অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাপ্পাম্মাল

পাপ্পাম্মাল (Pappammal, জন্ম: ১৯১৪) এগৰাকী ভাৰতীয় খেতিয়ক। তেওঁ তামিলনাডুত জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰাৰ বাবে বিখ্যাত। ১০৫ বছৰ বয়সতো তেওঁ এতিয়াও সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত। সেয়ে তেওঁক কৃষি ক্ষেত্ৰৰ লগত জড়িত আটাইতকৈ বয়সস্থ কৃষক বুলি অভিহিত কৰা হয়।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পাপ্পাম্মাল (Pappammal, জন্ম: ১৯১৪) এগৰাকী ভাৰতীয় খেতিয়ক। তেওঁ তামিলনাডুত জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰাৰ বাবে বিখ্যাত।১ ১০৫ বছৰ বয়সতো তেওঁ এতিয়াও সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত। সেয়ে তেওঁক কৃষি ক্ষেত্ৰৰ লগত জড়িত আটাইতকৈ বয়সস্থ কৃষক বুলি অভিহিত কৰা হয়।২ তেওঁক জৈৱিক কৃষি ক্ষেত্ৰত অগ্ৰণী হিচাপে গণ্য কৰা হয় আৰু তেওঁ তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সৈতে জড়িত। ১০৫ বছৰ বয়সতো তেওঁ প্ৰতিদিনে তেওঁৰ ২.৫ একৰ ভূমিত কাম কৰে।৩ ভাৰত চৰকাৰে তেওঁক ২০২১ চনত জৈৱিক কৃষিত তেওঁৰ ভূমিকাৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।৪৫৬

জীৱনী

১৯১৪ চনত তামিলনাডুৰ কোয়েম্বাটুৰৰ দেৱলপুৰম গাঁৱত এম. পাপ্পাম্মাল ওৰফে ৰংগাম্মালৰ জন্ম হৈছিল। তেওঁৰ মাতৃ ভেলাম্মাল আৰু পিতৃ মাৰুথাচলা মুদালিয়াৰ। অতি কম বয়সতে তেওঁ পিতৃ-মাতৃক হেৰুৱাইছিল আৰু তেওঁ আৰু তেওঁৰ দুই ভনীয়েক তেওঁলোকৰ কোয়েম্বাটুৰৰ তেকমপট্টিত থকা আইতাকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ এখন দোকান উত্তৰাধিকাৰী হিচাপে লাভ কৰিছিল আৰু এটা ভোজনালয় খুলিছিল।৭ এই ব্যৱসায়বোৰৰ পৰা হোৱা লাভৰ পৰা তেওঁ গাওঁখনত প্ৰায় ১০ একৰ মাটি কিনিছিল। তেওঁ নিজৰ ভনীয়েকৰ সন্তানকো ডাঙৰ-দীঘল কৰিছিল।১ সময়ৰ লগত তেওঁ মাটিৰ এটা মুখ্য অংশ বিক্ৰী কৰিছিল কিন্তু জৈৱিক কৃষি কৰাৰ বাবে নিজৰ বাবে ২.৫ একৰ ৰাখিছিল।

তেওঁৰ তিনিগৰাকী কন্যা, তিনি নাতি-নাতিনী আৰু দুগৰাকী আজু নাতি আছে। তেওঁ ৰাতিপুৱা ৫:৩০ বজাত দিনটো আৰম্ভ কৰে। তেওঁ প্ৰতিদিনে পুৱা ৬ বজাত তেওঁৰ খেতি পথাৰলৈ যায় আৰু দুপৰীয়ালৈকে কাম কৰে। তেওঁৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে তেওঁৰ খাদ্যঅভ্যাস আৰু সক্ৰিয় জীৱনশৈলীয়ে তেওঁক স্বাস্থ্যৱান কৰি ৰাখিছে। তেওঁৰ পৰিয়ালৰ মতে পাপ্পাম্মাল প্ৰিয় খাদ্য হৈছে মটন বিৰিয়ানী আৰু তেওঁৰ খাদ্যৰ সৈতে যথেষ্ট সেউজীয়া শাক-পাচলি খায়। তেওঁ খাদ্য গৰমে গৰমে পাতত খায় আৰু কোনো প্লেট জাতীয় পাত্ৰ ব্যৱহাৰ নকৰে। তেওঁ চাহ বা কফি গ্ৰহণ নকৰে আৰু গৰম পানী পান কৰে।৮ তেওঁ ভৱানী নদীৰ পাৰত অৱস্থিত থেক্কামপট্টিৰ গাৱঁৰ নিজা মাটিত জৈৱ কৃষি পদ্ধতিৰে ডাইল, মাহ জাতীয় শস্য, বাজ্ৰা, ঋতুগত শাক-পাচলিৰ খেতি কৰে।

ৰাজনৈতিক জীৱন

১৯৫৯ চনত তেওঁ থেক্কামপট্টি পঞ্চায়তৰ ৱাৰ্ড সদস্য নিৰ্বাচিত হৈছিল। তেওঁ কৰমাদৈ পঞ্চায়ত সংঘৰ কাউঞ্চিলাৰ হিচাপেও নিৰ্বাচিত হৈছিল।১৯ তেওঁ দ্ৰাবিড় মুনেত্ৰা কাঝাগাম (ডিএমকে)ৰ সদস্য আৰু এম. কৰুণানিধিৰ অনুৰাগী।১

বঁটা আৰু সন্মান

২০২১ চনত ভাৰত চৰকাৰে জৈৱিক কৃষিত তেওঁৰ ভূমিকাৰ বাবে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ Arivanantham, R. (2018-09-12). At 103, hard work is what keeps her going. The Hindu
  2. ↑ (2021-01-26). Rs 2 doc, 105-year-old woman farmer among TN Padma winners. dtNext.in
  3. ↑ Derhgawen, Shubhangi. (2021-01-27). Twitter Celebrates 105-Year-Old Farmer Honoured With Padma Shri. TheQuint
  4. ↑ (2021-01-27). Padma Awards 2021: The heroes of Indian agriculture. Mintlounge
  5. ↑ Organic farming pioneer: 105-year-old woman farmer from Coimbatore awarded Padma Shri. India Today
  6. ↑ Reporter, Staff. (2021-01-26). Ten from T.N. chosen for Padma Shri. The Hindu
  7. ↑ Singh, Ankita. (2021-01-27). Tamil Nadu: 105-Year-Old Woman Farmer From Coimbatore Awarded Padma Shri. The Logical Indian
  8. ↑ (2021-01-26). 105-year-old organic farmer from Coimbatore is celebrating her Padma Shri award. Hindustan Times
  9. ↑ Meet Padma Shri Rangama, 105-year-old who donned many hats. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপ্পাম্মাল” প্ৰবন্ধৰ সংশোধন ৫৮৪২৪৮ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।