অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মেশ্বৰ গগৈ

পদ্মেশ্বৰ গগৈ (Padmeswar Gogoi) হৈছে এগৰাকী শিক্ষাবিদ আৰু বুৰঞ্জীবিদ। ১৯৫৯ চনৰ এপিল মাহত নগাঁৱত বহা অসম সাহিত্য সভাৰ‌‌ চতুৰ্দশ অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৩ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পদ্মেশ্বৰ গগৈ (Padmeswar Gogoi) হৈছে এগৰাকী শিক্ষাবিদ আৰু বুৰঞ্জীবিদ। ১৯৫৯ চনৰ এপিল মাহত নগাঁৱত বহা অসম সাহিত্য সভাৰ‌‌ চতুৰ্দশ অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

জন্ম আৰু বংশ পৰিচয়

পদ্মেশ্বৰ গগৈৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ চেতিয়া গাৱঁত। তেওঁৰ পিতৃৰ নাম টঙ্কেশ্বৰ গগৈ।১

শিক্ষা

১৯২৭ চনত কটন কলেজৰ পৰা আই,এ পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত‌ প্ৰথম স্থান অধিকাৰ কৰি উওীৰ্ণ হয়। ১৯২৯চনত কটন কলেজৰ পৰা অৰ্থনীতি বিষয়ত অৰ্নাছ‌সহ বি,এ পাছ কৰে।১৯৩২ চনত এম এ পাছ কৰে আৰু ১৯৫৫ চনত প্ৰতিযোগিতামূলক বৃওিলাভ কৰি প্ৰবেশিকা পাছ কৰে।২

চাকৰি জীৱন

যোৰহাটৰ জগন্নাথ বৰুৱা‌ মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰি ইং ১৯৪৮ চন পৰ্য্যন্ত তাতেই শিক্ষকতা কৰি থাকে। ১৯৪৮ চনত গুৱাহাটীৰ কটন কলেজত অৰ্থনীতি বিভাগৰ এম এ শ্ৰেণী খোলাত গগৈদেৱে সহকাৰী অধ্যাপকৰ পদত যোগদান কৰে। ১৯৫৭-৫৮ চনত এবছৰ কাল ধুবুৰী কলেজৰ অধ্যক্ষ হিচাপে কাম চলাইছিল সেই কাম ভাল নলগাত পুনৰ বিশ্ববিদ্যালয়লৈ উভতি আহি আগৰ পদত যোগদান কৰে। ১৯৭৩ চনত অৱসৰ গ্ৰহণ কৰে যদিও পুনৰ বিশ্ববিদ্যালয়ৰ মঞ্জুৰী আয়োগৰ অধীনত বিশ্ববিদ্যালৰ অৱসৰ‌ প্ৰাপ্ত শিক্ষকৰ সেৱা আঁচনিৰ অন্তৰ্গত অধ্যাপনাৰ কামত‌ যোগদান কৰি ভালে কেইখনি ৰিচাৰ্চ পেপাৰ ইং ১৯৭৩ চনলৈকে দাখিল কৰিছিল।৩

সাহিত্যৰাজি

  1. Westward Migration of the Tai (১৯৫০)
  2. চিন্তাৱলী৪

বঁটা আৰু সন্মান

গগৈয়ে "The Tai and the Tai Kingdom is Assam"নামেৰে গৱেষণা গ্ৰন্থ লিখি ডি ফিল্ড উপাধি লাভ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া, প্ৰথম সংস্কৰণ ১৯৯৪, পৃষ্ঠা নং: ৮১
  2. ↑ বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮২
  3. ↑ বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮২
  4. ↑ বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮৩
  5. ↑ বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ‌ চেতিয়া, প্ৰথম সংস্কৰণ: ১৯৯৪, পৃষ্ঠা নং: ৮৩

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মেশ্বৰ গগৈ” প্ৰবন্ধৰ সংশোধন ৩৭৭৬৪৪ (১১ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।