জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নাগিছা চাইটো
নাগিছা চাইটো (齊藤なぎさ, Saitō Nagisa; জন্ম ৬ জুলাই, ২০০৩) এগৰাকী জাপানী অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন গায়িকা। তেওঁ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে মূৰ্তি গোট =লাভৰ সদস্য হিচাপে বিশিষ্টতা লাভ কৰে। ২০২৩ চনত তেওঁ অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ গোটটো এৰি দিয়ে। তেওঁ মহিলাৰ ফেশ্বন আলোচনী LARME-ৰ নিয়মীয়া মডেল।
-
নাগিন কক্স
জয়নাব নগিন কক্স (জন্ম ১৯৬৫ চন ) জেট প্ৰপালচন লেবৰেটৰীৰ মহাকাশযান পৰিচালনা অভিযন্তা, যিয়ে নাছাৰ ব্যতিক্ৰমী সেৱা পদক লাভ কৰে। ২০১৫ চনত তেওঁৰ নামেৰে ১৪০৬১ গ্ৰহাণুৰ নাম "নেগিনকক্স" ৰখা হৈছিল।
-
নাছিমা আক্তাৰ
নাছিমা আক্তাৰ (বাংলা: নাসিমা আক্তাব়; জন্ম ১৯৭০) এগৰাকী বাংলাদেশী বিজ্ঞানী যিয়ে পাৰমাণৱিক চিকিৎসা বিজ্ঞানত বিশেষজ্ঞতা অৰ্জন কৰিছে। ২০১০ চনত ভ্ৰুণৰ অস্বাভাৱিকতা ধৰা পেলোৱাৰ বাবে নাকল ট্ৰেন্সলুচেন্সী আৰু পাৰমাণৱিক হৃদৰোগ বিজ্ঞান বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁ BAS-TWAS যুৱ বিজ্ঞানী বঁটা লাভ কৰে।
-
নাছৰিন চেৰাজী
নাছৰিন চেৰাজী-বজৰ্গজাদ Nasrine Seraji-Bozorgzad) এ এ দেপল ফ্ৰিবা, ইৰাণী বংশৰ এজন ফৰাচী-ব্ৰিটিছ স্থপতি। ২০১১ চনত লিজিয়ন অৱ অনাৰৰ নাইট, অৰ্ডে নেচনেল ডু মেৰিটৰ বিষয়া আৰু অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ বিষয়া।
-
নাছৰিন সতৌদেহ
নাছৰিন সতৌদেহ (Nasrin Sotoudeh) ইৰাণৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু অধিবক্তা৷ ২০০৯ চনৰ জুন মাহত ইৰাণৰ বিতৰ্কিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত তেওঁ কাৰাগাৰত বন্দী ইৰাণৰ বিৰোধী কৰ্মী আৰু ৰাজনীতিবিদসকলক প্ৰতিনিধিত্ব কৰিছিল আৰু নাবালক অৱস্থাত কৰা অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি পোৱা বন্দীসকলক প্ৰতিনিধিত্ব…
-
নাছৰোলা এণ্টেজাম
নাছৰোলা এণ্টেজাম (Nasrollah Entezam) পাৰ্চী ভাষাত নাছৰ-আল্লাহ এণ্টেজাম। (জন্ম,১৬ ফেব্ৰুৱাৰী ১৯০০ – মৃত্যু,১৯ ডিচেম্বৰ ১৯৮০) আছিল এগৰাকী কূটনীতিবিদ, ৰাজনীতিবিদ আৰু ইৰানৰ মন্ত্ৰী। তেওঁ আমেৰিকা আৰু ফ্ৰান্সত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাজনীন বনিয়াদী
নাজনীন বনিয়াদী (ফাৰ্চী: نازنین بنیادی; জন্ম: ২২ মে’ ১৯৭৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মানৱাধিকাৰ কৰ্মী। তেহৰাণত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা বনিয়াদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।
-
নাজমা আখতাৰ
নাজমা আখতাৰ (Najma Akhtar; জন্মঃ ১৯৫৩) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু শৈক্ষিক প্ৰশাসক। তেওঁ ১২ এপ্ৰিল ২০১৯-ৰ পৰা ১২ নৱেম্বৰ ২০২৩-লৈকে জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ জেএমআইত এই পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা।
-
নাজমা চৌধুৰী
