অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পলোমি ঘোষ

পলোমি ঘোষ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলত হিন্দী, কোংকণী আৰু ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কোংকণী সংগীত নাটক 'নাচোম-ইয়া কুম্পাছাৰ'ৰ বাবে জাতীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ লাভ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পলোমি ঘোষ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলত হিন্দী ভাষা, কোংকণী ভাষা আৰু ইংৰাজী ভাষা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কোংকণী সংগীত নাটক 'নাচোম-ইয়া কুম্পাছাৰ'ৰ বাবে জাতীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ লাভ কৰিছে।১২

প্ৰাথমিক জীৱন

ঘোষৰ জন্ম হয় ভাৰতৰ গুজৰাট ৰাজ্যৰ বৰোদাত। তেওঁৰ পৰিয়ালৰ মূল উৎস হ'ল পশ্চিমবংগ। তেওঁক সৰুৰেপৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত কৰা হৈছিল।৩ তেওঁ নৰ্থ কাৰ'লিনা ষ্টেট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু প্ৰয়োগমূলক গণিত শিকিছিল।৪ তাৰপাছত মুম্বাইলৈ গৈ অনুপম খেৰৰ অভিনেতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত অভিনয় শিক্ষা লয় আৰু ৰঙ্গমঞ্চত কাম আৰম্ভ কৰে।৫

কেৰিয়াৰ

ঘোষ ২০০৯ চনত অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ 'দ্য ৱেইটিং চিটি'ৰ সৈতে অভিষিক্ত হৈছিল। তাৰপাছত তেওঁ 'গান্ধী অফ দ্য মান্থ' (২০১৪) চলচ্চিত্ৰত দেখা যায়।৬ ২০১৪ চনৰ 'নাচোম-ইয়া কুম্পাছাৰ'ত তেওঁ ল'ৰ্ণা কৰ্ডেইৰো আৰু ক্ৰিছ পেৰীৰ চৰিত্ৰৰ আধাৰত অভিনয় কৰিছিল, আৰু সমালোচকবৃন্দৰপৰা প্ৰশংসা লাভ কৰে।৭ তেওঁক ৬২তম জাতীয় চলচ্চিত্ৰ বঁটাত বিশেষ উল্লেখ প্ৰদান কৰা হয়। চলচ্চিত্ৰটো ২৪টা আন্তঃৰাষ্ট্ৰীয়, ৩টা ৰাষ্ট্ৰীয় আৰু ১০টা ৰাজ্যিক বঁটা লাভ কৰে।৮৯ ২০১৫ চনত তেওঁ নেটফ্লিক্সৰ 'সেন্স ৮'-ত দেখা যায়।

২০১৬ চনত তেওঁ 'হোটেল ছেলভেচন'ত অভিনয় কৰে, যি বহু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে,১০১১ আৰু 'কে সেৰা সেৰা ঘোদপাচেম ঘোদ্টেলেম'ত অভিনয় কৰে, যি বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হয়।১২১৩ চলচ্চিত্ৰখন ৬৪তম জাতীয় চলচ্চিত্ৰ বঁটাত কোংকণী ভাষাৰ সৰ্বশ্ৰেষ্ঠ বৈশিষ্ট্য চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হয়।১৪১৫ তাৰপাছত তেওঁ টিভি ছিৰিজ 'দ্য গুড কৰ্মা হস্পিটাল'ত দেখা যায়।

২০১৯ চনত, তেওঁ 'মিছন অৱ মাৰ্চ'ত মেগানৰ চৰিত্ৰত অভিনয় কৰে।১৬ তেওঁ নেটফ্লিক্স ছিৰিজ 'টাইপৰাইটাৰ'ত জেনি ফাৰ্নাণ্ডেছৰ চৰিত্ৰত অভিনয় কৰে (২০১৯), যি সুজয় ঘোষে নিৰ্দেশনা কৰিছিল।১৭১৮ তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।১৯২০

তেওঁ বাৰ্কলে ৰেপাৰ্টৰি থিয়েটাৰৰ ৰঙমঞ্চ 'মনছুন ৱেডিং, দ্য মিউজিকেল'ত অভিনয় কৰে, যি মিৰা নায়ৰৰ 'মনছুন ৱেডিং' চলচ্চিত্ৰৰ আধাৰত নিৰ্মিত।২১২২ তেওঁ ২০১৮ চনৰ চলচ্চিত্ৰ 'হেলিকপ্টাৰ এলা'ত তিনিটা গীত গায়।২৩২৪

