নদীম কাশিশ (Nadeem Kashish) এগৰাকী পাকিস্তানী কিন্নৰ কৰ্মী, ৰাজনীতিবিদ আৰু ৰেডিঅ' শ্ব'ৰ আয়োজক।১ ২০১৮ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিজন কিন্নৰৰ ভিতৰত তেওঁ অন্যতম হৈ পৰিছিল।২৩
ব্যক্তিগত জীৱন
কাশিশক তেওঁৰ পৰিয়ালে৪ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নাৰীসুলভ আচৰণৰ বাবে ১৬ বছৰ বয়সত মুলতানৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াৰ পিছত কাশিশে গুৰুৰ ঘৰত যোগদান কৰে, য’ত সাধাৰণতে পাকিস্তানৰ কিন্নৰৰ সম্প্ৰদায়টো থাকে। গুৰুজন; ঘৰৰ মুৰব্বীয়ে ঘৰৰ বাসিন্দাসকলক খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰে। কিন্তু কাশিশে ঘৰৰ পৰা ওলাই গুৰুজনাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিলে, যেতিয়া গুৰুৱে তেওঁক বেশ্যাবৃত্তিত জড়িত কৰিবলৈ জোৰ-জবৰদস্তি কৰিলে৷ ইয়াৰ পিছত কাশিশে ইছলামবাদৰ এটা টেলিভিছন অনুষ্ঠানত মেকআপ আৰ্টিষ্ট হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ কিন্নৰ সম্প্ৰদায়ক সহায় কৰা বেচৰকাৰী সংস্থাসমূহৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে।৫ কাশিশৰ ঘৰ পাকিস্তানৰ ইছলামবাদত।
কৰ্মজীৱন
২০০৬ চনত কাশীষে মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ এফ এম-৯৯ত ৰেডিঅ' শ্ব'ৰ আয়োজক হিচাপে যোগদান কৰে য'ত তেওঁ পাকিস্তানৰ কিন্নৰ সম্প্ৰদায়ে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে।৬
তেওঁ এগৰাকী সমাজকৰ্মী হিচাপেও কাম আৰম্ভ কৰে আৰু নিজাকৈ এটা সংস্থা "শ্বেমেল এছ'চিয়েচন ফৰ ফাণ্ডামেণ্টেল ৰাইটছ (ছফৰ)" আৰম্ভ কৰে।৭৮ তেওঁ এন জি অ'টোৰ সভানেত্ৰী।৯
২০১৮ চনত কাশিশে নিৰ্বাচনী প্ৰচাৰৰ বাবে থিয় দি ৰাজনীতিত যোগদান কৰে।১০
তথ্যসূত্ৰ
- ↑ (23 September 2020). Transgender community of Pakistan launches political party seeking equal rights. gulfnews.com
- ↑ (25 July 2018). Pakistan Elections 2018: Transgender acid attack survivor, Nayyab Ali, running for Parliament, cast her vote. www.timesnownews.com
- ↑ (16 July 2018). Pakistan rights group issues warning ahead of polls. AP NEWS
- ↑ Pakistan's Transgender Candidates Step Onto Political Stage. Time
- ↑ Transgender campaigns for acceptance in Pakistan election. www.efe.com
- ↑ (10 December 2018). Pakistan's first transgender radio host. Pakistan Saga
- ↑ Malik, Shiza. (25 June 2018). 'Only with participation of transgender people will democracy be complete,' says Nadeem Kashish. DAWN.COM
- ↑ (9 April 2020). Transgenders feel left out of Covid-19 aid conversation. The Express Tribune
- ↑ Call for engaging 'Gurus' to develop transgender database · Pakistan Today. www.pakistantoday.com.pk
- ↑ Transgender participation in Pakistan's elections - Rights - Women talk online - DW.COM. Women Talk Online – A forum for women to talk to women
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নদীম কাশিশ” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৭০ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।