জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দৰ্শন ৰংগনাথন
দৰ্শন ৰংগনাথন(:Darshan Ranganathan৪ জুন ১৯৪১ – ৪ জুন ২০০১) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ আছিল, যি জৈৱ-জৈৱিক ৰসায়ন বিশেষকৈ প্ৰটিন ফ’ল্ডিং ক্ষেত্ৰত তেওঁৰ অগ্ৰণী কামৰ বাবে পৰিচিত।
-
দৰ্শনা গুপ্তা
দৰ্শনা গুপ্তা: Darshana Gupta, আছিল গণ বিবাহ আয়োজন কৰাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয়। বানাৰসী দাস গুপ্ত ফাউণ্ডেশ্যনৰ সম্পাদিকা আছিল। ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰিছিল আৰু তেওঁ ৩৫০০ দম্পতীৰ বিয়াৰ ব্যৱস্থা কৰিছিল, যিসকলে অন্যথা…
-
দৰ্শনা জাভেৰী
দৰ্শনা জাভেৰী (Darshana Jhaveri; জন্ম: ১৯৪০) চাৰিগৰাকী জাভেৰী ভগ্নীৰ ভিতৰত কনিষ্ঠা দৰ্শনা জাভেৰী ভাৰতীয় শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ এগৰাকী আগশাৰীৰ শিল্পী। তেওঁ গুৰু বিপিন সিঙৰ শিষ্যা। ১৯৫৮ চনৰ পৰা দৰ্শনাই ভনীয়েকসকলৰ সৈতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লয়।
-
দৰ্শনা জৰ্দোশ
দৰ্শনা জৰ্দোশ (Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।
-
দৰ্শীল ছাফাৰী
দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী, গুজৰাটী ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ…
-
ধন সিং গুৰ্জাৰ
্ ধন সিং গুৰ্জাৰ (Dhan Singh Gurjar) যাক ধুন্না সিং বুলিও জনা যায়, তেওঁ মীৰাটৰ ভাৰতীয় কোতৱাল (আৰক্ষী প্ৰধান) আছিল। তেওঁ ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল আৰু মীৰাটত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে প্ৰাৰম্ভিক পদক্ষেপৰ নেতৃত্ব দিছিল। তেওঁক ১৮৫৭ চনৰ বিপ্লৱৰ প্ৰৱৰ্তক হিচাপে জনা যায়।
-
ধনদা দেৱী
ধনদা দেৱী (Dhanada Devi) হৈছে এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। তেখেতৰ ঘৰ অসমৰ লখিমপুৰ জিলাত। দেৱীৱে অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে ২০২১ বৰ্ষত হাৰমতী হায়াৰছেকেণ্ডেৰীৰপৰা অৱসৰ গ্ৰহণ কৰে।
-
ধনৰাজ গিৰি
ধনৰাজ গিৰি (১৮১১–১৯০১) ১৮৮০ চনত ঋষিকেশৰ মুনি কি ৰেটিত স্থাপন কৰা আশ্ৰম কৈলাশ আশ্ৰমৰ মঠৰ পুৰোহিত। ঋষিকেশত স্থাপন হোৱা প্ৰথম বৃহৎ আশ্ৰমসমূহৰ ভিতৰত ই অন্যতম, ইয়াৰ পূৰ্বে ই বেছিভাগেই ব্যক্তিগত সাধক বা তীৰ্থযাত্ৰীসকলৰ বাবে চাৰ ধাম মন্দিৰৰ তীৰ্থযাত্ৰালৈ যোৱাৰ পথত ৰৈ যোৱাৰ স্থান হিচাপে আছিল।
-
ধীৰা চলিহা হাজৰিকা
ধীৰা চলিহা হাজৰিকা (Dhira Chaliha Hazarika; ৭ জানুৱাৰী ১৯৪০) অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। তেওঁ ১৯৬১ চনৰ এপ্ৰিল মাহত ২১ বছৰ বয়সত নিজৰ বিমান উৰণৰ অনুমতি (Pilot Licence) লাভ কৰিছিল। তেতিয়াৰেপৰা তেওঁ অসমৰ বিমান ইতিহাসত এগৰাকী প্ৰেৰণাদায়ক মহিলা ৰূপে পৰিচিত হৈ আছে।
-
ধীৰাজ বোম্মাদেৱৰা
