নেহা সিং (জন্ম: ২২ এপ্ৰিল ১৯৮৬), যিয়ে নিজৰ মঞ্চনাম পবিত্ৰা পুনিয়া নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ‘লাভ ইউ জিন্দেগী’-ত গীত ঢিলন আৰু চলোৱা ফেণ্টাচী ধাৰাবাহিক ‘বালবীৰ ৰিটাৰ্ণছ’-ত তিমনাছা নামৰ এক দুষ্ট পৰীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।১ তেওঁ ২০০৯ চনত ‘এমটিভি স্প্লিটছভিলা ৩’ আৰু ২০২০ চনত ‘বিগ বছ ১৪’ ৰ দৰে বাস্তৱধৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।২
কৰ্মজীৱন
পবিত্ৰা পুনিয়াই এমটিভিৰ ৰিয়েলিটি শ্ব’ ‘এমটিভি স্প্লিটছভিলা ৩’-ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৩
২০১০ চনত তেওঁ ‘গীত – হুই ছবছে পৰায়ী’ ধাৰাবাহিকত দলজিৎ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ শ্ব’ ‘লাভ ইউ জিন্দেগী’-ত সিদ্ধাৰ্থ শুক্লাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তেওঁ লাইফ অ’কে চেনেলৰ ৰিয়েলিটি শ্ব’ ‘ৱেলকাম – বাজী মেহমান নাৱাজী কী’-ৰো অংশ আছিল।
ইয়াৰ পিছত তেওঁ মুকুল মিশ্ৰৰ দ্বাৰা পৰিচালিত ‘সিদ্ধাৰ্থ - লাভ, লাষ্ট, পিচ’ নামৰ বোলছবিখনত অভিনয় কৰে, য’ত মহেশ ভাট, শিৱম ভাৰ্গৱ আৰু ছাজাহান পদমছিয়ে অভিনয় কৰিছিল। পুনিয়াই ‘ৰিটজ জীলে য়ে পল’, ‘এমটিভি মেকিং দ্য কাট ২’, ‘হোংগে জুদা না হম’, ‘সাৱৰে ছবকে ছপনে প্ৰীতো’ আৰু ‘ডৰ ছবকো লগতা হ্যে’ আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক ‘য়ে হ্যে মহব্বতেঁ’-ত প্ৰধান খলনায়িকা নিধি ছাব্ৰাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ইয়াৰ উপৰি তেওঁ টিভিৰ ‘গংগা’-ত কৰুণা চৰিত্ৰত অভিনয় কৰিছিল। জি টিভিৰ ‘কালেৰে’-ৰ এটা বিশেষ খণ্ডৰ বাবে তেওঁ এগৰাকী ইচ্ছাধাৰী নাগিনৰ ভূমিকাও পালন কৰিছিল। ইয়াৰ পিছত তেওঁ কালাৰ্ছ টিভিৰ ‘নাগিন ৩’-ত পৌলমী ৰয়ৰ চৰিত্ৰত অভিনয় কৰে। ছনী ছাবৰ ফেণ্টাচী ধাৰাবাহিক ‘বালবীৰ ৰিটাৰ্ণছ’-ত তেওঁ তিমনাছা নামৰ এগৰাকী দুষ্ট পৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
২০২০ চনৰ অক্টোবৰ মাহত পুনিয়াই ‘বিগ বছ ১৪’-ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে। ৫৭-তম দিনা তেওঁ এই অনুষ্ঠানৰ পৰা বিদায় লয়।৪
ব্যক্তিগত জীৱন
পুনিয়াই ২০১৫ চনৰ অক্টোবৰ মাহত ব্যৱসায়ী সুমিত মাহেশ্বৰীৰ সৈতে বাগদান সম্পন্ন কৰিছিল; অৱশ্যে প্ৰতিবেদন অনুসৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ বিবাহ সম্পন্ন নহ’ল।৫ ২০২০ চনত মাহেশ্বৰীয়ে সংবাদ মাধ্যমত দাবী কৰিছিল যে তেওঁ পুনিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ আৰু পুনিয়াই কেইবাজনো পুৰুষৰ সৈতে তেওঁক প্ৰতাৰণা কৰিছিল।৬ মাহেশ্বৰীক অভিনেতা পাৰশ ছাব্ৰাই সমৰ্থন কৰিছিল, যাৰ সৈতে পুনিয়াই ২০১৮ চনত কিছুদিন ডেটিং কৰিছিল। ছাব্ৰাৰ মতে, পুনিয়াই তেওঁৰ পৰা নিজৰ বৈবাহিক স্থিতি লুকুৱাই ৰাখিছিল আৰু তেওঁ বিবাহিত বুলি জানিব পৰাৰ পিছত ছাব্ৰাই তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল।৫
