বংশৰ আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া ৰোগ আৰু অক্ষমতাৰ বিষয়ে কাম কৰি আহিছে।২ আবৰেছিৰ ঘৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত।২ আবৰেছিয়ে নিজকে তেওঁ/তেওঁলোক/তেওঁলোকৰ সৰ্বনামৰ সৈতে চিনাকি দিয়ে।৩
জীৱনী
১৯৯৯ চনত কানাডাৰ কিউবেকৰ মণ্ট্ৰিয়েলত পন্তেহা আবৰেছিয়ে জন্মগ্ৰহণ কৰিছিল আৰু এৰিজোনাৰ টাচনত ডাঙৰ-দীঘল হৈছিল।১৪ আবৰেছিৰ মাক জামাইকান আৰু পিতৃ ইৰাণী; তেওঁলোকক প্ৰধানকৈ তেওঁলোকৰ অকলশৰীয়া পিতৃয়ে ডাঙৰ-দীঘল কৰিছিল।৫৬৭ আবৰেছিৰ জিনীয় তেজৰ বিকাৰ সহিতে জন্ম হৈছিল, যাৰ নাম, চিকেল চেল জিৰ' বিটা থেলাছেমিয়া, যিয়ে দীৰ্ঘদিনীয়া বিষ আৰু বয়স বঢ়াৰ লগে লগে অধিক বিষৰ সৃষ্টি কৰে।৪৫ তেওঁলোকৰ তেজৰ বিকাৰ দুবছৰ বয়সত ধৰা পৰিছিল।৭ আবৰেছিয়ে তেওঁ/তেওঁলোক/তেওঁলোকৰ সৰ্বনামৰ সৈতে নিজক চিনাক্ত কৰে।৩
আবৰেছিয়ে ইউনিভাৰ্চিটি অৱ চাদাৰ্ন কেলিফৰ্ণিয়াত (ইউ এছ চি) ৰস্কি স্কুল অৱ আৰ্ট এণ্ড ডিজাইনত অধ্যয়ন কৰিছিল।১ ইউ এছ চিত জেনিফাৰ ৱেষ্টে এগৰাকী গুৰু আৰু শিক্ষক হিচাপে কাম কৰি আহিছে।৮
আবৰেছিয়ে দীৰ্ঘদিনীয়া ৰোগৰ অভিজ্ঞতা ব্যৱহাৰ কৰি চিকিৎসা হিংসা, প্ৰতিনিধিত্ব, বস্তুগততা আৰু অধিক ধাৰণা ইত্যাদি পৰীক্ষা কৰে।১৫ আবৰেছিৰ ভিডিঅ' কাম, ফৰ মেডিকেল ইউজ অনলি (২০১৯) শিল্পী কেৰলিন লাজাৰ্ডৰ বাবে প্ৰভাৱশালী।৯
২০২০ চনৰ জানুৱাৰী মাহত আবৰেছি বিচ মেগাজিনৰ কভাৰত আছিল (২০২০ চনৰ বসন্ত, ৮৬ সংখ্যা)।১০ ২০২০ চনৰ বসন্ত কালত তেওঁলোকে শিল্প গ্ৰন্থ পান্তেহা আবৰেশী: আই এম ইনছাইড দ্য বডি (স্মিং স্মিং বুকছৰ দ্বাৰা প্ৰকাশিত) প্ৰকাশ কৰে।১১ আবৰেছীক ২০২১ চনৰ ভিএছএ ইমাৰ্জিং আৰ্টিষ্ট প্ৰতিযোগিতা, কেনেডি চেণ্টাৰৰ দ্বাৰা সন্মানিত কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ Panteha Abareshi: Tender Calamities. Department of Cultural Affairs (DCA)
- ↑ Small, Zachary. (2021-03-24). As People Reflect on Their Bodies, Museums Turn to Artists for Answers. The New York Times
- ↑ Penney, Aubree. (July 6, 2021). Panteha Abareshi: Tender Calamities. CAA Reviews
- ↑ DeBenedictis, Gabby. (2021-10-27). Tucson Artist Wins Award, Will Tour With National Exhibition. Tucson, AZ Patch
- ↑ (2017-03-30). Meet Panteha Abareshi, the 17-Year-Old Artist Taking Inspiration From Illness, Mysticism and Roses. PAPER
- ↑ Clifford, Edward. (June 18, 2018). 10 Questions for Panteha Abareshi. Mass Review
- ↑ Gamble, Ione. Panteha Abareshi. Riposte
- ↑ Ceniza, Sophia. (2019-10-30). Roski artist details experience with illness in new exhibit. Daily Trojan
- ↑ (2021-06-16). Pride 2021: Seven Artists on the Queer Works that Shaped Their Practices. The Pew Center for Arts & Heritage
- ↑ Metraux, Julia. (July 21, 2020). Artist Panteha Abareshi Uses Art to Show What Chronic Illness Actually Looks Like. Yahoo News
- ↑ Mike Corrao: Review of Panteha Abareshi. Annulet Poetics Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পন্তেহা আবৰেছি” প্ৰবন্ধৰ সংশোধন ৫৬৯৩২১ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।