অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নতাশা সূৰী

নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৫০৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নতাশা সূৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছুপাৰমডেল, টিভি আয়োজক আৰু প্ৰাক্তন মিছ ৱৰ্ল্ড ইণ্ডিয়া। ২০০৬ চনত ফেমিনা মিছ ৱৰ্ল্ড ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে পোলেণ্ডত অনুষ্ঠিত হোৱা সন্মানীয় মিছ ৱৰ্ল্ড পেজেণ্টত ভাৰতক আৰু অধিক প্ৰতিনিধিত্ব কৰি ফাইনেলত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰে।১

কৰ্মজীৱন

নতাশা সূৰীৰ শেষৰ হিন্দী চিনেমা 'Tipppsy' ২০২৪ চনৰ ১০ মে’ তাৰিখে ভাৰতজুৰি মুক্তি পায়। তেওঁৰ বলীউড চিনেমা 'Dangerous', য'ত বিপাশা বসু, কৰণ সিং গ্ৰ’ভাৰ আৰু তেওঁ অভিনয় কৰিছিল, ২০২০ চনৰ ১৪ আগষ্টত মুক্তি পায়। এই চিনেমাত তেওঁ ‘গৌৰী’ৰ ভূমিকাত অভিনয় কৰে। ২০২০ চনৰ জুলাইত মুক্তি লাভ কৰা হিন্দী চিনেমা 'Virgin Bhanupriya'-ত তেওঁ 'সোণালী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।

সূৰীয়ে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল ২০১৬ চনৰ মালয়ালম চিনেমা 'King Liar'ৰ জৰিয়তে, য'ত তেওঁ দীলীপ আৰু মাদন্নাৰ সৈতে অভিনয় কৰিছিল। ২০১৮ চনত Amazon Primeৰ জনপ্ৰিয় ৱেব ছিৰিজ 'Inside Edge'-ত তেওঁ এটা ৰহস্যময়ী মহিলা ৰূপে উপস্থিত হয়। তেওঁ ভাৰতীয় পপ ষ্টাৰ মিকা সিঙৰ সংগীত ভিডিঅ’ 'Tum Jo Mil Gaye Ho' আৰু জেজী বি আৰু এপাচি ইণ্ডিয়নৰ 'Dil Mangdi' সংগীত ভিডিঅ’ত অংশগ্ৰহণ কৰিছিল।

নতাশাই মিছ ইণ্ডিয়া বিজয় কৰাৰ আগতে নেভী কুইন (২০০৫), মিছ মহাৰাষ্ট্ৰ (২০০৫) আৰু Get Gorgeous-1 (২০০৪) আদি বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হৈছিল।

তেওঁ জনপ্ৰিয় টেলিভিশন অনুষ্ঠান পৰিচালিকা হিচাপে ১২টাতকৈ অধিক অনুষ্ঠান পৰিচালনা কৰিছে। তেওঁ NDTV India-ৰ 'Cell Guru' আৰু বিলাসিতা-জীৱনশৈলীৰ অনুষ্ঠান 'Velvet' পৰিচালনা কৰিছিল। লগতে তেওঁ 'Big Switch' (Season 3), 'SuperDude', 'Live Out Loud' (UTV Bindass) আৰু 'Style Police' (UTV Bindass)-ৰ পৰিচালিকা আছিল।

নতাশাই তাৰুণ তাহিলিয়ানি, ৰোহিত বাল, সুনীত বৰ্মা, ঋতু কুমাৰ, হেমন্ত ত্ৰিৱেদী আৰু নীতা লুল্লাৰ দৰে প্ৰসিদ্ধ ফেশ্বন ডিজাইনৰ বাবে মডেলিং কৰিছিল।

তেওঁ ৰোম ফেশ্বন উইকত প্ৰথমবাৰৰ বাবে ৰেম্পত খোজ কাঢ়ে আৰু তাৰপাছত দুবাই ফেশ্বন উইক, Amazon India Fashion Week আৰু Lakme Fashion Weekত পাঁচবাৰৰো অধিক অংশগ্ৰহণ কৰে। তেওঁ ১০০০তকৈও অধিক ৰেম্প শো-ত খোজ কাঢ়িছে আৰু বিভিন্ন ডিজাইনৰ শ্ব’ষ্ট’পাৰ ৰূপে পৰিচিত।