ধীৰাজ বোম্মাদেৱৰা (Dhiraj Bommadevara; জন্ম: ৪ ছেপ্টেম্বৰ ২০০১) এজন ভাৰতীয় ৰিকাৰ্ভ ধনুৰ্বিদ। ২০২৪ চনৰ অলিম্পিকত ধীৰাজে অংশগ্ৰহণ কৰিছিল, তাত তেওঁ পদক অৰ্জন কৰাৰ পৰা অলপতে বঞ্চিত হৈছিল আৰু ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।
-
ধীৰুবেন গোৰ্ধনভাই পেটেল
ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷
-
ধীৰেন্দ্ৰ নাথ পাল
ধীৰেন্দ্ৰ নাথ পাল (Dhirendra Nath Paul) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আশাৰীকন্দি গাঁৱৰ এগৰাকী টেৰাকোটা (মৃৎশিল্প) শিল্পী। তেখেতৰ কৰ্মৰাজিৰ বাবে ২০২৫ চনত অসম চৰকাৰে "অসম গৌৰৱ বঁটা" প্ৰদান কৰে।
-
ধৃতিমান চট্টোপাধ্যায়
ধৃতিমান চট্টোপাধ্যায় (ইংৰাজী: Dhritiman Chatterjee, প্ৰকৃত নাম: সুন্দৰ চট্টোপাধ্যায়) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ১৯৭০ চনত সত্যজিৎ ৰায়ৰ “প্ৰতিদ্বন্দ্বী” (The Adversary) নামৰ চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰি নিজৰ চলচ্চিত্ৰজীৱন আৰম্ভ কৰিছিল।
-
ধ্ৰুৱ ৰাথী
ধ্ৰুৱ ৰাথী (Dhruv Rathee) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ আৰু ছ'ছিয়েল মিডিয়াৰ সমাজকৰ্মী। তেওঁ ৰাজনৈতিক ভাষ্যকাৰ হিচাপে জনাজাত।
-
নঈম ঘালিলী
নঈম ঘালিলী (জন্ম: ১৯৬২, ইছফাহান, ইৰান) এগৰাকী ইৰানীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। কেইবাখনো দেশলৈ প্ৰব্ৰজন কৰাৰ পাছত তেওঁ মালয়েছিয়াৰ কুৱালালামপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু বৰ্তমান চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে।
-
নওশীন নাহৰীন মৌ
নওশীন নাহৰীন মৌ (ইংৰাজী: Nawsheen Nahreen Mou; জন্ম: ১৫ আগষ্ট ১৯৮৫) এগৰাকী বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ প্ৰাৰ্থনা আৰু মুখোশ মানুষৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ এগৰাকী মডেল, ঘোষিকা আৰু ৰেডিঅ' ব্যক্তিত্ব হিচাপেও কাম কৰিছে।
-
নজিব আলী চৌধুৰী
নজিব আলী চৌধুৰী (Najib Ali Choudhury) ১৯ শতিকাৰ এগৰাকী বঙালী সম্প্ৰদায়ৰ মুছলিম পণ্ডিত আৰু শিক্ষক আছিল। বৰাক উপত্যকা অঞ্চলত প্ৰথমখন মাদ্ৰাছা ‘মডিনাতুল উলুম বাগবাৰী’ প্ৰতিষ্ঠাতা ৰূপে তেওঁ পৰিচিতি লাভ কৰিছিল।
-
নতাশা সূৰী
নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।
-
নদীম কাশিশ
নদীম কাশিশ (Nadeem Kashish) এগৰাকী পাকিস্তানী কিন্নৰ কৰ্মী, ৰাজনীতিবিদ আৰু ৰেডিঅ' শ্ব'ৰ আয়োজক। ২০১৮ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিজন কিন্নৰৰ ভিতৰত তেওঁ অন্যতম হৈ পৰিছিল।
-
নন্দনী মাতা
নন্দনী মাতা এগৰাকী হিন্দু দেৱী। নন্দনী নাম (কেতিয়াবা নন্দিনী বুলিও লিখা হয়) দুৰ্গাৰ আন এটা নাম, যাৰ অৰ্থ "কন্যা"। নন্দনী মাতাক বাগড়ী ভাষাত নন্দোৰে মা বুলিও কোৱা হয় ৷ প্ৰাচীন হিন্দু মহাকাব্য অনুসৰি নন্দনী মাতা দ্বাপৰ যুগত যশোদাৰ কন্যা আছিল, আৰু কামসাক হত্যা কৰিছিল।
-
নন্দিতা কৃষ্ণ
