নন্দিতা বান্না (ইংৰাজী ভাষা: Nandita Banna; তেলুগু: నందితా బాన్నా; জন্ম: ৮ নৱেম্বৰ ২০০০) এগৰাকী ছিংগাপুৰৰ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ইউনিভাৰ্চ ২০২১ত ছিংগাপুৰক প্ৰতিনিধিত্ব কৰিছিল আৰু তাত তেওঁ শীৰ্ষ ১৬ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৭ চনৰ মিছ ইউনিভাৰ্চৰ পাছত যোৱা ৩৪ বছৰৰ ভিতৰত মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাৰ ছেমি-ফাইনেলত উপনীত হোৱা তেওঁ প্ৰথমগৰাকী ছিংগাপুৰৰ প্ৰতিনিধি।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
নন্দিতা বান্নাৰ জন্ম ছিংগাপুৰৰ এটা তেলুগু পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম মাধৱী আৰু গোবৰ্ধন বান্না। ১৯৯৬ চনৰ আশে-পাছে তেওঁৰ পিতৃ-মাতৃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰপৰা ছিংগাপুৰলৈ প্ৰব্ৰজন কৰিছিল।১ পৰৱৰ্তী সময়ত ২০০০ চনৰ ৮ নৱেম্বৰত ছিংগাপুৰত বান্নাৰ জন্ম হয়।২ বান্নাই ইংৰাজী, হিন্দী আৰু তেলুগু—এই তিনিটা ভাষা সাৱলীলভাৱে ক'ব পাৰে।২
বান্নাই ৰাফেলছ গাৰ্লছ স্কুলৰপৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু তাৰ পিছত প্ৰাক-বিশ্ববিদ্যালয় শিক্ষাৰ বাবে ৰাফেলছ ইনষ্টিটিউচনত ভৰ্তি হয়। ২০২১ চনৰ অক্টোবৰ মাহৰ তথ্য অনুসৰি, তেওঁ ছিংগাপুৰ মেনেজমেণ্ট ইউনিভাৰ্চিটিত ব্যৱসায় প্ৰশাসন আৰু তথ্য প্ৰণালী (বিজিনেছ এনালিটিক্স) বিষয়ত দ্বৈত ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল।৩
কেৰিয়াৰ
মডেলিং
মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১ত অংশগ্ৰহণ কৰাৰ পূৰ্বে বান্না এগৰাকী মডেল আছিল। তেওঁ ২০২০ চনৰ ডিচেম্বৰ আৰু ২০২১ চনৰ মাৰ্চ মাহৰ 'ভৌগ ছিংগাপুৰ'ৰ সংখ্যাত স্থান লাভ কৰিছিল। ২০২১ চনৰ তথ্য অনুসৰি তেওঁ 'মিছ মেনেজমেণ্ট এজেন্সী' নামৰ এক মডেলিঙ সংস্থাৰ সৈতে চুক্তিবদ্ধ হৈছিল।২
সুন্দৰী প্ৰতিযোগিতা
মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১
বান্না মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১ৰ আঠগৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত এগৰাকী আছিল। ক’ভিড-১৯ মহামাৰীৰ বাবে ৰাষ্ট্ৰীয় পৰিচালক তথা প্ৰাক্তন মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০১১ ভেলেৰী লিমে ১৭ ছেপ্টেম্বৰত বান্নাক মুকুট পিন্ধাইছিল। তেওঁ পূৰ্বৰ খিতাপধাৰী বাৰ্নাডেট বেলে অঙৰপৰা এই খিতাপ লাভ কৰিছিল।৪
মিছ ইউনিভাৰ্চ ২০২১
বান্নাই ইজৰাইলৰ আইলাটত অনুষ্ঠিত ৭০তম মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২৮ নৱেম্বৰত ইজৰাইললৈ ৰাওনা হয়। ২০২১ চনৰ ১৩ ডিচেম্বৰত তেওঁ শীৰ্ষ ১৬ গৰাকীৰ ভিতৰত স্থান লাভ কৰি ছিংগাপুৰৰ বাবে যোৱা ৩৪বছৰীয়া খৰাঙৰ অন্ত পেলায়।৫
তথ্যসূত্ৰ
- ↑ Bandari, Pavan Kumar. (2021-09-20). Andhra girl Nandita wins Miss Universe Singapore 2021 title. www.thehansindia.com
- ↑ Yong, Nicole. (2021-10-27). 18 Facts About Miss Universe Singapore 2021 Nandita Banna, Including Her Reluctance To Join Initially. ZULA.sg
- ↑ Devaraj, Samuel Sashant. (2021-10-04). Miss Universe Singapore 2021 is more than just a pretty face. The New Paper
- ↑ (September 18, 2021). Telugu Girl Crowned Miss Universe Singapore 2021. gulte.com
- ↑ Tan, Jeanmarie. (2021-12-13). Miss Singapore makes it to top 16 of Miss Universe pageant, for first time in 34 years · The Straits Times. www.straitstimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা বান্না” প্ৰবন্ধৰ সংশোধন ৫৯৪৮০৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।