নন্দিনী বাজপাই ভাৰতীয় মূলৰ এগৰাকী বষ্টন-ভিত্তিক লেখিকা। ১ তেওঁৰ প্ৰথম যুৱ প্ৰাপ্তবয়স্ক উপন্যাস "ৰেড টাৰ্বান হোৱাইট হৰ্চ: মাই চিষ্টাৰ হাৰিকেন ৱেডিং" ২০১৩ চনত স্কলাষ্টিক ইণ্ডিয়াই প্ৰকাশ কৰিছিল। ২৩বাজপাইৰ কিতাপ 'ষ্টাৰকৰ্চড' নামৰ এখন ঐতিহাসিক যুৱ প্ৰাপ্তবয়স্ক উপন্যাস ৰূপা পাব্লিকেশ্যনে ২০১৩ চনৰ নৱেম্বৰত প্ৰকাশ কৰিছিল। তেওঁৰ অন্য এখন কিতাপ 'ঋষি এণ্ড দ্য কাৰ্মিক কেট' কিশোৰ সকলৰ বাবে (৯ বছৰ আৰু অধিক বয়সৰ শিশুৰ বাবে) লিখা। ২০১৫ চনৰ ছেপ্টেম্বৰত ৰূপা পাব্লিকেশ্বনে এই কিতাপখন প্ৰকাশ কৰিছিল।৪৫ ২০১৭ চনৰ নৱেম্বৰত নিকি গাৰ্চিয়া লিটল এ ব্ৰাউনে ২০১৯ চনৰ বসন্তত প্ৰকাশৰ বাবে নন্দিনী বাজপাইৰ সমসাময়িক যুৱ প্ৰাপ্তবয়স্ক উপন্যাস 'এ মেড ইন মেহেন্দি' ক্ৰয় কৰে। তেওঁৰ যুৱ প্ৰাপ্তবয়স্ক উপন্যাস 'চিষ্টাৰ অফ দ্য বলীউড ব্ৰাইড' ২০২১ চনৰ গ্ৰীষ্মকালত প্ৰকাশৰ বাবে লিটল ব্ৰাউন/পপীয়ে ক্ৰয় কৰিছিল।
ব্যক্তিগত জীৱন
নন্দিনী বাজপাইৰ জন্ম উত্তৰ প্ৰদেশৰ মিৰাট অঞ্চলৰ এটা ৰাজপুত পৰিয়ালত হৈছিল। তেওঁৰ দেউতাক এজন সামৰিক বিষয়া আছিল। তেওঁৰ তিনিগৰাকী ভগ্নী আছে। ৬ চৌহানৰ চাৰিগৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ গৰাকী হৈছে প্ৰখ্যাত ভাৰতীয় লেখিকা অনুজা চৌহান। ৭৮ ১৯৯১ চনত নন্দিনী পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়ালৈ গুচি যায়। ১৯৯৪ চনত বিবাহৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়। তেওঁ প্ৰথম সন্তানৰ জন্মলৈকে বষ্টনৰ ফিডেলিটি ইনভেষ্টমেণ্টছত কাম কৰিছিল। যেতিয়া তেওঁ পোনপ্ৰথমে লিখিবলৈ আৰম্ভ কৰিছিল তেতিয়া কেইবাটাও সম্প্ৰদায় আৰু পশু উদ্ধাৰকাৰী স্বেচ্ছাসেৱী গোটৰ সৈতে জড়িত হৈছিল। তেওঁ ২০১৫ চনত ইণ্ডিয়া নিউ ইংলেণ্ড ৱমেন অফ দা ইয়েৰ বঁটাৰ বাবে মনোনীত হৈছিল।
তথ্যসূত্ৰ
- ↑ (January 16, 2019). A Girl Like Me: Nandini Bajpai. Verve
- ↑ Vishav. (3 July 2013). The Age of Young Adults. Deccan Chronicle
- ↑ (15 July 2013). Hurricane Wedding. ইণ্ডিয়া টুডে
- ↑ (21 January 2016). Saving the Book of Life. দ্য হিন্দু
- ↑ (13 August 2014). Nandini Bajpai: A Knack for Writing Young Adult Fiction. India New England
- ↑ Gianani, Kareena. (7 July 2013). Author by the minute: Nandini Bajpai. Mid-Day Mumbai
- ↑ Venkatraman, Janane. (8 July 2013). Band, Bajaa, Books?. The New Indian Express
- ↑ (16 June 2013). Limelight: Sister Act. The Telegraph (Calcutta)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী বাজপাই” প্ৰবন্ধৰ সংশোধন ৫৪৪১৭৮ (১৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।