অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দিনী চাহু

নন্দিনী চাহু (ইংৰাজী: Nandini Sahu; জন্ম: ২৩ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। তেওঁ বিদেশী ভাষা বিদ্যালয়ৰ সঞ্চালিকা আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) ইংৰাজী বিষয়ৰ অধ্যাপিকা।

হালনাগাদ: ১৫ মে’ ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নন্দিনী চাহু (ইংৰাজী: Nandini Sahu; জন্ম: ২৩ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। তেওঁ বিদেশী ভাষা বিদ্যালয়ৰ সঞ্চালিকা আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) ইংৰাজী বিষয়ৰ অধ্যাপিকা। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহ হৈছে ভাৰতীয় সাহিত্য, নতুন সাহিত্য, লোককথা আৰু সংস্কৃতি অধ্যয়ন, আমেৰিকান সাহিত্য, শিশু সাহিত্য আৰু সমালোচনাত্মক তত্ত্ব। তেখেত ইংৰাজী ভাষাৰ আলোচনী “Interdisciplinary Journal of Literature and Language ”(IJLL), আৰু “Panorama Literaria”ৰ মুখ্য সম্পাদিকা/প্ৰতিষ্ঠাপক সম্পাদিকা।১২৩৪ ভাৰতৰ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপিকা হিচাপেও কৰ্মৰত। তেওঁ ইংৰাজী ভাষাত কবিতাকে ধৰি কেইবাখনো গ্ৰন্থ লিখিছে।৫৬ ভাৰত, আমেৰিকা, ব্ৰিটেইন, আফ্ৰিকা আৰু পাকিস্তানত তেওঁৰ কবিতা প্ৰকাশ পাইছে।৭ ইংৰাজী সাহিত্যত তিনিটা স্বৰ্ণ পদক লাভ কৰাৰ লগতে ১৯৯৩ চনত ৰাঁচীৰ চেণ্ট জেভিয়াৰ কলেজত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কবিতা প্ৰতিযোগিতাৰ বঁটা আৰু শিক্ষা ৰত্ন পুৰস্কাৰ লাভ কৰিছে।৭৮৯

প্ৰাৰম্ভিক জীৱন

১৯৭৩ চনৰ ২৩ জুলাইত ভাৰতৰ উৰিষ্যাৰ জি. উদয়গিৰিত নন্দিনী চাহুৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকে ভাৰতীয় স্থানীয় বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ আৰু তেওঁৰ পাঁচগৰাকী ভগ্নী পৰিয়ালৰ আজ্ঞাকাৰী হিচাপে ডাঙৰ-দীঘল হৈছিল।৭ বিশ্ব ভাৰতীৰ শান্তিনিকেতনৰ ইংৰাজী অধ্যাপক প্ৰয়াত নিৰঞ্জন মহন্তৰ নেতৃত্বত তেওঁ ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছে। স্থানীয় আমেৰিকান সাহিত্যতো৯ তেওঁ ডি.লিট. লাভ কৰিছে।[9] বৰ্তমান তেওঁ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১০ বহু ৰাষ্ট্ৰীয় আলোচনা চক্ৰতো তেওঁ অংশগ্ৰহণ কৰিছে।১১

সাহিত্যিক জীৱন

নন্দিনী চাহুৱে কবিতা সংকলনকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ ১৭খন কিতাপ প্ৰকাশ কৰি আমাজনৰ “বেষ্ট চেলাৰ লেখিকা” হিচাপেও পৰিচয় লাভ কৰিছে। তেওঁৰ লেখাসমূহ ভাৰতীয়-ইংৰাজী সাহিত্য, আমেৰিকান সাহিত্য, ইংৰাজী ভাষা পাঠদান (ELT), লোককথা আৰু সংস্কৃতি অধ্যয়ন আৰু লগতে শিশু সাহিত্য বিষয়ৰ ওপৰত আধাৰিত। প্ৰখ্যাত হিন্দী অনুবাদক দীনেশ কুমাৰ মালিয়ে তেওঁৰ বিখ্যাত কাব্য গ্ৰন্থ সীতা (Sita),১২ আৰু তেওঁৰ গল্পসমূহ হিন্দীলৈ অনুবাদ কৰিছিল। তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ বাবে লোককথা আৰু সংস্কৃতি অধ্যয়নৰ কাৰ্যসূচী সজ্জিত আৰু বিকশিত কৰিছে।৯ তেওঁ নতুন দিল্লীৰ “ইণ্টাৰডিচিপ্লিনেৰী জাৰ্নেল অৱ লিটাৰেচাৰ এণ্ড লেংগুৱেজ” (Interdisciplinary Journal of Literature And Language) আলোচনীৰ মুখ্য সম্পাদিকাও। তদুপৰি চাহুৱে ভাৰত আৰু বিদেশত বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিছে।৭৯

