অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাণ্ডেলেলা ৰিনং

ডাটো পাণ্ডেলেলা ৰিনং পামগ (: Dato Pandelela Rinong Pamg; জন্ম: ২ মাৰ্চ ১৯৯৩) এগৰাকী মালয়েছিয়ান ডুবাৰু (চুইমাৰ)। তেওঁ দুটা অলিম্পিক পদক আৰু ৭টা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰিছে।

হালনাগাদ: ৩ মে’ ২০২৬ ১,০৬২ শব্দ · ৬ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডাটো পাণ্ডেলেলা ৰিনং পামগ (: Dato Pandelela Rinong Pamg; জন্ম: ২ মাৰ্চ ১৯৯৩) এগৰাকী মালয়েছিয়ান ডুবাৰু (চুইমাৰ)। তেওঁ দুটা অলিম্পিক পদক আৰু ৭টা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰিছে।

২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাণ্ডেলেলাই ১০ মিটাৰ প্লেটফৰ্মত ২৭ নম্বৰ স্থান দখল কৰি মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল। ২০১০ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মালয়েছিয়াৰ পতাকাবাহী হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী মালয়েছিয়াৰ মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ আগত বেডমিণ্টনৰ বাহিৰে আন কোনো খেলতে মালয়েছিয়াৰ খেলুৱৈয়ে অলিম্পিকত পদক লাভ কৰা নাছিল। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ চেয়ং জুন হুঙৰ সৈতে ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্মত ৰূপৰ পদক লাভ কৰে।১

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

ছাৰাৱাক ৰাজ্যৰ বাউৰ এখন বিদায়ুহ গাঁৱত কুপুও(কাম্পুং) জুগানত পাণ্ডেলেলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ হাৰতিনি লামিম আৰু মাতৃ পামগ জোহেঙৰ ঘৰত।২৩৪তেওঁলোক মালয়েছিয়াৰ ছাৰাৱাক]] ৰাজ্যৰ বুমিপুটেৰা(Sanskrit: भूमिपुत्र, romanized: bhū́miputra) বাসিন্দা বিদায়ুহ নামৰ অতি পুৰণি জনগোষ্ঠীৰ লোক। চাৰিজন সন্তানৰ ভিতৰত পাণ্ডেলেলা হৈছে তেওঁলোকৰ দ্বিতীয় সন্তান।৫ সাত বছৰ বয়সতে পাণ্ডেলেলা ৰাজ্যিক ডুবাৰু হিচাপে নিৰ্বাচিত হয় আৰু বুকিট জলিল ক্ৰীড়া বিদ্যালয়ত প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে।৬ ২০১৮ চনত মালয় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া ব্যৱস্থাপনা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৭

পাণ্ডেলেলাই তেওঁৰ বিদায়হ মাতৃভাষা মালয় ভাষা আৰু লগতে ইংৰাজী ভাষাও কয়। ইয়াৰ উপৰি তেওঁ চীনৰ মেণ্ডেৰিন ভাষা ভালকৈ কব পাৰে; যিটো তেওঁ এছ জে কে(চি) ষ্টেম্পিন-চীনৰ ৰাষ্ট্ৰীয় প্ৰকাৰৰ প্ৰাথমিক বিদ্যালয়ত পঢ়োঁতে আয়ত্ত কৰিছিল। ৮৯

খেল জীৱন

২০০৭ চনত পাণ্ডেলেলাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিষেক ঘটায় এছিয়ান জুনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপৰ জৰিয়তে। য'ত তেওঁ চাৰিটা সোণৰ পদক লাভ কৰে। ২০০৭ চনত থাইলেণ্ডত অনুষ্ঠিত হোৱা দক্ষিণ-পূব এছিয়ান গেমছত তেওঁ চেয়ং জুন হুঙৰ সৈতে ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্মত সোণৰ পদক লাভ কৰে।

২০০৮ চনৰ বেইজিং অলিম্পিকত ১৫ বছৰ বয়সতে পাণ্ডেলেলাই অলিম্পিকত অভিষেক ঘটায়। যত তেওঁ ১০ মিটাৰ প্লেটফৰ্মত ২৭ নম্বৰ স্থান দখল কৰে। ২০০৯ চনৰ বিশ্ব জলজ চেম্পিয়নশ্বিপত ১০ মিটাৰ প্লেটফৰ্মত পঞ্চম স্থান দখল কৰে। লিয়ং মুন য়েৰ সৈতে ১০ মিটাৰ ছিংক্ৰ’নাইজড প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু এইটো আছিল বিশ্ব চেম্পিয়নশ্বিপত মালয়েছিয়াৰ বাবে প্ৰথম ডাইভিং পদক।

