নন্দিনী কাশ্যপ (ইংৰাজী ভাষা: Nandini Kashyap; জন্ম: ১৩ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত উত্তৰাখণ্ড মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া বেটাৰ আৰু উইকেটৰক্ষক হিচাপে খেলে।১২
ঘৰুৱা কেৰিয়াৰ
২০২২ চনৰ নৱেম্বৰ মাহত নিউজিলেণ্ড অনুৰ্ধ-১৯ মহিলা দলৰ বিৰুদ্ধে অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ বাবে তেওঁ ভাৰতীয় অনুৰ্ধ-১৯ মহিলা দলত নিৰ্বাচিত হয়। ডিচেম্বৰ মাহত তেওঁক ২০২৩ চনৰ অনুৰ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ বেক-আপ উইকেটৰক্ষক হিচাপে নিৰ্বাচিত কৰা হয়।৩৪
২০২৪ চনৰ অক্টোবৰ মাহত পণ্ডিচেৰীৰ বিৰুদ্ধে অনুষ্ঠিত ঘৰুৱা টি-২০ ক্ৰিকেটত তেওঁ এটা শতক অৰ্জন কৰে।৫ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ উত্তৰাখণ্ড প্ৰিমিয়াৰ লীগত মুছৌৰী থাণ্ডাৰ্ছৰ হৈ খেলিছিল।৬ নৱেম্বৰ মাহত চেলেঞ্জাৰ ট্ৰফীত বিজয়ী দল ইণ্ডিয়া ই-ৰ তেওঁ অংশ আছিল।৭
২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত তৃতীয় ডব্লিউ পি এল (WPL) নিলামত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজিয়ে ১০ লাখ টকাত কাশ্যপক ক্ৰয় কৰে।৮৯
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
২০২৪ চনৰ ডিচেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিতব্য টি-২০ শৃংখলাৰ বাবে তেওঁ নিজৰ ঘৰুৱা দলৰ সতীৰ্থ ৰাঘৱী বিষ্টৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ লাভ কৰে।১০১১
২০২৫ চনৰ জুলাই মাহত অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় 'এ' দলত কাশ্যপৰ নাম অন্তৰ্ভুক্ত কৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Nandini Kashyap. ESPNcricinfo
- ↑ Nandini Kashyap. CricketArchive
- ↑ (15 December 2024). Nandini Kashyap's journey of conviction, hope and no expectations. Cricket.com
- ↑ (22 November 2022). उत्तराखंड की नंदनी का भारतीय अंडर-19 टीम में चयन, न्यूजीलैंड टी-20 मैचों में आएंगी नजर. Devbhoomi Darshan
- ↑ (19 October 2024). उत्तराखंड महिला टीम की बड़ी जीत,टी-20 ट्रॉफी में नंदिनी ने जड़ा ताबड़तोड़ शतक. Haldwani Live
- ↑ (20 September 2024). Mussoorie Thunders reach Uttarakhand Premier League Final with Nandini Kashyap's unbeaten fifty. Female Cricket
- ↑ (27 November 2024). Nandini Kashyap and Raghvi Bist guide India E to 2024 Challenger Trophy Win. Female Cricket
- ↑ (January 2025). Rejoicing 'nervous' Virat Kohli meet, Nandini Kashyap set for India, WPL chapter. India Today
- ↑ (17 February 2025). Nandini Kashyap opens up on WPL auction bid, Delhi Capitals, and more…. Female Cricket
- ↑ India drop Reddy; Kashyap, Bist, Rawal get maiden call-ups for West Indies series. ESPNcricinfo
- ↑ (13 December 2024). India Women name squads for West Indies ODIs, T20Is, Nandini Kashyap earns call-up. India Today
- ↑ India A Women's Squad Announced for Australia Tour 2025 · Radha Yadav to Lead Multi-Format Series. Female Cricket
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৫৯৯২৭৪ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।