বঁটা

•সৰ্বভাৰতীয় কবিতা প্ৰতিযোগিতাৰ বঁটা৯

•শিক্ষাৰত্ন পুৰস্কাৰৰ বঁটা৯

•ইংৰাজী সাহিত্যত তিনিটা স্বৰ্ণ পদক৯

•পয়েচিছ এৱাৰ্ড অৱ অনাৰ-২০১৫৯

•বুদ্ধ সৃষ্টিশীল লেখকৰ বঁটা।৯

•ভাৰতত ইংৰাজী অধ্যয়নত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা স্বৰ্ণ পদক।৯

প্ৰকাশন

নিৰ্বাচিত লেখা

•The Other Voice, কবিতা সংকলন, ২০০৪৫১৩

•The Silence, ২০০৫১৩

•Silver Poems on My Lips, ২০০৯১৪

•Sukamaa and Other Poems ভাৰতীয় কবিতা সমাজ, গুড়গাঁৱৰ দ্বাৰা প্ৰকাশিত ১৫১৬

•Suvarnarekha:ভাৰতীয় মহিলা কবিৰ কবিতা সংকলন১৭

•Sita (এটা কবিতা)

•Dynamics of Children’s Literature

•Zero Point

•Re-reading Jayanta Mahapatra: Selected Poems১৮

•सीता महाकाव्य: हिन्दी अनुवाद (Sita কবিতাপুথিৰ হিন্দী অনুবাদ)১৯

•A Song Half & Half২০

•Shedding-Metaphors২১

সমালোচনাত্মক গ্ৰন্থ

•Recollection as Redemption, ২০০৪৯

•Post Modernist Delegations in English Language Teaching: The Quixotic Deluge, ২০০৫১৩

•The Post Colonial Space: Writing the Self and The Nation, ২০০৮৯২২২৩

•Folklore and the Alternative Modernities (প্ৰথম আৰু দ্বিতীয় খণ্ড), ২০১২

তথ্যসূত্ৰ

  1. ↑ (2006). The Atlantic Literary Review, Volume 7
  2. ↑ Nandini Sahu. The Peregrine Muse.com-Poets International
  3. ↑ (25 March 2012). Book Review: Folklore and the Alternative Modernities. Isahitya.com
  4. ↑ Nandini Sahu. Poets Printery.com
  5. ↑ (25 September 2005). The Other Voice by Nandini Sahu Authors Press. The Tribune
  6. ↑ Poetic tongue is the idiom that comes from the spirit. All About Book Publishing.Com
  7. ↑ (25 October 2013). In conversation with Dr Nandini Sahu. Muritius Times.com
  8. ↑ (18 October 2013). Laudable Folklore Workshop of the MGI's Department of Bhojpuri, Folklore and Oral Traditions. Mauritius Times
  9. ↑ Nandini Sahu Associate Professor. Ignou The People's University
  10. ↑ (13 October 2010). IGNOU Likely To Launch MA Programme in Folklore & Culture Studies. Higher Education in India.com
  11. ↑ (9 February 2009). National seminar held at GNDEC. The Indian Express
  12. ↑ professornandinisahusita.blogspot.com
  13. ↑ List of Nandini Sahu books
  14. ↑ (January 2009). Silver Poems on My Lips. Authorspress. ISBN 9788172734718
  15. ↑ Sukamaa and other Poems. Galaxyimrj.com
  16. ↑ (22 September 2013). Nandini Sahu's Magic Cadence of Poetic Thoughts Reigns. Boloji.com
  17. ↑ Suvarnarekha. Global Fraternityof Poets.com
  18. ↑ Re-reading Jayanta Mahapatra: Selected Poems
  19. ↑ सीता महाकाव्य: हिन्दी अनुवाद
  20. ↑ A Song Half & Half
  21. ↑ Shedding-Metaphors
  22. ↑ A.C. Bradley Oxford Lectures On Poetry – Page 400 1999 "Also of Interest The Post-Colonial Space: Writing the Self and the Nation, Ed.Nandini Sahu.."
  23. ↑ Mohit Kumar Ray Studies In Elt, Linguistics And Applied Linguistics Page vii 2004 "Dr Nandini Sahu makes out a case for Indian poetics as a significant body of critical criteria and pleads for their ... "

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী চাহু” প্ৰবন্ধৰ সংশোধন ৬০৬৩৮৫ (১৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।