২০০৯ চনত ভিয়েণ্টিয়ানত অনুষ্ঠিত দক্ষিণ-পূব এছিয়ান গেমছত পাণ্ডেলেলাই দুটা সোণৰ পদক লাভ কৰে। ২০১০ চনত ছিংগাপুৰত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মালয়েছিয়াৰ ৰাষ্ট্ৰীয় পতাকাবাহী হিচাপে তেওঁ ১০ মিটাৰ প্লেটফৰ্ম ইভেণ্ট আৰু ৩ মিটাৰ স্প্ৰিংবৰ্ড ইভেণ্টত ৰূপৰ পদক লাভ কৰে।

২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত ১০ মিটাৰ প্লেটফৰ্ম ইভেণ্টত জয়লাভ কৰি জলজ ক্ৰীড়াত মালয়েছিয়াৰ প্ৰথম কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰে। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত লিয়ং মুন য়েৰ সৈতে ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক আৰু ১০ মিটাৰ ছিংক্ৰ’নাইজড প্লেটফৰ্মত ৰূপৰ পদক লাভ কৰে।

পাণ্ডেলেলা ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মুকলি অনুষ্ঠানত টিম মালয়েছিয়াৰ ৰাষ্ট্ৰীয় পতাকাবাহী আছিল, এই সন্মান লাভ কৰা প্ৰথম মালয়েছিয়ান অলিম্পিক মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। তেওঁ ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্ম, চেয়ং জুন হুঙৰ সৈতে ৩ মিটাৰ ছিংক্ৰ'নাইজড স্প্ৰিংবৰ্ড আৰু লিয়ং মুন য়েৰ সৈতে ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্ম ইভেণ্টত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।১০

তেওঁ অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী মালয়েছিয়ান মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰি বেডমিণ্টনৰ বাহিৰেও আন এবিধ বেলেগ খেলত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী মালয়েছিয়ান খেলুৱৈ হিচাপে স্বীকৃতি পায়।১০ তেওঁৰ সফলতাৰ বিজয় উৎসবত, গৃহভূমিলৈ বিজয়িনী হৈ উভতি অহাৰ কিছু সময়ৰ পিছতে আস্তানাত অনুষ্ঠিত হোৱা বিশেষ অভিষেক সমাৰোহত ছাৰাৱাক ৰাজ্য চৰকাৰে তেওঁক জোহান বিনটাং কেনলাং (কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ হৰ্ণবিল) উপহাৰ দিয়ে।১১ তেওঁৱেই এই বঁটা লাভ কৰা ছাৰাৱাকৰ প্ৰথমগৰাকী খেলুৱৈ।১২

২০১৩ চনত বাৰ্চিলোনাত অনুষ্ঠিত হোৱা বিশ্ব জলজ চেম্পিয়নশ্বিপত পাণ্ডেলেলা আৰু মুন য়েই ১০ মিটাৰ ছিংক্ৰ’নাইজড প্লেটফৰ্মত ৩৩১.১৪ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্ম ইভেণ্টতো ষষ্ঠ স্থান দখল কৰে। ২০১৩ চনত নেইপিড’ত অনুষ্ঠিত দক্ষিণ-পূব এছিয়ান গেমছত তেওঁ ১০ মিটাৰ প্লেটফৰ্ম ইভেণ্টত স্বৰ্ণ পদক অক্ষুণ্ণ ৰাখিছিল। ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত আঁঠুৰ আঘাতৰ সত্ত্বেও পাণ্ডেলেলাই অংশগ্ৰহণ কৰিছিল। তাত তেওঁ নুৰ ধবিতা চাবৰিৰ সৈতে ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰে।১৩ ১০ মিটাৰ প্লেটফৰ্মতো ৩৬৮.৫৫ পইণ্ট লাভ কৰি ৰূপৰ পদক লাভ কৰে। ২০১৪ চনত ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত লিয়ং মুন য়েৰ সৈতে ১০ মিটাৰ চিনক্ৰ’প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰে।

