অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (West Assam Milk Producers' Co-Operative Union Limited), ৱামূল বা জনপ্ৰিয় ৰূপত পৰিচিত পূৰবী ডেইৰী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপুৰণি আৰু বৃহৎ দুগ্ধ সমবায় সংঘ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ(FSSAI)ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এই সমবায় সংঘটোৰ বীজ ৰোপণ…

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৭৩২ শব্দ · ৪ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (West Assam Milk Producers' Co-Operative Union Limited), ৱামূল বা জনপ্ৰিয় ৰূপত পৰিচিত পূৰবী ডেইৰী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপুৰণি আৰু বৃহৎ দুগ্ধ সমবায় সংঘ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ(FSSAI)ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এই সমবায় সংঘটোৰ বীজ ৰোপণ হৈছিল ১৯৭৬ চনত; অসমৰ নগাঁও, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ একাংশ সমবায়ৰ সন্মিলিত প্ৰয়াসৰ জৰিয়তে৷ ভাৰত চৰকাৰৰ "মীন পালন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰালয়"ৰ অধীনস্থ 'ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদ'ৰ দ্বাৰা বৰ্তমান ৱামূল পৰিচালিত হৈ আছে৷ ইয়াৰ মূল কাৰ্যালয় আৰু প্ৰকল্পকেন্দ্ৰ কামৰূপ মহানগৰ জিলা জিলাৰ পাঞ্জাবাৰীত অৱস্থিত৷ ৱামূলে পূৰবী ব্ৰেণ্ড নামটোৰে দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ বিপণন আৰু বিতৰণ কৰে৷ ৱামূলে গুৱাহাটীস্থিত কেন্দ্ৰৰ পৰা গড় হিচাপত দৈনিক প্ৰায় ৫০,০০০ লিটাৰতকৈও অধিক গাখীৰ বিপণন কৰে আৰু প্ৰায় ৭,০০০ লিটাৰৰ দুগ্ধজাত সামগ্ৰী গুৱাহাটীকে ধৰি নামনি আৰু উজনি অসমত বিক্ৰী কৰে৷ ১ উল্লেখ্য যে, প্ৰতিষ্ঠানটোৰ লগত অসমৰ প্ৰায় ৩০,০০০ কৃষক জড়িত হৈ আছে৷২

ইতিহাস

ই অপাৰেছন ফ্লাড-২ৰ অধীনত কামৰূপ জিলাৰ পাঞ্জাবাৰীত দুগ্ধ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে৷]]

১৯৭৬ চনত নগাঁও, মৰিগাঁও, গোৱালপাৰা, নলবাৰী আৰু কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ সমবায় সংঘৰ দুগ্ধ উৎপাদকসকলৰ সমূহীয়া প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে সমবায় সংঘৰ ৰূপত ৱামূলৰ জন্ম হৈছিল৷ অসমত দুগ্ধ বিকাশৰ বাবে ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ অপাৰেছন ফ্লাডৰ অধীনত এই সংঘ প্ৰতিষ্ঠা কৰা হয়৷ ১৯৮১ চনত ৰামপুৰৰ দেইৰি সমবায়ৰ পৰা দুগ্ধ সংগ্ৰহ আৰু গুৱাহাটী নগৰ দুগ্ধ যোগান আঁচনিলৈ দুগ্ধ যোগান আৰম্ভ কৰা হয়৷ ১৯৮৩ চনৰ ৫ মে' বৃহস্পতিবাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কামৰূপ জিলাৰ পাঞ্জাবাৰীত দুগ্ধ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে৷ অপাৰেছন ফ্লাড-২ৰ অধীনত এই নতুন প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল৷ ১৯৮৬ চনত গুৱাহাটীৰ খানাপাৰাত এটা শীতলীকৰণ কেন্দ্ৰ স্থাপন কৰা হয় আৰু গ্ৰাহকৰ মাজত দুগ্ধ বিপণনৰ সূচনা হয়৷ একেটা বছৰতে পূৰবী ব্ৰেণ্ড নামেৰে পলি পাউছ পেকেটত শীতল গাখীৰৰ বিক্ৰী আৰম্ভ৷ ১৯৮৯ চনত ৬০,০০০ লিটাৰৰ ক্ষমতাবিশিষ্ট নতুন তৰল গাখীৰ প্ৰকল্পৰ (liquid milk plant) সক্ৰিয় কৰা হয়৷ ইয়াৰ জৰিয়তে পেষ্টুৰাইজড্ আৰু হ'ম'জেনাইজড ট'নড্ গাখীৰ পলি পাউচ পেকেটত ভৰাই বিক্ৰীৰ বাবে সাজু কৰা হয়৷ ১৯৯১ চনত বজাৰত ডাবল ট'নড গাখীৰ বিক্ৰী আৰম্ভ হয়৷ ৩ ২০২১ চনত পূৰবী ডেইৰীয়ে প্ৰতি দিনে ডেৰ লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ লক্ষ্যৰে তেওঁলোকৰ পাঞ্জাবাৰীৰ মূল প্ৰকল্পস্থলীত সংবৰ্ধন আৰু বিস্তাৰ প্ৰকল্প আৰম্ভ কৰে৷ এই বিস্তাৰ প্ৰকল্পটোৰ বাবে অসম চৰকাৰৰ অধীনস্থ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প-ই (APART) সামগ্ৰিকভাৱে প্ৰায় ৪৭ কোটি ধন ব্যয় কৰিব৷ ৪