নন্দিতা কৃষ্ণ (: Nanditha Krishna; জন্ম ১৯৫১) এগৰাকী ভাৰতীয় লেখিকা, পৰিৱেশবিদ আৰু শিক্ষাবিদ। ভাৰত চৰকাৰে তেওঁক স্বীকৃতি প্ৰদান কৰি ২০১৫ চনত প্ৰথম নাৰী শক্তি বঁটাৰ ভিতৰত অন্যতম, ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা প্ৰদান কৰিছিল। তেওঁ চি.পি.ৰ সভানেত্ৰী।
-
নন্দিতা পি পালশ্বেটকাৰ
নন্দিতা পি পালশ্বেটকাৰ: Nandita P. Palshetkar এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ইন ভিট্ৰ' নিষেচন আৰু বন্ধ্যাত্বৰ বিশেষজ্ঞ। তেওঁ ২০১৯ চনত ফেডাৰেচন অৱ অব্ষ্টেট্ৰিক এণ্ড গাইনেক'লজিকেল ছ'চাইটিজ অৱ ইণ্ডিয়াৰ নিৰ্বাচিত সভানেত্ৰী।
-
নন্দিতা বান্না
নন্দিতা বান্না (ইংৰাজী: Nandita Banna; তেলুগু: నందితా బాన్నా; জন্ম: ৮ নৱেম্বৰ ২০০০) এগৰাকী ছিংগাপুৰৰ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১ৰ খিতাপ অৰ্জন কৰিছিল।
-
নন্দিনী কাশ্যপ
নন্দিনী কাশ্যপ (ইংৰাজী: Nandini Kashyap; জন্ম: ১৩ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত উত্তৰাখণ্ড মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া বেটাৰ আৰু উইকেটৰক্ষক হিচাপে খেলে।
-
নন্দিনী চাহু
নন্দিনী চাহু (ইংৰাজী: Nandini Sahu; জন্ম: ২৩ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। তেওঁ বিদেশী ভাষা বিদ্যালয়ৰ সঞ্চালিকা আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) ইংৰাজী বিষয়ৰ অধ্যাপিকা।
-
নন্দিনী বাজপাই
নন্দিনী বাজপাই ভাৰতীয় মূলৰ এগৰাকী বষ্টন-ভিত্তিক লেখিকা। তেওঁৰ প্ৰথম যুৱ প্ৰাপ্তবয়স্ক উপন্যাস "ৰেড টাৰ্বান হোৱাইট হৰ্চ: মাই চিষ্টাৰ হাৰিকেন ৱেডিং" ২০১৩ চনত স্কলাষ্টিক ইণ্ডিয়াই প্ৰকাশ কৰিছিল।
-
নন্দিনী মুণ্ডকুৰ
নন্দিনী মুণ্ডকুৰ ( Nandini Mundkur) ভাৰতৰ অন্যতম উন্নয়নমূলক শিশু চিকিৎসক যিয়ে বিকাশৰ বিকাৰ আগতীয়াকৈ ধৰা পেলোৱা আৰু হস্তক্ষেপ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী কাম কৰিছে।
-
নন্দু গ্যাৱালী
নন্দু গ্যাৱালী (: Nandu Gyawali, জন্ম ১৯৯৫ ) নন্দৰ নামেৰে পৰিচিত ম্যানমাৰৰ এগৰাকী নাৰীবাদী কৰ্মী। পাৰ্পল ফেমিনিষ্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু জি-টাউ জাগাৰ ৱাইন (বাৰ্মিজ ভাষাত) আৰু ফেমিনিষ্ট টকছ (ইংৰাজীত) প’ডকাষ্টৰ আয়োজক। ২০২০ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰিছিল।
-
নবাম টুকি
নাবাম টুকি (জন্ম ৭ জুলাই ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।তেওঁ ২০১১ ৰ পৰা ২০১৬ ৰ ভিতৰত দুবাৰ এই পদত অধিষ্ঠিত হৈছিল। তেওঁৰ প্ৰথম কাৰ্যকাল আছিল নৱেম্বৰ ২০১১ ৰ পৰা জানুৱাৰী ২০১৬ লৈ, আনহাতে দ্বিতীয় কাৰ্যকাল ২০১৬ চনৰ জুলাই মাহত মাত্ৰ ৩ দিন চলিছিল।
-
নবিনা নাজাত হাইদৰ
নবিনা নাজাত হাইদৰ (Navina Najat Haidar) এগৰাকী কলা ইতিহাসবিদ আৰু কিউৰেটৰ, আৰু বৰ্তমান নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত ইছলামিক আৰ্টৰ মুখ্য কিউৰেটৰ হিচাপে কাম কৰি আছে।