ফিল্ম'গ্ৰাফী

বছৰশিৰোনামচৰিত্ৰভাষামন্তব্য
২০০৯দ্য ৱেইটিং চিটিউৰ্মিইংৰাজী ভাষাআত্মপ্ৰকাশ
২০১৩ছিন্স ফ্ৰম ছাবাৰ্বিয়াপৌলুমীবঙালী ভাষাচুটি চলচ্চিত্ৰ
২০১৪গান্ধী অৱ দ্য মান্থমিছ থমাছইংৰাজী
২০১৪নাছোম-ইয়া কুম্পাসাৰডোনা পেৰেইৰাকোংকণী ভাষাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ (দৈৰ্ঘ্য চলচ্চিত্ৰ)
২০১৫অৱেকেনিংছমীৰাহিন্দী ভাষা, ইংৰাজীচুটি চলচ্চিত্ৰ
২০১৫সেন্স ৮ইংৰাজী২টা পৰ্ব
২০১৬হোটেল ছালভেচনসুনীতা
২০১৬কে চেৰা চেৰা ঘডপাচেম ঘড্ডটেলেমসোনা গোলভালেছকোংকণী
২০১৭দ্য গুড কৰ্মা হস্পিটেলনীতা মেহতাইংৰাজীটিভি ধাৰাবাহিক
২০১৭অফিচ ভাৰ্ছেছ অফিচশিখা ৰাস্তোগীহিন্দী
২০১৮এভ্ৰিথিং ইজ ফাইননাতাশাচুটি চলচ্চিত্ৰ
২০১৯টাইপৰাইটাৰজেনি ফাৰ্নাণ্ডেছটিভি ধাৰাবাহিক
২০১৯মিচন অ’ভাৰ মাৰ্ছমেগান
২০১৯ছেটেলাইট শংকৰ
২০২০কদাখছায়া
২০২১আনকাহী কাহানিয়ানাতাশা
২০২১ট্ৰিষ্ট উইথ ডেষ্টিনিলক্ষ্মীহিন্দী, ইংৰাজীটিভি ধাৰাবাহিক

তথ্যসূত্ৰ

  1. ↑ Destined to be an actress. www.thehitavada.com
  2. ↑ ‘I have a strange connection with Goa’, Palomi Ghosh on her Bollywood journey. The New Indian Express
  3. ↑ Ramnath, Nandini. (2019-07-14). ‘Nachom-ia Kumpasar’ star Palomi Ghosh is back in Goa – and this time, she is giving us a scare. Scroll.in
  4. ↑ Ghadge, Rajesh. (2016-05-31). Palomi Ghosh the journey from Gollywood to the Oscars. Incredible Goa
  5. ↑ Prepares, Actor. (2021-06-13). Palomi Ghosh, an Actor Prepares alumnus gets chosen for BAFTA'S Inaugural Breakthrough India initiative.. Anupam Kher's Actor Prepares
  6. ↑ Gandhi of the Month. www.berlinale-talents.de
  7. ↑ Ramnath, Nandini. (2014-12-06). Konkani musical ‘Nachom-ia Kumpasar’ celebrates the Mumbai jazz age. Scroll.in
  8. ↑ (2021-04-29). Palomi Ghosh – Actor. www.bafta.org
  9. ↑ Nachom-ia Kumpasar has brought Goans together: Bardroy. oHeraldo
  10. ↑ (2018-11-15). Unesco award for HOTEL SALVATION (Mukti Bhawan)
  11. ↑ Mukti Bhawan
  12. ↑ (2017-05-05). Konkani film 'K Sera Sera-Ghodpachem Ghoddtelem' premieres in Goa. The Times of India
  13. ↑ Thombare, Suparna. IFFI 2016 K Sera Sera review: Impressive in its sensitive storytelling. Cinestaan
  14. ↑ (2017-04-09). Konkani film 'K Sera Sera' wins best regional film at National awards. The Times of India
  15. ↑ (2017-04-15). Boston International Film Festival to screen Konkani film 'K Sera Sera'.. The Navhind Times
  16. ↑ (2019-09-20). Working on AltBalaji's MoM was a 'goosebump galore' for me: Palomi Ghosh. Mumbai Live
  17. ↑ Is there space for Konkani on online streaming channels?. oHeraldo
  18. ↑ (2019-08-16). Typewriter Actress Palomi Reveals Her Spooky Experience During Film Shoot. News18
  19. ↑ (2019-07-28). Typewriter actor Palomi Ghosh: Always wanted to work with Sujoy Ghosh. The Indian Express
  20. ↑ 'I take one day at a time': Palomi Ghosh on her journey so far and playing Jenny in Typewriter. www.indulgexpress.com
  21. ↑ Monsoon Wedding
  22. ↑ Gaekwad, Manish. (2017-05-20). New characters and tunes and ‘constant singing’ in the ‘Monsoon Wedding’ musical version. Scroll.in
  23. ↑ (2018-10-19). 'My life is all about happenstance'. The Hindu
  24. ↑ (2018-09-25). Helicopter Eela song Ruk Ruk Ruk: Raghav Sachar and Kajol give their own twist to hit 90s song. The Indian Express

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলোমি ঘোষ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩২৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।