পুনিয়াই মাহেশ্বৰী আৰু ছাব্ৰাৰ কোনো দাবীৰ পোনপটীয়া সঁহাৰি দিয়া নাছিল আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত কৈছিল, "মই কেৱল ইমানকে ক’ব পাৰোঁ যে কাৰোবাৰ জনপ্ৰিয়তাৰ সুযোগ লৈ চৰ্চালৈ অহাটো ভাল কথা।"৬ ইয়াৰ উপৰি পুনিয়া অভিনেতা প্ৰতীক সহজপালৰ (যি বিগ বছ ১৫-ৰ বাবে পৰিচিত) সৈতেও সম্পৰ্কত আছিল, যিয়ে পিছত ৰাজহুৱাকৈ তেওঁক অত্যাধিক অধিকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।৭
পৰৱৰ্তী সময়ত পুনিয়াই বিগ বছ ১৪-ৰ সহ-প্ৰতিযোগী ইজাজ খানৰ সৈতে ডেটিং কৰে আৰু ২০২২ চনত তেওঁলোকৰ বাগদান সম্পন্ন হয়, কিন্তু ২০২৪ চনত অজ্ঞাত কাৰণত দুয়োৰে মাজত বিচ্ছেদ ঘটে।৮
২০২৫ চনৰ অক্টোবৰ মাহত পুনিয়াই মুম্বাই নিবাসী এজন ব্যৱসায়ীৰ সৈতে নিজৰ বাগদানৰ কথা ঘোষণা কৰি অনুষ্ঠানটোৰ আলোকচিত্ৰ প্ৰকাশ কৰে। বাগদত্তজনৰ নাম ৰাজহুৱা কৰা হোৱা নাই আৰু তেওঁ বিনোদন জগতৰ বাহিৰৰ ব্যক্তি বুলি জানিব পৰা গৈছে।৯
তথ্যসূত্ৰ
- ↑ (10 January 2021). Pavitra Punia 'overwhelmed' to be back on 'Baalveer Returns' post 'Bigg Boss 14' sojourn - Times of India. The Times of India
- ↑ (2020-11-30). Pavitra Punia evicted from Bigg Boss Season 14. The Indian Express
- ↑ Srivastav, Priyanka. (2011-01-29). MTV Splitsvilla bikini girl in Bebo avatar. India Today
- ↑ Cyril, Grace. (2020-11-13). Aly Goni always catches Pavitra Punia and Eijaz Khan together. New Bigg Boss 14 video - Television News. India Today
- ↑ Exclusive - Bigg Boss 14: Paras Chhabra claims Pavitra Punia was married while she was dating him and kept him in dark. The Times of India
- ↑ (3 December 2020). Pavitra Punia addresses Sumit's claim they are married, she cheated on him: 'I am in the memories of Eijaz Khan'. Hindustan Times
- ↑ (2021-08-08). Pratik Sehajpal reveals he had a toxic relationship with Pavitra Punia on BB OTT premiere. India Today
- ↑ (9 February 2021). Exclusive Interview! Fingers crossed, if all goes well we will get married this year: Eijaz Khan-Pavitra Punia. The Times of India
- ↑ Singh, Simran. Pavitra Punia engaged after breakup from Eijaz Khan, drops photos from intimate ceremony, but hides fiance's identity, fans react. DNA India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবিত্ৰা পুনিয়া” প্ৰবন্ধৰ সংশোধন ৫৯২০৮০ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।