অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধীৰুবেন গোৰ্ধনভাই পেটেল

ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷

জীৱন

১৯২৬ চনৰ ২৯ মে’ত বৰোদা (বৰ্তমান গুজৰাটৰ বদোদৰা)ত বম্বে ক্ৰনিকলৰ সাংবাদিক গোৰ্ধনভাই পেটেল আৰু ৰাজনৈতিক কৰ্মী তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য গংগাবেন পেটেলৰ ঘৰত ধীৰুবেনে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালটো আনন্দৰ ওচৰৰ ধৰ্মজ গাঁৱৰ। ডাঙৰ হৈ তেওঁ মুম্বাইৰ উপকণ্ঠ অঞ্চল ছাণ্টাক্ৰুজত বাস কৰিছিল। মুম্বাইৰ পদ্দাৰ স্কুলত ধীৰুবেন পেটেলে শিক্ষা গ্ৰহণ কৰিছিল। এলফিনষ্টন কলেজৰ পৰা তেওঁ উচ্চ শিক্ষা সমাপ্ত কৰে। তেওঁ ১৯৪৫ চনত ইংৰাজী কলা শাখাৰ স্নাতক আৰু ১৯৪৯ চনত ভৱন কলেজৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত ঊত্তীৰ্ণ হয়৷ ১৯৬৩-৬৪ চনত তেওঁ ইংৰাজী অধ্যাপনা কৰিছিল আৰু পিছলৈ ভাৰতীয় বিদ্যা ভৱনত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল।১২৩

আনন্দ পাব্লিচাৰ্ছৰ সৈতে কম সময়ৰ বাবে তেওঁ কাম কৰে। ইয়াৰ পিছত ১৯৬৩-৬৪ চনত তেওঁ কল্কি প্ৰকাশন নামৰ এটা প্ৰকাশন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। ১৯৬৬ চনৰ পৰা ১৯৭৫ চনলৈ গুজৰাটী আলোচনী সুধা সম্পাদনা কৰে। পৰৱৰ্তী সময়ত গুজৰাট সাহিত্য সভাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩―২০০৪ চনত গুজৰাটী সাহিত্য পৰিষদৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁৰ এখন নাটক ভৱনী ভৱৈক ছবিলৈ ৰূপান্তৰিত কৰা হৈছে।৩৪৫

২০২৩ চনৰ ১০ মাৰ্চত ৯৬ বছৰ বয়সত পেটেলৰ মৃত্যু হয়।৬

বঁটা

১৯৮০ চনত পেটেলে ৰঞ্জিতৰাম সুবৰ্ণ চন্দ্ৰক বঁটা লাভ কৰে। ১৯৮১ চনত কে. ১৯৯৬ চনত নন্দশংকৰ সুবৰ্ণ চন্দ্ৰক বঁটা আৰু দৰ্শক বঁটা লাভ কৰে। ২০০১ চনত আগন্তুক উপন্যাসৰ বাবে গুজৰাটী ভাষাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে।১৩৭

তথ্যসূত্ৰ

  1. ↑ Vyas, Daksha. સાહિત્યસર્જક: ધીરુબેન પટેલ. Gujarati Sahitya Parishad
  2. ↑ Raikar-Mhatre, Sumedha. (9 July 2014). 'Older people deserve their space, which is often denied to them,' noted writer Dhiruben Patel. Mid-Day
  3. ↑ Brahmabhatt, Prasad. (2010). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ - આધુનિક અને અનુઆધુનિક યુગ (History of Modern Gujarati Literature – Modern and Postmodern Era). Parshwa Publication. পৃ. 248–251. ISBN 978-93-5108-247-7
  4. ↑ Tharu, Susie, Ke Lalita and. (1993). "Dhiruben Patel" in Women Writing in India vol 1. Feminist Press at CUNY. পৃ. 224–226. ISBN 9781558610293
  5. ↑ Dhiruben Patel. Muse India
  6. ↑ (10 March 2023). ગુજરાતી સાહિત્યને મોટી ખોટ, સાહિત્યકાર ધીરુબેન પટેલનું 97 વર્ષની વયે અવસાન. Gujarati Midday
  7. ↑ Sanskrit Sahitya Akademi Awards 1955-2007. সাহিত্য অকাডেমি Official website

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকগুজৰাটী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীগুজৰাটী ব্যক্তিঔপন্যাসিকনাট্যকাৰঅনুবাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰুবেন গোৰ্ধনভাই পেটেল” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৪০ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।