অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাউলিনা চাভেজ

পাউলিনা এফ. চাভেজ (ইংৰাজী: Paulina Chávez; জন্ম: ২২ মে', ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্স ধাৰাবাহিক দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়া (২০২০) আৰু নেটফ্লিক্স ধাৰাবাহিক ফেট: দ্য উইংক্স চাগাৰ (২০২২) দ্বিতীয় ছিজনত ফ্লৰা চৰিত্ৰত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ১১ মে’ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাউলিনা এফ. চাভেজ (ইংৰাজী ভাষা: Paulina Chávez; জন্ম: ২২ মে', ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্স ধাৰাবাহিক দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়া (২০২০)১ আৰু নেটফ্লিক্স ধাৰাবাহিক ফেট: দ্য উইংক্স চাগাৰ (২০২২) দ্বিতীয় ছিজনত ফ্লৰা চৰিত্ৰত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।২ ২০২৪ চনত চাভেজে নিকেলোডিয়ানৰ চলচ্চিত্ৰ দ্য কাচাগ্ৰাণ্ডেছ মুভি আৰু পেৰামাাউণ্ট প্লাছ ধাৰাবাহিক লেণ্ডমেনত আৰিয়ানা নামৰ এটা পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰে।৩

প্ৰাৰম্ভিক জীৱন

২০০২ চনৰ ২২ মে'ত টেক্সাছৰ এল পাচোত তেওঁৰ জন্ম হৈছিল আৰু ছান এণ্টোনিঅ’ত ডাঙৰ-দীঘল হৈছিল।৪৫৬ তেওঁৰ মাক-দেউতাক মেক্সিকোৰ আছিল আৰু তেওঁলোকৰ পৰিয়ালটো মূলতঃ চিউদাদ জুৱাৰেৰেজৰ আছিল।৭ সাত বছৰ বয়সত তেওঁ ছান এণ্টোনিঅ’ৰ প্ৰাথমিক বিদ্যালয়ত অভিনয়ৰ শ্ৰেণীত নাম ভৰ্তি কৰিছিল, য’ত তেওঁৰ মাতৃয়ে কাম কৰিছিল।৭ পিছলৈ তেওঁ অভিনয় প্ৰশিক্ষক কেথৰিন চুলিভানৰ ওচৰত শিক্ষা গ্ৰহণ কৰে।৭

কৰ্মজীৱন

চাভেজে অতি কম বয়সতে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ স্থানীয় থিয়েটাৰত অভিনয় কৰাৰ লগতে কেইবাটাও টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।৮ ২০১৬ চনত তেওঁ বিভিন্ন চুটি ছবি আৰু স্বতন্ত্ৰ ছবিত অভিনয় কৰে।৮ একে বছৰতে ডে ৫ নামৰ টেলিভিছন ধাৰাবাহিকখনত তেওঁ কাৰ্মেন নামৰ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।৮ ২০১৮ চনত তেওঁ স্ক্যাণ্ডেল মেড মি ফেমাছ ধাৰাবাহিকত এগৰাকী কিশোৰী কিম কাৰ্দাশিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল।৮

২০২০ চনত চাভেজে নেটফ্লিক্স ধাৰাবাহিক দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়াত মুখ্য চৰিত্ৰ এছলী গাৰ্চিয়া হিচাপে অভিনয় কৰি সফলতা লাভ কৰে।৯ ইয়াৰ উপৰি তেওঁ ধাৰাবাহিকখনৰ বিশেষ খণ্ড গেম অন: এ কমেডী ক্ৰছঅভাৰ ইভেণ্টতো অভিনয় কৰিছিল।১০ মাত্ৰ এটা ছিজনৰ পাছতে ধাৰাবাহিকখন বন্ধ কৰি দিয়া হৈছিল।১১ অৱশ্যে সেই বছৰৰে ডিচেম্বৰ মাহত তেওঁ ধাৰাবাহিকখনৰ বৰদিনৰ বিশেষ খণ্ডটোত অভিনয় কৰিছিল।১২ ২০২২ চনত তেওঁ নেটফ্লিক্সৰ ফেট: দ্য উইংক্স চাগাৰ দ্বিতীয় ছিজনত ফ্লৰা নামৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰে।১৩ দ্য এক্সপাণ্ডিং ইউনিভাৰ্ছ অফ এছলী গাৰ্চিয়া আৰু ফেট: দ্য উইংক্স চাগাত কৰা অভিনয়ৰ বাবে চাভেজে শ্ৰেষ্ঠ যুৱ অভিনেতাৰ ইমাজিন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।

