জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নবীন বৰুৱা
নবীন বৰুৱা (জন্ম- ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ তথা সু-লেখক আৰু প্ৰকাশক। ভাৰতীয় ভাষাৰ প্ৰথমখন কেম্পাছ ন'ভেল (Campus Novel) কটন কলেজৰ জনক।
-
নভা নাটেশ
নভা নাটেশ ( Nabha Natesh; জন্ম ১১ ডিচেম্বৰ ১৯৯৫ ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু ছবিত অভিনয় কৰে। কানাড়া ছবি বজ্ৰকায়া (২০১৫) আৰু পিছলৈ নান্নু দোচুকুণ্ডুভাতে (২০১৮) ছবিৰে তেলেগু ভাষাত অভিষেক ঘটায়।
-
নমিতা
নমিতা ভাংকৱালা (ইংৰাজী: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
নম্ৰতা যোশী
নম্ৰতা যোশী নতুন দিল্লীত অৱস্থিত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। মূলতঃ আউটলুকৰ বাবে কাম কৰি তেওঁ ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈ তাত আছিল। পাছত তেওঁ 'দ্য হিন্দু'ত যোগদান কৰিছিল। তেওঁ ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
নম্ৰতা শিৰোদকৰ
নম্ৰতা শিৰোদকৰ (জন্ম: ২২ জানুৱাৰী ১৯৭২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ শিৰোপাধাৰী, যিয়ে ১৯৯৩ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল। তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
নম্ৰতা শ্ৰেষ্ঠ
নম্ৰতা শ্ৰেষ্ঠ (জুন ১৪, ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০০৮ চনত আলোক নেম্বাং পৰিচালিত 'সানো সংসাৰ' চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰে।
-
নম্ৰতা সিং গুজৰাল
নম্ৰতা সিং গুজৰাল (ইংৰাজী: Namrata Singh Gujral) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰেৰণাদায়ক বক্তা আৰু অভিনেত্ৰী।
-
নয়নজ্যোতি শইকীয়া
নয়নজ্যোতি শইকীয়া (Nayanjyoti Saikia, জন্ম ১১ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় চেফ তথা মাষ্টাৰচেফ ইণ্ডিয়াৰ সপ্তম সংস্কৰণৰ বিজয়ী প্ৰতিযোগী।
-
নয়না উদুপি
নয়না উদুপি (জন্ম ১৯৭২ বা ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা, যিয়ে কৰ্পোৰেট ক্ষেত্ৰত এটা সফল পেছা গঢ়ি তোলাৰ লগতে কৰ্মক্ষেত্ৰত লিংগ অন্তৰ্ভুক্তি আৰু সমতাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে।
-
নয়না জেমছ
নয়না জেমছ (:Nayana James; জন্ম: ১৮ অক্টোবৰ ১৯৯৫) লং জাম্প ইভেণ্টত অংশগ্ৰহণ কৰা এগৰাকী ভাৰতীয় খেলুৱৈ। ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ – মহিলাৰ লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে তেওঁৰ স্বদেশী খেলুৱৈ নীনা ভাৰাকিলে ৰূপৰ পদক লাভ কৰে।
-
নয়না লাল কিদৱাই
নয়না লাল কিদৱাই {, জন্ম ১৪ এপ্ৰিল, ১৯৫৭) এগৰাকী ভাৰতীয় বেংকাৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু ব্যৱসায়িক কাৰ্যবাহী। তেওঁ এগৰাকী গ্ৰুপ জেনেৰেল মেনেজাৰ আৰু এইচএছবিচি (HSBC)ইণ্ডিয়াৰ মুখ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
নয়নিকা
নয়নিকা বা নাগনিকা (খ্ৰীষ্টপূৰ্ব ১ম শতিকা) আছিল সাতবাহন ৰাজবংশৰ ৰজা প্ৰথম সাতকৰ্ণীৰ পত্নী। স্বামীৰ মৃত্যুৰ সময়ত সিহঁতৰ পুত্ৰ বেদশ্ৰী আৰু শক্তিশ্ৰী নাবালক আছিল বাবে তাই সতবাহন বংশৰ ৰাণী হিচাপে শাসনভাৰ চলাইছিল।
-
নলিনী আম্বাডী
নলিনী আম্বাডী (Nalini Ambady; ২০ মাৰ্চ ১৯৫৯ - ২৮ অক্টোবৰ ২০১৩) এগৰাকী ভাৰতীয়-আমেৰিকান সামাজিক মনোবিজ্ঞানী আৰু অমৌখিক আচৰণ আৰু আন্তঃব্যক্তিগত ধাৰণাৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ।
-
নলিনী কৃষণ
নলিনী কৃষণ (জন্ম: ৩০ আগষ্ট) এগৰাকী অষ্ট্ৰেলিয়ান-ফিজিয়ান অভিনেত্ৰী, যিয়ে ষ্টাৰ ৱাৰ্ছ: এপিছড ২ – এটেক অৱ দ্য ক্ল'নছত বেৰিছ অফিৰ চৰিত্ৰত অভিনয় কৰি বেছিকৈ পৰিচিত হৈছে। নলিনী কৃষাণ হ'ল অষ্ট্ৰেলিয়াত ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰত-ফিজিয়ান ব্যক্তি৷
-
নলিনী মালানী
নলিনী মালানী (: Nalini Malani জন্ম ১৯ ফেব্ৰুৱাৰী ১৯৪৬) এগৰাকী ভাৰতীয় শিল্পী, দেশৰ প্ৰথম প্ৰজন্মৰ ভিডিঅ' শিল্পীসকলৰ ভিতৰত অন্যতম। তেওঁ কেইবাটাও মাধ্যমৰ সৈতে কাম কৰিছিল য’ত থিয়েটাৰ, ভিডিঅ’, ইনষ্টলেচনৰ লগতে মিক্সড মিডিয়াৰ পেইন্টিং আৰু ড্ৰয়িং আদি অন্তৰ্ভুক্ত।
-
নলিনীপ্ৰভা ডেকা
নলিনীপ্ৰভা ডেকা (; জন্ম:১১ মাৰ্চ ১৯৪৪ – মৃত্যু:১৫ জুন ২০১৪) আছিল ব্ৰহ্মপুত্ৰ উপত্যকাক সামৰি লোৱা ভাৰত অসমৰ এগৰাকী লেখিকা, কবি, গল্পকাৰ, অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১২ চনত লিডুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ (অসম সাহিত্য সমাজ) এক সমাৱেশত তেওঁক সন্মানিত কৰা হৈছিল।
-
নাইকি দেৱী
নাইকি দেৱী ১১৭৫ চনৰপৰা চাউলুক্য বংশৰ প্ৰতিনিধি ৰাণী আছিল যেতিয়া তেওঁৰ পুত্ৰ দ্বিতীয় মূলৰাজাৰ শৈশৱ কালত আছিল। তেওঁ চাউলুক্য ৰজা অজয়পালৰ ৰাণী আছিল। গুজৰাটত ঘূৰিদ আক্ৰমণক প্ৰতিহত কৰাৰ বাবেও তেওঁ জনপ্ৰিয়ভাৱে পৰিচিত।
-
নাইচ নাইলাণ্টেই লেং'এটে
নাইচ নাইলাণ্টেই লেং'এটে (Nice Nailantei Leng'ete, জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী৷ তেওঁ আফ্ৰিকাত ছোৱালীৰ বাবে বিকল্প ৰিট অৱ পেচেজ (ARP)ৰ পোষকতা কৰে আৰু মহিলাৰ যৌনাংগ বিকৃতকৰণ (FGM) বন্ধ কৰাৰ বাবে প্ৰচাৰ চলাই আহিছে।
-
নাইনা বালচাভাৰ
নাইনা বালচাভাৰ আহমেদ ( Naina Balsaver; জন্ম ১৯৫৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ১৯৭৬ৰ বিজয়ী।
-
নাইমা আকেফ
নাইমা আকেফ (Naima Akef), জন্ম: ৭ অক্টোবৰ ১৯২৯ চন আৰু মৃত্যু: ২৩ এপ্ৰিল ১৯৬৬ চন, ইজিপ্তৰ চিনেমাৰ সোণালী যুগৰ এগৰাকী বিখ্যাত ইজিপ্তবাসী বেলী ডান্সৰ এগৰাকী নৃত্যশিল্পী আছিল আৰু তেওঁ সেই সময়ৰ ইজিপ্তৰ বহু ছবিতো অভিনয় কৰিছিল। আকেফৰ জন্ম হৈছিল নীল নদীৰ ব-দ্বীপ টাণ্টাত।
-
নাইয়াৰা নূৰ
নায়েৰা নূৰ ( উৰ্দু: نیرہ نور,জন্ম:- ৩ নৱেম্বৰ ১৯৫০ –মৃত্যু:- ২০ আগষ্ট, ২০২২) আছিল এগৰাকী পাকিস্তানী নেপথ্য গায়িকা। তেওঁ পাকিস্তানৰ অন্যতম জনপ্ৰিয় গায়িকা বুলি গণ্য কৰা হয়। পাকিস্তানী টিভি শ্ব’ আৰু দেশৰ বিভিন্ন ঠাইৰ কনচাৰ্ট হলত লাইভ গজলৰ কনচাৰ্টত গীত পৰিৱেশন কৰাৰ বাবে তেওঁ পৰিচিত আছিল।
-
নাইলা কবীৰ
নাইলা কবীৰ (Naila Kabeer; জন্ম ২৮ জানুৱাৰী ১৯৫০) এগৰাকী ব্ৰিটিছ বাংলাদেশী সামাজিক অৰ্থনীতিবিদ, গৱেষক, লেখক আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক। তেওঁ ভাৰতীয় বংশোদ্ভৱ আছিল। কবীৰ ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ ফেমিনিষ্ট ইকনমিকচ্ (আইএএফই)ৰ সভাপতি আছিল।
-
নাওমা মেইজ
নাওমা বাৰ্নাৰ্ড উইলিয়ামছ মেইজ (৫ ডিচেম্বৰ ১৯০৬ – ১৩ জুন ১৯৭৪) এগৰাকী আমেৰিকান গায়িকা, শিক্ষাবিদ আৰু সমাজকৰ্মী আছিল। তেওঁ স্পেলমেন কলেজত পিয়ানো আৰু কণ্ঠ শিকাইছিল আৰু ক্লিভলেণ্ডৰ ফ্ৰেণ্ডলী ইন নামৰ এটা বসতিস্থল ঘৰৰ পৰিচালক আছিল।
-
নাওমি স্কট
নাওমি গ্ৰেচ স্কট (ইংৰাজী: Naomi Grace Scott; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু গায়িকা। সংগীতভিত্তিক টেলিভিছন চলচ্চিত্ৰ ‘লেমনেড মাউথ’ (২০১১) আৰু ইয়াৰ একে নামৰ চাউণ্ডট্ৰেকত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
নাকৰ
নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।
-
নাগমা মালিক
নাগমা মালিক (: Nagma Mallick; জন্ম: ২২ এপ্ৰিল ১৯৬৭ )) ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী। বৰ্তমান ভাৰত চৰকাৰৰ সম্পাদিকা/প্ৰথম শ্ৰেণীৰ পদবীত কাৰ্য্য নিৰ্বাহ কৰি আছে। বৰ্তমান ২০২১ চনৰ পৰা তেওঁ পোলেণ্ড ৰিপাব্লিক আৰু লিথুৱেনিয়া ৰিপাব্লিকত ভাৰতৰ ৰাষ্ট্ৰদূত হৈ আছে।
-
নাগমা শ্ৰেষ্ঠ
নাগমা শ্ৰেষ্ঠ (:Nagma Shrestha (नेपाली:नग्मा श्रेष्ठ) জন্ম ১০ নৱেম্বৰ ১৯৯১, কাঠমাণ্ডু, নেপাল) এগৰাকী নেপালী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, টেলিভিছন উপস্থাপক আৰু প্ৰযোজক।তেওঁ ২০১২ চনত মিছ নেপাল অৰ্থ উপাধি লাভ কৰি খ্যাতি অৰ্জন কৰিছিল।
-
নাগা চৈতন্য
নাগা চৈতন্য আক্কিনানি (জন্ম ২৩ নৱেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। ২০০৯ চনত বাসু বাৰ্মাৰ দ্বাৰা পৰিচালিত আৰু দিল ৰাজুৰ দ্বাৰা প্ৰযোজিত জোছ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।
-
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।
-
নাগাৱৰা ৰামাৰাও নাৰায়ণ মূৰ্তি
নাগাৱৰা ৰামাৰাও নাৰায়ণ মূৰ্তি Nagavara Ramarao Narayana Murthy(জন্ম ২০ আগষ্ট ১৯৪৬) এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী। ইনফ'ছিছৰ সাতজন সহ-প্ৰতিষ্ঠাপকৰ ভিতৰত তেখেত অন্যতম। ইয়াৰ পূৰ্বে কোম্পানীটোৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া (CEO), সভাপতি আৰু মুখ্য গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।