জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নীৰ্জা ভটলা
নীৰ্জা ভটলা এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ হিচাপৰ কৰ্মৰত চিকিৎসক। ভাৰতত মহিলা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৫ চনত তেওঁক ভাৰতৰ এক অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
নু নু য়ি
নু নু য়ি (Nu Nu Yi) নু নু য়িক ইনৱা বুলিও কোৱা হয়৷ তেখেত এগৰাকী বাৰ্মিজ লেখক আৰু তেখেতে চৰকাৰী চেন্সৰৰ পৰা নিৰীক্ষণ লাভ কৰিছে। ২০০৭ চনৰ মেন এছিয়ান লিটাৰেৰী প্ৰাইজৰ বাবে মনোনীত হোৱা তেওঁৰ উপন্যাস স্মাইল এজ দে ব' (১৯৯৪)ক ১২ বছৰতকৈ অধিক সময়কালৰ বাবে চেন্সৰ কৰা হৈছিল।
-
নুচৰাত ফাৰিয়া
নুচৰাত ফাৰিয়া মাজহাৰ (জন্মতে: ফাৰিয়া চেতু; জন্ম: ৮ ছেপ্টেম্বৰ ১৯৯৫) (ইংৰাজী: Nusraat Faria Mazhar) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, গায়িকা, টেলিভিছন উপস্থাপিকা আৰু ৰেডিঅ' জকী। তেওঁ মূলতঃ ঢালিউড আৰু টলিউডৰ ছবিত কাম কৰে।
-
নুনে টুমানিয়ান
নুনে টুমানিয়ান ১৯৬৩ চনৰ ২৩ অক্টোবৰত ইয়েৰেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান শিল্পী আৰু ভাস্কৰ্য শিল্পী।
-
নুৰ বানো
নুৰ বানো (ইংৰাজী: Noor Bano; ১৯৪২ – ১৪ ফেব্ৰুৱাৰী ১৯৯৯) পাকিস্তানৰ সিন্ধৰ এগৰাকী লোক-গায়িকা। সিন্ধত বিশেষকৈ সিন্ধৰ গ্ৰাম্য অঞ্চলত তেওঁৰ জনপ্ৰিয়তা আছিল।
-
নুৰিন ডিৱুলফ
নুৰিন ডিৱুলফ (ইংৰাজী: Noureen DeWulf; পূৰ্বৰ নাম: আহমেদ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ৱেষ্ট বেংক ষ্টোৰী (২০০৫), গোষ্টছ অৱ গাৰ্লফ্ৰেণ্ডছ পাষ্ট (২০০৯), আৰু দ্য বেক-আপ প্লেন (২০১০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
নূৰ বুখাৰী
নূৰ বুখাৰী (نُور بُخاری; জন্ম ৩ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী প্ৰাক্তন অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন সঞ্চালিকা। তেওঁ কেইবাটাও টেলিভিছন অনুষ্ঠান, চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰিছে। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত তেওঁ ৪৪খন উৰ্দু চলচ্চিত্ৰ আৰু ২০খন পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
নৃপেন ফুকন
নৃপেন ফুকন হৈছে এগৰাকী অসমীয়া কবি, প্ৰবন্ধকাৰ, তথ্যচিত্ৰ পৰিচালক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, সমাজ কৰ্মী।
-
নেইনা সিং
নেইনা সিং (ইংৰাজী: Naina Singh; জন্ম: ৪ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বিশেষকৈ স্প্লিটচভিলা ১০ জয় কৰাৰ বাবে আৰু কুমকুম ভাগ্য ধাৰাবাহিকত ৰিয়া মেহৰাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ১৪ত অংশগ্ৰহণ কৰিছিল।
-
নেগাৰ জাৱাহেৰিয়ান
নেগাৰ জাৱাহেৰিয়ান (ফাৰ্চী: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
নেজলা ইছিক
নেজলা ইছিক (: Nejla Işık) এগৰাকী তুৰস্কৰ পৰিৱেশ কৰ্মী আৰু তুৰ্কী সম্প্ৰদায়ৰ নেত্ৰী যিয়ে আকবেলেন বনাঞ্চলৰ বনাঞ্চল ধ্বংস ৰোধ কৰাৰ প্ৰচেষ্টাত জড়িত হৈ আছে। তেওঁ ২০২৪ চনত ইকিজকোয়ৰ মুখতাৰ হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কৰা ভূমিকাৰ বাবে আন্তৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিছিল।