নাজমা চৌধুৰী (Nazma Chowdhury; ২৬ ফেব্ৰুৱাৰী ১৯৪২ – ৮ আগষ্ট ২০২১) এগৰাকী বাংলাদেশী শিক্ষাবিদ আছিল। তেওঁ হাবিব প্ৰশাসনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশত নাৰী অধ্যয়ন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল। ২০০০ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ মহিলা আৰু লিংগ অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰে।
-
নাজমা ছাদিক
নাজমা ছাদিক ( (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদিক, লেখিকা, মানৱ অধিকাৰ কৰ্মী, শিল্পী, পৰিৱেশবিদ আৰু চিত্ৰশিল্পী। আৰ্থ-সামাজিক বিষয়ৰ ওপৰতো গৱেষণা কৰি অসংখ্য গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছিল।
-
নাজমুন আৰা চুলতানা
নাজমুন আৰা চুলতানা (: Nazmun Ara Sultana; জন্ম: ৮ জুলাই, ১৯৫০) বাংলাদেশৰ প্ৰথমগৰাকী মহিলা যিয়ে উচ্চতম ন্যায়ালয়ত আপীল বিভাগৰ বিচাৰপীঠৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাজলি তাবাতাবাই-খাটামবখছ
নাজলি তাবাতাবাই-খাটামবখছ গিল্ডহল স্কুল অৱ মিউজিক এণ্ড ড্ৰামাৰ অপেৰা লিব্ৰেটিষ্ট প্ৰেকটিচ বেচডৰ উদ্বোধনী কলাত্মক ডক্টৰেট গৱেষক। ইয়াৰ উপৰি তেওঁ এই প্ৰতিষ্ঠানখনত এমএ অপেৰা মেকিং এণ্ড ৰাইটিং পাঠ্যক্ৰমৰ ড্ৰামেটিক ৰাইটিং বিষয়ৰ অধ্যাপক।
-
নাজানিন আফছিন-জাম
নাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানাডীয় মানৱ অধিকাৰ কৰ্মী, লেখিকা, ৰাজহুৱা বক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ মুকুট লাভ কৰিছিল।
-
নাজিক আল আবিদ
নাজিক আল আবিদ (১৮৮৭–১৯৫৯) (Nazik al-Abid) "আৰবৰ জোয়ান অৱ আৰ্ক" নামেৰে পৰিচিত আছিল৷ তেওঁ এগৰাকী ছিৰিয়ান মহিলা অধিকাৰ কৰ্মী, জাতীয়তাবাদী আৰু ছিৰিয়াত অট্টোমান আৰু ফৰাচী ঔপনিৱেশিকতাবাদৰ সমালোচক।
-
নাজিলা মাৰুফিয়ান
নাজিলা মাৰুফিয়ান ( Nazila Maroufian) (জন্ম: ২০ মে' ২০০০) এগৰাকী ইৰাণ নাগৰিক কৰ্মী, ৰাজনৈতিক বন্দী আৰু সাংবাদিক। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহছা আমিনিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰেপৰা কেইবাবাৰো গ্ৰেপ্তাৰ কৰি মুকলি কৰি দিয়া হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে ইভিন কাৰাগাৰত বন্দী হৈ আছিল।
-
নাটাচা আপানা
নাটাচা দেৱী পাথৰেড্ডী আপানা (ইংৰাজী: Nathacha Devi Pathareddy Appanah; জন্ম ২৪ মে' ১৯৭৩) এগৰাকী মৰিছাছীয়—ফৰাচী লেখিকা। তেওঁ মৰিছাছত নিজৰ কৈশোৰৰ বেছিভাগ সময় অতিবাহিত কৰিছিল আৰু ফ্ৰান্সলৈ প্ৰব্ৰজন কৰাৰ আগতে লি মৰিচিয়ান আৰু উইক-এণ্ড স্কোপত সাংবাদিক হিচাপে কাম কৰিছিল।
-
নাটালি ডৰমাৰ
নাটালি ডৰমাৰ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। ঐতিহাসিক নাটক, ব্লকবাষ্টাৰ ছবি, স্বতন্ত্ৰ চলচ্চিত্ৰৰ লগতে কেইবাখনো উল্লেখনীয় টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
নাটালি পৰ্টমেন
