অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধনদা দেৱী

ধনদা দেৱী (Dhanada Devi) হৈছে এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। তেখেতৰ ঘৰ অসমৰ লখিমপুৰ জিলাত। দেৱীৱে অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে ২০২১ বৰ্ষত হাৰমতী হায়াৰছেকেণ্ডেৰীৰপৰা অৱসৰ গ্ৰহণ কৰে।

হালনাগাদ: ৩ মে’ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ধনদা দেৱী (Dhanada Devi) হৈছে এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। তেখেতৰ ঘৰ অসমৰ লখিমপুৰ জিলা জিলাত। দেৱীৱে অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে ২০২১ বৰ্ষত হাৰমতী হায়াৰছেকেণ্ডেৰীৰপৰা অৱসৰ গ্ৰহণ কৰে।১ অসমীয়া ভাষাত বহুেকইখন উপন্যাস, গল্পপুথি লিখাৰ লগতে গৰীয়সী, আমাৰ অসম, নিয়মীয়া বাৰ্তা আদি আলোচনীত গল্প প্ৰকাশ কৰি আহিছে৷

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হৈছিল ১৯৬১ চনত, নাৰায়ণপুৰত। পিতৃৰ নাম ঘনকান্ত শৰ্মা আৰু মাতৃৰ নাম পোনা দেৱী।

শিক্ষা

তেখেতে বৰবৰী প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা লাভ কৰে আৰু ১৯৭৬ চনত হাইস্কুল শিক্ষা লাভ কৰে পিছলাগুড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা। ১৯৭৮ চনত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হায়াৰচেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮৪ চনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক শিক্ষা লাভ কৰে আৰু ১৯৮৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোক্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

তেখেতে হাৰমতী হায়াৰছেকেণ্ডেৰী অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০২১ বৰ্ষত চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্যৰাজি

প্ৰবন্ধ সংকলন

তেখেতৰ প্ৰবন্ধ সংকলন এখন৷ নামটো- 'সমাজ চেতনাৰ ঘনক' (শিক্ষা আৰু সমাজ বিষয়ক), ২০১১ নতুন অসম প্ৰকাশন

উপন্যাস

ধনদা দেৱীয়ে সাম্প্ৰতিক সময়লৈকে ৭খন উপন্যাস ৰচনা কৰিছে৷ সেইসমূহ হ’ল- কাল সমকাল,(২০০৮, বাণী মন্দিৰ), আৰু মেঘালী দৃষ্টিৰে,(২০০২, নতুন অসম) অঁ আঁয়ঁ ইবাঁচি,(২০১১, বনলতা) ২, দুপাহী খৰিকাজাই, (২০০০, সাৰদা প্ৰকাশন), সোৱণশিৰিৰ সপোন মথি,(আখৰ প্ৰকাশ, প্ৰথম প্ৰকাশ-২০১৫), অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ বঁটা প্ৰাপ্ত উপন্যাস,নদীবান্ধ বিৰোধী আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস), বেলীমুখী বনকুঁৱৰী, (প্ৰকাশক-পূৰ্বাঞ্চল প্ৰকাশ, ২০১৮, প্ৰাক্ স্বাধীনতা আৰু স্বাধীনোত্তৰ কালৰ এখন সমাজক প্ৰতিনিধিত্ব কৰা বুৰঞ্জীমূলক উপন্যাস) ৩, দুপাহি খৰিকাজাই (২০০০, নতুন অসম প্ৰকাশন, চেমনীয়া উপন্যাস)

গল্প সংকলন

তেখেতৰ প্ৰথম গল্প সংকলনখনৰ নাম ‘স্বাধীনতাৰ ৰম্যভূমিত’, এই গ্ৰন্থখনে ‘সদৌ অসম ভবাণী শৰ্মা স্মাৰক চুটি গল্প গ্ৰন্থ বঁটা’ লাভ কৰে৷ সাৰদা প্ৰকাশন, প্ৰথম প্ৰকাশ- ২০০৭, তেখেতৰ আনখন গল্প সংকলন হ’ল ‘বেটুপাতৰ স্বৰলিপি’ (চন্দ্ৰ প্ৰকাশ, ২০১৫)। ১

টেলিফিল্ম

ধনদা দেৱীৰ ‘আৰোহণ’, শীৰ্ষক এখন চিৰিয়েল ইতিমধ্যে প্ৰচাৰ হৈছে৷ এই চিৰিয়েলখন নৰ্থ ইষ্ট চেনেল যোগে প্ৰচাৰিত (১৯ এপ্ৰিল, ২০০০ চন) প্ৰয়োজক- ঘন হাজৰিকা, বিশিষ্ট নাট্যকাৰ।

বঁটা আৰু সন্মান

ধনদা দেৱীয়ে এতিয়ালৈকে বহুকেইটা গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিছে৷ সেই সম্পৰ্কে তলত উল্লেখ কৰা হ’ল-

সদৌ অসম ভৱানী শৰ্মা স্মাৰক ছুটি গল্প গ্ৰন্থ বঁটা, ২০০৭ বৰ্ষ

‘সোৱনশিৰিৰ সপোন মথি’ শীৰ্ষক উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ ‘কুমাৰ কিশোৰ মৌলিক উপন্যাস বঁটা’, ২০১২-২০১৭ বৰ্ষ৷

আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৮ বৰ্ষ

বীৰ চিলাৰায় ৰাষ্ট্ৰীয় বঁটা, ২০১৯ বৰ্ষ

সাহিত্য অকাডেমীয়ে আয়োজন কৰা সৰ্বভাৰতীয় লেখক সমাৰোহত অসমৰ হৈ চাৰিবাৰ অংশগ্ৰহণ। ১

অসম সৰ্বশিক্ষা অভিযান মিছনত জিলা সমল ব্যক্তি হিচাপে বহুকেইবাৰ অংশগ্ৰহণ।

তথ্যসূত্ৰ

  1. ↑ ধনদা দেৱী. (২০১৫). লেখকৰ পৰিচয়. আখৰ প্ৰকাশ. পৃ. বেটুপাত
  2. ↑ www.scientiabooks.in/product/o-aie-ebachi/{{Dead link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  3. ↑ www.scientiabooks.in/product/belimukhi-bonkuwnar link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনদা দেৱী” প্ৰবন্ধৰ সংশোধন ৬০৪২০০ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।