অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দু গ্যাৱালী

নন্দু গ্যাৱালী (: Nandu Gyawali, জন্ম ১৯৯৫ ) নন্দৰ নামেৰে পৰিচিত ম্যানমাৰৰ এগৰাকী নাৰীবাদী কৰ্মী। পাৰ্পল ফেমিনিষ্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু জি-টাউ জাগাৰ ৱাইন (বাৰ্মিজ ভাষাত) আৰু ফেমিনিষ্ট টকছ (ইংৰাজীত) প’ডকাষ্টৰ আয়োজক। ২০২০ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰিছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নন্দু গ্যাৱালী (: Nandu Gyawali, জন্ম ১৯৯৫ ) নন্দৰ নামেৰে পৰিচিত ম্যানমাৰৰ এগৰাকী নাৰীবাদী কৰ্মী। পাৰ্পল ফেমিনিষ্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু জি-টাউ জাগাৰ ৱাইন (বাৰ্মিজ ভাষাত) আৰু ফেমিনিষ্ট টকছ (ইংৰাজীত) প’ডকাষ্টৰ আয়োজক। ২০২০ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনত ম্যানমাৰৰ ছান ৰাজ্যৰ নামটু টাউনশ্বিপ অঞ্চলৰ মানছামত নন্দৰৰ জন্ম হৈছিল।১ কিশোৰী অৱস্থাত মৃগী ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়। মৃগী আক্ৰান্তৰ সময়ত উপস্থিত থকা মাকে ঋতুস্ৰাৱ হোৱাৰ বাবে গিৰিয়েকক সহায় কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ সমাজৰ সাংস্কৃতিক পৰম্পৰাৰ বাবে দেউতাকক স্পৰ্শ কৰিলে দেউতাকৰ লক্ষণসমূহ আৰু বেছি বেয়া হ’ব বুলি বিশ্বাস কৰিছিল। এইবোৰ কথাই নন্দৰৰ কিশোৰী কালত প্ৰভাৱ পেলাইছিল যাৰ ফলত তেওঁ যৌনতা আৰু লিংগ-সম্পৰ্কীয় বিষয়সমূহত এগৰাকী শিক্ষাবিদ আৰু সক্ৰিয় কৰ্মী হিচাপে নিজকে গঢ়ি তুলিছিল। ২

নন্দু গ্যাৱালী বিয়া হৈ গৃহ চহৰত থাকিবলৈ অস্বীকাৰ কৰে, ইয়াৰ পৰিৱৰ্তে ইয়াংগনত শিক্ষা গ্ৰহণ কৰাৰ লগতে থাইলেণ্ড আৰু বাংলাদেশত বৃত্তি কাৰ্যসূচীৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰে।১

সামাজিক সক্ৰিয়তা

২০১৭ চনত নন্দৰে নাৰীবাদী সক্ৰিয়তাত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে, চিমামাণ্ডা ঙগোজি আদিচিৰ ৰচনা উই শ্বুড অল বি ফেমিনিষ্ট বাৰ্মিজলৈ অনুবাদ কৰে।১৩ তাৰ পিছত তেওঁ আদিচিৰ এপিষ্টোলাৰী মেনিফেষ্টো ডিয়াৰ ইজেৱেলে বা এ ফেমিনিষ্ট মেনিফেষ্টো ইন ফিফটিন চাজেচনছ অনুবাদ কৰে।

২০১৮ চনত নন্দৰে ম্যানমাৰত ইভ এন্সলাৰৰ দ্য ভেজিনা মনোলগছৰ প্ৰথম প্ৰডাকচনত অনুবাদ, প্ৰযোজনা আৰু অভিনয় কৰিছিল। তাৰ পিছৰ দুবছৰলৈ প্ৰডাকচন মঞ্চস্থ কৰা হৈছিল।১৪৫

ইয়াংগনত ৰেইনফল ফেমিনিষ্ট অৰ্গেনাইজেচনৰ বাবে কাম কৰাৰ পিছত নন্দৰে পাৰ্পল ফেমিনিষ্ট গ্ৰুপ প্ৰতিষ্ঠা কৰে, যিয়ে সমগ্ৰ ম্যানমাৰৰ যুৱক-যুৱতীসকলৰ মাজত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ প্ৰসাৰ ঘটায়, মানৱ অধিকাৰৰ প্ৰতি সজাগতা বিয়পায়, লিংগ হিংসাৰ বিৰুদ্ধে পোষকতা কৰে আৰু ম্যানমাৰ সমাজৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে যুঁজ দিয়ে।১৬৫সংস্থাটোৰ এটা গুৰুত্বপূৰ্ণ অভিযান ম্যানমাৰত ঋতুচক্ৰ (মাহেকীয়া)ক লৈ থকা কুসংস্কাৰ আৰু সামাজিক লজ্জা দূৰ কৰাৰ ওপৰত কেন্দ্ৰিভূত হোৱা।৭