নাটালি হাৰ্ছলাগ (জন্ম ৯ জুন, ১৯৮১), পেছাদাৰীভাৱে নাটালি পৰ্টমেন নামেৰে পৰিচিত, এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক যাৰ ইজৰাইলী আৰু আমেৰিকান উভয় নাগৰিকত্ব আছে। তেওঁ কিশোৰ অৱস্থাৰপৰাই এক বিশাল পৰিসৰৰ অভিনয় জীৱনৰ সূচনা কৰিছিল আৰু বিভিন্ন ব্লকবাষ্টাৰ তথা স্বতন্ত্ৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
নাটালিয়া গুইমাৰেজ
নাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি সঞ্চালক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ব্ৰাজিল ২০০৭ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
নাটালিয়া মেটলিনেটছ
নাটালিয়া মেটলিনেটছ (ইউক্ৰেনিয়ান: Наталія Матолінець; জন্ম:২০ ডিচেম্বৰ, ১৯৯০) এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু গল্প লেখক। তেওঁ ২০২৩ চনত ইএছএফএছ ক্ৰিচেলাছ বঁটা লাভ কৰিছিল।
-
নাটালিয়া ষ্ট্ৰ’ভা
নাটালিয়া "নাতাশা" ষ্ট্ৰ’ভা (ইংৰাজী: Natalya "Natasha" Stroeva; জন্ম: ২০ আগষ্ট ১৯৯৯) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ৰাছিয়া ২০১৮ প্ৰতিযোগিতাত য়াকুটিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
নাদজা ৰেজিন
নাদেজদা "নাদজা" পোডেৰেজিন (২ ডিচেম্বৰ ১৯৩১ – ৬ এপ্ৰিল ২০১৯), যিয়ে তেওঁৰ মঞ্চনাম নাদজা ৰেজিন (Нађа Регин) হিচাপে অধিক পৰিচিত আছিল, এগৰাকী চাৰ্বিয়ান অভিনেত্ৰী, লেখিকা আৰু প্ৰকাশক আছিল।
-
নাদিয়া অঞ্জুমান
নাদিয়া অঞ্জুমান (জন্ম ২৭ ডিচেম্বৰ, ১৯৮০ – মৃত্যু ৪ নৱেম্বৰ, ২০০৫) আফগানিস্তানৰ এগৰাকী কবি আছিল।
-
নাদিয়া আলি
অনাই মালিক (জন্মনাম অনাজা মালিক; ) পেছাগতভাৱে নাদিয়া আলী নামেৰে পৰিচিত, এগৰাকী পাকিস্তান-জন্ম আমেৰিকান প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ ২০১৫ চনৰপৰা ২০১৬ চনলৈ প্ৰাপ্তবয়স্ক অভিনেত্ৰী হিচাপে কাম কৰিছিল।
-
নাদিয়া আলেকজেণ্ডাৰ
নাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।
-
নাদিয়া গামাল
নাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। স্থানীয় ইজিপ্তৰ বেলী নৃত্যক তেওঁ ৱেষ্টাৰ্ণ ৱাল্টজ, কাউবয়, ছা ছা নৃত্য আৰু অন্যান্য কিছু নৃত্যৰ সৈতে মিহলি কৰা বুলি জনা যায়।
-
নাদিয়া জামিল
নাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু অনুষ্ঠান-পৰিৱেশক৷ নবৈৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জামিলে পৰৱৰ্তী সময়ত কেইবাটাও টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। টেলিভিছনৰ উপৰিও থিয়েটাৰতো তেওঁ কাম কৰিছে।
-
নাদিয়া নদিম
নাদিয়া নদিম পাৰ্চী: نادیه ندیم; (জন্ম হৈছিল ২ জানুৱাৰী ১৯৮৮) এগৰাকী আফগান-ডেনিছ পেছাদাৰী মহিলা ফুটবলাৰ যি চিৰি এ ক্লাব এচি মিলানৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলে। আফগানিস্তানত জন্মগ্ৰহণ কৰা নাদিয়া নাদিমে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবল খেলে।
-
নাদেৰ ইব্ৰাহিমী
নাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ আৰু ঔপন্যাসিক আছিল। কেৰমানৰ এক প্ৰখ্যাত পৰিয়ালৰ বংশধৰ আতা-অল-মোল্ক ইব্ৰাহিমীৰ পুত্ৰ নাদেৰে ফাৰ্চী সাহিত্যত ডিপ্লমা অৰ্জন কৰিছিল আৰু তাৰ পিছত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী…