দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী ভাষা, গুজৰাটী ভাষা ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।
পেচা
ছাফাৰীয়ে এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু তাৰে জমিন পৰ (২০০৭) ছবিখনত প্ৰথম আত্মপ্ৰকাশ কৰে। ১ ছবিখনত তেওঁ ঈশান নন্দকিশোৰ অৱস্থীৰ চৰিত্ৰত অভিনয় কৰি। ২০০৬ চনৰ শেষৰ ফালে চিত্ৰনাট্যকাৰ আৰু সৃষ্টিশীল পৰিচালক অমোল গুপ্তে এ তাৰে জমিন পৰৰ বাবে পুৰুষ নায়ক বিচাৰি থাকোঁতে মুম্বাইৰ এখন নৃত্য একাডেমীত ছাফাৰীক আৱিষ্কাৰ কৰিছিল। ছিবখনৰ নায়কৰ বাবে বহুজনে অডিচন দিছিল যদিও ছাফাৰীক ঈশানৰ চৰিত্ৰ অমোল গুপ্তে নিৰ্বাচন কৰিছিল। ২ চলচ্চিত্ৰ খনত এটি ডিছলেক্সিক সংগ্ৰামী শিশু হিচাপে অভিনয় কৰি ছাফাৰী চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা লাভ কৰিছিল। ৩৪ এই অভিনয়ৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰে। IndiaFM ৰ পৰা তৰণ আদৰ্শই ছাফাৰীক "মাষ্টাৰ" বুলি অভিহিত কৰে আৰু তেওঁৰ অভিনয় বিশেষ বঁটাৰ যোগ্য বুলি উল্লেখ কৰে। ৫ CNN-IBN ৰ ৰাজীৱ মাছান্দই কৈছিল, “দৰ্শীল ছাফাৰীয়ে ঈশান অৱস্থীৰ ৰূপত আপোনাৰ হৃদয় চুৰি কৰিব পাৰে। দৰ্শীল অভিনেতা হিচাপে প্ৰকাশ, তেওঁ স্বতঃস্ফূৰ্ত আৰু মৰমলগা আৰু এই ছবিখন সম্পূৰ্ণৰূপে কান্ধত কঢ়িয়াই লৈ ফুৰে”। ৬তেওঁৰ অভিনয়ৰ পাৰদৰ্শীতাৰ বাবে কিছুমান চলচ্চিত্ৰ পৰ্যালোচকে ছাফাৰীক "চলচ্চিত্ৰখনৰ প্ৰকৃত তাৰকা" বুলি অভিহিত কৰে।৭৮২০০৭ চনত দিয়া এক সাক্ষাৎকাৰত ছাফাৰীয়ে কৈছিল যে তেওঁ ভৱিষ্যতে গায়ন-বায়ন, নৃত্য, ব্যৱসায়ী বা গহনা ডিজাইনাৰ আদি কৰা পৰিকল্পনাত আছে। ৯
তেওঁৰ দ্বিতীয়খন ছবি বুম বুম বোলে ২০১০ চনত আহিছিল আৰু কিছুমান সূত্ৰৰ মতে তেওঁক ৩ লাখ টকা দিয়া হৈছিল, যিটো সেই সময়ত যিকোনো শিশু অভিনেতাক দিয়া সৰ্বাধিক ধন। .১০ইয়াৰ উপৰি তেওঁ আৰু দুখন ছবিত অভিনয় কৰিছিল, ডিজনী ইণ্ডিয়াৰ ছুপাৰহিৰো ছবি জোক্কোমন (২০১১) আৰু দীপা মেহতাৰ ''মিডনাইটছ চিলড্ৰেনছ (২০১২)। ১১১২
২০১২ চনত তেওঁ অৱনীত কৌৰক নৃত্যৰ সহযোগী হিচাপে লৈ ঝলক দিখলা জা নৃত্যৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিল যদিও সপ্তম স্থানত বাহিৰ হৈ যায়। ১৩ ইয়াৰ পিছত তেওঁ অভিনয়ৰ পৰা বিৰতি লৈ পঢ়া-শুনাত মনোনিৱেশ কৰিছিল। ১৪২০১৬ চনত তেওঁ য়্যে হেই আচিক্যি ধাৰাবাহিকত অভয়ৰ চৰিত্ৰত অভিনয় কৰিছিল।১৫ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ হিন্দী ক্ৰীড়া নাটক ছবি হুকুছ বুকুছত আৰু গুজৰাটী ছবি, কুচ এক্সপ্ৰেছত অভিনয় কৰে।১৪১৪
অভিনিত চলচ্চিত্ৰ
| বচৰ | নাম | ভূমিকা | টোকা | Ref. |
|---|---|---|---|---|
| ২০০৭ | তাৰে জমিন পৰ | ঈশান নন্দকিশোৰ অৱস্থী | Filmfare Award for Best Actor (Critics) Nominated–Filmfare Award for Best Actor | ৩ |
| ২০১০ | বুম বুম বোলে | পিনাকি "পিনু"গুৱালা | ১০ | |
| ২০১১ | জোক্কোমন | কুনাল /জোক্কোমন | ১১ | |
| ২০১২ | মিডনাইটছ চিলড্ৰেনছ | চেলীম চিনাই | ১২ | |
| ২০২২ | কেপিটেল এ স্মল | আদি | চুটি ছবি | ১৬ |
| ২০২৩ | কুচ এক্সপ্ৰেছ | অবিনাশ | গুজৰাটী ছবি | ১৭ |
| ২০২৩ | হুকুছ বুকুছ | অৰ্জুন | ১৮ | |
| ২০২৩ | হো যা মুক্ত | বিক্ৰম Vikram | ||
| ২০২৫ | ফুলে | যশৱান্ত |
বঁটা আৰু মনোনীত
| বছৰ | বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | ফলাফল | উৎস |
|---|---|---|---|---|---|
| ২০০৮ | ফ্লিমফেয়াৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা | শ্ৰেষ্ঠ অভিনেতা]] | তাৰে জমিন পৰ | ১৯ | |
| শ্ৰেষ্ঠ অভিনেতা(সমালোচকৰ) | ২০ | ||||
| জা চিনে এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেতা, পুৰুষ (সমালোচকৰ) | ২১ | |||
| সৰ্বশ্ৰেষ্ঠ আৰম্ভণি (শ্ৰেষ্ঠ শিশু অভিনেতা ) | |||||
| ষ্টাৰ স্ক্ৰীন এৱাৰ্ড | জুৰীৰ বিশেষ বঁটা | ২২ | |||
| ভি. শান্তিৰাম এৱাৰ্ড | মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা | ২১ |
তথ্যসূত্ৰ
- ↑ (2022-11-24). Meet Darsheel Safary: Taare Zameen Par's child actor is now all grown up. The Indian Express
- ↑ Vij, Gauri. (3 February 2008). A leap of faith. দ্য হিন্দু
- ↑ Shahryar, Faridoon. (27 December 2007). Darsheel deserves National Award for Best Actor. IndiaFM
- ↑ Kelkar, Reshma. (12 January 2008). Darsheel Safary is best newcomer of the year!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Adarsh Taran. (21 December 2007). Taare Zameen Par review. IndiaFM
- ↑ Masand, Rajeev. (2007-12-21). Taare Zameen Par may change your life. IBN-CNN
- ↑ Pandohar, Jaspreet. (2007-12-18). Taare Zameen Par (2007). BBC
- ↑ Bhaskaran, Gautaman. (2008-01-31). Review. The Hollywood Reporter
- ↑ Rao, Girish. (26 December 2007). I want to be an actor, singer and dancer. Rediff.com
- ↑ (13 May 2010). Darsheel is highest-paid child actor. Hindustan Times
- ↑ Meet the youngest superhero in the world. Rediff
- ↑ Hungama, Bollywood. (31 March 2011). Darsheel Safary to star in Deepa Mehta's adaptation of Midnight's Children: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
- ↑ I do not want leniency from judges: Darsheel Safary. NDTV.com
- ↑ (29 November 2023). Darsheel Safary on Moving Away from Films After 'Taare Zameen Par': I Took a Conscious Break to Focus on My Education
- ↑ (12 January 2016). Darsheel Safary of Taare Zameen Par fame to play a teenager smitten by love in new TV show
- ↑ (14 November 2022). Taare Zameen Par fame Darsheel Safary makes comeback with Capital A small a, watch trailer
- ↑ (24 November 2022). Darsheel Safary reveals sleeping through 'two-three' screenings of Taare Zameen Par: 'I was a shameless child'. Hindustan Times
- ↑ (9 October 2023). Taare Zameen Par actor Darsheel Safary in Hukus Bukus plays a diehard fan of Sachin Tendulkar. Film Companion
- ↑ Bollywood Hungama News Network. (23 February 2008). Winners of 53rd Fair One Filmfare Awards. IndiaFM
- ↑ Bollywood Hungama News Network. (6 February 2008). Nominees – 53rd Annual Filmfare Awards. IndiaFM
- ↑ Bollywood Hungama News Network. (27 April 2008). Winners of the Zee Cine Awards 2008. IndiaFM
- ↑ (28 January 2009). TZP wins V Shantaram award for Best Film. www.hindustantimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শীল ছাফাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭২৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।