-
নেজিব আহমেদ
নেজিব আহমেদ অসমৰ এগৰাকী ফটোগ্ৰাফাৰ। ২০২৩ চনত লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত আয়োজন কৰা বছৰৰ ৫৯ সংখ্যক বন্যপ্ৰাণী ফটোগ্ৰাফাৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰণ লাভ কৰিছিল আৰু হাইলি কমেণ্ডেড হিচাপে বঁটা লাভ কৰিছিল। উক্ত অনুষ্ঠানত তেওঁৰ ফটোখন প্ৰদৰ্শিত হৈছিল।
-
নেথমী ৰোচেল
নেথমী নিষেকা ৰোচেল ৰজাৰ্ছ (ইংৰাজী: Nethmi Nisheka Roshel Rogers; জন্ম: ৬ নৱেম্বৰ ১৯৯৮), জনপ্ৰিয়ভাৱে নেথমী ৰোচেল নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল।
-
নেথা হুছেইন
নেথা হুছেইন (Netha Hussain;; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৱিকিপিডিয়ান। কৰ’ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে ৱিকিপিডিয়াত বিয়পা ভুল তথ্যসমূহ ৰোধ কৰিবলৈ তেওঁ আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
নেদা হাছানী
নেদা হাছানী ( Neda Hassani) ( জন্ম,১৯৭৭ – মৃত্যু,২৩ জুন ২০০৩ ) এগৰাকী ইৰানৰ বিদ্ৰোহী আছিল।
-
নেন্সি পেলোচি
নেন্সি পেট্ৰিচিয়া পেলোচি ( Nancy Patricia Pelosi; জন্ম ২৬ মাৰ্চ, ১৯৪০) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে আৰু পুনৰ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে আমেৰিকাৰ প্ৰতিনিধি সদনৰ ৫২ সংখ্যক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ২০০৩ চনৰ পৰা ২০২৩ চনলৈকে হাউছ ডেম'ক্ৰেট দলৰ নেতৃত্ব দিয়ে।
-
নেপালৰ ৰাণী ঐশ্বৰ্য
ঐশ্বৰ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ (; নেপালী: ऐश्वर्य राज्य लक्ष्मी देवी शाह; জন্ম: ৭ নৱেম্বৰ ১৯৪৯ – মৃত্যু: ১ জুন ২০০১) ১৯৭২ চনৰ পৰা ২০০১ চনলৈ নেপালৰ ৰাণী আছিল। তেওঁক বঢ়া মহাৰাণী (बडामहारानी) বুলিও কোৱা হয়।
-
নেমাই ঘোষ
নেমাই ঘোষ বা নিমাই ঘোষ আছিল এজন প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ, সত্যজিৎ ৰায়ৰ সৈতে কৰা কামৰ বাবে বেছিকৈ পৰিচিত, গুপি গাইন বাঘা বাইন (১৯৬৯)ৰ পৰা আৰম্ভ কৰি ৰেৰ শেষৰখন ছবি এগ্ৰিমুক (১৯৯১)লৈকে দুটা দশকৰো অধিক সময় ধৰি স্থিৰ ফটোগ্ৰাফাৰ হিচাপে।
-
নেলচা আলভেচ
নেলচা আলভেচ (ইংৰাজী: Nelsa Alves; জন্ম: ৬ জুলাই ১৯৮৭) এগৰাকী আংগোলান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৯-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মডেল হিচাপে আত্মপ্ৰকাশ কৰিয়েই তেওঁ মিছ ইংগোম্বোটা খিতাপ জয় কৰিছিল আৰু পৰৱৰ্তী সময়ত সমাজহিতকৰ কাম-কাজৰ প্ৰসাৰত মনোনিবেশ কৰিছিল।
-
নেলি মেডিচন
নেলি মে মেডিচন (জন্ম নাম মুনী; ৫ এপ্ৰিল, ১৮৯৫ – ৮ জুলাই, ১৯৫৩) ১৯৩৪ চনত স্বামীক হত্যা কৰাৰ অপৰাধত হত্যাৰ দোষী সাব্যস্ত হোৱা এগৰাকী আমেৰিকান মহিলা। কেলিফৰ্ণিয়া ৰাজ্যত মৃত্যুদণ্ডৰ চৰম শাস্তি পোৱা দ্বিতীয়গৰাকী মহিলা আছিল মেডিচন, ১৯০৬ চনত শেষৰজনী আছিল এমা লেড’ক্স।
-
নেলী মুগো
