নাবাম টুকি (জন্ম ৭ জুলাই ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।১তেওঁ ২০১১ ৰ পৰা ২০১৬ ৰ ভিতৰত দুবাৰ এই পদত অধিষ্ঠিত হৈছিল।২ তেওঁৰ প্ৰথম কাৰ্যকাল আছিল নৱেম্বৰ ২০১১ ৰ পৰা জানুৱাৰী ২০১৬ লৈ, আনহাতে দ্বিতীয় কাৰ্যকাল ২০১৬ চনৰ জুলাই মাহত মাত্ৰ ৩ দিন চলিছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। তেওঁ হৈছে ২০২৪ চনলৈ পুনৰ নিৰ্বাচনত জয়ী হোৱা কংগ্ৰেছৰ অন্তিম মুখ্যমন্ত্ৰী।
প্ৰাৰম্ভিক জীৱন
নাম টুকিৰ জন্ম হৈছিল ১৯৬৪ চনৰ ৭ জুলাইত পাপুম পাৰে জিলাৰ চাগালী উপ-বিভাগৰ ওমপুলিত এটা নিচি পৰিয়ালত। তেওঁ বিবাহিত আৰু তেওঁৰ দুজন পুত্ৰ আৰু পাঁচজনী কন্যা আছে।৩
ৰাজনৈতিক জীৱন
টুকীয়ে অৰুণাচল প্ৰদেশৰ (NSUI) ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (১৯৮৩ ৰ পৰা ১৯৮৬) আৰু উত্তৰ-পূব (NSUI)এনএছইউআই সমন্বয় সমিতিৰ (১৯৮৪ চনৰ পৰা ১৯৮৬) অধ্যক্ষ আছিল।৩ তেওঁ সৰ্বভাৰতীয় এনএছইউআই (১৯৮৬ ৰ পৰা ১৯৮৮) আৰু অৰুণাচল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি (১৯৮৮ ৰ পৰা ১৯৯৫) সাধাৰণ সম্পাদক আছিল।.৩তেওঁ প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত চাগালী সমষ্টিৰ পৰা দ্বিতীয় বিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু গেগং আপাং মন্ত্ৰালয়ত উপ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৮ চনত পৰিবহন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৯ চনত একেটা সমষ্টিৰ পৰা পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু মুকুট মিথি মন্ত্ৰালয়ৰ পৰিৱেশ আৰু বন দপ্তৰৰ সৈতে কেবিনেট মন্ত্ৰী হৈছিল। তেওঁ ২০০৪ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০০৯ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ নিৰ্বাচিত হৈছিল আৰু গেগং আপাং আৰু দৰ্জী খাণ্ডু মন্ত্ৰালয়ৰ অধীনত পি ডব্লিউ ডি আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনৰ ১ নৱেম্বৰত তেওঁ জাৰ্বোম গামলিনৰ ঠাইত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু জানুৱাৰী ২০১৬ লৈকে অব্যাহত আছিল। ২০১৬ চনত অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হয় আৰু নবাম টুকি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।৪৫ ২০১৬ চনৰ ১৩ জুলাইত উচ্চতম ন্যায়ালয়ে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জে.পি. ৰাজখোৱাৰ বিধানসভা অধিৱেশন 16 ডিচেম্বৰ ২০১৫ৰ পৰা ১৪ জানুৱাৰী ২০১৬ লৈ আগবঢ়োৱা আদেশ বাতিল কৰে। যাৰ ফলত অৰুণাচল প্ৰদেশত ৰাষ্ট্ৰপতি শাসন হয়। ফলস্বৰূপে, টুকীয়ে ১৩ জুলাই ২০১৬ তাৰিখে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ বিধানসভাৰ মজিয়া পৰীক্ষাৰ কেইঘণ্টামান আগতে তেওঁ ২০১৬ চনৰ ১৬ জুলাই তাৰিখে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।
২০২১ চনৰ জুন মাহত, অৰুণাচল প্ৰদেশৰ ৰাজহুৱা নিৰ্মাণ বিভাগ আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ তেওঁৰ আত্মীয়সকলক ঠিকা প্ৰদান কৰাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ দ্বাৰা তেওঁক তদন্ত কৰা হৈছিল। ২০২১ চনৰ ডিচেম্বৰত, টুকিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ প্ৰমাণ কৰিব নোৱাৰাৰ পিছত য়ুপিয়াৰ এখন বিশেষ আদালতে চিবিআইৰ তদন্তৰ বন্ধ প্ৰতিবেদন গ্ৰহণ কৰে।৬৭
তথ্যসূত্ৰ
- ↑ Rajagopal, Krishnadas. (14 July 2016). SC quashes Nepal Governor's order, Tuki takes charge as CM. The Hindu
- ↑ (27 January 2016). Arunachal Pradesh crisis: How a rebellion spun out of control. The Indian Express
- ↑ (18 May 2014). Nabam Tuki becomes the eighth CM of Arunachal Pradesh. DNA
- ↑ (27 January 2016). Arunachal Pradesh crisis: CM Nabam Tuki, ministers dismissed following President's Rule imposition. DNA
- ↑ (4 February 2016). 'If democracy is slaughtered, how can the court remain silent?': Supreme Court on Arunachal crisis. First Post
- ↑ Pandey, Devesh K. (2021-06-10). CBI books former Arunachal Chief Minister Nabam Tuki. The Hindu
- ↑ Joy, Shemin. (2021-06-10). Former Arunachal Pradesh CM Nabam Tuki in CBI trouble again. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবাম টুকি” প্ৰবন্ধৰ সংশোধন ৬৩৯৯০৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।