২০২২ বৰ্ষৰ ৭ জানুৱাৰী তাৰিখে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ মীন, পশুপালন তথা দুগ্ধপালনৰ মন্ত্ৰী পৰশোত্তম খোড়াভাই ৰূপালাই বিশ্ব বেংকৰ পুঁজিকৃত APARTৰ অধীনত এই বিস্তাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে৷ একেটা অনুষ্ঠানতে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য'ত তেওঁলোকে ২,০০০ কোটি টকাৰ ব্যয়সাপেক্ষে পৰৱৰ্তী সাতটা বছৰত দৈনিক দহ লাখ দুগ্ধ উৎপাদন কৰিব পৰাৰ লক্ষ্যেৰে অসমত ছটা নতুন দুগ্ধ প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ বাবে এটা যৌথ উদ্যোগ আৰম্ভ কৰা হ'ব৷ ইয়াৰ জৰিয়তে অসমৰ ১,৭৫,০০০ কৃষক৫ লাভৱান হ'ব বুলি কোৱা হৈছে৷ ৬

কাৰ্য প্ৰণালী

পূৰবী ডেইৰীৰ প্ৰৱেশদ্বাৰ
পূৰবী ডেইৰীৰ প্ৰৱেশদ্বাৰছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

দুগ্ধ সংগ্ৰহ

ৱামূলে উজনি আৰু নামনি অসমৰ গাঁৱত থকা বহু স্বীকৃতিপ্ৰাপ্ত দুগ্ধ সমবায় সমিতিৰ পৰা দিনটোত দুবাৰকৈ কেঁচা গাখীৰ (Raw Cow Milk) সংগ্ৰহ কৰে৷ এইসমূহ হৈছে ৱামূলৰ দ্বাৰা অনুমোদিত দুগ্ধ সমবায় সমাজ বা দুগ্ধ উৎপাদক প্ৰতিষ্ঠান৷ দুগ্ধ সংগ্ৰহ কৰাৰ সময়ত তাৰ গুণ আৰু মান প্ৰণালীবদ্ধভাৱে সমবায় কেন্দ্ৰতে পৰীক্ষা কৰা হয়৷ ৭ৱামূলে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ডৰ ভিত্তিত সংগ্ৰহিত এই কেঁচা গাখীৰৰ গুণাগুণ নিৰ্ধাৰণ কৰা হয়৷

সংসাধন

ৱামূলৰ সম্পূৰ্ণভাৱে স্বয়ংক্ৰিয় দুগ্ধ প্ৰকল্পটো কামৰূপ (মহানগৰ) জিলাৰ পাঞ্জাবাৰীত অৱস্থিত৷ ইয়াত দৈনিক ৬০,০০০ লিটাৰ দুগ্ধ সংসাধন (Process) কৰা হয়৷ বৰ্তমানৰ দুগ্ধ সংসাধন গোটটোত ৫,০০০ লিটাৰ/ঘণ্টা আৰু ১০,০০০ লিটাৰ/ঘণ্টাৰ দুটাকৈ পেষ্টুৰাইজাৰ কাৰ্যক্ষম হৈ আছে৷ ইয়াৰ লগতে সক্ৰিয় হৈ আছে ৫,০০০ লিটাৰ/ঘণ্টাৰ এটা হ'ম'জেনাইজাৰ আৰু ৫,০০০ লিটাৰ/ঘণ্টাৰ এটা ক্ৰিম বিভাজক৷ ৭এইসমূহৰ উপৰিও প্ৰকল্পটোত থকা কিছুমান স্বয়ংক্ৰিয় সৰঞ্জাম/যন্ত্ৰই বিভিন্ন কাৰ্য সম্পাদন কৰে৷ সেইসমূহৰ ভিতৰত পাত্ৰ প্ৰক্ষালক, বাকচ প্ৰক্ষালক, দুগ্ধ পাম্প, সংৰক্ষণ টেংক, বাষ্পিত্ৰ (বইলাৰ), শীতলীকৰণ প্ৰকল্প আৰু স্বয়ংক্ৰিয়ভাৱে কাপ ভৰ্তি কৰা যন্ত্ৰ৷ প্ৰকল্পটিৰ পৰিচ্ছন্নতা নিয়মতিভাৱে বৰ্তাই ৰাখিবলৈ কষ্টিক চ'ডা দ্ৰৱণ, বাষ্প আৰু উতলা পানীৰে ইয়াক দিনত দুবাৰকৈ পৰিষ্কাৰ কৰা হয়।

