অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাপ্পা উমানাথ

পাপ্পা উমানাথ (Pappa Umanath; ৫ আগষ্ট ১৯৩১ – ১৭ ডিচেম্বৰ ২০১০) দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯৭৩ চনত সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সহ-প্ৰতিষ্ঠাপক মহিলা অধিকাৰ কৰ্মী৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য হিচাপে ১৯৮৯ চনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা তামিলনাডু…

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পাপ্পা উমানাথ (Pappa Umanath; ৫ আগষ্ট ১৯৩১ – ১৭ ডিচেম্বৰ ২০১০) দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯৭৩ চনত সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সহ-প্ৰতিষ্ঠাপক মহিলা অধিকাৰ কৰ্মী৷

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য হিচাপে ১৯৮৯ চনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হয়।

জীৱন আৰু কৰ্ম

১৯৩১ চনৰ ৫ আগষ্টত ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ কৰৈকালৰ সমীপৰ কোভিলপথুত (বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত) ধনলক্ষ্মী নামেৰে তেওঁ জন্মগ্ৰহণ কৰিছিল। মাতৃ লক্ষ্মী ওৰফে আলামেলু স্বামীৰ মৃত্যুৰ পিছত তিৰুচিৰাপল্লীৰ গোল্ডেন ৰকলৈ তেওঁ গুচি যায়। লক্ষ্মীয়ে গোল্ডেন ৰক ৰেলৱে ৱৰ্কশ্বপৰ সমীপত ৰেল শ্ৰমিকৰ বাবে এটা কেণ্টিন আৰম্ভ কৰে। কেণ্টিনলৈ অহা ৰেলৱেৰ শ্ৰমিকসকলে ধনলক্ষ্মীক "পাপ্পা" (সৰু ছোৱালী) বুলি মাতিছিল, যিটো তেওঁৰ নামৰ উৎপত্তি হৈ পৰিছিল। কম বয়সতে পাপ্পাই মাক আৰু ৰেলৱেৰ শ্ৰমিকসকলৰ সৈতে কেইবাটাও আন্দোলনত অংশগ্ৰহণ কৰে।১

ধনলক্ষ্মীয়ে ১৯৪৫ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰি মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ গুচি যায়। ১৯৪৮ চনত ভাৰত চৰকাৰে চি পি আই নিষিদ্ধ কৰি দলটোৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰে, য’ত ধনলক্ষ্মী, তেওঁৰ মাতৃ, লগতে দলৰ কেইবাজনো নেতাও গ্ৰেপ্তাৰ হয়। কাৰাগাৰত যেতিয়া দলৰ সদস্যসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে উপবাসে লয়, তেতিয়া ২৩ দিন উপবাসে থকাৰ পিছত মাকৰ মৃত্যু হয়।১ পাপ্পাক জেল কৰ্তৃপক্ষই মাকৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ দিয়া নাছিল, কাৰণ তেওঁ পাৰ্টি এৰিবলৈ অস্বীকাৰ কৰিছিল।১২

১৯৫২ চনত ধনলক্ষ্মীয়ে সহযোগী দলৰ সদস্য আৰ উমানাথক আত্মসন্মানী বিবাহত বিবাহপাশত আবদ্ধ হয়।৩চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়৷ ১৯৬৪ চনত তেওঁৰ দল দুটা ভাগত বিভক্ত হৈ নতুনকৈ গঠিত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিআই(এম)ত যোগদান কৰে। ১৯৭৩ চনত তেওঁ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা সহ-প্ৰতিষ্ঠাপক হয় আৰু ইয়াৰ সাধাৰণ সম্পাদিকা হয়।১

১৯৮৪ চনৰ তামিলনাডু বিধানসভাৰ নিৰ্বাচনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।৪ ১৯৮৯ চনত নিৰ্বাচনত জয়ী হয় যদিও ১৯৯১ চনত পুনৰ পৰাস্ত হয়।.৫

তেওঁৰ তিনিগৰাকী কন্যা আছিল৷ তাৰে এগৰাকী আছিল চিপিআই(এম)ৰ ৰাজনীতিবিদা আছিল৷ ২০১০ চনৰ ১৭ ডিচেম্বৰত ট্ৰিচিত তেওঁৰ মৃত্যু হয়।৩ ৬৭

তথ্যসূত্ৰ

  1. ↑ (18 December 2010). CPI (M) leader Pappa Umanath passes away. দ্য হিন্দু
  2. ↑ (18 December 2010). CPM leader Pappa Umanath dead. Times of India
  3. ↑ (4 March 2014). தோழர்: பாப்பா உமாநாத். Dinakaran
  4. ↑ Statistical report on General election, 1984 to the legislative assembly of Tamil Nadu. ভাৰতৰ নিৰ্বাচন আয়োগ
  5. ↑ (3 May 2006). DMK MLA sitting pretty in Tiruverambur. দ্য হিন্দু
  6. ↑ (18 December 2010). Veteran freedom fighter and Communist Leader Pappa Umanath passes away: She was 80. Asian Tribune
  7. ↑ (22 October 2021). ta:திருச்சி - ஊறும் வரலாறு - 15: சிங்கப் பெண்ணே.. தோழர் பாப்பா உமாநாத்!. vikatan.com

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপ্পা উমানাথ” প্ৰবন্ধৰ সংশোধন ৪৯১৪৯৩ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।