আলোকচিত্ৰ মডেল হিচাপে, নতাশাই 'Femina', 'Elle', 'Top Gear', 'Maxim', 'Avante Garde Life', 'Lifestyle & Luxury', 'Time & Style', 'Fitness First', 'Time Out', 'Fashion You Intimate', 'Brides Now', 'Models & Trends' আৰু 'Smart Photography' আদি আলোচনীৰ আৱৰণ মুখ আছিল।

২০১৬ চনত তেওঁ 'Maxim' আলোচনীৰ ১০০জন হটেষ্ট মহিলাৰ তালিকাত স্থান লাভ কৰিছিল। ২০০৭ চনত তেওঁ Mauritiusৰ পৰ্যটন দূত হিচাপে নিযুক্ত হয় আৰু দেশেৰ উপ-প্ৰধানমন্ত্ৰীৰ পৰা Friends of Mauritius সন্মান লাভ কৰে। ২০০৬ চনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ভাৰতীয় দূতৰূপে অভিনন্দন জনায়। ২০১২ চনত তেওঁ Seychelles India National Parade-ত অতিথি আছিল। ২০০৮ চনত তেওঁ Pillar of Hindustan সন্মানেৰে সন্মানিত হয়।

সৌন্দৰ্য প্ৰতিযোগিতাত সাফল্য

  • ২০০৫: নেভী কুইন – বিজয়ী
  • ২০০৫: মিছ মহাৰাষ্ট্ৰ – বিজয়ী
  • ২০০৪: Get Gorgeous-1 – বিজয়ী
  • ২০০৬: মিছ ইণ্ডিয়া ৱৰ্ল্ড – বিজয়ী, মিছ ব’ষ্ট স্মাইল, মিছ ব্যক্তিত্ব
  • ২০০৬: মিছ ৱৰ্ল্ড – চেমিফাইনেলিষ্ট, মিছ বেষ্ট ব’ডি (৩য় স্থান), বেষ্ট ডিজাইনৰ গাউন, মিছ টেলেণ্ট (শীৰ্ষ ৫)

ব্যক্তিগত জীৱন

নতাশা সূৰী আধা পাঞ্জাবী আৰু আধা তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ ৰাজন সূৰী আৰু মাতৃ ৰাধা সূৰী। তেওঁৰ দুই ভগ্নী ৰূপালী আৰু সোণীয়া। ৰূপালী এগৰাকী জনপ্ৰিয় টিভি পৰিচালিকা আৰু অভিনেত্ৰী, আৰু সোণীয়া এগৰাকী ফেশ্বন ডিজাইনেৰ। ২০১৭ চনত নতাশাই নিজৰ মাতৃক এক দীঘলীয়া অসুখৰ ফলত হেৰুৱাইছিল। তেওঁ নিজৰ মাতৃক নিজৰ শক্তিৰ উৎস আৰু জীৱনৰ মুখ্য অৱলম্বন বুলি বিবেচনা কৰে।

নতাশা এজন ৰাষ্ট্ৰপ্ৰেমী আৰু সমাজসেৱী, যিয়ে বহুতো সমাজসেৱামূলক কাৰ্যত অংশগ্ৰহণ কৰিছে। তেওঁ “Fall down seven, get up eight” মতবাদত বিশ্বাস কৰে। তেওঁ গভীৰভাৱে আধ্যাত্মিক আৰু ঈশ্বৰত দৃঢ় বিশ্বাসী।

চলচ্চিত্ৰ তালিকা

বৰ্ষশীৰ্ষকচৰিত্ৰভাষাটোকাউল্লেখ
২০১৬কিং লায়াৰনাতাশামালয়ালম ভাষা
২০১৭ইনচাইড এজমিষ্টাৰী লেডীহিন্দী ভাষাআমাজন প্ৰাইম ভিডিঅ'ৰ ৱেব ছিৰিজ
২০১৮বা বা ব্লেক চিপকামিয়াহিন্দী
২০২০ভাৰ্জিন ভানুপ্ৰিয়াসোণালীহিন্দীZEE 5-ত মুক্তি২
ডেঞ্জাৰাছগৌৰীহিন্দীMX Player-ৰ ৱেব ছিৰিজ৩
২০২৪টিপ্পচীতান্যাহিন্দী

তথ্যসূত্ৰ

  1. ↑ Natasha Suri · Actress. IMDb
  2. ↑ Shrivastava, Anuradha. (6 July 2017). Former Miss Indias Natasha Suri and Urvashi Rautela to feature in a film. www.indiatvnews.com
  3. ↑ Service, Tribune News. Actor Natasha Suri tests positive for COVID-19. Tribuneindia News Service

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতাশা সূৰী” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৮৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।