অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধ্ৰুৱ ৰাথী

ধ্ৰুৱ ৰাথী (Dhruv Rathee) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ আৰু ছ'ছিয়েল মিডিয়াৰ সমাজকৰ্মী। তেওঁ ৰাজনৈতিক ভাষ্যকাৰ হিচাপে জনাজাত।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ধ্ৰুৱ ৰাথী (Dhruv Rathee) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ আৰু ছ'ছিয়েল মিডিয়াৰ সমাজকৰ্মী।১ তেওঁ ৰাজনৈতিক ভাষ্যকাৰ হিচাপে জনাজাত।২৩৪৫

শিক্ষা

ধ্ৰুৱ ৰাথীয়ে হাৰিয়ানাৰ পৰা নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী অৰ্জন কৰে। জাৰ্মানীৰ পৰা তেওঁ পুনৰ-নৱীকৰণৰ শক্তিতো স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।৬

কৰ্মজীৱন

২০১৪ চনত ধ্ৰৱ ৰাথীয়ে নিজৰ চেনেলত এটা মিউজিক ভিডিঅ' মুকলি কৰে। ভিডিঅ'টোৰ নাম আছিল-"BJP Exposed: Lies Behind The Bullshit" এই ভিডিঅ'টো তেওঁ নৰেন্দ্ৰ মোদীৰ চৰকাৰক উদ্দেশ্যি নিৰ্মাণ কৰিছিল। ২০১৬ চনত ৰাথীয়ে অনলাইনত নিজৰ স্থিতি দৃশ্যমান কৰি তোলে। সেই সময়ত অজয় ছেহৰাৱট নামৰ ইউ টিউবাৰজনে অৰবিন্দ কেজৰিৱালৰ "দুৰ্বল প্ৰশাসন-ব্যৱস্থাৰ" বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাথীয়ে কৈছিল যে- "যেতিয়া অজয় ছেহৰাৱটৰ ভিডিঅ'টোত থকা তথ্যসমূহৰ সত্যতা নিৰ্ণয় নকৰাকৈ বহুতো মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিছিল, তেতিয়া মই প্ৰকৃত অনুসন্ধানৰ জৰিয়তে সত্যক সমুখলৈ অনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ। " (When I saw people sharing Ajay Sehrawat’s videos without checking the facts, I realised the need to present actual research in front of them so that they understand the truth." ৰাথীয়ে ভাৰতীয় জনতা পাৰ্টী আৰু তেওঁলোকৰ প্ৰশাসনযন্ত্ৰটোক উদ্দেশ্যি নিজৰ সমালোচনা অব্যাহত ৰাখে, কিন্তু কেজৰিৱালৰ চৰকাৰৰ কৰ্মব্যৱস্থাক স্বীকৃতি দিয়ে।৭

২০১৬ চনৰ উৰী আক্ৰমণ, ২০১৬ চনৰ ভাৰতীয় বিমুদ্ৰাকৰণ আদিকে ধৰি একাধিক ৰাজনৈতিক বিষয়ত ৰাথীয়ে তথ্যনিৰ্ভৰ ভিডিঅ' ধাৰাবাহিকভাৱে নিজৰ চেনেলত মুক্তি দি থাকে। "ফেক নিউজ"ক কটাক্ষ কৰাৰ উদ্দেশ্যে তেওঁ পি নিউজ নামৰ আন এটা ব্যংগধৰ্মী অনুষ্ঠানো আৰম্ভ কৰে। এই অনুষ্ঠানত তেওঁ বিজেপি আৰু হিন্দুত্ববাদী ৰাজনীতিক সমালোচনা কৰে। তেওঁ দ্য ধ্ৰুৱ ৰাথী শ্বো নামৰ আন এটা চিৰিজ আৰম্ভ কৰে, য'ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিশ্লেষণাত্মক সমালোচনা আগবঢ়াই যায়।৭

২০১৭ চনৰ পৰা তেওঁ দ্য প্ৰিণ্টত মন্তব্যনিৰ্ভৰ স্তম্ভ লিখি আহিছে।৮

ভাষ্য

২০২০ চনৰ মাৰ্চ মাহত, ৰাথীয়ে দাবী তোলে যে, মোদীয়ে আদানী গ্ৰুপক ১,৭০,০০০ হেক্টৰ ঘন অৰণ্যৰ মাটি বিক্ৰী কৰিছে।৯

২০২০ চনৰ জুন মাহৰ এটা ভিডিঅ'ত ৰাথীয়ে "ব্লেক লাউভছ মেটাৰ" আন্দোলনটোক পক্ষপাতিত্বমূলক বুলি আখ্যা দিয়ে আৰু এই আন্দোলনে কৃষ্ণাংগসকলক অগ্ৰাধিকাৰ দিছে বুলি মন্তব্য কৰে। তেওঁ এই আন্দোলনটোক নাৰীবাদী আন্দোলনৰ লগত তুলনা কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ 'Fake news' friend arrested. www.telegraphindia.com
  2. ↑ (26 May 2019). Poulami Nag to Dhruv Rathee: The YouTubers India subscribes to. The Indian Express
  3. ↑ (2019-03-28). #BBCRiverStories: बिहार की राजनीति में कितनी अहम है जाति?. BBC News हिंदी
  4. ↑ (2018-06-19). WATCH: Popular YouTuber breaks down Delhi political standoff between Arvind Kejriwal and L-G Anil Baijal - Politics News, Firstpost. Firstpost
  5. ↑ Gauri Lankesh's Final Editorial: 'In the Age of False News'. The Wire
  6. ↑ Krishnan, Murali. (17 June 2019). Space for media freedom rapidly shrinking in India: Dhruv Rathee. Deutsche Welle
  7. ↑ Ghosh, Devarsi. Meet Dhruv Rathee, the 23-year-old YouTuber whose videos are infuriating Modi’s admirers. Scroll.in
  8. ↑ Dhruv Rathee, Author at ThePrint. ThePrint
  9. ↑ Halarnkar, Samar. In an ancient land, a forest’s impending destruction threatens India’s future. Scroll.in
  10. ↑ Slammed for saying 'All Lives Matter', Dhruv Rathee compares 'liberals to BJP supporters'. Free Press Journal
  11. ↑ Gupta, Dyuti. (8 June 2020). Dhruv Rathee And The Privileged's Perspective on Black Lives. SheThePeople TV

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ইউটিউবাৰনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্ৰুৱ ৰাথী” প্ৰবন্ধৰ সংশোধন ৫৩২২০৯ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।