নেলী মুগো কেনিয়াৰ এগৰাকী প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু এইচ আই ভি আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ গৱেষণাৰ সৈতে জড়িত বিজ্ঞানী। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গ্ল'বেল হেল্থ আৰু কেনিয়া মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ক্লিনিকেল ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণা সহযোগী অধ্যাপিকা।
-
নেলী সেনগুপ্ত
নেলী সেনগুপ্ত ( Nellie Sengupta; জন্ম: এডিথ এলেন গ্ৰে; ১২ জানুৱাৰী ১৮৮৮- ২৩ অক্টোবৰ ১৯৭৩) ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী ইংৰাজ মহিলা। প্ৰথম মহিলা এল্ডাৰমেন হিচাপে ১৯৩৩ চনত কলিকতাত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত হয়।
-
নেলী ৱেভাৰ গ্ৰীণ
নেলী ৱেভাৰ গ্ৰীণ (১৮৭০ চনৰ দশক – ৬ অক্টোবৰ, ১৯৫৭) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ক্লাব মহিলা আছিল। ১৯২৪ চনৰ পৰা ১৯২৮ চনলৈকে তেওঁ অকলাহোমা ফেডাৰেচন অৱ কলাৰ্ড উইমেনছ ক্লাবছৰ সভানেত্ৰী আছিল।
-
নেহা আহুজা
নেহা আহুজা (ইংৰাজী: Neha Ahuja; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় প্ৰাক্তন আলপাইন স্কী খেলুৱৈ। তেওঁ ইটালীৰ টুৰিনত অনুষ্ঠিত ২০০৬ চনৰ শীতকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আহুজা অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ পতাকা বাহকো আছিল।
-
নেহা কিৰপাল
নেহা কিৰপাল (Neha Kirpal)এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী মহিলা। কলা আৰু মানসিক স্বাস্থ্যৰ কামৰ বাবে তেওঁ পৰিচিত। ২০০৮ চনত তেওঁ ইণ্ডিয়া আৰ্ট ফেয়াৰ প্ৰতিষ্ঠা কৰে, লগতে তেওঁ আমাহা নামৰ মানসিক স্বাস্থ্য সংস্থা এটাৰো সহ-প্ৰতিষ্ঠাপক।
-
নেহা দীক্ষিত
নেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰতীয় অপেছাদাৰী সাংবাদিক। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক। তেওঁক চামেলি দেৱী জৈন বঁটা (২০১৬) আৰু লগতে চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম এৱাৰ্ড (২০১৯) প্ৰদান কৰা হৈছে।
-
নেহা ভাছিন
নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবী লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত।
-
নেহা মেহতা
নেহা মেহতা (জন্ম: ১ এপ্ৰিল ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী চলচ্চিত্ৰ আৰু হিন্দী দূৰদৰ্শনত কাম কৰে। মেহতাক ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া চিটকম তাৰক মেহতা কা উল্টা চসমাত (২০০৮–২০২০) "অঞ্জলি মেহতা"ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়।
-
নেহা সিং
নেহা সিং (: Neha Singh; জন্ম: ৫ মে' ১৯৮২ ) এগৰাকী ভাৰতীয় নাট্য নিৰ্মাতা, লেখিকা নেহা সিঙে ২০১৪ চনত Why loiter নামৰ ব্লগৰ যোগেদি এক অভিযান আৰম্ভ কৰিলে। এই অভিযান আৰম্ভ কৰাৰ প্ৰেৰণা তেওঁ লাভ কৰিছিল একে নামৰ গ্ৰন্থ এখন পঢ়াৰ পাছত, যিখন লিখিছিল মুম্বাইৰ তিনিগৰাকী নাৰী শিল্পা ফাডকে, সমীৰা খান আৰু…
-
নেহা সিং ৰাঠৌৰ
নেহা সিং ৰাঠৌৰ এগৰাকী ভোজপুৰী গায়িকা। তেওঁ মুদ্ৰাস্ফীতি, দুৰ্নীতি, দৰিদ্ৰতা আৰু চৰকাৰী ব্যৰ্থতাক গীতৰ যোগেদি প্ৰশ্ন আৰু ব্যংগ কৰে। তেওঁ বিহাৰৰ কাইমুৰ জিলাৰ বাসিন্দা৷ তেওঁৰ গানৰ ভিতৰত বিহাৰ মে কৰা বা?, ইউপি মে কৰা বা?, আৰু ইউপি মে কৰা বা? ছিজন ২ যথেষ্ট ভাইৰেল হৈছে।