২০১৫ চনৰ জুলাই মাহত পাণ্ডেলেলাই ইতিহাস ৰচনা কৰে যেতিয়া তেওঁ বিশ্ব জলজ চেম্পিয়নশ্বিপত ব্যক্তিগত ইভেণ্টত প'ডিয়ামত অন্ত পেলোৱা প্ৰথমগৰাকী মালয়েছিয়ান হিচাপে পৰিগণিত হয়।১৪ কাজানত ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰি ২০১৬ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰিঅ' ডি জেনেইৰ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।১৫

২০১৬ চনৰ ৰিঅ' ডি জেনেইৰ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ চেয়ং জুন হুঙৰ সৈতে ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্মত ৰূপৰ পদক লাভ কৰে আৰু অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথম মালয়েছিয়াৰ মহিলা দল হিচাপে পৰিগণিত হয়।১৬ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁৰ কৃতিত্বৰ সন্মানত ছাৰাৱাকৰ পেট্ৰা জয়াৰ দ্য চাৰাৱাক একুৱাটিক চেণ্টাৰক আনুষ্ঠানিকভাৱে পাণ্ডেলেলা ৰিনং একুৱাটিক চেণ্টাৰ হিচাপে নামকৰণ কৰা হয়।১৭ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত পাণ্ডেলেলাই পিঠি আৰু কান্ধৰ আঘাতৰ পৰা সুস্থ হ'বলৈ বিৰতি লৈছিল।১৮

২০১৭ চনত বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব জলজ চেম্পিয়নশ্বিপত চেয়ং জুন হুঙৰ সৈতে ১০ মিটাৰ ছিংক্ৰ’নাইজড প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভ কৰে। ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্মত নৱম স্থান দখল কৰে যিটো তেওঁৰ সংগী জুন হুঙে লাভ কৰে। ২০১৭ চনত কুৱালালামপুৰত অনুষ্ঠিত দক্ষিণ-পূব এছিয়ান গেমছত তেওঁ গেব্ৰিয়েল গিলবাৰ্ট ডেইমৰ সৈতে নতুনকৈ প্ৰৱৰ্তিত দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰে।১৯ ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্ম ইভেণ্টতো তেওঁ স্বৰ্ণ পদক অক্ষুণ্ণ ৰাখে।২০

২০২১ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত ফিনা ডাইভিং বিশ্বকাপত ব্যক্তিগত ১০ মিটাৰ প্লেটফৰ্মত স্বৰ্ণ পদক লাভ কৰে। লিয়ং মুন য়েৰ সৈতে একেলগে ছিনক্ৰ’নাইজড ১০ মিটাৰ প্লেটফৰ্মত চতুৰ্থ স্থান লাভ কৰে।

২০২০ চনত টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত পাণ্ডেলেলা আৰু ডাইভিং অংশীদাৰ লিয়ং মুন য়েই মহিলাৰ ১০ মিটাৰ ছিংক্ৰ'নাইজড প্লেটফৰ্মত অষ্টম স্থান দখল কৰে।২১

বঁটা সমূহ

  • SAM-100PLUS শ্ৰেষ্ঠ খেলুৱৈ: ২০১০,২২ ২০১২,২৩ ২০১৫২৪
  • বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ: ২০১১, ২০১২।২৫ ২০১৫,২৬ ২০২১২৭
  • ছাৰাৱাক বছৰৰ ক্ৰীড়াবিদ: ২০১০, ২০১১–১২২৮
  • এন পি চি-টান শ্ৰী এছ এম নাচিমুদ্দিন এছ এম আমিন ১বছৰৰ মালয়েছিয়ান: ২০১২২৯
  • টি এম অনুৰাগীয়ে বঁটা বাছি লয় – গৌৰৱময় মুহূৰ্ত: ২০১৫২৬
  • Sarawak Sports Youth Icon 2016৩০
  • ছাৰাৱাক ক্ৰীড়া যুৱ আইকন ২০১৬৩১
  • ইউ এম বছৰৰ ক্ৰীড়াবিদ: ২০১৬[33]৩১

বিশ্ববিদ্যালয় ক্ৰীড়াৰ ইউ এম বিশেষ বেজ৩১

  • ইয়াকুল্ট স্প'ৰ্টছ আইকন ২০১৭[11]৯
  • দয়াক যুৱ ক্ৰীড়া আইকন বঁটা ২০২৪ (ক্ৰীড়াবিদ শ্ৰেণী)৩২