পেকেজিং

প্ৰকল্পটিত প্ৰস্তুত হোৱা দুগ্ধজাত সামগ্ৰীৰ পেকেজিং বীজাণুমুক্ত কৰিবলৈ পেকেটৰ অন্তৰ্ভাগ অতি-বেঙুণীয়া ৰশ্মিৰ সংস্পশলৈ অনা হয়৷ ইয়াৰ ফলত 'শূন্য বীজাণু'ৰ নিশ্চয়তা পোৱা যায়৷ পেষ্টুৰাইজদ্ আৰু হ'ম'জেনাইজদ্ গাখীৰ বিপণনৰ বাবে সাজু কৰি তোলাৰ লগতে প্ৰতিটো দুগ্ধজাত পণ্য একে গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় আৰু সৰ্বোচ্চ বিশুদ্ধতাৰ বাবে ইয়াৰ পেকেজিঙো যন্ত্ৰৰ জৰিয়তে কৰা হয়৷ ৭

অন্যান্য প্ৰকল্প

পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ প্ৰকল্পস্থলীত সংবৰ্ধনৰ কাম চলি থকাৰ মুহূৰ্ত
পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰীৰ প্ৰকল্পস্থলীত সংবৰ্ধনৰ কাম চলি থকাৰ মুহূৰ্তছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

২০২১ বৰ্ষৰ বিশ্ব গাখীৰ দিৱসৰ প্ৰাক্-ক্ষণত পূৰবী ডেইৰীয়ে একাধিক নতুন প্ৰকল্প ঘোষণা কৰে৷ তাৰে ভিতৰত দুগ্ধ সমবায় সমাজত সৌৰ-শক্তি চালিত স্বয়ংক্ৰিয় দুগ্ধ সংগ্ৰহ প্ৰণালী (Solar-Powered Automatic Milk Collection System (AMCS)) সংস্থাপন, কৃষকসকলৰ বাবে সাৰ ব্যৱস্থাপনা তথা ফ্লেক্সি জৈৱিক গেছ প্ৰণালীৰ ব্যৱস্থা উল্লেখযোগ্য৷ সৌৰ শক্তি চালিত প্ৰণালীটোৰ মুখ্য উদ্দেশ্য হৈছে কাৰ্বন পদচিহ্ন আৰু কাৰ্যকৰী ব্যয় হ্ৰাস কৰা, গাখীৰৰ মানদণ্ড উন্নত কৰা আৰু স্বচ্ছ গাখীৰ সংগ্ৰহৰ এটা পৰিৱেশ সৃষ্টি কৰা। উল্লেখনীয় যে, দুগ্ধৰ উৎপাদন বঢ়াবলৈ আৰু ৰেচন সন্তুলন কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰিক ব্যয় হ্ৰাস কৰিবলৈ প্ৰতিষ্ঠানটোৰ সৈতে ২৮ গৰাকী পশু কাৰ্যবাহী আৰু ৪৫০+ গৰাকী ভ্ৰাম্যমান কৃত্ৰিম গৰ্ভধাৰণ প্ৰকৰ্মী (Mobile Artificial Insemination Technicians) জড়িত হৈ আছে৷ এইসমূহ কাৰ্যসূচীৰ এটা উদ্দেশ্য গৰুৰ বাবে সন্তুলিত খাদ্য বা ৰেচনৰ যোগানত মনোনিৱেশ কৰা৷ এই কাৰ্যসূচীৰ এটা পৰিণতিস্বৰূপে মিথেন নিৰ্গমনৰ মাত্ৰাও হ্ৰাস পোৱা পৰিলক্ষিত হয়৷ ৮

