পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল। ২০১৩ চনত তেওঁ বাংলা একাডেমিৰ তৰফৰ পৰা ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰিছিল আৰু ২০১৫ চনত একে অনুষ্ঠানৰ পৰাই ফেলʼশ্বিপো পাইছিল। সংগীত জগতত তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁ ২০২১ চনত, বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান একুশে পদক লাভ কৰিছিল। তেওঁৰ অনন্য কণ্ঠ আৰু পৰিৱেশন শৈলীৰ মাধ্যমেৰে তেওঁ বঙালী সংস্কৃতিক সমৃদ্ধ কৰে।১২৩
"নাই টেলিফোন নাই ৰে পিয়ন নাই ৰে টেলিগ্ৰাম" নামৰ গীতটি সৰৱাৰৰ ৰচিত উল্লেখযোগ্য গীতসমূহৰ ভিতৰত অন্যতম।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫২ চনৰ ২১ নৱেম্বৰ তাৰিখে, বাংলাদেশৰ বৰিশাল চহৰত, ছৈয়দ বজলুৰ ৰহমান আৰু ফাতেমা ৰহমানৰ গৃহত পাপিয়া সৰৱাৰে জন্মগ্ৰহণ কৰিছিল।৫ পিতৃ-মাতৃৰ আঠটা সন্তানৰ ভিতৰত পাপিয়া আছিল পঞ্চমজনী। তেওঁ ১৯৬৬ চনত, ছায়ানট নামৰ অনুষ্ঠান এটিত ৱাহিদুল হক, সনজীদা খাতুন এবং জাহেদুৰ ৰহিমৰ পৰা আৰু পিছলৈ বুলবুল ললিতকলা একাডেমিৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।৬৭ তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী আছিল। ১৯৭৩ চনত শান্তিনিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ সংগীত অধ্যয়ন কৰাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা এটি বৃত্তি লাভ কৰিছিল। বিশ্বভাৰতী বিশ্ববিদ্যালয়ত তেওঁ শান্তিদেব ঘোষ, কণিকা বন্দ্যোপাধ্যায় আৰু নীলিমা সেনৰ তত্ত্বাৱধানত ৰবীন্দ্ৰ সংগীত আৰু ধ্ৰুবতাৰা যোশীৰ তত্ত্বাৱধানত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে।৬
কৰ্মজীৱন
১৯৯৬ চনত তেওঁ "গীতসুধা" নামে এটি সংগীত দলৰ প্ৰতিষ্ঠা কৰে।৮ তেওঁৰ প্ৰকাশিত এলবামসমূহৰ ভিতৰত পূৰ্ণ চন্দ্ৰ মায়ায় (২০১৩)৯ আৰু চোখেৰ দেখা প্ৰাণেৰ কথা (২০১৪) উল্লেখযোগ্য।১০
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯৭৮ চনত, মহম্মদ সৰৱাৰ-ই-আলমৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।১১২ জাৰা আৰু জিছা নামেৰে তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। জাৰা, দ্য কলেজ অৱ নিউ জাৰ্চিৰ জীৱবিজ্ঞানৰ সহকাৰী অধ্যাপিকা আৰু জিছা, কানাডাৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা কাৰ্যবাহী।১০
২০০৮ চনৰ এক তথ্য অনুসৰি, সৰৱাৰে ঢাকাৰ ধনমণ্ডিত বসবাস কৰিছিল।১২
২০২১ চনত সৰৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।৪ ২০২৪ চনৰ ১২ ডিচেম্বৰ তাৰিখে, ৭২ বছৰ বয়সত ঢাকাৰ এটি ব্যক্তিগত চিকিৎসালয়ত১৩ তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।৫১৪
বঁটা
- ৰবীন্দ্ৰ পুৰস্কাৰ
- একুশে পদক (২০২১)
তথ্যসূত্ৰ
- ↑ Alom, Zahangir. (8 May 2013). Days in Shantiniketan. The Daily Star
- ↑ (27 December 2015). Seven eminent citizens awarded Bangla Academy fellowship. The Daily Star
- ↑ (2021-02-04). 21 eminent personalities named for Ekushey Padak. The Daily Star
- ↑ (2024-12-12). Papia Sarwar on life support. Dhaka Tribune
- ↑ Rabindra Sangeet icon Papia Sarwar passes away. Dhaka Tribune
- ↑ (2013-11-21). Birthday celebrations for Papia Sarwar. The Daily Star
- ↑ (21 November 2016). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ (2018-01-10). Geetosudha celebrates 21 years. The Daily Star
- ↑ (4 February 2013). Papia Sarwar's new album hits the market. The Daily Star
- ↑ (8 January 2014). Papia and Jisha's musical venture. The Daily Star
- ↑ (25 November 2013). bn:পাপিয়া সাৰোয়াৰ. Jai Jai Din
- ↑ Mia, Sajeeb. (2015-05-06). Prim and proper Papia. Prothomalo
- ↑ (2024-12-11). Papia Sarwar in critical condition, placed on life support. The Daily Star
- ↑ (2024-12-13). Papia Sarwar no more. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপিয়া সৰৱাৰ” প্ৰবন্ধৰ সংশোধন ৬১৬৫৯০ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।