সন্মান

মালয়েছিয়াৰ সন্মান

মালয়েছিয়া:

  • অৰ্ডাৰ অৱ দ্য ডিফেণ্ডাৰ অৱ দ্য ৰিয়েলম (AMN) (২০১৬)ৰ সদস্য৩৩৩৪

ছাৰাৱাক:

  • কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ হৰ্ণবিল চাৰাৱাক (জেবিকে) (২০১৬)৩৫
  • কমাণ্ডাৰ অৱ দ্য মষ্ট এক্সেলটেড অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ চাৰাৱাক (পিএছবিএছ) – ডাটো (২০২১)৩৬৩৭

বিতৰ্ক

২০১৮ চনৰ জুন মাহত চীনৰ গুৱাংঝুত প্ৰশিক্ষণ শিবিৰৰ সময়ত পাণ্ডেলেলা আৰু আন ছয়জন ডুবাৰু পাৰ্টি কৰি মদ্যপান কৰা এটা ভিডিঅ’ বিতৰ্কত সোমাই পৰিছিল। এই ভিডিঅ'টো চীনৰ নৱবৰ্ষৰ দিনটোৰ প্ৰাকক্ষণত ৰেকৰ্ড কৰা বুলি অভিযোগ উঠে।৩৮৩৯ এই কাণ্ডৰ পিছত মালয়েছিয়াৰ এমেচাৰ ছুইমিং ইউনিয়নে (ASUM) সাতজন ৰাষ্ট্ৰীয় ডুবাৰুৰ ভাট্টা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখে আৰু ইয়াৰ পিছত অধিক অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব বুলি সাৱধান কৰি দিয়ে।৪০পিছত পাণ্ডেলেলা আৰু আন ছয়জন ডুবাৰুৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে আৰু এই কাণ্ডৰ পুনৰাবৃত্তি নহ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।৪১তেওঁলোকৰ লিখিত প্ৰতিশ্ৰুতি পায় আছুমে ঘোষণা কৰে যে সাতজন ডুবাৰুৰ বাবে আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ব কাৰণ ডুবাৰুসকলে ইতিমধ্যে তেওঁলোকৰ এই কাৰ্য্যৰ বাবে অনুশোচনা প্ৰকাশ কৰিছে।৪২

উত্তৰাধিকাৰ

পাণ্ডেলেলা ৰিনং জলজ কেন্দ্ৰ। তেওঁৰ নামেৰে কেইবাটাও স্থান আৰু সন্মানৰ নামকৰণ কৰা হৈছিল, য'ত আছিল: কুচিঙৰ পেট্ৰা জয়াত থকা ছাৰাৱাক জলজ কেন্দ্ৰটোক ২০১৮ চনত আনুষ্ঠানিকভাৱে পাণ্ডেলেলা ৰিনং জলজ কেন্দ্ৰ বুলি নামকৰণ কৰা হয়।৪৩