কামৰূপ জিলাৰে চাংসাৰীত ৬.১৮ কোটিৰ বিনিয়োগপ্ৰাপ্ত এটা গৰু খাদ্য প্ৰকল্প (Cattle Feed Plant) স্থাপন কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সহযোগত আৰু নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি বিকাশ পুঁজি(RIDF)ৰ উদ্যোগত এই প্ৰকল্পটো অনুমোদিত হৈছে। এই প্ৰকল্পটোৱে ৩,০০০ মেট্ৰিকটন খনিজ মিশ্ৰণৰ লগতে বাইপাছ প্ৰ'টিনযুক্ত আহাৰ প্ৰতি বছৰে উৎপাদন কৰিব পাৰে আৰু ১৫,০০০ মেট্ৰিক টন বাইপাছ প্ৰ'টিন-আধাৰিত গৰু খাদ্য প্ৰস্তুত কৰিব পাৰিব৷ ৯

অসম এখন দুগ্ধচহকী ৰাজ্য নহয়৷ আনহাতে বৰ্ণসংকৰ গৰুৰ সংখ্যাও মুঠ গৰুৰ সংখ্যাৰ ৫%তকৈ কম৷ তেনে এক প্ৰেক্ষাপটত অসমত দুগ্ধ উৎপাদন বঢ়াবলৈ ৱামূলে বিশ্ব বেংকৰ পুঁজিৰ সহায়ত অসম চৰকাৰৰ 'অসম ডেইৰী বিকাশ পৰিকল্পনা'ৰ অধীনত দুৱাৰমুখৰ কৃত্ৰিম গৰ্ভধাৰণৰ (Artificial insemination) এক বিশেষ সেৱা মুকলি কৰিছে৷ কৃত্ৰিম গৰ্ভধাৰণৰ দ্বাৰা স্থানীয় গো-পালকসকলক লাভান্বিত কৰিবলৈ ৱামূলে ভাৰতৰ গুজৰাটত থকা ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত শীৰ্ষস্থানীয় বীৰ্য কেন্দ্ৰ 'সবৰমতী আশ্ৰম গৌশালা'ৰ পৰা শীতলীকৃত বীৰ্যৰ পালি (Frozen Semen Dosage) সংগ্ৰহ কৰিছে৷ ১০

প্ৰকল্পটিৰ একাংশ
প্ৰকল্পটিৰ একাংশছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

দুগ্ধজাত সামগ্ৰীসমূহ

ৱামূলে প্ৰস্তুত কৰা দুগ্ধজাত সামগ্ৰীৰ ভিতৰত ঘিঁউ, ক্ৰিম, পনীৰ, দৈ, মিঠা দৈ, লচ্চী আদি উল্লেখযোগ্য৷ প্ৰকল্পটোৱে স্মাৰ্ট মিল্ক, ষ্টেণ্ডাৰ্ড মিল্ক আৰু পূৰবী গ'ল্ড-এই তিনিটা প্ৰকাৰৰ দুগ্ধৰ বিপণন কৰে৷ শেহতীয়াকৈ বিপণনৰ বাবে সাজু কৰি তোলা পূৰবী গোল্ডত ৬% চৰ্বি আৰু ৯% কঠিন অচৰ্বি (SNF) আছে৷ ২

বাহ্যিক সংযোগ

পূৰবী ডেইৰীৰ আনুষ্ঠানিক ৱেবছাইট

তথ্যসূত্ৰ

  1. ↑ About Us. Official Website of WAMUL
  2. ↑ TNM NewsDesk. (Apr 10, 2022). Purabi Dairy introduces full cream milk ‘Purabi Gold’. The News Mill
  3. ↑ WAMUL. Official Website of WAMUL
  4. ↑ (23 February, 2021). Purabi Dairy to ramp up output to 1.5 lakh litres daily Read more at: timesofindia.indiatimes.com/articleshow/81173390. PTI. Times of India
  5. ↑ (10 Jan 2022). Assam govt teams up with NDDB to set up Rs 2,000 cr dairy JV. Projects Today
  6. ↑ PTI. (January 08). Assam govt to set up Rs 2,000-cr dairy joint venture. The Week
  7. ↑ Milk Route. Official Website of WAMUL
  8. ↑ (June 1, 2021). World Milk Day: Purabi Dairy committed to sustainable practices. EastMojo
  9. ↑ (February 24, 2021). Purabi Dairy to ramp up output to 1.5 lakh litres daily. EastMojo
  10. ↑ Wamul Initiatives-ARTIFICIAL INSEMINATION. Official Website of WAMUL

সম্পৰ্কিত শ্ৰেণী

অসমৰ উদ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড” প্ৰবন্ধৰ সংশোধন ৫৩০৩৪৬ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।