২০১৯ চনৰ আগষ্ট মাহত পাৰ্পল ফেমিনিষ্ট গ্ৰুপৰ জৰিয়তে নন্দৰে প’ডকাষ্ট জি-টাউ জাগাৰ ৱাইন মুকলি কৰে, যাৰ লক্ষ্য হৈছে ম্যানমাৰৰ মহিলাসকলক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ এটা মঞ্চ প্ৰদান কৰা।৬ইয়াৰ অৰ্থ সাধাৰণতে ব্যস্ত বয়সস্থ মহিলাক উদ্দেশ্য কৰি নিৰ্দেশিত বাৰ্মিজ অপমান সূচক শব্দ "নাকযুক্ত মহিলা"ৰ দৰে। প’ডকাষ্টটোত ঋতুস্ৰাৱ, গৰ্ভপাত, সন্মতি আদি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। ইয়াত বিশেষজ্ঞ আৰু মহিলা উভয়ৰে মাজত হোৱা কথা-বতৰাৰ বিষয়ে আছে য’ত মহিলা গৰাকীয়ে নিজৰ কাহিনী ব্যক্ত কৰিব পাৰে।৭২০২০ চনৰ জুলাই মাহত তেওঁ দ্বিতীয়টো প’ডকাষ্ট ইংৰাজী ভাষাৰ ফেমিনিষ্ট টকছ মুকলি কৰে, যাৰ লক্ষ্য আছিল সৰহ সংখ্য়ক দৰ্শকৰ মাজলৈ নিয়া।১৬ যদিও ম্যানমাৰত পডকাষ্টিং বিশেষ জনপ্ৰিয় নহয়, নন্দৰৰ লক্ষ্য হৈছে ইয়াক এনেবোৰ লোকৰ ওচৰলৈ লৈ যোৱা, যিসকলৰ শিক্ষা হয় মাজতে বন্ধ হৈ গৈছে নহয় তেওঁলোক পঢ়িবলৈ সক্ষম নহয়।১৭ইয়াৰে কিছুমান খণ্ডই সমালোচকসকলক তেওঁক হিংসাৰ ভাবুকি দিবলৈ প্ৰেৰণা দিছে।২

২০২১ চনৰ ম্যানমাৰৰ অভ্যুত্থানৰ পিছত নন্দৰেও অভ্যুত্থান বিৰোধী প্ৰতিবাদত জড়িত হৈ কয় যে: "মই একনায়কত্ববাদক পিতৃতন্ত্ৰৰ সৈতে তুলনা কৰিম, আৰু গণতন্ত্ৰক নাৰীবাদৰ সৈতে তুলনা কৰিম।"৫

২০২০ চনত বিবিচিৰ প্ৰভাৱশালী মহিলাৰ ১০০ গৰাকী মহিলাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হয়।৬

তথ্যসূত্ৰ

  1. ↑ Bemma, Adam. (2020-07-07). This 25-year-old podcaster is Myanmar's leading voice for gender equality. Splice
  2. ↑ How I'm using podcasts to drive a discussion about feminism in Myanmar. Splice
  3. ↑ Moe Thet War. (2017-08-17). Meet the woman behind the first Burmese translation of Chimamanda Ngozi Adichie's 'We Should All Be Feminists'. Coconuts Yangon
  4. ↑ Hogan, Libby. (2018-03-29). With Cupcakes And Courage, Myanmar Stages 'Vagina Monologues'. NPR
  5. ↑ Lau, Jessie. (2021-03-12). Myanmar's Women Are on the Front Lines Against a Patriarchal Junta. Foreign Policy
  6. ↑ (2020-11-23). BBC 100 Women 2020: Who is on the list this year?. BBC News
  7. ↑ Moe Thet War. (2020-08-10). Podcasting gender activist Nandar on tearing up taboos as a 'Nosy Auntie'. Coconuts Yangon

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দু গ্যাৱালী” প্ৰবন্ধৰ সংশোধন ৫৭৯৩২৬ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।