২০২৩ চনৰ মাৰ্চ মাহত ঘোষণা কৰা হৈছিল যে তেওঁ এলেক্সজেণ্ডাৰ এণ্ড দ্য টেৰিবল, হৰিবল, নো গুড, ভেৰী বেড ৰোড ট্ৰিপত মিয়া গাৰ্চিয়াৰ চৰিত্ৰত অভিনয় কৰিব, যিখন আছিল ডিজনী প্লাছৰ এলেক্সজেণ্ডাৰ এণ্ড দ্য টেৰিবল, হৰিবল, নো গুড, ভেৰী বেড ডেৰ ৰিবুট।১৪ একে বছৰতে তেওঁ দ্য লং গেম বোলছবিখনত ডানিয়েলা টৰেছৰ চৰিত্ৰত অভিনয় কৰে। ২০২৪ চনত তেওঁ নিকেলোডিয়ানৰ চলচ্চিত্ৰ দ্য কাচাগ্ৰাণ্ডেছ মুভিত পুংগুৱাৰী আৰু ছাৰা চৰিত্ৰত অভিনয় কৰে। সেই বছৰতে তেওঁ পেৰামাাউণ্ট প্লাছ ধাৰাবাহিক লেণ্ডমেনত আৰিয়ানা নামৰ এটা পাৰ্শ্ব চৰিত্ৰত বিলি বব থৰ্ণটন আৰু ডেমি মুৰৰ সৈতে অভিনয় কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Guzman, Rene A. (September 13, 2022). San Antonio actress Paulina Chávez returns to Netflix Friday in new season of 'Fate: The Winx Saga'. San Antonio Express-News
  2. ↑ Yohannes, Alamin. (September 15, 2022). Paulina Chávez is excited for Fate: The Winx Saga viewers to finally meet Flora. Entertainment Weekly
  3. ↑ Landman Interview: Kayla Wallace & Paulina Chávez On Powerful Female Characters & What's To Come In Taylor Sheridan's New Drama. Screenrant
  4. ↑ Alonzo, Raul; Cabrera, Kristen. (September 29, 2022). Texas actress Paulina Chávez finds her voice on the big and small screen. Texas Standard
  5. ↑ Drysdale, Jennifer. (February 10, 2020). How Eva Longoria Has Inspired Rising Actress Paulina Chávez to Pursue Her Dreams (Exclusive). Entertainment Tonight
  6. ↑ (2022-09-30). Texas actress Paulina Chávez finds her voice on the big and small screen. KUT Radio, Austin's NPR Station
  7. ↑ Texas actress Paulina Chávez finds her voice on the big and small screen. KUT.org
  8. ↑ Rick Najera’s Latino Thought Makers Series Celebrates the Season at Morton College with Special Screening of Lifetime’s Holiday Movie Feliz NaviDAD Featuring Actress Paulina Chavez Live. Morton.edu
  9. ↑ Villafane, Veronica. (May 29, 2019). New Netflix Comedy With Jencarlos Canela And Paulina Chavez Promises Positive Portrayal Of Latinos. Forbes
  10. ↑ White, Brett. (August 10, 2020). 'Game On: A Comedy Crossover Event' on Netflix: Everything You Need to Know. Decider
  11. ↑ Andreeva, Nellie. (August 31, 2020). Netflix's 'Ashley Garcia: Genius in Love' & 'The Big Show Show' To End Runs With Christmas Specials. Deadline Hollywood
  12. ↑ Mallenbaum, Carly. (November 24, 2020). Netflix in December 2020: What's new and what's expiring. USA Today
  13. ↑ Pearce, Tilly. (September 20, 2022). Fate: The Winx Saga's Paulina Chávez on playing Flora after whitewashing backlash. Digital Spy
  14. ↑ Cordero, Rosy. (March 8, 2023). Paulina Chávez & Rose Portillo Board 'Alexander And The Terrible, Horrible, No Good, Very Bad Day'. Deadline Hollywood

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাউলিনা চাভেজ” প্ৰবন্ধৰ সংশোধন ৬০৫৮৭০ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।