তথ্যসূত্ৰ

  1. ↑ Vijesh Rai. (10 August 2016). (Olympic) Divers Cheong Jun Hoong and Pandelela Rinong win silver, first medal for Malaysia in Rio 2016. New Straits Times
  2. ↑ (21 July 2012). Pandelela – Shining example of true grit. Borneo Post
  3. ↑ Jonathan Edward. (11 August 2016). Dad hopeful of gold soon for Pandelela. Malay Mail
  4. ↑ Anasathia Jenis. (11 August 2012). Pamg over the moon with daughter's victory. Borneo Post
  5. ↑ Dennis Wong; Desmond Davidson. (11 August 2012). Pandelela does nation proud with medal win. New Straits Times
  6. ↑ Dian Pasquinal Kaur. (29 July 2016). Bright Young Things: National diver Pandelela Rinong on the road to Rio. Asia Tatler
  7. ↑ Bernama. (20 October 2018). Pandelela to graduate from University Malaya on Tuesday. Borneo Post
  8. ↑ Christina Chin. (21 October 2018). Pandelela Rinong: Not your average student. The Star
  9. ↑ (13 June 2023). Pandelela now a national unity icon. The Star
  10. ↑ Zulhilmi Supaat. (10 August 2012). Pandelela, Malaysia's first woman to win Olympic medal. Borneo Post
  11. ↑ Dennis Wong. (22 August 2012). Sarawak confers award on diver Pandelela. New Straits Times
  12. ↑ Pandelela receives Johan Bintang Kenyalang award. The Star
  13. ↑ Vijesh Rai. (30 July 2014). COMMONWEALTH GAMES: Surprise bronze for Pandelela. New Straits Times
  14. ↑ Ajitpal Singh. (31 July 2015). Historic win for Pandelela in World Aquatics Championships. New Straits Times
  15. ↑ (31 July 2015). Najib congratulates Pandelela for becoming first Malaysian athlete to qualify for Rio Olympics. Malay Mail. Bernama
  16. ↑ (9 August 2016). Olympics Primetime. Rio Olympics
  17. ↑ (3 September 2016). Sarawak Aquatic Centre named after Pandelela Rinong. Free Malaysia Today. Bernama
  18. ↑ Ajitpal Singh. (5 February 2017). Pandelela in control. New Straits Times
  19. ↑ Singh, Jugjet. (26 August 2017). KL2017: Malaysia sweep diving gold. New Straits Times
  20. ↑ Singh, Jugjet. (28 August 2017). KL2017: Pandelela retains gold in individual 10m platform. New Straits Times
  21. ↑ The medal wait continues as Pandelela-Mun Yee finish last. The Star
  22. ↑ Asan Ahmad. (10 March 2011). Pandelela wins SAM-100PLUS Sports Awards 2010. AIPS
  23. ↑ (19 February 2013). Pendelela Picks Up Second SAM-100PLUS Best Athlete Crown. FNBM
  24. ↑ (15 April 2016). Pandelela wins third SAM-100Plus best athlete award. Borneo Post
  25. ↑ (18 April 2013). Pandelela retains Sportswoman crown. Borneo Post
  26. ↑ Eric Samuel. (25 May 2016). Pandelela, Al-Jufferi named as country's top athletes. The Star
  27. ↑ Kalbana Perimbanayagam. (31 January 2023). Azizulhasni, Pandalela awarded highest national sports recognition. New Straits Times
  28. ↑ (24 November 2013). Pandelela Rinong crowned Sarawak sportswoman of the year, again. The Star
  29. ↑ Danny Tan. (14 September 2012). Pandelela Rinong awarded the NPC-Tan Sri SM Nasimuddin SM Amin 1Malaysian of the Year award
  30. ↑ (13 November 2016). Pandelela is state's Sports Youth Icon. Borneo Post. Bernama
  31. ↑ (30 March 2017). Nauraj, Pandelela crowned UM Sportsman, Sportswoman of the Year 2016. Astro Awani
  32. ↑ (23 June 2024). Dayak Youth Sports Icon Award 2024 honours Pandelela, Kilat Boy, para-athletes Bonnie, Angeline. Dayak Daily
  33. ↑ (27 October 2016). 303 individuals conferred Federal Awards today. New Straits Times. Bernama
  34. ↑ Semakan Penerima Darjah Kebesaran, Bintang dan Pingat. istiadat.gov.my
  35. ↑ (2016-08-10). Rewards, incentives await diving queen Pandelela. BorneoPost Online · Borneo, Malaysia, Sarawak Daily News
  36. ↑ (2021-10-09). Ahmad Urai, Abdul Karim dan Pandelela antara penerima darjah kebesaran TYT Sarawak
  37. ↑ Ram, Sadho. (2021-10-09). Malaysian Olympian Pandelela Conferred Datukship By Sarawak. SAYS
  38. ↑ (21 June 2018). Pandelela, 6 others punished for drinking, partying during training stint. Free Malaysia Today
  39. ↑ NSTP Sport. (20 June 2018). 'Shameful videos' divers promise never to do it again. The Star
  40. ↑ Lim Teik Huat. (21 June 2018). Pandelela and Co face the music for partying in China. The Star
  41. ↑ Lim Teik Huat. (22 June 2018). Truly, deeply sorry. The Star
  42. ↑ (25 July 2018). No further punishment for divers who broke drinking rule. The Star
  43. ↑ (8 May 2018). Sarawak Chief Minister opens Pandelela Rinong Aquatic Centre. The Sun Daily

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ডেলেলা ৰিনং” প্ৰবন্ধৰ সংশোধন ৬০৪২৫০ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।