অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দিনী মুণ্ডকুৰ

নন্দিনী মুণ্ডকুৰ ( Nandini Mundkur) ভাৰতৰ অন্যতম উন্নয়নমূলক শিশু চিকিৎসক যিয়ে বিকাশৰ বিকাৰ আগতীয়াকৈ‍ ধৰা পেলোৱা আৰু হস্তক্ষেপ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী কাম কৰিছে।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৫ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নন্দিনী মুণ্ডকুৰ ( Nandini Mundkur) ভাৰতৰ অন্যতম উন্নয়নমূলক শিশু চিকিৎসক যিয়ে বিকাশৰ বিকাৰ আগতীয়াকৈ‍ ধৰা পেলোৱা আৰু হস্তক্ষেপ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী কাম কৰিছে।

জীৱন আৰু জীৱিকা

১৯৪৯ চনত তামিলনাডুৰ তিৰুভাল্লুৰৰ পৰম্পৰাগত তামিলীয় পৰিয়ালত জন্ম। ১৯৭২ চনত নতুন দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰি ১৯৭৭ চনত একেখন কলেজৰ পৰাই পেডিয়াট্ৰিক্সত এম ডি (ডক্টৰ অৱ মেডিচিন) সম্পূৰ্ণ কৰে। বিকাশমূলক অধ্যয়নৰ ক্ষেত্ৰখনৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰাৰ সময়তে প্ৰথম অৱস্থাত শিশু চিকিৎসক হিচাপে কাম কৰিছিল। ১৯৮৯ চনৰ অক্টোবৰ মাহত তেওঁ ভোজতাৰ আৰ্লি ডায়েগন'ছিছ এণ্ড থেৰাপি বিষয়ৰ এক পাঠ্যক্ৰম সম্পন্ন কৰিছিল।১ তেওঁ আমেৰিকান একাডেমী অৱ চেৰেব্ৰেল পালচি এণ্ড ডেভেলপমেণ্টেল মেডিচিন (এফ.এ.এ.চি.পি. আৰু ডি.এম.এ.)ৰ ফেল'।

তেওঁ বৰ্তমান জয়ানগৰ আৰু মালেশ্বৰমত বাংগালোৰত অনুশীলন কৰে।২

অৱদানসমূহ

ভাৰতত উন্নয়নমূলক শিশু চিকিৎসাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু আগতীয়া হস্তক্ষেপৰ সঁজুলি সৃষ্টিৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল। তেওঁ ২০০৬ চনত শিশু বিকাশ আৰু অক্ষমতা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।৩ কেন্দ্ৰটোৱে জন্মৰ পৰা কৈশোৰলৈকে শাৰীৰিক, মানসিক, ভাষা আৰু শিকাৰ সামৰ্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিকাশমূলক সমস্যা থকা শিশুসকলক চিকিৎসা কৰি আহিছে। কেন্দ্ৰটোৱে শিশুসকলৰ বাবে প্ৰাৰম্ভিক হস্তক্ষেপ সেৱা প্ৰয়োগ কৰা এখন বিদ্যালয়ও চলায়।

ড° নন্দিনী মুণ্ডকুৰ আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি পৰিষদৰ (আইচিপিচি) সঞ্চালিকা আৰু আইচিপিচিত তেওঁৰ বৰ্তমানৰ কামৰ লগত সমগ্ৰ দেশৰ শিশুসকলৰ বাবে সামাজিক আৱেগিক শিক্ষণ কাৰ্যসূচীত কাম কৰাটো জড়িত হৈ আছে।৪

ছাখুমভিট ট্ৰাষ্টৰ পৰিচালক হিচাপে তেওঁ সমগ্ৰ কৰ্ণাটকৰ গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ বাবে উপগ্ৰহৰ জৰিয়তে "লৰ্ন মেথ উইথ ফান" নামৰ এক কাৰ্যসূচী হাতত লৈছে।৫৬

ডাঃ নন্দিনী মুণ্ডকুৰে উন্নত ভৱিষ্যত প্ৰাপ্ত কৰিবলৈ প্ৰতিটো অক্ষমতা থকা শিশুক সহায় কৰাৰ দৃষ্টিভংগী পূৰণ কৰা লক্ষ্যৰে এক ব্যাপক অনলাইন স্ব-শিক্ষিত প'ৰ্টেল ট'টছগাইডৰ সহ-প্ৰতিষ্ঠাপক হিচাপে কাম কৰিছিল।

বঁটা আৰু স্বীকৃতি

সামাজিক শিশু ৰোগৰ বাবে সত্য গুপ্তা বঁটা-১৯৭৮ ৭

  • সামাজিক উদ্যোগশীলতাৰ বাবে অশোক ফেল'শ্বিপ-১৯৮৬
  • শিশু কল্যাণৰ বাবে সমৰ্পিত সেৱাৰ বাবে দেশ স্নেহি বঁটা-১৯৯৬ ৮
  • শিশুৰ যত্নৰ বাবে ৰ 'টাৰী এক্সিলেন্স বঁটা-১৯৯৮
  • আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস-২০০২ত বাংগালোৰ চিটি লেডিজ চাৰ্কলে মহিলা কৃতিত্ব বঁটা প্ৰদান কৰে
  • ২০০৮ চনত উইক আলোচনীয়ে ভাৰতীয় জিনিয়াছ হিচাপে তালিকাভুক্ত কৰিছিল
  • উপগ্ৰহৰ জৰিয়তে কৰ্ণাটকৰ গ্ৰাম্য শিশুসকলক গণিত শিকোৱাৰ বাবে মন্থন বঁটা-২০০৮ ৯

শেহতীয়া প্ৰকল্পসমূহ

  • ২০১০ চনত ডঃ নন্দিনী মুণ্ডকুৰ পিকান-পিএআৰচি ইণ্ডো-কানাডা অটিজম নেটৱৰ্কৰ মুখ্য অৱদানকাৰী আছিল৷ ১০

তথ্যসূত্ৰ

  1. ↑ Banaszek. (2010). Vojta's method as the early neurodevelopmental diagnosis and therapy concept. Przegl Lek. পৃ. 67–76
  2. ↑ Login || Qikwell
  3. ↑ Centre for Child Development and Disabilities
  4. ↑ International Children Peace Council
  5. ↑ Sackhumvit Trust
  6. ↑ Sackhumvit Projects
  7. ↑ Sathya Gupta Award
  8. ↑ Desha Snehi Awardee
  9. ↑ Manthan Award 2008
  10. ↑ Developmental and Behavioral News

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী মুণ্ডকুৰ” প্ৰবন্ধৰ সংশোধন ৫০৩৮৩৪ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।